প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ট্ৰিনিদাদ আৰু ট’বাগোৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

प्रविष्टि तिथि: 04 JUL 2025 11:37PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প’ৰ্ট অব স্পেইনৰ ৰাষ্ট্ৰপতি ভৱনত ট্ৰিনিদাদ আৰু ট’বাগো গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামান্যা ক্ৰীষ্টিন কাৰ্লা কেংগালুক সাক্ষাৎ কৰে। দুয়োৰে মাজত অনুষ্ঠিত বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ আন্তৰিকতা আৰু গভীৰভাৱে শিপাই থকা বন্ধুত্ব পুনৰ প্ৰগাঢ় কৰাৰ কথা দোহাৰা হয়।

 

প্ৰধানমন্ত্ৰীয়ে তেওঁ আৰু তেওঁৰ প্ৰতিনিধি দললৈ আগবঢ়োৱা সৈহাৰ্দ্যপূৰ্ণ আতিথ্যৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি ‘অৰ্ডাৰ অব দা ৰিপাব্লিক অব ট্ৰিনিদাদ আৰু ট’বাগো’ প্ৰদানৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে এই সন্মানক ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ বাবে আগবঢ়োৱা সন্মান বুলি অভিহিত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি কেংগালুক চলিত বৰ্ষত ‘প্ৰবাসী ভাৰতীয় সন্মান বঁটা’ লাভ কৰাৰ বাবে অভিনন্দন জনোৱাৰ লগতে তেওঁৰ বিশিষ্ট জনসেৱাৰ বাবে গভীৰ শলাগ লয়। ৰাষ্ট্ৰপতি কেংগালুৱে প্ৰধানমন্ত্ৰীৰ নেতৃত্ব আৰু ভাৰতৰ প্ৰতি তেওঁৰ দৃষ্টিভংগীৰ শলাগ লয়।

 

নেতাদ্বয়ে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত গঢ়ি উঠা শক্তিশালী সম্পৰ্কৰ ভেটিত অব্যাহত দীৰ্ঘস্থায়ী বন্ধনৰ প্ৰসংগ উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ‘গ্ল’বেল ছাউথ’ৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে ট্ৰিনিদাদ এণ্ড ট’বাগো আৰু ‘কেৰিকম’লৈ ভাৰতৰ অবিৰত সমৰ্থন অব্যাহত ৰখাৰ কথা পুনৰবাৰ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি কেংগালুক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।

 

****

MJPS/ST/KB


(रिलीज़ आईडी: 2143060) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam