প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভণি কৰে
সমগ্ৰ ভাৰতৰ ৯.৭ কোটিৰো অধিক কৃষকলৈ ২০,৫০০ কোটিতকৈ অধিক ধন হস্তান্তৰ কৰি পিএম-কিষাণৰ ২০সংখ্যক কিস্তি মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
কৃষকৰ জীৱন সলনি কৰিবলৈ, তেওঁলোকৰ আয় বৃদ্ধি কৰিবলৈ, খেতিৰ ব্যয় হ্ৰাস কৰিবলৈ চৰকাৰে পূৰ্ণ শক্তিৰে কাম কৰি আছে, আমি বীজৰ পৰা বজাৰলৈ কৃষকৰ সৈতে থিয় দিছো: প্ৰধানমন্ত্ৰী
যিয়ে ভাৰতক আক্ৰমণ কৰিব তেওঁলোক নৰকতো নিৰাপদ নহ’বঃ প্ৰধানমন্ত্ৰী
অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ থলুৱা অস্ত্ৰৰ শক্তি সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছিল: প্ৰধানমন্ত্ৰী
আমাৰ কৃষকৰ স্বাৰ্থ, আমাৰ ক্ষুদ্ৰ উদ্যোগ আমাৰ বাবে সৰ্বোচ্চ, চৰকাৰে এই দিশত সকলো প্ৰচেষ্টা চলাইছে : প্ৰধানমন্ত্ৰী
ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’বলৈ গৈ আছে, সেয়ে অৰ্থনৈতিক স্বাৰ্থৰ প্ৰতি সজাগ হ’ব লাগিব: প্ৰধানমন্ত্ৰী
Posted On:
02 AUG 2025 1:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ শাওণ মাহত বাৰাণসীৰ পৰিয়ালক লগ পোৱাৰ সন্দৰ্ভত আন্তৰিক আৱেগ প্ৰকাশ কৰে। বাৰাণসীবাসীৰ সৈতে তেওঁৰ গভীৰ আৱেগিক সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে মহানগৰীৰ প্ৰতিজন পৰিয়ালৰ সদস্যক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শাওণ মাহৰ শুভ মুহূৰ্তত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অপাৰেচন সিন্দূৰৰ পিছত এয়া তেওঁৰ প্ৰথম বাৰাণসী ভ্ৰমণ। ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কথা স্মৰণ কৰি তেওঁ সন্ত্ৰাসবাদীয়ে ২৬ জন নিৰীহ লোকক নিৰ্মমভাৱে হত্যা কৰা বুলি উল্লেখ কৰে। শ্ৰী মোদীয়ে ভুক্তভোগীৰ পৰিয়ালে অনুভৱ কৰা অপৰিসীম যন্ত্ৰণা, বিশেষকৈ এই শোকাৱহ আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত শিশু তথা কন্যাসকলৰ বাবেও দুখ প্ৰকাশ কৰে। তেওঁৰ হৃদয়খন শোকে গধুৰ কৰি পেলোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে সেই সময়ছোৱাত তেওঁ বাবা বিশ্বনাথৰ ওচৰত সকলো শোকসন্তপ্ত পৰিয়ালক তেওঁলোকৰ দুখ-কষ্ট সহ্য কৰিব পৰাকৈ শক্তি প্ৰদানৰ অৰ্থে প্ৰাৰ্থনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে তেওঁ দিয়া —কন্যাসকলৰ সিন্দূৰ কাঢ়ি নিয়াৰ প্ৰতিশোধ লোৱাৰ—প্ৰতিশ্ৰুতি পূৰণ হৈছে। ভগৱান মহাদেৱৰ আশীৰ্বাদতহে সেয়া সম্ভৱ হোৱা বুলি কৈ তেওঁ মহাদেৱৰ চৰণত অপাৰেচন সিন্দূৰৰ সফলতা উচৰ্গা কৰে।
শেহতীয়াকৈ তেওঁ বাৰাণসীত গংগাজল কঢ়িয়াই অনা শিৱভক্তসকলক পৰ্যবেক্ষণ কৰি আছিল বুলি কয়, বিশেষকৈ শাওণৰ প্ৰথম সোমবাৰে যেতিয়া তীৰ্থযাত্ৰীসকলে বাবা বিশ্বনাথৰ পবিত্ৰ জলাভিষেক পালন কৰিবলৈ ওলাইছিল। গৌৰী কেদাৰনাথৰ পৰা গংগাজল কান্ধত কঢ়িয়াই অনা যাদৱ ভাতৃদ্বয়ৰ মনোমোহা দৃশ্যক তেওঁ সঁচা অৰ্থত এক মোহনীয় দৃশ্য বুলি অভিহিত কৰে। ডম্বৰুৰ শব্দ, পথসমূহ দেখা স্পন্দন শক্তি,তেওঁ এই পৰিবেশক অসাধাৰণ বুলি কয়। শ্ৰী মোদীয়ে পৱিত্ৰ শাওণ মাহত বাবা বিশ্বনাথ আৰু মাৰ্কণ্ডেয় মহাদেৱৰ ওচৰলৈ যোৱাৰ ব্যক্তিগত ইচ্ছা প্ৰকাশ কৰে। তেওঁ লক্ষ্য কৰে যে তেওঁৰ উপস্থিতিয়ে মহাদেৱৰ ভক্তসকলক অসুবিধাৰ সৃষ্টি কৰিব পাৰে বা তেওঁলোকৰ দৰ্শনত ব্যাঘাত জন্মাব পাৰে, সেয়েহে ইয়াৰ পৰাই ভগৱান ভোলেনাথ আৰু মা গংগাক তেওঁ প্ৰণাম জনায়।
কিছুদিন পূৰ্বে তামিলনাডুৰ ঐতিহাসিক গংগাইকোণ্ডা চোলাপুৰম মন্দিৰ, হাজাৰ বছৰীয়া কীৰ্তিচিহ্ন তথা ভাৰতৰ শৈৱ পৰম্পৰাৰ প্ৰাচীন কেন্দ্ৰস্থললৈ কৰা ভ্ৰমণৰ কথা মনত পেলাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে উত্তৰ আৰু দক্ষিণৰ ঐক্যৰ বাবে উত্তৰ ভাৰতৰ পৰা অনা গংগাজলক প্ৰতীকীভাৱে একত্ৰিত কৰি প্ৰখ্যাত ৰজা ৰাজেন্দ্ৰ চোলাই এই মন্দিৰটো নিৰ্মাণ কৰিছিল। তেওঁ আলোকপাত কৰে যে হাজাৰ বছৰৰ আগতে ভগৱান শিৱৰ প্ৰতি থকা ভক্তি আৰু শৈৱী পৰম্পৰাৰ প্ৰতি দায়বদ্ধতাৰ জৰিয়তে ৰাজেন্দ্ৰ চোলাই “এক ভাৰত, শ্ৰেষ্ঠ ভাৰত”ৰ দৃষ্টিভংগীৰ কথা ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি কাশী-তামিল সংগমমৰ দৰে পদক্ষেপৰ জৰিয়তে সেই উত্তৰাধিকাৰক আগুৱাই নিয়া হৈছে। শেহতীয়াকৈ গংগাইকোণ্ডা চোলাপুৰম ভ্ৰমণৰ সময়ত তেওঁ গংগাজল লগত লৈ গৈছিল আৰু মা গংগাৰ আশীৰ্বাদত পবিত্ৰ পৰিৱেশত পূজা অনুষ্ঠিত কৰা বুলি তেওঁ কয় । তেওঁ কয় যে এনে সুন্দৰ অনুষ্ঠানে দেশত ঐক্যৰ মনোভাৱ জগাই তোলে, যাৰ ফলত অপাৰেচন সিন্দূৰৰ দৰে অভিযানে সফলতা লাভ কৰিছে। তেওঁ লগতে কয় যে ১৪০ কোটি ভাৰতীয়ৰ ঐক্যই অপাৰেচন সিন্দূৰৰ শক্তি হৈ পৰিল।
বাৰাণসীত অনুষ্ঠিত হৈ থকা কৃষক উৎসৱৰ প্ৰসংগত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত সমগ্ৰ দেশৰ ১০ কোটি কৃষক ভাই-ভনীৰ বেংক একাউণ্টলৈ ২১ হাজাৰ কোটি টকা সৰবৰাহ কৰা হৈছে। তেওঁ লগতে জনায় যে এই অনুষ্ঠানৰ সময়ত ২০০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে, বাবাৰ আশীৰ্বাদত, বাৰাণসীত উন্নয়নৰ নিৰৱচ্ছিন্ন ধাৰা বৈ আছে। উপস্থিত সকলোকে আৰু দেশৰ কৃষকলৈ তেওঁ অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে আৰু উল্লেখ কৰে যে মাত্ৰ কেইদিনমানৰ আগতে বাৰাণসীয়ে সংসদৰ সদস্য পৰ্যটক গাইড প্ৰতিযোগিতা আয়োজন কৰিছিল। অনাগত দিনত কাশী সংসদৰ সদস্য ফটোগ্ৰাফী প্ৰতিযোগিতা আৰু সংসদৰ সদস্য নিয়োগ মেলাৰ দৰে অনুষ্ঠানো অনুষ্ঠিত হোৱাৰ কথা, এই পদক্ষেপসমূহৰ সফলতাৰ বাবে তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। লগতে এনে পদক্ষেপৰ বাবে প্ৰশাসনক শ্ৰী মোদীয়ে প্ৰশংসাও কৰে।
কৃষকৰ সমৃদ্ধিৰ দিশত চৰকাৰে ধাৰাবাহিকভাৱে কাম কৰি আছে বুলি দৃঢ়তাৰে মন্তব্য কৰি শ্ৰী মোদীয়ে পূৰ্বৰ চৰকাৰসমূহৰ দিনত কৃষকৰ নামত কৰা ঘোষণা খুব কমেইহে পূৰণ হোৱা বুলি উল্লেখ কৰে। চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিৰ প্ৰমাণ হিচাপে প্ৰধানমন্ত্ৰী-কিষাণ সন্মান নিধিৰ কথা উল্লেখ কৰি তেওঁ তেওঁলোকৰ চৰকাৰে এই বিষয়ত প্ৰতিশ্ৰুতি পূৰণ কৰা বুলি কয়।
২০১৯ চনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰম্ভ হোৱাৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে একাংশ বৃহৎ বিৰোধী দলে বিভিন্ন উৰাবাতৰি বিয়পাইছিল, আনহাতে কিছুমানে নিৰ্বাচনৰ পিছত ধন পৰিশোধ বন্ধ হ’ব বুলি দাবী কৰিছিল আৰু আন কিছুমানে হস্তান্তৰ হৈ থকা ধন ঘূৰাই লোৱাৰ পৰামৰ্শ দিছিল। তেওঁ মন্তব্য কৰে যে ইয়াৰ দ্বাৰা বিৰোধীৰ প্ৰকৃত স্বৰূপ প্ৰতিফলিত হৈছে, যিয়ে কেৱল কৃষক আৰু দেশৰ জনসাধাৰণক বিপথে পৰিচালিত কৰে। এটা কিস্তিও কেতিয়াবা বন্ধ কৰা হৈছিল নেকি বুলি প্ৰশ্ন কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি বিনা বাধাই অব্যাহত আছে। আজিলৈকে তেওঁ উল্লেখ কৰে যে ৩.৭৫ লাখ কোটি টকা পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ সৰবৰাহ কৰা হৈছে। কেৱল উত্তৰ প্ৰদেশতে প্ৰায় ২.৫ কোটি কৃষকে লাভাৱান্বিত হৈছে, এই আঁচনিৰ অধীনত ৯০,০০০ কোটিৰো অধিক ধন লাভ কৰিছে। বাৰাণসীৰ কৃষকসকলে প্ৰায় ৯০০ কোটি টকা লাভ কৰিছে বুলি শ্ৰী মোদীয়ে লগতে কয়। তেওঁ আলোকপাত কৰে যে আঁচনিখনৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল কোনো ধৰণৰ কৰ্তন বা কমিচন নোহোৱাকৈয়ে কৃষকৰ ওচৰলৈ পুঁজি সৰবৰাহ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে এয়া তেওঁৰ চৰকাৰে স্থাপন কৰা স্থায়ী ব্যৱস্থা— ইয়াত কোনো ধৰণৰ সুৰুঙা নাথাকিব আৰু দুখীয়াৰ অধিকাৰো অস্বীকাৰ কৰা নহ’ব।
“এটা অঞ্চল যিমানেই পিছপৰা, সিমানেই ই অধিক অগ্ৰাধিকাৰ লাভ কৰে” এই উন্নয়নৰ মন্ত্ৰৰ পুনৰাবৃত্তি কৰি শ্ৰী মোদীয়ে ঘোষণা কৰে যে চলিত মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰে এটা বৃহৎ নতুন পদক্ষেপ- প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাত অনুমোদন জনাইছে। তেওঁ কয় যে এই আঁচনিৰ বাবে ২৪ হাজাৰ কোটি টকা আবণ্টন দিয়া হ’ব। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এই পদক্ষেপৰ কেন্দ্ৰবিন্দু হ’ব পূৰ্বৰ চৰকাৰসমূহৰ ত্ৰুটিপূৰ্ণ নীতিৰ বাবে পিছ পৰি থকা জিলাসমূহৰ ওপৰত— যিবোৰ অঞ্চলত কৃষি উৎপাদন কম আৰু য’ত কৃষকৰ আয় সীমিত হৈ আছে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাই উত্তৰ প্ৰদেশৰ লাখ লাখ কৃষককো প্ৰত্যক্ষভাৱে উপকৃত কৰিব।
“আমাৰ চৰকাৰে কৃষকৰ জীৱনৰ পৰিৱৰ্তন, তেওঁলোকৰ আয় বৃদ্ধি আৰু কৃষিৰ ব্যয় হ্ৰাস কৰাৰ বাবে সম্পূৰ্ণ শক্তিৰে কাম কৰি আছে, আমি বীজৰ পৰা বজাৰলৈকে কৃষকৰ সৈতে দৃঢ়তাৰে থিয় দিছো”। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে পথাৰত পানী পোৱাটো নিশ্চিত কৰিবলৈ সমগ্ৰ দেশতে লাখ লাখ কোটি টকাৰ জলসিঞ্চন আঁচনি ৰূপায়ণ কৰা হৈছে।
শ্ৰী মোদীয়ে স্বীকাৰ কৰে যে বতৰে সদায় কৃষকৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে— সেয়া অত্যধিক বৰষুণেই হওক, শিলাবৃষ্টিয়েই হওক, বা হিমপাতেই হওক। এনে অনিশ্চয়তাৰ পৰা কৃষকক ৰক্ষা কৰিবলৈ চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা। তেওঁ জনোৱা মতে এই আঁচনিৰ অধীনত কৃষকসকলে এতিয়ালৈকে ১.৭৫ লাখ কোটি টকাৰো অধিক ধনৰ দাবী নিষ্পত্তি কৰিছে।
কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰাটো নিশ্চিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি দৃঢ়তাৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চাউল আৰু ঘেঁহুৰ দৰে মূল খাদ্যকে ধৰি শস্যৰ নূন্যতম সহায়ক মূল্য (এম এছ পি) অভিলেখ মাত্ৰাত বৃদ্ধি কৰা হৈছে। কৃষকৰ ফচল সুৰক্ষিত কৰিবলৈ চৰকাৰে সমগ্ৰ দেশতে হাজাৰ হাজাৰ নতুন গুদাম নিৰ্মাণ কৰি আছে বুলিও তেওঁ লগতে কয়।
কৃষি অৰ্থনীতিত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ বিষয়ত চৰকাৰে গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে সমগ্ৰ ভাৰততে তিনি কোটি লাখপতি দিদি সৃষ্টিৰ লক্ষ্যৰে “লাখপতি দিদি” অভিযানৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে ইতিমধ্যে ১.৫ কোটিৰো অধিক মহিলাই এই মাইলৰ খুঁটি অৰ্জন কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰৰ “ড্ৰ’ন দিদি” পদক্ষেপে লাখ লাখ মহিলাৰ আয় যথেষ্ট বৃদ্ধি কৰিছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰে আধুনিক কৃষি গৱেষণাক পোনপটীয়াকৈ পথাৰলৈ অনাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে ২০২৫ চনৰ মে’ আৰু জুন মাহত “লেব টু লেণ্ড”ৰ পথ প্ৰদৰ্শক নীতিৰ অধীনত বিশেষভাৱে ডিজাইন কৰা বিকশিত কৃষি সংকল্প অভিযান অনুষ্ঠিত কৰা হৈছিল, যাৰ জৰিয়তে ১.২৫ কোটিৰো অধিক কৃষকৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ সুবিধাসমূহ নিৰৱচ্ছিন্নভাৱে সকলো নাগৰিকৰ ওচৰলৈ গৈ থাকিব লাগিব বুলিও তেওঁ কয়।
