গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি সন্দৰ্ভত অনুমোদন বিচাৰি লোকসভাত বিধিগত প্ৰস্তাৱ উথ্থাপন কৰে

মণিপুৰৰ হিংসাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি সদনে সন্মান, সহানুভূতি আৰু গভীৰ দুখ প্ৰকাশ কৰে

মণিপুৰ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ফলত দুটা সম্প্ৰদায়ৰ মাজত সংৰক্ষণ সম্পৰ্কীয় বিবাদৰ বাবে মণিপুৰত জাতিগত হিংসা আৰম্ভ হৈছিল

মণিপুৰত যোৱা চাৰি মাহ ধৰি কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই

চৰকাৰে সাহায্য শিবিৰত খাদ্য, ঔষধ আৰু চিকিৎসাসেৱাকে ধৰি সকলো প্ৰয়োজনীয় সুবিধা প্ৰদান কৰি আছে

কাৰিকৰী শিক্ষা আৰু চিকিৎসা শিক্ষাৰ বাবে অনলাইন ব্যৱস্থা কৰা হৈছে

প্ৰাথমিক শিক্ষাৰ বাবে শিবিৰৰ ভিতৰতে শ্ৰেণী স্থাপন কৰা হৈছে, য'ত তেওঁলোকৰ শিক্ষাৰ ব্যৱস্থা কৰা হৈছে

গৃহমন্ত্ৰীয়ে কয় যে কোনো হিংসাই হ'ব নালাগে আৰু জাতিগত হিংসা কোনো ৰাজনৈতিক দলৰ সৈতে সম্পৰ্কিত হোৱা উচিত নহয়

মণিপুৰত দীৰ্ঘদিন ধৰি অস্থিৰতা অনুভৱ কৰি অহা হৈছিল, কিন্তু বিৰোধীয়ে ইয়াক এনেদৰে চিত্ৰিত কৰিছে যেন মণিপুৰত হিংসাৰ এইটোয়েই প্ৰথম উদাহৰণ

পূৰ্বৱৰ্তী চৰকাৰৰ কাৰ্যকালত ১৯৯৩ চনৰ পিছত মণিপুৰত তিনিটাকৈ ডাঙৰ জাতিগত হিংসা ১০ বছৰ, ৩ বছৰ আৰু ছমাহ ধৰি চলিছিল, কিন্তু চৰকাৰৰ গৃহমন্ত্ৰীকে ধৰি কোনেও অঞ্চলটো ভ্ৰমণ কৰা নাছিল

Posted On: 03 APR 2025 4:21PM by PIB Guwahati

 

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি সন্দৰ্ভত অনুমোদনৰ বাবে লোকসভাত এক বিধিগত প্ৰস্তাৱ উথ্থাপন কৰে। পৰৱৰ্তি সময়ত নিম্ন সদনে প্ৰস্তাৱটো গ্ৰহণ কৰে। মণিপুৰৰ হিংসাত্মক ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি সদনে সন্মান, সহানুভূতি আৰু গভীৰ দুখ প্ৰকাশ কৰে।

এই প্ৰস্তাৱ উত্থাপন কৰি কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মণিপুৰ উচ্চ ন্যায়ালয়ে সংৰক্ষণ সম্পৰ্কীয় বিবাদ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ ফলত মণিপুৰৰ দুটা সম্প্ৰদায়ৰ মাজত জাতিগত হিংসা আৰম্ভ হৈছিল। তেওঁ উল্লেখ কৰে যে এয়া কোনো সংঘৰ্ষ  বা সন্ত্ৰাসবাদ নহয়, বৰং উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ব্যাখ্যাৰ ফলস্বৰূপে  দুটা সম্প্ৰদায়ৰ মাজত চলা জাতিগত হিংসাহে। শ্ৰী শ্বাহে লগতে কয় যে ডিচেম্বৰৰ পৰা মাৰ্চলৈকে মণিপুৰত প্ৰায় চাৰি মাহ ধৰি কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই আৰু শিবিৰসমূহত খাদ্য, ঔষধ আৰু চিকিৎসা সুবিধাৰ ব্যৱস্থা নিশ্চিত কৰা হৈছে। তেওঁ কয় যে কাৰিকৰী আৰু চিকিৎসা শিক্ষাৰ বাবে অনলাইন ব্যৱস্থা কৰা হৈছে আৰু প্ৰাথমিক শিক্ষাৰ বাবে শিবিৰৰ ভিতৰত শ্ৰেণী স্থাপন কৰা হৈছে, য'ত তেওঁলোকৰ অধ্যয়নৰ ব্যৱস্থা কৰা হৈছে।


