গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত নতুন দিল্লীত এখনি উচ্চ-পৰ্য্যায়ৰ বৈঠকত দেশৰ বান ব্যৱস্থাপনাৰ প্ৰস্তুতি সম্পৰ্কে পৰ্য্যালোচনা

২০১৪-ত বতৰ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰত বহু পিছ পৰি আছিল, কিন্তু আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি উন্নত দেশৰ সমতুল্য, এতিয়া আমি ১ নং হ’ব লাগিব

কেন্দ্ৰীয় সংস্থাসমূহে বান নিয়ন্ত্ৰণ আৰু জল ব্যৱস্থাপনাৰ বাবে মহাকাশ প্ৰযুক্তিৰ সৰ্বাধিক ব্যৱহাৰ কৰিব লাগে

বিহাৰ আৰু উত্তৰ প্ৰদেশত ব্যাপক বান ব্যৱস্থাপনা প্ৰণালীৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰেৰে নতুন বিকল্পৰ সন্ধান কৰা হৈছে

ধাৰাসাৰ বৰষুণত পথত পানী জমা হোৱাৰ সমস্যা সমাধানৰ বাবে ঘাইপথত একেধৰণৰ ডিজাইনৰ পৰিৱৰ্তন সুনিশ্চিতকৰণৰ অৰ্থে ৰাজ্যসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব লাগে

এনডিএছএ, আইএমডি আৰু এনআৰএছচি-ৰ দৰে বিভাগসমূহে যৌথভাৱে এখন সন্মিলনৰ আয়োজন কৰিব লাগে আৰু ইয়াত ভাৰতীয় মূলৰ বিশেষজ্ঞসকলে বান, মহাকাশ আৰু আন-আন দিশসমূহৰ সম্পৰ্কে আলোচনা কৰিব পাৰে

Posted On: 10 JUN 2025 8:17PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি নতুন দিল্লীত আয়োজিত এখনি উচ্চ-পৰ্য্যায়ৰ বৈঠকত দেশৰ বান ব্যৱস্থাপনাৰ প্ৰস্তুতি সম্পৰ্কে পৰ্য্যালোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দেশত বানপানীৰ বিপদাশংকা লাঘৱৰ বাবে গ্ৰহণ কৰা দীৰ্ঘম্যাদী ব্যৱস্থা আৰু যোৱা বছৰ অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ আধাৰত গ্ৰহণ কৰা পদক্ষেপসমূহো পৰ্য্যালোচনা কৰে।

মন্ত্ৰীগৰাকীয়ে এই বৈঠকত বান ব্যৱস্থাপনা আৰু স্বকীয় নেটৱৰ্কৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত সকলো সংস্থাই গ্ৰহণ কৰা নতুন প্ৰযুক্তি সম্পৰ্কে আলোচনা কৰে। তেওঁ বান নিয়ন্ত্ৰণ আৰু জল ব্যৱস্থাপনাৰ অৰ্থে ভিন্ন কেন্দ্ৰীয় সংস্থাৰ মহাকাশ প্ৰযুক্তিৰ সৰ্বাধিক ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ দুৰ্য্যোগ ব্যৱস্থাপনাই ‘জিৰ’ কেজুৱেলিটি এপ্ৰ’চ’ লৈ আগবাঢ়িছে। তেওঁ ৰাষ্ট্ৰীয় দুৰ্য্যাগ ব্যৱস্থাপনা কৰ্তৃপক্ষক (NDMA) ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (SDMA) আৰু জিলা দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (DDMA)-ৰ সৈতে সমন্বয় স্থাপনৰ অৰ্থে নিৰ্দেশনা প্ৰদান কৰে। তেওঁ তৃণমূল পৰ্য্যায়লৈ আগতীয়া সতৰ্কবাণী প্ৰেৰণ কাৰ্য্য নিশ্চিতকৰণৰ বাবে আহ্বান জনায় কয় যে এনডিএমএ-এ বান ব্যৱস্থাপনাৰ বাবে জাৰি কৰা পৰামৰ্শসমূহ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে সময়মতে কাৰ্য্যকৰী কৰিব লাগে। তেওঁ এনডিএমএ আৰু এনডিআৰএফ-ক ৰাজ্যসমূহৰ সৈতে সম্পূৰ্ণ সমন্বয়ৰে ফলপ্ৰসূ বান ব্যৱস্থাপনাৰ অৰ্থে কাম কৰিবলৈ কয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কেন্দ্ৰীয় জল আয়োগ (CWC) আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD)-ক বানৰ পূৰ্বাভাস প্ৰদান/পৰামৰ্শ জাৰি সন্দৰ্ভত সময়সীমা বৃদ্ধিৰ বাবে শলাগ লৈ পূৰ্বাভাসৰ সঠিকতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। শ্ৰী শ্বাহে কয় যে চিডব্লিউচি-ৰ বান নিৰীক্ষণ কেন্দ্ৰসমূহ আমাৰ প্ৰয়োজনীয়তা অনুসৰি আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ হ’ব লাগে। শ্ৰী শ্বাহে জল শক্তি মন্ত্ৰালয়, এনডিএমএ আৰু ৰাষ্ট্ৰীয় ৰিম’ৰ্ট চেন্সিং চেন্টাৰ (NRSC)-ক হিমবাহৰ হ্ৰদসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণেৰে যিকোনো ধৰণৰ বিস্ফোৰণ সংঘটিত হোৱা মাত্ৰেকে সময়মতে পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।

তেওঁ কয় যে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় (MoRTH)/ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (NHAI) ৰাজ্য আৰু জিলা ঘাইপথতো একেধৰণৰ ডিজাইনৰ পৰিৱৰ্তন নিশ্চিত কৰিবলৈ ৰাজ্যসমূহৰ সৈতে একেলগে কাম কৰিব লাগে, যাতে ঘাইপথৰ নিষ্কাশন ব্যৱস্থা পথ নিৰ্মাণৰ ডিজাইনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে। ইয়াৰ ফলশ্ৰুতিত প্ৰচণ্ড বৰষুণৰ সময়তো পানী জমা হোৱাৰ সমস্যাৰে মোকাবিলাকৰণ সম্ভৱ হৈ উঠিব।

গৃহমন্ত্ৰীগৰাকীয়ে নৰ্মদা নদী অঞ্চলত বনাঞ্চল বৃদ্ধিত গুৰুত্ব আৰোপেৰে কয় যে যদি এই পৰীক্ষা সফল হয়, তেন্তে আন নদী অঞ্চলতো একেধৰণৰ প্ৰচেষ্টা হাতত লোৱা হ’ব। তেওঁ কয় যে ইয়াৰ জৰিয়তে নদী অৱবাহিকা পুনৰুজ্জীৱিতকৰণত সহায়ক হ’ব, মাটিৰ খহনীয়া হ্ৰাস পাব আৰু লগতে অঞ্চলটোত বৰষুণ কমি যোৱাৰ শেহতীয়া সমস্যাটোও দূৰ কৰিব। শ্ৰী অমিত শ্বাহে কয় যে বিহাৰ আৰু উত্তৰ প্ৰদেশত ব্যাপক বান ব্যৱস্থাপনা প্ৰণালীৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰেৰে নতুন বিকল্পৰ সন্ধান কৰা উচিত।

নগৰ অঞ্চলত বানপানীৰ ক্ৰমবৰ্ধমান প্ৰাদুৰ্ভাৱৰ কথা উল্লেখেৰে শ্ৰী অমিত শ্বাহে সকলো কেন্দ্ৰীয় সংস্থাক এই চহৰসমূহত বান নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয়, সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু বৃহৎ চহৰসমূহত বান ব্যৱস্থাপনাৰ বাবে এক বিস্তৃত পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। শ্ৰী শ্বাহে বাৰিষাৰ সময়ত কম সময়ৰ ভিতৰতে প্ৰচণ্ড বৰষুণৰে মোকাবিলা কৰিবলৈ জলাশয় সজীৱকৰণ আৰু বনানীকৰণ ব্যৱস্থাৰ গুৰুত্বত আলোকপাত কৰে। তেওঁ জল শক্তি মন্ত্ৰালয়ক ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ জলাশয়ৰ অৱস্থাৰ অগ্ৰগতি সাধনৰ বাবে কাম কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে, যি বান প্ৰতিৰোধৰ লগতে অৰ্থনৈতিক আৰু পৰ্যটনৰ বাবেও গুৰুত্বপূৰ্ণ হ’ব।

শ্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা প্ৰাধিকৰণ (NDSA), আইএমডি আৰু এনআৰএছচি-কে প্ৰমুখ্য কৰি আন-আন বিভাগসমূহে যৌথভাৱে এখনি সন্মিলনৰ আয়োজন কৰিব লাগে, ইয়ালৈ বিশেষজ্ঞসকলক আমন্ত্ৰণেৰে বান, মহাকাশ আৰু আন-আন দিশসমূহত আলোচনা কৰিব পাৰি। শ্ৰী শ্বাহে কয় যে ২০১৪-ত বতৰ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰত বহু পিছ পৰি আছিল, কিন্তু আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি উন্নত দেশৰ সমতুল্য হৈ উঠিছোঁ, এতিয়া আমি ১ নং হ’ব লাগিব।

এই বৈঠকত আইএমডি-কে প্ৰমুখ্য কৰি বিভাগসমূহে বিশদ প্ৰেজেনটেচন আগবঢ়ায়। বিগত বছৰত অনুষ্ঠিত বান পর্য্যালোচনা বৈঠকত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে প্ৰদান কৰা নির্দেশনাক লৈ গ্রহণ কৰা পদক্ষেপৰাজি সম্পৰ্কেও সংশ্লিষ্ট মন্ত্রালয়/বিভাগসমূহে অৱগত কৰে। লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আগন্তুক বাৰিষাৰ বাবে তেওঁলোকৰ প্ৰস্তুতি আৰু ভৱিষ্যতৰ কাৰ্য্য পৰিকল্পনা সম্পৰ্কে অৱগত কৰে। গৃহমন্ত্ৰীয়ে সকলো বিভাগে চলোৱা প্ৰস্তুতিক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ সকলো বিভাগৰ অৱদানেৰে চৰম বতৰেৰে মোকাবিলা কৰিব পৰা চফ্টৱেৰ যুগুতৰ দিশত সকলো বিভাগৰ সৈতে সমন্বয়েৰে কাম কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে বানপানী আৰু আন-আন প্ৰাকৃতিক দুৰ্য্যোগৰ প্ৰভাৱ হ্ৰাসৰ অৰ্থে প্ৰস্তুতি ব্যৱস্থাক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে বুলি শ্ৰী অমিত শ্বাহে কয়। প্ৰতি বছৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বান প্ৰস্তুতিৰ ব্যৱস্থাসমূহ পৰ্য্যালোচনা কৰে আৰু তেওঁৰ নিৰ্দেশ অনুসৰি আইএমডি আৰু চিডব্লিউচি-ৰ আগতীয়া বৰষুণ আৰু বানপানীৰ পূৰ্বাভাস ৩-ৰ পৰা ৭ দিনলৈ বৃদ্ধি কৰা তথা তাপপ্ৰৱাহৰ পূৰ্বাভাসৰ বাবে পৰিমাপৰ অগ্ৰগতি সাধনকে প্ৰমুখ্য কৰি একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ইয়াত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী চিআৰ পাটিল, গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়, কেন্দ্ৰীয় গৃহ সচিব, মন্ত্ৰালয়ৰ সচিব তথা নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱন বিভাগ, ধৰিত্ৰী বিজ্ঞান, পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন, পথ পৰিবহণ আৰু ঘাইপথ, ৰেলৱে ব'ৰ্ডৰ অধ্যক্ষ, এনডিএমএ-ৰ সদস্য আৰু বিভাগীয় মুৰব্বী, এনডিআৰএফ আৰু আইএমডি-ৰ সঞ্চালক প্ৰধান, এনএইচএআই আৰু চিডব্লিউচি-ৰ অধ্যক্ষ আৰু এনআৰএছচি তথা সংশ্লিষ্ট আন-আন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।

***

RK/VV/PR/PS/SB


(Release ID: 2135529)