এটা গুৰুত্বপূৰ্ণ কথা জনসাধাৰণৰ সৈতে ভাগ-বতৰা কৰি শ্ৰী মোদীয়ে কয়, “জন ধন যোজনাৰ অধীনত সমগ্ৰ দেশতে দৰিদ্ৰ লোকৰ বাবে ৫৫ কোটি বেংক একাউণ্ট মুকলি কৰা হৈছে”। তেওঁ অৱগত কৰে যে এই আঁচনিখনৰ শেহতীয়াকৈ দহ বছৰ সম্পূৰ্ণ হৈছে আৰু নিয়ম অনুসৰি বেংক একাউণ্টত দহ বছৰৰ পিছত নতুনকৈ কে ৱাই চি পৰীক্ষণৰ প্ৰয়োজন হয়। তেওঁ লগতে কয় যে এই প্ৰয়োজনীয়তা পূৰণৰ বাবে ২০২৫ চনৰ ১ জুলাইৰ পৰা দেশজোৰা অভিযান আৰম্ভ কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিখন গাঁও পঞ্চায়তত বেংকে প্ৰৱেশ কৰিছে আৰু ইতিমধ্যে প্ৰায় এক লাখ গাওঁ পঞ্চায়তত শিবিৰ স্থাপন কৰা হৈছে, আনহাতে লাখ লাখ লোকে কেৱাইচি নৱীকৰণ সফলতাৰে সম্পূৰ্ণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে জন ধন একাউণ্ট থকা প্ৰতিজন ব্যক্তিকে পলম নকৰাকৈ কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।
গাঁও পঞ্চায়তত আয়োজন কৰা বিশেষ বেংক শিবিৰৰ অতিৰিক্ত সুবিধাৰ বিষয়ত আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই শিবিৰসমূহে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু অটল পেঞ্চন যোজনাকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ বাবে পঞ্জীয়নৰ সুবিধা প্ৰদান কৰিছে। এই আঁচনিসমূহে নাগৰিকসকলক উল্লেখযোগ্য সহায় আগবঢ়োৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি সকলোকে এই শিবিৰসমূহ পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়। তেওঁ এই আঁচনিসমূহত নামভৰ্তি নকৰাসকলক পঞ্জীয়ন কৰাৰ লগতে জন ধন একাউণ্টৰ বাবে কে ৱাই চি প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰিবলৈ উৎসাহিত কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ দলৰ সকলো জনপ্ৰতিনিধিক এই অভিযানৰ বিষয়ে সক্ৰিয়ভাৱে সজাগতা সৃষ্টি কৰিবলৈ, বেংকসমূহক তেওঁলোকৰ প্ৰচাৰৰ প্ৰচেষ্টাত সহায় কৰিবলৈ, জনসাধাৰণৰ সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি মহাদেৱৰ চহৰত উন্নয়ন আৰু জনকল্যাণৰ বাবে অসংখ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ শিৱৰ অৰ্থৰ বিষয়ত মন্তব্য কৰি কয় যে শিৱই “কল্যাণ” ক বুজায়, কিন্তু আতংক আৰু অন্যায়ৰ সন্মুখীন হ’লে ই উগ্ৰ ৰুদ্ৰ ৰূপো মূৰ্ত কৰি তোলে । শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে অপাৰেচন সিন্দূৰৰ সময়ত বিশ্বই ভাৰতৰ এই ৰুদ্ৰ ৰূপৰ সাক্ষী হৈছিল, ঘোষণা কৰিছিল যে, “যি সকলে ভাৰতত আক্ৰমণ কৰিব, আনকি পাতালৰ গভীৰতাতো তেওঁলোকক ৰেহাই দিয়া নহ’ব”। প্ৰধানমন্ত্ৰীয়ে অপাৰেচন সিন্দূৰৰ সফলতা সত্ত্বেও দেশৰ ভিতৰৰ একাংশ ব্যক্তি ইয়াৰ বাবে অশান্তি পোৱাত দুখ প্ৰকাশ কৰে। তেওঁ বিশেষভাৱে বিৰোধী আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ প্ৰতি আঙুলিয়াই দি কয় যে তেওঁলোকে পাকিস্তানত ভাৰতে সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰা কথাটো হজম কৰিবলৈ টান পাইছে। শ্ৰী মোদীয়ে ভাৰতীয় ড্ৰ’নে কেনেকৈ সঠিকভাৱে লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্যালয়ক ধ্বংসস্তূপলৈ পৰিণত কৰিলে সেই দৃশ্যৰ উল্লেখ কৰি লগতে কয় যে পাকিস্তানৰ কেইবাটাও বিমান ঘাটিৰ অৱস্থাও সংকটজনক হৈ পৰিছিল। প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলৰ নেতাসকলক সমালোচনা কৰি কয় যে সন্ত্ৰাসবাদৰ মাষ্টাৰমাইণ্ডসকলে এফালে শোক প্ৰকাশ কৰাৰ বিপৰীতে এই দলসমূহেও আনফালে সন্ত্ৰাসবাদীৰ তেনে দুৰ্দশাৰ বাবেও শোক প্ৰকাশ কৰিছে।
ভাৰতৰ সশস্ত্ৰ বাহিনীৰ শৌৰ্য্যক বাৰে বাৰে অপমান কৰা বিৰোধীক তীব্ৰ সমালোচনা কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিৰোধীয়ে অপাৰেচন সিন্দূৰক “তামাছা” বুলি উল্লেখ কৰি প্ৰশ্ন উত্থাপন কৰিছে যে সিন্দূৰ—মৰ্যাদা আৰু ত্যাগৰ প্ৰতীক—কেতিয়াও ইয়াক দৰ্শনীয় ৰূপ বুলি গণ্য কৰিব পাৰি নেকি? তেওঁ প্ৰশ্ন কৰে যে সশস্ত্ৰ বাহিনীৰ সাহস আৰু ভগ্নীৰ সিন্দূৰ কাঢ়ি নিয়াৰ প্ৰতিশোধ লোৱাৰ প্ৰতিজ্ঞা পূৰণক এনেদৰে তুচ্ছজ্ঞান কৰিব পৰা যায়নে?
প্ৰধানমন্ত্ৰীয়ে ভোট-বেংক আৰু তুষ্টিকৰণৰ ৰাজনীতিত লিপ্ত হোৱা বিৰোধী দলক গৰিহণা দিয়ে। তেওঁ সংসদত বিৰোধী নেতাসকলে দিয়া বক্তব্যৰ উদ্ধৃতি দি পহলগামৰ সন্ত্ৰাসবাদীক কিয় তৎকালীনভাৱে নিৰ্মূল কৰা হ’ল বুলি কৰা প্ৰশ্নৰ বিষয়ত মন্তব্য কৰে। শ্ৰী মোদীয়ে প্ৰশ্ন কৰে যে ভাৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কাম কৰাৰ আগতে অপেক্ষা কৰিব লাগিছিল নেকি? তেওঁ জনসাধাৰণক সোঁৱৰাই দিয়ে যে এইসকল ব্যক্তিয়েই উত্তৰ প্ৰদেশত শাসনত থাকোতে সন্ত্ৰাসবাদীক ক্লিন চিট দিছিল আৰু বোমা বিস্ফোৰণত জড়িতসকলৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিছিল। তেওঁ মন্তব্য কৰে যে এতিয়া এই দলসমূহক সন্ত্ৰাসবাদী নিৰ্মূল আৰু অপাৰেচন সিন্দূৰে অশান্তি দিছে। বাৰাণসীৰ পবিত্ৰ মাটিৰ পৰাই প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে এয়া নতুন ভাৰত—যিখন ভাৰতে ভগৱান ভোলেনাথক পূজা কৰে আৰু লগতে দেশৰ শত্ৰুৰ সন্মুখত কাল ভৈৰৱ হ’বলৈ জানে।
“অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ থলুৱা অস্ত্ৰ-শস্ত্ৰৰ শক্তি আৰু ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, থলুৱা ক্ষেপণাস্ত্ৰ তথা ড্ৰ’নৰ ফলপ্ৰসূতা বিশ্বই প্ৰত্যক্ষ কৰিছিল, যিয়ে আত্মনিৰ্ভৰ ভাৰতৰ শক্তি প্ৰদৰ্শন কৰিছিল”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ বিশেষভাৱে ভাৰতৰ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ প্ৰভাৱৰ বিষয়ত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে ইয়াৰ উপস্থিতিয়ে দেশৰ প্ৰতিজন শত্ৰুৰ মাজত ভয়ৰ সৃষ্টি কৰিছে।
উত্তৰ প্ৰদেশৰ পৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হোৱাত শ্ৰী মোদীয়ে গৌৰৱ প্ৰকাশ কৰে আৰু কয় যে অতি সোনকালে ৰাজ্যখনত ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা হ’ব। তেওঁ ঘোষণা কৰে যে লক্ষ্ণৌত ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ উৎপাদন আৰম্ভ হৈছে, আৰু কেইবাটাও ডাঙৰ প্ৰতিৰক্ষা কোম্পানীয়ে উত্তৰ প্ৰদেশ প্ৰতিৰক্ষা কৰিডৰত উদ্যোগ স্থাপন কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে অনাগত বছৰবোৰত উত্তৰ প্ৰদেশত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ ভাৰতৰ সামৰিক শক্তিৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিব। প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক প্ৰশ্ন কৰে যে তেওঁলোকে এই সাফল্যৰ বাবে গৌৰৱ অনুভৱ কৰিছেনে? তেওঁ ঘোষণা কৰে যে যদি পাকিস্তানে আন এক অপকৰ্ম কৰে তেন্তে উত্তৰ প্ৰদেশত নিৰ্মিত ক্ষেপণাস্ত্ৰই তেনে সন্ত্ৰাসবাদীক ধ্বংস কৰিব।