শ্ৰী অমিত শ্বাহে কয় যে কোনো হিংসাত্মক ঘটনা সংঘটিত হ'ব নালাগে আৰু জাতিগত হিংসা কোনো ৰাজনৈতিক দলৰ সৈতে সম্পৰ্কিত উচিত নহয়। তেওঁ উল্লেখ কৰে যে বিৰোধীয়ে আমাৰ শাসনকালত জাতিগত হিংসা সংঘটিত হোৱা এখন ছবি চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে।

তেওঁ সদনক জনায় যে ১৯৯৩ চনৰ পৰা ১৯৯৮ চনৰ ভিতৰত মণিপুৰত পাঁচ বছৰ ধৰি নাগা-কুকি সংঘৰ্ষ হৈছিল, যাৰ ফলত ৭৫০ গৰাকী লোকৰ মৃত্যু হৈছিল আৰু এক দশক ধৰি বিক্ষিপ্ত ঘটনা অব্যাহত আছিল। শ্ৰী শ্বাহে গুৰুত্ব আৰোপ কৰি কয় যে যদিও আমি বিশ্বাস কৰোঁ যে আমাৰ শাসনৰ অধীনত এনে ঘটনা কেতিয়াও ঘটিব নালাগে, কিন্তু এক দুৰ্ভাগ্যজনক সিদ্ধান্তৰ ফলত হিংসাত্মক ঘটনা সংঘটিত হয়, যাক তৎক্ষণাৎ নিয়ন্ত্ৰণলৈ অনা হয়। তেওঁ কয় যে হিংসাত হোৱা ২৬০ টা মৃত্যুৰ ভিতৰত ৮০ শতাংশই প্ৰথমটো মাহত সংঘটিত হৈছিল, আনহাতে বাকী মৃত্যু পৰৱৰ্তী মাহত সংঘটিত হৈছিল। তেওঁ লগতে উল্লেখ কৰে যে ১৯৯৭-৯৮ চনৰ কুকি-পেইটে সংঘৰ্ষত ৫০ খনতকৈয়ো অধিক গাঁও ধ্বংস হৈছিল, ৪০,০০০ লোক স্থানচ্যুত হৈছিল, ৩৫২ গৰাকী লোক নিহত হৈছিল, শ লোক আহত হৈছিল আৰু ৫,০০০ ঘৰ জ্বলাই দিয়া হৈছিল। তেওঁ লগতে কয় যে ১৯৯৩ চনত সংঘটিত মেইটেই-পংগল সংঘৰ্ষ ছমাহ ধৰি চলি আছিল, য'ত ১০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে বিৰোধীয়ে এখন ছবি এনেদৰে চিত্ৰিত কৰিবলৈ চেষ্টা কৰি আছে যেন মণিপুৰত এইটোৱেই প্ৰথম হিংসাত্মক ঘটানা সংঘটিত হৈছে আৰু আমাৰ শাসন বিফল হৈছে। তেওঁ উল্লেখ কৰে যে পূৰ্বৰ চৰকাৰৰ শাসনকালত ১০ বছৰ, ৩ বছৰ আৰু মাহ জুৰি চলা  তিনিটা গুৰুত্বপূৰ্ণ হিংসাত্মক ঘটনা সংঘটিত হৈছিল। তেওঁ লগতে কয় যে এই হিংসাত্মক ঘটনাৰ পিছত গৃহমন্ত্ৰীকে ধৰি তদানীন্তন চৰকাৰৰ কোনেও অঞ্চলটো ভ্ৰমণ কৰা নাছিল।

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে ২০১৭ চনত বিজেপি শাসনলৈ আহিছিল, আৰু ইয়াৰ আগৰ পাঁচ বছৰত মণিপুৰ প্ৰতি বছৰে গড়ে ২১২ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছিল, যদিও সেই সময়ছোৱাত কোনো জাতিগত হিংসা সংঘটিত হোৱা নাছিল। তেওঁ উল্লেখ কৰে যে ১,০০০ তকৈয়ো অধিক এনকাউণ্টাৰ হৈছিল, যাক উচ্চতম ন্যায়ালয়ে বিবেচনা কৰিব লাগিব। শ্ৰী শ্বাহে কয় যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ আগতে মণিপুৰত এটা দিনো বন্ধ আৰু অৱৰোধ কৰা হোৱা নাছিল আৰু ২০১৭ চনৰ পৰা বিজেপিৰ ছবছৰীয়া শাসনকালত কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল। তেওঁ কয় যে এক নিৰ্দিষ্ট পৰিস্থিতিত, যেতিয়া দুয়োটা সম্প্ৰদায়ে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক তেওঁলোকৰ বিৰুদ্ধে বুলি ব্যাখ্যা কৰিছিল, মাত্ৰ দুদিনৰ ভিতৰতে হিংসাৰ সূত্ৰপাত হৈছিল।


কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধীয়েও চৰকাৰৰ বিৰুদ্ধে মণিপুৰৰ হিংসাক উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ সদনক জনায় যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ জাৰি কৰাৰ দিনাই নিৰাপত্তা বাহিনীৰ কোম্পানীসমূহক বায়ু সেনাৰ বিমানযোগে অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছিল। তেওঁ জোৰ দি কয় যে সকলোৱে এই বিষয়ত একেই চিন্তাকে সহভাগ কৰিছে। গৃহমন্ত্ৰীয়ে সকলো সদস্যকে বিষয়টোৰ ৰাজনীতি নকৰিবলৈ আহ্বান জনায়, কিয়নো চৰকাৰে মণিপুৰত শান্তি পুনৰুদ্ধাৰৰ বাবে যথা সম্ভৱ প্ৰচেষ্টা চলাই আছে। তেওঁ লগতে কয় যে এই হিংসাত হেৰুওৱা প্ৰতিটো জীৱনৰ বাবে সদনে অন্তৰত সন্মান, সহানুভূতি আৰু দুখ অনুভৱ কৰা উচিত।

শ্ৰী অমিত শ্বাহে কয় যে মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ পিছত দুয়োটা সম্প্ৰদায়ৰ সৈতে আলোচনা কৰা হযৈছে আৰু দুয়োটা সম্প্ৰদায়ৰ সকলো সংগঠনৰ সৈতে পৃথকে পৃথকে বৈঠক অনুষ্ঠিত হৈছে। তেওঁ উল্লেখ কৰে যে গৃহ মন্ত্ৰালয়ে শীঘ্ৰেই এখন যুটীয়া বৈঠক আহ্বান কৰিব। তেওঁ গুৰুত্ব আৰোপ কৰে যে যদিও চৰকাৰে হিংসাৰ সমাপ্তিৰ পথ বিচাৰিবলৈ কাম কৰি আছে, সৰ্বোচ্চ প্ৰাথমিকতা হৈছে শান্তি স্থাপন কৰা। শ্ৰী শ্বাহে লগতে উল্লেখ কৰে যে যোৱা চাৰি মাহ ধৰি মণিপুৰত কোনো লোক নিহত হোৱা নাই, মাত্ৰ দুজন লোক আহত হৈছে আৰু পৰিস্থিতি মুখ্যতঃ নিয়ন্ত্ৰণত আছে। অৱশ্যে, তেওঁ কয় যে যেতিয়ালৈকে স্থানচ্যুত লোকসকলে শিবিৰত বাস কৰি থাকিব তেতিয়ালৈকে পৰিস্থিতি সন্তোষজনক বুলি বিবেচনা কৰা নহ'ব। তেওঁ আৰু উল্লেখ কৰি কয় যে স্থানচ্যুত লোকসকলৰ বাবে পুনৰ্সংস্থাপন পেকেজ সন্দৰ্ভত আলোচনা চলি আছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আমাৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিছে, আৰু তাৰ পিছত ৰাজ্যপালে বিজেপিৰ ৩৭ গৰাকী সদস্য, এনপিপিৰ গৰাকী, এনপিএফৰ গৰাকী, জেডি(ইউ)ৰ গৰাকী আৰু কংগ্ৰেছৰ গৰাকী সদস্যৰ সৈতে আলোচনা কৰে। তেওঁ উল্লেখ কৰে যে যেতিয়া বেছিভাগ সদস্যই কয় যে তেওঁলোক চৰকাৰ গঠন কৰাৰ অৱস্থাত নাই, কেবিনেটে ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ পৰামৰ্শ দিয়ে, যিটো ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিছে। শ্ৰী শ্বাহে লগতে কয় যে চৰকাৰে বিচাৰে যে মণিপুৰত যথা সম্ভৱ সোনকালেই শান্তি পুনৰুদ্ধাৰ কৰা হ'ব, লগতে পুনৰ্সংস্থাপনৰ প্ৰচেষ্টা আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ আঘাত নিৰাময় কৰা হ'ব।
 

*****

RK/VV/PR/PS/KB


(Release ID: 2118538)