ৰেল মন্ত্ৰালয়
দিল্লী-মুম্বাই পথৰ মথুৰা-কোটা অংশত থলুৱাভাৱে বিকশিত কৱচ ৪.০ কাৰ্য্যক্ষম
অভিলেখ সময়ত ব্যস্ত দিল্লী-মুম্বাই পথৰ মথুৰা-কোটা অংশত কৱচ ৪.০ কাৰ্য্যক্ষম হোৱা কাৰ্য্য এক বৃহৎ কৃতিত্বঃ শ্ৰী অশ্বিনী বৈষ্ণৱ
কৱচে ফলপ্ৰসূভাৱে ব্ৰেক প্ৰয়োগৰ জৰিয়তে ল’ক’ পাইলটক গতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম কৰে; ল’ক’ পাইলটে আনকি কুঁৱলীতো কেবৰ ভিতৰত চিগনেল লাভ কৰিব
ভাৰতীয় ৰেলে ৬ বছৰৰ ভিতৰতে ৰাষ্ট্ৰজুৰি কৱচ ৪.০ কাৰ্য্যক্ষম কৰিব; একাধিক উন্নত ৰাষ্ট্ৰক ৰেল সুৰক্ষা ব্যৱস্থা সংস্থাপন কৰিবলৈ ২০–৩০ বছৰ লাগিছিল
সুৰক্ষাৰ প্ৰতি ৰেলৱে অংগীকাৰবদ্ধঃ একাধিক সুৰক্ষা ব্যৱস্থাৰ অন্যতম কৱচত বছৰি ১ লাখ কোটি টকা বিনিয়োগ কৰা হ’ব
Posted On:
30 JUL 2025 5:58PM by PIB Guwahati
ভাৰতীয় ৰেলে অধিক ব্যস্ততাপূৰ্ণ দিল্লী-মুম্বাই পথৰ মথুৰা-কোটা অংশত থলুৱা ৰেলৱে সুৰক্ষা ব্যৱস্থা কৱচ ৪.০ কাৰ্য্যক্ষম কৰিছে। দেশৰ ৰেল সুৰক্ষা ব্যৱস্থাৰ আধুনিকীকৰণৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ।
এই সন্দৰ্ভত কেন্দ্ৰীয় ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ‘আত্মনিৰ্ভৰ ভাৰত’-ৰ দৃষ্টিভংগীৰ পৰা লাভ কৰা প্ৰেৰণাৰে ৰেলৱেয়ে থলুৱাভাৱে কৱচ স্বয়ংক্ৰিয় ৰেল সুৰক্ষা ব্যৱস্থাৰ ডিজাইন, বিকাশ সাধন আৰু নিৰ্মাণ কৰিছে। কৱচ ৪.০ হৈছে এটি প্ৰযুক্তি-নিৰ্ভৰ ব্যৱস্থা। ২০২৪-ৰ জুলাইত ৰিচাৰ্চ ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ডছ অৰ্গেনাইজেচনে (RDSO) ইয়াৰ অনুমোদন জনাইছিল। বহু উন্নত ৰাষ্ট্ৰক ৰেল সুৰক্ষা ব্যৱস্থাৰ বিকাশ সাধন আৰু সংস্থাপন কৰিবলৈ ২০-৩০ বছৰ সময় লাগিছিল। কোটা-মথুৰা অংশত কৱচ ৪.০-ৰ কাৰ্য্যক্ষম কাৰ্য্য অতিশয় কম সময়ৰ ভিতৰতে সম্ভৱ হৈছে। এয়া এক বৃহৎ কৃতিত্ব।”
দেশত স্বাধীনতাৰ পিছত যোৱা ৬০ বছৰে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ উন্নত ৰেল সুৰক্ষা ব্যৱস্থা সংস্থাপন কৰা হোৱা নাছিল। ৰেল আৰু যাত্ৰীৰ সুৰক্ষা নিশ্চিতকৰণৰ অৰ্থে শেহতীয়াকৈ কৱচ ব্যৱস্থা কাৰ্য্যকৰী কৰা হৈছে।
ভাৰতীয় ৰেলৱেয়ে ৬ বছৰৰো কম সময়ৰ ভিতৰতে সমগ্ৰ দেশৰ ভিন্ন পথত কৱচ ৪.০-ক কাৰ্য্যক্ষম কৰিবলৈ সাজু হৈছে। ইতিমধ্যে ৩০ হাজাৰৰো অধিক লোকক কৱচ ব্যৱস্থা সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আইৰিছেট (IRISET-ইণ্ডিয়ান ৰেলৱে ইনষ্টিটিউট অৱ চিগনেল ইঞ্জিনিয়াৰিং এণ্ড টেলিকমিউনিকেচন)-এ বিটেক পাঠ্যক্ৰমৰ অংশ হিচাপে কৱচক অন্তৰ্ভুক্তকৰণৰ বাবে ১৭ খন এআইচিটিই অনুমোদিত অভিযান্ত্ৰিক মহাবিদ্যালয়, প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত কৰিছে।
কৱচে ল’ক’ পাইলটসকলক ফলপ্ৰসূভাৱে ব্ৰেক প্ৰয়োগেৰে ৰেলৰ গতি নিয়ন্ত্ৰণত সহায় কৰিব। কুঁৱলীৰ দৰে নিম্ন দৃশ্যমান পৰিস্থিতিতো ল’ক’ পাইলটসকলে সংকেতৰ বাবে কেবিনৰ পৰা বাহিৰলৈ ওলাই চোৱাৰ প্ৰয়োজনীয়তা নাথাকিব। পাইলটে কেবৰ ভিতৰতে সংস্থাপন কৰা ডেচব’ৰ্ডত এই সম্পৰ্কীয় তথ্য প্ৰত্যক্ষ কৰিব পাৰিব।
কৱচৰ বিশেষত্ব
● কৱচ হৈছে থলুৱাভাৱে বিকশিত ৰেল সুৰক্ষা ব্যৱস্থা। ৰেলৰ গতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণেৰে দুৰ্ঘটনা ৰোধ কৰিবলৈ ইয়াৰ ডিজাইন কৰা হৈছে।
● ইয়াক ছেফটি ইন্টিগ্ৰিটি লেভেল ৪ (SIL 4)-ত ডিজাইন কৰা হৈছে। এয়াই হৈছে সুৰক্ষা ডিজাইনৰ সৰ্বোচ্চ স্তৰ।
● ২০১৫-ৰ পৰা কৱচৰ বিকাশ সাধন কাৰ্য্য আৰম্ভ হৈছিল। ৩ বছৰৰো অধিক সময় ধৰি এই ব্যৱস্থাৰ ব্যাপক পৰীক্ষা-নিৰীক্ষা কৰা হৈছিল।
● কাৰিকৰী অগ্ৰগতি সাধনৰ পিছত দক্ষিণ কেন্দ্ৰীয় ৰেলৱে (SCR)-ত এই ব্যৱস্থা সংস্থাপন কৰা হয়। ২০১৮-ত প্ৰথম অপাৰেচনেল চাৰ্টিফিকেট প্ৰদান কৰা হৈছিল।
● এছচিআৰ-ত লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত এটা উন্নত সংস্কৰণ ‘কৱচ ৪.০’-ৰ বিকাশ সাধন কৰা হৈছিল। ২০২৫-ৰ মে’-ত ইয়াক ১৬০ কিমি প্ৰতি ঘন্টা পৰ্য্যন্ত গতিৰ বাবে অনুমোদন জনোৱা হৈছিল।
● কৱচৰ উপাদানসমূহ থলুৱাভাৱে নিৰ্মাণ কৰা হৈছে।
কৱচৰ কাৰ্য্যপ্ৰণালী
কৱচ এক অত্যন্ত জটিল ব্যৱস্থা। কৱচক কাৰ্য্যক্ষম কৰা কাৰ্য্য টেলিকম কোম্পানী স্থাপনৰ সমতুল্য। ইয়াত নিম্ন-উল্লেখিত উপ-ব্যৱস্থাসমূহ অন্তৰ্ভুক্ত হৈছেঃ
- আৰএফআইডি টেগঃ সমগ্ৰ ট্ৰেকৰ প্ৰতি ১ কিমিত ইয়াক সংস্থাপন কৰা হয়। প্ৰতিটো ছিগনেলতো টেগ সংস্থাপন কৰা হয়। এই আৰএফআইডি টেগসমূহে ৰেলসমূহৰ নিৰ্দিষ্ট স্থানৰ তথ্য প্ৰদান কৰে।

(ট্ৰেকত আৰএফআইডি টেগ সংস্থাপন)
- টেলিকম টাৱাৰঃ সমগ্ৰ ট্ৰেকৰ প্ৰতি কেই কিলোমিটাৰমানৰ মূৰে-মূৰে অপ্টিকেল ফাইবাৰ সংযোগ আৰু শক্তি যোগানকে প্ৰমুখ্য কৰি পূৰ্ণাংগ টেলিকম টাৱাৰ স্থাপন কৰা হয়। ল’ক’ত সংস্থাপন কৰা কৱচ ব্যৱস্থা আৰু ষ্টেচনসমূহত কৱচ নিয়ন্ত্ৰকসমূহে এই টাৱাৰসমূহ ব্যৱহাৰেৰে অহৰহভাৱে যোগাযোগ অব্যাহত ৰাখে। এই কাৰ্য্য টেলিকম অপাৰেটৰৰ দৰে সম্পূৰ্ণ নেটৱৰ্ক স্থাপনৰ সমতুল্য।

(টেলিকম টাৱাৰ স্থাপন)
ল’ক’ কৱচঃ এই ব্যৱস্থাই ট্ৰেকত স্থাপন কৰা আৰএফআইডি টেগৰ সৈতে যোগাযোগ কৰে আৰু তথ্যসমূহ টেলিকম টাৱাৰলৈ প্ৰেৰণ কৰে তথা ষ্টেচন কৱচৰ পৰা ৰেডিঅ’ তথ্য লাভ কৰে। ল’ক’ কৱচক ইঞ্জিনসমূহৰ ব্ৰেকিং ব্যৱস্থাৰ সৈতেও সংযুক্ত কৰা হৈছে। এই ব্যৱস্থাই জৰুৰীকালীন পৰিস্থিতিৰ ক্ষেত্ৰত ব্ৰেকৰ প্ৰয়োগ কাৰ্য্য নিশ্চিত কৰে।

(ল’ক’ কৱচৰ সংস্থাপন)
- ষ্টেচন কৱচঃ ইয়াক প্ৰতিটো ষ্টেচন আৰু ব্লক ছেকচনত সংস্থাপন কৰা হয়। ই ল’ক’ কৱচ আৰু ছিগনেলিং ব্যৱস্থাৰ পৰা তথ্য লাভেৰে নিৰাপদ গতিৰ বাবে ল’ক’ কৱচক নিৰ্দেশনা প্ৰদান কৰে।

(ষ্টেচন কৱচৰ সংস্থাপন)

(ষ্টেচন কৱচ)
- অপ্টিকেল ফাইবাৰ কেবল (OFC): ট্ৰেকসমূহৰ কাষেৰে অপ্টিকেল ফাইবাৰ ৰখা হয়, যিয়ে এই সকলোবোৰ ব্যৱস্থাক হাই-স্পীড তথ্য যোগাযোগৰ বাবে সংযুক্ত কৰে।
- সংকেত ব্যৱস্থাঃ সংকেত ব্যৱস্থাক ল’ক’ কৱচ, ষ্টেচন কৱচ, টেলিকম টাৱাৰ আদিৰ সৈতে একত্ৰিত কৰা হৈছে।

(ষ্টেচন মেনেজাৰৰ অপাৰেচন পেনেল)
এই ব্যৱস্থাসমূহক যাত্ৰীবাহী আৰু মালবাহী ৰেলৰ ব্যাপক চলাচলকে প্ৰমুখ্য কৰি ৰেলৱেৰ কাৰ্য্য-কলাপত ব্যাঘাত জন্মাব নোৱাৰাকৈ সংস্থাপন, পৰীক্ষা আৰু প্ৰমাণীকৰণৰ প্ৰয়োজন আছে।
কৱচৰ অগ্ৰগতি
ক্ৰমিক নং
|
উপাদান
|
অগ্ৰগতি
|
১
|
অপ্টিকেল ফাইবাৰ পাৰিতকৰণ
|
৫,৮৫৬ কিমি
|
২
|
টেলিকম টাৱাৰ সংস্থাপন
|
৬১৯
|
৩
|
কৱচ সংস্থাপন কৰা ষ্টেচন
|
৭০৮
|
৪
|
কৱচ সংস্থাপন কৰা ল’ক’
|
১,১০৭
|
৫
|
আহিলা সংস্থাপন কৰা ট্ৰেকচাইড
|
৪,০০১ কিমি
|
ভাৰতীয় ৰেলে সুৰক্ষা সম্পৰ্কীয় কাম-কাজত প্ৰতি বছৰে ১ লাখ কোটিৰো অধিক টকা বিনিয়োগ কৰে। যাত্ৰী আৰু ৰেলৰ সুৰক্ষা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা একাধিক পদক্ষেপৰ কৱচ অন্যতম। কৱচ সংস্থাপনৰ অগ্ৰগতিয়ে ভাৰতীয় ৰেলৰ ৰেল সুৰক্ষা নিশ্চিতকৰণৰ প্ৰতি থকা দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে।
*****
Dharmendra Tewari/ Dr. Nayan Solanki/ Ritu Raj/SB
(Release ID: 2150438)
Read this release in:
Odia
,
English
,
Khasi
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Bengali-TR
,
Manipuri
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam