প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘মুদ্ৰা যোজনা’ৰ দশম বাৰ্ষিকীত ইয়াৰ ৰূপান্তৰণশীল প্ৰভাৱৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 08 APR 2025 9:08AM by PIB Guwahati

 

দেশে #10YearsOfMUDRA উদযাপনৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ (পিএমএমৱাই)ৰ হিতাধিকাৰীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

সপোনৰ সৱলীকৰণ আৰু সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ এটা দশক উদযাপন কৰি প্ৰধানমন্ত্ৰীয়ে ‘মুদ্ৰা আঁচনি’য়ে প্ৰান্তীয় সম্প্ৰদায়সমূহক উন্নত কৰা আৰু সমগ্ৰ ভাৰতত উদ্যোগীসকলক উদগনি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত প্ৰেৰণ কৰা এলানি ‘পোষ্ট’ত কয়;

"আজি আমি #10YearsOfMUDRA উদযাপন কৰিছোঁ, এই আঁচনিৰ বাবে যিসকলৰ জীৱন সলনি হৈছে তেওঁলোকক অভিনন্দন জনাইছোঁ। এইটো দশকত ‘মুদ্ৰা যোজনা’ই কেবাটাও সপোনক বাস্তৱত পৰিণত কৰিছে, যিসকল লোকক আগতে বিত্তীয় সমৰ্থনৰ ক্ষেত্ৰত উপেক্ষা কৰা হৈছিল তেওঁলোকক উজলাই তোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। ই সূচিত কৰিছে যে ভাৰতৰ জনসাধাৰণৰ বাবে একোৱেই অসম্ভৱ নহয়!"


"এইটো বিশেষভাৱে আনন্দদায়ক যে মুদ্ৰা হিতাধিকাৰীসকলৰ অৰ্দ্ধেকেই অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ'বিচি সম্প্ৰদায়ৰ, আৰু ৭০% ৰো অধিক হিতাধিকাৰী মহিলা! প্ৰতিটো মুদ্ৰা ঋণে ইয়াৰ সৈতে মৰ্যাদা, আত্মসন্মান আৰু সুযোগ বহন কৰে। বিত্তীয় অন্তৰ্ভুক্তিৰ উপৰিও এই আঁচনিয়ে সামাজিক অন্তৰ্ভুক্তি আৰু অৰ্থনৈতিক স্বাধীনতাও নিশ্চিত কৰিছে।"

"আগন্তুক সময়ত আমাৰ চৰকাৰে এক শক্তিশালী পৰিস্থিতিতন্ত্ৰ নিশ্চিত কৰাত গুৰুত্ব দিয়াটো অব্যাহত ৰাখিব য'ত প্ৰতিগৰাকী উচ্চাকাংক্ষী উদ্যোগীয়ে ঋণ প্ৰাপ্ত কৰিব পাৰিব আৰু এনেদৰে তেওঁলোকক আত্মবিশ্বাস আৰু বিকাশৰ সুযোগ প্ৰদান কৰিব।"



*****


MJPS/ST/KB


(Release ID: 2119948) Visitor Counter : 55