উত্তৰ প্ৰদেশত দ্ৰুত ঔদ্যোগিক বিকাশ চলি আছে, ৰাজ্যখনত বিনিয়োগৰ বাবে প্ৰধান ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহক আকৰ্ষণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে এই পৰিৱৰ্তনৰ বাবে তেওঁলোকৰ চৰকাৰৰ উন্নয়নমুখী নীতিক কৃতিত্ব দিয়ে। তেওঁ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰসংগত পূৰ্বৰ শাসন ব্যৱস্থাৰ বিপৰীতে কয়, য’ত অপৰাধীয়ে নিৰ্ভয়ে কাম কৰিছিল আৰু বিনিয়োগকাৰীয়ে ৰাজ্যখনত প্ৰৱেশ কৰিবলৈ দ্বিধাবোধ কৰিছিল। তেওঁ জোৰ দি কয় যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত অপৰাধীসকলে এতিয়া তাপ মাৰিছে আৰু বিনিয়োগকাৰীসকলে উত্তৰ প্ৰদেশৰ ভৱিষ্যতৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। বাৰাণসীৰ উন্নয়ন অবিৰতভাৱে চলি থকাত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশ চৰকাৰক এনে উন্নয়নৰ বাবে অভিনন্দন জনায়।
শ্ৰী মোদীয়ে আজি আৰম্ভ হোৱা কেইবাটাও প্ৰকল্পৰ ৰূপৰেখা দাঙি ধৰে , য’ত নতুন ৰে’ল অভাৰব্ৰীজ, জল জীৱন অভিযানৰ অধীনত গ্ৰহণ কৰা পদক্ষেপ, বাৰাণসীত বিদ্যালয় পুনৰ নিৰ্মাণ, এখন হোমিঅ’পেথিক মহাবিদ্যালয় নিৰ্মাণ আৰু মুন্সী প্ৰেমচান্দৰ উত্তৰাধিকাৰ ৰক্ষাৰ প্ৰচেষ্টা আদি আছে। শ্ৰী মোদীয়ে কয় যে এই প্ৰকল্পসমূহে ভৱিষ্যতে এখন সমৃদ্ধিশালী বাৰাণসীৰ সৃষ্টি ত্বৰান্বিত কৰিব। তেওঁ সেৱাপুৰী ভ্ৰমণ কৰাটো এক সৌভাগ্যৰ বিষয় বুলি মন্তব্য কৰি ইয়াক মা কল্কা দেৱীৰ আশীৰ্বাদ বুলি অভিহিত কৰে। তেওঁৰ চৰণত প্ৰণাম জনাই চৰকাৰে মা কল্কা ধামক অধিক সুন্দৰ কৰি তোলাত আৰু মন্দিৰৰ প্ৰৱেশ দ্বাৰৰ উন্নতি সাধন কৰাত সুখ প্ৰকাশ কৰে। স্বাধীনতা সংগ্ৰামত সেৱাপুৰীৰ উল্লেখযোগ্য অৱদানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সেৱাপুৰীৰ বিপ্লৱী ইতিহাসক স্মৰণ কৰে। তেওঁ আলোকপাত কৰে যে এইখনেই সেই সেৱাপুৰী য’ত মহাত্মা গান্ধীৰ দৃষ্টিভংগী প্ৰাণৱন্ত হৈ উঠিছিল, প্ৰতিটো ঘৰতে পুৰুষ-মহিলাৰ হাতত যঁতৰ। শ্ৰী মোদীয়ে এটা অৰ্থপূৰ্ণ কাকতলীয়া কথালৈ আঙুলিয়াই দিয়ে- চান্দপুৰ–ভাদোহী পথৰ দৰে প্ৰকল্পৰ জৰিয়তে বাৰাণসীৰ শিপিনীসকলক এতিয়া ভাদোহীৰ শিপিনীৰ সৈতে সংযোগ কৰা হৈছে। ইয়াৰ দ্বাৰা বানাৰসীৰ ৰেচম শিপিনী আৰু ভাদোহীৰ শিপিনী উভয়ে উপকৃত হ’ব বুলিও তেওঁ কয়।
“বাৰানসী এখন বুদ্ধিজীৱীৰ চহৰ”, অৰ্থনৈতিক প্ৰগতিৰ বিষয়ে আলোচনা কৰি শ্ৰী মোদীয়ে প্ৰচলিত বিশ্ব পৰিস্থিতিৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তেওঁ আলোকপাত কৰে যে বিশ্ব অৰ্থনীতিয়ে বৰ্তমান একাধিক অনিশ্চয়তা আৰু অস্থিৰতাৰ পৰিৱেশৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত সমগ্ৰ বিশ্বৰ দেশসমূহে নিজৰ স্বাৰ্থত মনোনিৱেশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পথত আগবাঢ়িছে। সেয়েহে তেওঁ লগতে কয় যে ভাৰতে নিজৰ অৰ্থনৈতিক স্বাৰ্থৰ প্ৰতি সজাগ হৈ থাকিব লাগিব। তেওঁ জোৰ দি কয় যে কৃষক আৰু ক্ষুদ্ৰ উদ্যোগৰ কল্যাণ সৰ্বোচ্চ অঅধিকাৰৰ বিষয় আৰু চৰকাৰে এই দিশত যৎপৰোনাস্তি চেষ্টা চলাই আছে।
নাগৰিকৰ কিছুমান দায়িত্বও আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে স্বদেশীৰ বাবে সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ স্বদেশীক ভাৰতীয়ৰ ঘাম আৰু প্ৰচেষ্টাৰে নিৰ্মিত বস্তু বুলি সংজ্ঞায়িত কৰে, দেশ খনক “ভোকেল ফৰ লোকেল” মন্ত্ৰ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক “মেক ইন ইণ্ডিয়া” সামগ্ৰীৰ প্ৰচাৰৰ সংকল্প গ্ৰহণৰো আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে আমাৰ ঘৰত প্ৰৱেশ কৰা প্ৰতিটো নতুন বস্তু স্বদেশী হ’ব লাগিব, আৰু এই দায়িত্ব প্ৰতিজন ভাৰতীয়ই আঁকোৱালি ল’ব লাগিব। শ্ৰী মোদীয়ে প্ৰতিজন ব্যৱসায়ী আৰু দোকানীক কেৱল স্বদেশী সামগ্ৰী বিক্ৰী কৰাৰ প্ৰতিজ্ঞা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ এই কথা দৃঢ়তাৰে কয় যে এয়া জাতিৰ প্ৰতি প্ৰকৃত সেৱা হ’ব। আগন্তুক উৎসৱৰ বতৰত স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনাই তেওঁ লগতে কয় যে এয়া মহাত্মা গান্ধীৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ’ব।
প্ৰধানমন্ত্ৰীয়ে সামূহিক প্ৰচেষ্টাৰেহে উন্নত ভাৰতৰ সপোন পূৰণ হ’ব বুলি উল্লেখ কৰি ভাষণৰ সামৰণি মাৰে। আজি উদ্বোধন কৰা উন্নয়নমূলক কামৰ বাবে তেওঁ পুনৰবাৰ সকলোকে অভিনন্দন জ্ঞাপন কৰে।
এই অনুষ্ঠানত অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ লগতে ৰাজ্যপাল, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীসকলৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠানত যোগদান কৰে।
পৃষ্ঠভূমি
প্ৰকল্পসমূহে আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্যসেৱা, পৰ্যটন, নগৰ উন্নয়ন আৰু সাংস্কৃতিক ঐতিহ্যকে ধৰি একাধিক খণ্ডক সামৰি লৈছে, যাৰ লক্ষ্য হৈছে বাৰাণসীৰ সামগ্ৰিক পৰিৱৰ্তন, সাংস্কৃতিক সজীৱতা, উন্নত সংযোগ আৰু জীৱনৰ মান উন্নত কৰা।
বাৰাণসীৰ পথ সংযোগ উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ বাৰাণসী - ভাদোহী পথ আৰু ছীটাউনি- শ্বুল টংকেশ্বৰ পথৰ সম্প্ৰসাৰণ আৰু শক্তিশালীকৰণৰ শুভাৰম্ভ কৰে; আৰু মোহন ছৰাই - আদলপুৰা পথত যানজঁট লাঘৱ কৰিবলৈহৰদটপুৰত ৰে'লৱে অভাৰব্ৰীজো অন্তৰ্ভুক্ত হৈ আছে । তেওঁ দলমণ্ডী, লাহৰতৰা-কোটোৱা, গংগাপুৰ, বাবাতপুৰ আদিকে ধৰি একাধিক গ্ৰাম্য আৰু নগৰীয়া কৰিডৰ আৰু লেভেল ক্ৰছিং ২২চি আৰু খলিছপুৰ য়াৰ্ডত ৰেলৱে অভাৰব্ৰিজকে ধৰি একাধিক গ্ৰাম্য আৰু নগৰীয়া কৰিড’ৰত ব্যাপকভাৱে পথ বহল আৰু শক্তিশালী কৰাৰ আধাৰশিলা স্থাপন কৰে।
অঞ্চলটোৰ শক্তি আন্তঃগাঁথনি শক্তিশালী কৰি প্ৰধানমন্ত্ৰীয়ে স্মাৰ্ট বিতৰণ প্ৰকল্পৰ অধীনত বিভিন্ন কামৰ আধাৰশিলা স্থাপন কৰে আৰু ৮৮০ কোটিৰো অধিক মূল্যৰ বৈদ্যুতিক আন্তঃগাঁথনি মাটিৰ তলত স্থাপন কৰা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
পৰ্যটনৰ বৃহৎ উত্থানৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীয়ে ৮টা নদীৰ পাৰৰ কুচ্চা ঘাটৰ পুনৰ উন্নয়ন, কালিকা ধামত উন্নয়নমূলক কাম, শিৱপুৰৰ ৰংগিলদাস কুটীয়াৰ পুখুৰী আৰু ঘাটৰ সৌন্দৰ্য্যবৰ্ধন, দুৰ্গাকুণ্ডৰ পুনৰুদ্ধাৰ আৰু পানী বিশুদ্ধকৰণ আদিৰ শুভাৰম্ভ কৰে। তেওঁ কর্দমেশ্বৰ মহাদেৱ মন্দিৰত পুনৰুদ্ধাৰ কামৰ আধাৰশিলা স্থাপন কৰে; কেইবাজনো স্বাধীনতা সংগ্ৰামীৰ জন্মস্থান কাৰ্খিয়াওনৰ উন্নয়ন; সাৰনাথ, ঋষি মাণ্ডৱী আৰু ৰামনগৰ জ’নত চিটি ফেচিলিটি চেণ্টাৰ; লামাহীত থকা মুন্সী প্ৰেমচান্দৰ পূৰ্বপুৰুষৰ ঘৰৰ পুনৰ উন্নয়ন আৰু সংগ্ৰহালয়ৰ উন্নীতকৰণ আদি। কাঞ্চনপুৰত এখন নগৰীয়া মিয়াৱকী বনাঞ্চলৰ উন্নয়নৰ লগতে শ্বহীদ উদ্যান আৰু আন ২১খন উদ্যানৰ পুনৰ উন্নয়ন আৰু সৌন্দৰ্য্যবৰ্ধনৰ আধাৰশিলা স্থাপন কৰে।
তদুপৰি সাংস্কৃতিকভাৱে উল্লেখযোগ্য জলাশয় সংৰক্ষণৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰামকুণ্ড, মন্দাকিনি, শংকুলধাৰা আদিকে ধৰি বিভিন্ন কুণ্ডত পানী বিশুদ্ধকৰণ আৰু ৰক্ষণাবেক্ষণৰ কামৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি চাৰিটা ভাসমান পূজন মঞ্চ স্থাপন কৰে। গ্ৰামাঞ্চলত খোৱাপানীৰ সুবিধা সুনিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জল জীৱন অভিযানৰ অধীনত ৪৭খন গ্ৰাম্য খোৱাপানী আঁচনিও উদ্বোধন কৰে।
সকলোৰে বাবে গুণগত শিক্ষাৰ দৃষ্টিভংগীক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰীয়ে পৌৰসভাৰ সীমাৰ ভিতৰত ৫৩খন বিদ্যালয় ভৱনৰ উন্নীতকৰণৰ শুভাৰম্ভ কৰে। তেওঁ লগতে কেইবাটাও শৈক্ষিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, য’ত নতুন জিলা পুথিভঁৰাল নিৰ্মাণ আৰু জাখিনী, লালপুৰ আদিত চৰকাৰী হাইস্কুলৰ উন্নীতকৰণকে ধৰি কেইবাটাও শিক্ষামূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
স্বাস্থ্য আন্তঃগাঁথনিৰ এক বৃহৎ উত্থানৰ চিন স্বৰূপে প্ৰধানমন্ত্ৰীয়ে মহামনা পণ্ডিত মদন মোহন মালবিয়া কেন্সাৰ চেণ্টাৰ আৰু হোমি ভাভা কেন্সাৰ হাস্পতালত ৰবটিক চাৰ্জাৰী তথা চিটি স্কেনৰ সুবিধাকে ধৰি উন্নত চিকিৎসা ব্যৱস্থাৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰি তেওঁ এখন হোমিঅ’পেথিক কলেজ আৰু হস্পিতালৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ লগতে তেওঁ এটা পশু জন্ম নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু সংশ্লিষ্ট কুকুৰৰ যত্ন কেন্দ্ৰও উদ্বোধন কৰে।
বাৰাণসীত বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে তেওঁৰ দৃষ্টিভংগীক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰীয়ে ড° ভীমৰাও আম্বেদকাৰ ক্ৰীড়া ষ্টেডিয়ামত চিন্থেটিক হকী টাৰ্ফ উদ্বোধন কৰে। আইন প্ৰয়োগকাৰী কৰ্মীৰ সুবিধা বৃদ্ধি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদেশিক আৰ্মড কনষ্টেবলৰী (পিএচি) ৰামনগৰত ৩০০ জনীয়া বহুমুখী হল উদ্বোধন কৰাৰ লগতে কুইক ৰেচপন্স টিম (কিউআৰটি)ৰ বেৰেকৰ আধাৰশিলাও স্থাপন কৰে।
কৃষকৰ কল্যাণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে পিএম -কিষাণৰ ২০ সংখ্যক কিস্তি। সমগ্ৰ দেশৰ ৯.৭ কোটিৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ২০,৫০০ কোটিতকৈ অধিক ধন স্থানান্তৰ কৰা হ’ব। এই শুভাৰম্ভনিৰ লগে লগে আঁচনিখনৰ আৰম্ভণিৰ পৰাই আঁচনিখনপ অধীনত কৰা মুঠ ব্যয়ে ৩.৯০ লাখ কোটি টকা অতিক্ৰম কৰিব।
প্ৰধানমন্ত্ৰীয়ে কাশী সাংসদ প্ৰতিযোগিতাৰ অধীনত স্কেচিং প্ৰতিযোগিতা, পেইন্টিং প্ৰতিযোগিতা, ফটোগ্ৰাফী প্ৰতিযোগিতা, খেল-ধেমালি প্ৰতিযোগিতা, জ্ঞানমূলক প্ৰতিযোগিতা আৰু ৰোজগৰ মেলাকে ধৰি বিভিন্ন অনুষ্ঠান তথা প্ৰতিযোগিতাৰ পঞ্জীয়ন পৰ্টেল উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন দিব্যাংগজন আৰু বৃদ্ধ হিতাধিকাৰীলৈ ৭৪০০ৰো অধিক সহায়ক সাহায্যও বিতৰণ কৰে।
MJPS/SR/DM
(Release ID: 2151766)
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Nepali
,
Manipuri
,
Bengali
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam