বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

অৰ্থনৈতিক জৰীপ ২০২৪-২৫ৰ সাৰাংশ


ভাৰতৰ জিডিপি বিত্তীয় বৰ্ষত ৬.৩ আৰু ৬.৮ শতাংশৰ ভিতৰত বৃদ্ধি হোৱাৰ আশা কৰা হৈছে

বিত্তীয় বৰ্ষ ২৫ চনত বাস্তৱ জিডিপি ৬.৪ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে, যিটো ইয়াৰ দশকীয় গড়ৰ কাষ চাপিবলৈ সক্ষম হ'ব

২৫ বিত্তীয় বৰ্ষত বাস্তৱ জিভিএ ৬.৪ শতাংশ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে

২০২৪ চনৰ জুলাই – নৱেম্বৰ মাহত কেপেক্স ৮.২ শতাংশ বৃদ্ধি পাইছে আৰু আৰু ই অধিক গতি লাভ কৰিব বুলি আশা কৰা হৈছে

২০২৪ চনৰ এপ্ৰিল-ডিচেম্বৰ মাহত খুচুৰা শিতানৰ মুদ্ৰাস্ফীতি ৪.৯ শতাংশলৈ হ্ৰাস পাইছিল

ভাৰতৰ উপভোক্তা মূল্য মুদ্ৰাস্ফীতি ২০২৬ বিত্তীয় বৰ্ষত প্ৰায় ৪ শতাংশৰ লক্ষ্যত উপনীত হ’ব

২০২৪ চনৰ এপ্ৰিল-ডিচেম্বৰ মাহৰ ভিতৰত সামগ্ৰিক ৰপ্তানি ৬.০ শতাংশ (এটা বছৰৰ পিছৰ বছৰত) বৃদ্ধি পাইছিল

ভাৰতৰ সেৱাৰ ৰপ্তানি বৃদ্ধি ২০২৫ বিত্তীয় বৰ্ষৰ এপ্ৰিল–নৱেম্বৰ ভিতৰত ১২.৮ শতাংশলৈ বৃদ্ধি পাব, যিটো বিত্তীয় বৰ্ষ ২৪ত ৫.৭ শতাংশ আছিল

মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগ বিত্তীয় বৰ্ষ ২০২৪ৰ প্ৰথম আঠ মাহত ৪৭.২ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২৫ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ৫৫.৬ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাব , ইয়াৰ বছৰেকীয়া ব

Posted On: 31 JAN 2025 2:23PM by PIB Guwahati

 

"২০২৩ চনত গোলকীয় অৰ্থনীতি ৩.৩ শতাংশ বৃদ্ধি পাইছে। আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে (আইএমএফ) পৰৱৰ্তী পাঁচ বছৰত বিশ্বব্যাপী বিকাশৰ হাৰ গড়ে প্ৰায় ৩.২ শতাংশ হ'ব বুলি পূৰ্বানুমাণ কৰিছে, যি প্ৰচলিত  মান অনুসৰি সামান্য বৃদ্ধি ", আজি সংসদত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে উত্থাপন কৰা অৰ্থনৈতিক সমীক্ষা ২০২৪-২৫ ত এই কথা কোৱা হৈছে।

সমীক্ষা অনুসৰি ২০২৪ চনত বিশ্ব অৰ্থনীতিয়ে বিভিন্ন  অঞ্চলসমূহৰ মাজত অবিৰত অথচ অসমান বৃদ্ধি প্ৰদৰ্শন কৰিছিল। যোগান শৃংখলত ব্যাঘাত আৰু দুৰ্বল বাহ্যিক চাহিদাৰ বাবে,  বিশেষকৈ ইউৰোপ আৰু এছিয়াৰ কিছু অংশত উৎপাদনৰ মন্থৰতা পৰিলক্ষিত হৈছিল। ইয়াৰ বিপৰীতে এই সময়ছোৱাত  সেৱা খণ্ডই ভাল প্ৰদৰ্শন কৰিছিল আৰু  বহু দেশৰ অৰ্থনীতিৰ বৃদ্ধিত সহায় কৰিছিল। বেছিভাগ অৰ্থনীতিতে মুদ্ৰাস্ফীতিৰ চাপ কমি আহিছিল। কিন্তু সেৱাৰ মুদ্ৰাস্ফীতি স্থায়ী হৈয়েই আছে বুলি সমীক্ষাটোৱে লক্ষ্য কৰিছে।

সমীক্ষাটোৱে এই কথা উল্লেখ কৰিছে যে, বিশ্বত চলি থকা  অনিশ্চয়তাৰ মাজতো ভাৰতে অবিৰতভাবে  অৰ্থনৈতিক বিকাশৰ ধাৰা  প্ৰদৰ্শন কৰিছে। ২৫ বিত্তীয় বৰ্ষত ভাৰতৰ বাস্তৱিক জিডিপি বৃদ্ধি ৬.৪ শতাংশ হব আৰু ই  দশকীয় গড় বৃদ্ধিৰ  ওচৰত থাকিব ।

সামগ্ৰিক চাহিদাৰ দৃষ্টিকোণৰ পৰা গ্ৰাম্য চাহিদাৰ উত্থানৰ ফলত স্থিৰ মূল্যত ব্যক্তিগত চূড়ান্ত উপভোগ ব্যয় ৭.৩ শতাংশ বৃদ্ধি  হ"ব বুলি  অনুমান কৰা হৈছে।

যোগানৰ ফালৰ পৰা বাস্তৱ মুঠ মূল্য সংযোজিত (জিভিএ) ৬.৪ শতাংশ বৃদ্ধি হোৱাৰ অনুমান কৰা হৈছে। ২৫ বিত্তীয় বৰ্ষত কৃষি খণ্ডই ৩.৮ শতাংশ বৃদ্ধিৰে  উন্নয়নৰ  পুনৰ উত্থান ঘটাব বুলি আশা কৰা হৈছে। ২৫ বিত্তীয় বৰ্ষত ঔদ্যোগিক খণ্ডতো ৬.২ শতাংশ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। নিৰ্মাণ কাৰ্য্যকলাপ আৰু বিদ্যুৎ, গেছ, পানী যোগান তথা  অন্যান্য উপযোগী সেৱাৰ শক্তিশালী বৃদ্ধিৰ হাৰে ঔদ্যোগিক সম্প্ৰসাৰণত সহায় কৰিব বুলি আশা কৰা হৈছে। বিত্তীয়, ৰিয়েল ইষ্টেট, পেছাদাৰী সেৱা, ৰাজহুৱা প্ৰশাসন, প্ৰতিৰক্ষা আৰু অন্যান্য সেৱাৰ সুষম  কাৰ্যকলাপৰ ফলত সেৱা খণ্ডৰ বৃদ্ধি ৭.২ শতাংশত উপনীত হৈ  শক্তিশালী হৈ থাকিব বুলি আশা কৰা হৈছে।

 

 

বিকাশৰ উত্থান-পতনৰ দিশটো মনত ৰাখি সমীক্ষাটোৱে আশা কৰিছে যে বিত্তীয় বৰ্ষ ২৬ত প্ৰকৃত জিডিপিৰ বৃদ্ধি ৬.৩ৰ পৰা ৬.৮ শতাংশৰ ভিতৰত হ’ব।

 

 

 

মধ্যমকালীন দৃষ্টিভংগীৰে  জৰীপটোৱে  বিশ্বজনীন  কাৰকসমূহ আৰু অৰ্থনৈতিক নীতি  তথা  বাণিজ্য নীতিৰ অনিশ্চয়তাৰ বিষয়ে বিশ্বব্যাপী সৃষ্টি হোৱা উদ্বেগৰ  প্ৰেক্ষাপটত ঘৰুৱা বৃদ্ধিৰ অস্ত্ৰসমূহ শক্তিশালী কৰাৰ গুৰুত্বৰ বিষয়ে বিশদভাৱে উল্লেখ কৰিছে।

 

 

 

২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ আকাংক্ষা বাস্তৱায়িত কৰিবলৈ ভাৰতৰ মধ্যকালীন বৃদ্ধিৰ দৃষ্টিভংগীক ভূ-অৰ্থনৈতিক খণ্ডিতকৰণ (জিইএফ), চীনৰ উৎপাদন দক্ষতা আৰু চীনৰ ওপৰত বিশ্বব্যাপী নিৰ্ভৰশীলতাৰ বাস্তৱতাৰ প্ৰেক্ষাপটত মূল্যায়ন কৰাটো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। সমীক্ষাটোৱে ব্যৱস্থাগত নিয়ন্ত্ৰণমুক্তকৰণৰ এটা কেন্দ্ৰীয় উপাদানৰ বিষয়তো গুৰুত্ব আৰোপ কৰি বৃদ্ধিৰ আভ্যন্তৰীণ ইঞ্জিন আৰু ঘৰুৱা সমলসমূহক পুনৰ সজীৱ কৰাৰ পথৰ পোষকতা কৰিছে৷ যিয়ে ব্যক্তি আৰু সংস্থাসমূহৰ ব্যৱসায়সমূহৰ  অৰ্থনৈতিক স্বাধীনতাৰ আৰ্হিক সহজেই বৈধভাবে  অৰ্থনৈতিক কাৰ্যকলাপ চলাবলৈ সক্ষম কৰি তুলিব । সমীক্ষাটোৱে এই বিষয়ত জোৰ  দি কয় যে সংস্কাৰ আৰু অৰ্থনৈতিক নীতি এতিয়া ইজ অৱ ডুইং বিজনেছ ২.০ৰ অধীনত পদ্ধতিগত নিয়ন্ত্ৰণমুক্তকৰণৰ জৰিয়তে হ’ব লাগিব যাতে ই এটা কাৰ্য্যক্ষম মিটেলষ্টেণ্ড অৰ্থাৎ ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ড সৃষ্টিক উৎসাহিত কৰে।

২০২৪-২৫ চনৰ অৰ্থনৈতিক জৰীপে লক্ষ্য কৰিছে যে বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত কৃষিৰ বৃদ্ধি স্থিৰ হৈ আছে, দ্বিতীয় ত্ৰৈমাসিকত ৩.৫ শতাংশ বৃদ্ধিৰ হাৰ নথিভুক্ত  কৰা হৈছে, যিটো পূৰ্বৰ চাৰিটা ত্ৰৈমাসিকৰ তুলনাত উন্নতি সাধন কৰিছে।  খাৰিফ উৎপাদন স্বাভাৱিকতকৈ অধিক বাৰিষা আৰু পৰ্যাপ্ত জলাশয়ৰ স্তৰে  বৃদ্ধিত সহায় কৰিছিল। ২০২৪-২৫ চনত মুঠ খাৰিফ খাদ্য শস্যৰ উৎপাদনৰ অভিলেখ ১৬৪৭.০৫ লাখ মেট্ৰিক টন (এল এম টি) বুলি অনুমান কৰা হৈছে, যিটো ২০২৩-২৪ চনৰ তুলনাত ৫.৭ শতাংশ বেছি আৰু বিগত পাঁচ বছৰৰ গড় খাদ্য শস্যৰ উৎপাদনতকৈ ৮.২ শতাংশ বেছি।

 

২৫ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ঔদ্যোগিক খণ্ডতো ৬ শতাংশ বৃদ্ধি পাইছে  আৰু ২৫ বিত্তীয় বৰ্ষত ৬.২ শতাংশ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। প্ৰথম ত্ৰৈমাসিকত ৮.৩ শতাংশ  বৃদ্ধি দেখা গৈছে যদিও দ্বিতীয় ত্ৰৈমাসিকত তিনিটা মূল কাৰকৰ বাবে বৃদ্ধি মধ্যমীয়া হৈছে। প্ৰথমতে, গন্তব্য দেশসমূহৰ পৰা দুৰ্বল চাহিদাৰ বাবে  আৰু প্ৰধান বাণিজ্যিক ৰাষ্ট্ৰসমূহৰ আক্ৰমণাত্মক বাণিজ্য আৰু ঔদ্যোগিক নীতিৰ বাবে  ৰপ্তানি যথেষ্ট মন্থৰ হৈছিল। দ্বিতীয়তে, ইয়াৰ ওপৰত বাৰিষাৰো মিশ্ৰিত প্ৰভাৱ পৰিছিল -  জলাশয়সমূহ পুনৰ ভৰি পৰাৰ পিছত  ই  কৃষিক সহায় কৰিছিল৷ ই খনন, নিৰ্মাণ, আৰু কিছু পৰিমাণে উৎপাদন আদি খণ্ডত  ব্যাঘাত জন্মাইছিল। তৃতীয়তে, পূৰ্বৰ আৰু চলিত বছৰবোৰত ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ  ভিতৰত উৎসৱৰ সময়ৰ তাৰতম্যৰ ফলত ২৫ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত  বৃদ্ধিত সামন্য  মন্থৰতা পৰিলক্ষিত হৈছিল৷

 

 

 

বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো ভাৰতে উৎপাদন পিএমআইৰ ক্ষেত্ৰত সৰ্বাধিক দ্ৰুত বৃদ্ধি পঞ্জীয়ন কৰি আহিছে বুলি সমীক্ষাটোত উল্লেখ কৰা হৈছে। ডিচেম্বৰৰ ২০২৪ চনৰ শেহতীয়া উৎপাদন পিএমআইৰ  নতুন ব্যৱসায়িক লাভ, শক্তিশালী চাহিদা, আৰু বিজ্ঞাপনৰ প্ৰচেষ্টাৰ দ্বাৰা পৰিচালিত হৈ সম্প্ৰসাৰিত হৈছে৷

 

 

 

২০২৫ বিত্তীয় বৰ্ষতো সেৱা খণ্ডই ভাল প্ৰদৰ্শন অব্যাহত ৰাখিছে বুলি জৰীপটোৱে প্ৰকাশ কৰিছে। প্ৰথম আৰু দ্বিতীয় ত্ৰৈমাসিকত উল্লেখযোগ্য বৃদ্ধিৰ ফলত ২৫ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ৭.১ শতাংশ বৃদ্ধি পাইছে। উপ-শ্ৰেণীসমূহৰ মাজেৰে সকলো উপখণ্ডই ভাল প্ৰদৰ্শন কৰিছে। ভাৰতৰ সেৱা ৰপ্তানিৰ বৃদ্ধি ২৫ বিত্তীয় বৰ্ষৰ এপ্ৰিল–নৱেম্বৰৰ ভিতৰত ১২.৮ শতাংশলৈ বৃদ্ধি পাইছে, যিটো বিত্তীয় বৰ্ষ ২৪ত ৫.৭ শতাংশ আছিল।

 

অৰ্থনৈতিক জৰীপে লগতে কয় যে বৃদ্ধি প্ৰক্ৰিয়াক মুদ্ৰাস্ফীতি, বিত্তীয় স্বাস্থ্য, আৰু বহিঃখণ্ডৰ ভাৰসাম্যৰ দৰে কাৰকসমূহৰ প্ৰতি চকু ৰাখি  সুদক্ষতাৰে পৰিচালনা কৰা হৈছে। মুদ্ৰাস্ফীতি সন্দৰ্ভত সমীক্ষাটোৱে কয় যে খুচুৰা মুদ্ৰাস্ফীতি ২৪ বিত্তীয় বৰ্ষত ৫.৪ শতাংশৰ পৰা ২০২৪ চনৰ এপ্ৰিল – ডিচেম্বৰ মাহত ৪.৯ শতাংশলৈ  হ্ৰাস পাইছিল।গ্ৰাহক খাদ্য মূল্য সূচকাংক (চিএফপিআই)ত  খাদ্যৰ মুদ্ৰাস্ফীতি ২৪ বিত্তীয় বৰ্ষত ৭.৫ শতাংশ  বৃদ্ধি পাইছে ৷ ২৫ বিত্তীয় বৰ্ষত (এপ্ৰিল-ডিচেম্বৰ) সেয়া ৮.৪ শতাংশলৈ বৃদ্ধি পাব পাৰে, যিটো মূলতঃ কেইবিধমান খাদ্য যেনে শাক-পাচলি আৰু দাইলৰ দৰে সামগ্ৰীৰ ক্ষেত্ৰত হৈছে। ভাৰতৰ গ্ৰাহক মূল্যৰ মুদ্ৰাস্ফীতি ক্ৰমান্বয়ে আৰ বি আই আৰু আই এম এফৰ মতে ২৬ বিত্তীয় বৰ্ষত প্ৰায় ৪ শতাংশ হ'ব পাৰে৷

 

মুঠ ব্যয়ৰ শতাংশ হিচাপে মূলধনী ব্যয় (কেপেক্স) ২১ বিত্তীয় বৰ্ষৰ পৰা ২৪ বিত্তীয় বৰ্ষলৈ নিৰন্তৰ উন্নতি হৈছে। সাধাৰণ নিৰ্বাচনৰ পিছত ২০২৪ চনৰ জুলাই – নৱেম্বৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ কেপেক্স ৮.২ শতাংশ বৃদ্ধি পাইছে বুলি সমীক্ষাটোৱে কয়।

 

২০২৪ চনৰ এপ্ৰিল-নৱেম্বৰৰ ভিতৰত মুঠ কৰ ৰাজহ (জিটিআৰ) এবছৰৰ পিছৰ বছৰটোত   ১০.৭ শতাংশ বৃদ্ধি পোৱাৰ সময়তে ৰাজ্যসমূহৰক্ষেত্ৰত  কেন্দ্ৰীয় চৰকাৰে  কৰ ৰাজহৰ ক্ষেত্ৰত নীতিৰ পৰিৱৰ্তন কৰা  নাই বুলি সমীক্ষাটোৱে কয়। নৱেম্বৰ মাহলৈকে দেশৰ  ঘাটি সূচকসমূহ এক সুবিধাজনক অৱস্থানতে আছিল৷  ফলত বছৰৰ বাকী সময়ছোৱাত উন্নয়নমূলক আৰু মূলধনী ব্যয়ৰ বাবে যথেষ্ট সহায় হৈছিল৷

 

 

 

সমীক্ষা অনুসৰি ২০২৪ চনৰ এপ্ৰিল - নৱেম্বৰ সময়ছোৱাত ৰাজ্যসমূহৰ কৰ ৰাজহ (অ’টিআৰ) তুলনামূলক গতিৰে বৃদ্ধি পাইছে।এপ্ৰিল মাহৰ ভিতৰত ৰাজ্যসমূহৰ ৰাজহ ব্যয় ১২ শতাংশ (এবছৰৰ পিছৰ বছৰত) বৃদ্ধি পাইছে ৷ ২০২৪ চনৰ নৱেম্বৰ মাহত ৰাজসাহায্য আৰু প্ৰতিশ্ৰুতিবদ্ধ দায়বদ্ধতাই ২৫.৭ শতাংশ আৰু ১০.৪ শতাংশৰ বৃদ্ধি পঞ্জীয়ন কৰিছে৷

 

 

 

 

সমীক্ষাটোৱে লক্ষ্য কৰিছে যে বেংকিং খণ্ডৰ স্থিতিশীলতাক সম্পত্তিৰ ক্ষয়ক্ষতি, শক্তিশালী মূলধন  আৰু শক্তিশালী কাৰ্য্যকৰী প্ৰদৰ্শনৰ দ্বাৰা আলোকপাত কৰা হৈছে। বেংকিং ব্যৱস্থাৰ  নন-পাৰফৰ্মিং এচেটছ (এনপিএ) ১২ বছৰৰ নিম্নতম স্তৰলৈ হ্ৰাস পাইছে, যিটো মুঠ ঋণ আৰু অগ্ৰিম ধনৰ ২.৬ শতাংশ। সমীক্ষাটোৱে প্ৰকাশ কৰা  মতে, ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে সূচীভুক্ত বাণিজ্যিক বেংকৰ চি আৰ এ আৰ ১৬.৭ শতাংশ হৈছে।

 

অৰ্থনীতিক বহিঃখণ্ডৰ স্থিতিশীলতা , সেৱা সম্পৰ্কীয়  বাণিজ্য আৰু অভিলেখ সৃষ্টিকাৰী ৰেমিটেন্সৰ দ্বাৰা সুৰক্ষিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি অৰ্থনৈতিক সমীক্ষাই কৈছে  যে ২০২৪ চনৰ এপ্ৰিল – ডিচেম্বৰ মাহত ভাৰতৰ  সামগ্ৰীৰ ৰপ্তানি এবছৰৰ পিছৰ  বছৰত   ১.৬ শতাংশ বৃদ্ধি পাইছে। ভাৰতৰ শক্তিশালী সেৱা ৰপ্তানিয়ে দেশখনক বিশ্ব সেৱা ৰপ্তানিৰ ক্ষেত্ৰত সপ্তম বৃহত্তম অংশীদাৰিত্ব বহনকাৰী দেশত পৰিণত কৰিবলৈ  প্ৰেৰণা যোগাইছে৷ এই কথাই দেশৰ প্ৰতিযোগিতামূলক ক্ষমতাৰ দিশটোকো প্ৰতিফলিত কৰিছে৷

 

সেৱা সম্পৰ্কীয়  বাণিজ্যৰ উদ্বৃত্তৰ উপৰি  বিদেশৰ পৰা লাভ কৰা অৱদানৰ ফলত ব্যক্তিগত বিনিয়োগৰ  প্ৰবাহ বৃদ্ধি পাইছিল।অৰ্থনীতিত চাকৰি সৃষ্টিৰ পথ মুকলি হোৱাৰ  ফলত ভাৰত বিশ্বৰ ভিতৰতে সেৱাৰ শীৰ্ষ গ্ৰাহক  হৈ পৰিছিল। এই দুটা কাৰকে মিলি নিশ্চিত কৰিছে  যে ভাৰতৰ চলিত একাউণ্ট ঘাটি (CAD) জৰীপ অনুসৰি  বিত্তীয় বৰ্ষ ২৫ -ত জিডিপিৰ ১,২  শতাংশৰ ভিতৰত নিয়ন্ত্ৰিত হৈ থাকিব৷

 

সমীক্ষাটোৱে লগতে কয় যে ২৫ বিত্তীয় বৰ্ষত মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ পুনৰুজ্জীৱন ঘটিব৷ এয়া ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম আঠ মাহত ৪৭.২ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২৫ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ৫৫.৬ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাব৷  যিটো এবছৰৰ  পিছত  ১৭.৯ শতাংশ বৃদ্ধি পাব। ২০২৪ চনৰ দ্বিতীয়াৰ্ধত বিদেশী পৰ্টফলিঅ’ বিনিয়োগ (এফপিআই)ৰ প্ৰবাহ অস্থিৰ হৈ পৰিছিল, মূলতঃ বিশ্বৰ ভূ-ৰাজনৈতিক আৰু মুদ্ৰানীতিৰ  বাবেই তেনে হৈছিল৷

 

অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে স্থিৰ মূলধন প্ৰবাহৰ ফলস্বৰূপে, ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ জানুৱাৰী ২০২৪-ৰ শেষত ৬১৬.৭  বিলিয়ন মাৰ্কিন  ডলাৰৰ পৰা ২০২৪  চনৰ ছেপ্টেম্বৰত ৭০৪.৯  বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি হয় আৰু ৩ জানুৱাৰী ২০২৫  তাৰিখলৈ ৬৩৪.৬  বিলিয়ন মাৰ্কিন ডলাৰলৈ হ্ৰাস পায়। ভাৰতৰ ফৰেক্স সঞ্চয় বাহ্যিক ঋণৰ ৯০  শতাংশ আৱৰি আছে আৰু এয়া  দহ মাহতকৈ অধিক আমদানি পৰিচালনা  কৰিবলৈ পৰ্যাপ্ত৷ ফলত ই  বাহ্যিক দুৰ্বলতাৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰাত সহায় কৰিছে৷

 

অৰ্থনৈতিক জৰীপে নিয়োগৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন অব্যাহত ৰখাৰ বিষয়ত  আলোকপাত কৰিছে। ইয়াত উল্লেখ কৰা হৈছে যে শেহতীয়া বছৰবোৰত ভাৰতৰ শ্ৰম বজাৰৰ বৃদ্ধি মহামাৰীৰ পিছত  পুনৰুদ্ধাৰ হৈছে । ১৫ বছৰ আৰু তাৰ ওপৰৰ ব্যক্তিৰ নিবনুৱাৰ হাৰ ২০১৭-১৮ চনত ৬ শতাংশৰ পৰা ২০২৩-২৪ চনত ৩.২ শতাংশলৈ ক্ৰমাগতভাৱে হ্ৰাস পাইছে। শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ (এল এফ পি আৰ) আৰু শ্ৰমিক-জনসংখ্যাৰ অনুপাতো (ডব্লিউ পি আৰ) বৃদ্ধি পাইছে।

 

সমীক্ষাটোত এইবুলিও  উল্লেখ কৰা হৈছে যে যুৱ আৰু  উদ্যমী কৰ্মশক্তিৰ সৈতে সেৱা-চালিত অৰ্থনীতিৰে  ভাৰতে   এআই গ্ৰহণ কৰাত  অৰ্থনৈতিক বৃদ্ধিত সহায়ক হৈছে  আৰু ইয়াৰ ফলত  শ্ৰম বজাৰৰ ফলাফল উন্নত হোৱাৰ সম্ভাৱনা আছে। শিক্ষা আৰু দক্ষতা বিকাশক অগ্ৰাধিকাৰ দি  শ্ৰমিকসকলক এআই-চালিত  পৰিৱেশত লাভৱান্বিত  কৰিবলৈ তেওঁলোকক  প্ৰয়োজনীয় দক্ষতাৰে সজ্জিতকৰাটো  অতি গুৰুত্বপূৰ্ণ হ’ব। সমীক্ষাটোৱে এই কথাও  উন্মোচন কৰিছে যে বৰ্তমান বৃহৎ পৰিসৰৰ এআই গ্ৰহণৰ ক্ষেত্ৰত বাধা আছে, যাৰ ফলত নীতি নিৰ্ধাৰকসকলে এক  কাৰ্য্যকৰী পদক্ষেপো গ্ৰহণ কৰিছে৷ । অৰ্থনৈতিক জৰীপে শ্ৰম খণ্ডত এআই-চালিত ৰূপান্তৰে সমাজত পেলাব পৰা  বিৰূপ প্ৰভাৱ হ্ৰাস কৰাৰ  বাবে চৰকাৰী, ব্যক্তিগত খণ্ড আৰু শিক্ষাবিদসকলৰ মাজত সহযোগিতামূলক প্ৰচেষ্টা গঢড়ি তোলাৰ  আহ্বান জনাইছে।

 

আন্তঃগাঁথনিৰ ক্ষেত্ৰত অৰ্থনৈতিক জৰীপে উচ্চ বৃদ্ধি বজাই ৰাখিবলৈ অহা দুটা দশকত আন্তঃগাঁথনি বিনিয়োগ অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  আলোকপাত কৰিছে। ৰে'ল সংযোগৰ অধীনত ২০২৪ চনৰ এপ্ৰিলৰ পৰা নৱেম্বৰৰ ভিতৰত ২০৩১ কিলোমিটাৰ ৰে'লৱে নেটৱৰ্ক মুকলি   কৰা হৈছে  আৰু ২০২৪ চনৰ এপ্ৰিলৰ পৰা অক্টোবৰৰ ভিতৰত ১৭ যোৰ নতুন বন্দে ভাৰত ৰেল প্ৰৱৰ্তন কৰা হৈছে৷  মুখ্য বন্দৰসমূহত গড় কণ্টেইনাৰ টাৰ্ণআউটৰ সময়  বিত্তীয় বৰ্ষ ২৪ত ৪৮.১ ঘণ্টাৰ পৰা বিত্তীয় বৰ্ষ ২৫ (এপ্ৰিল-নৱেম্বৰ)ৰ সময়ছোৱাত ৩০.৪ ঘণ্টা কৰা হৈছে ।

 

অৰ্থনৈতিক জৰীপত ভাৰত চৰকাৰে দেশত নবীকৰণযোগ্য শক্তি আৰু সেউজ বিনিয়োগক আঁচনি, নীতি, আৰ্থিক উদগনি আৰু নিয়ন্ত্ৰণমূলক ব্যৱস্থা যেনে পি এম - সূৰ্য্য ঘৰ: মুফট বিজলী যোজনা, ৰাষ্ট্ৰীয় জৈৱ শক্তি কাৰ্যসূচী, ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছন আৰু পি এম আদিৰ জৰিয়তে ভাৰত চৰকাৰৰ প্ৰচেষ্টাক আলোকপাত কৰিছে৷  সৌৰ আৰু বায়ু শক্তিৰ ক্ষমতা সংযোজনৰ ফলত ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত নবীকৰণযোগ্য শক্তিৰ ক্ষমতা এবছৰৰ পিছত ১৫.৮ শতাংশ বৃদ্ধি পাইছে।

চৰকাৰী সমাজ সেৱামূলক খণ্ডত  ব্যয় ২১ বিত্তীয় বৰ্ষৰ পৰা ২৫ বিত্তীয় বৰ্ষলৈ ১৫% (কেন্দ্ৰ আৰু ৰাজ্যৰ বাবে ) চক্ৰীয় বাৰ্ষিক বৃদ্ধিৰ হাৰত বৃদ্ধি পাইছে।ব্যৱহাৰ ব্যয়ৰ বৈষম্য গ্ৰাম্য অঞ্চলৰ বাবে ২০২২-২৩ চনত  ০.২৬৬ৰ পৰা ২০২৩-২৪ চনত ০.২৩৭ লৈ হ্ৰাস পাইছে ৷  চহৰ অঞ্চলৰ বাবে ২০২২-২৩ চনত ০.৩১৪ৰ পৰা ২০২৩-২৪ চনত ০.২৮৪ লৈ হ্ৰাস পাইছে৷  যিয়ে আয় বিতৰণৰ পুনৰ গঠনত চৰকাৰৰ পদক্ষেপৰ ইতিবাচক প্ৰভাৱকে  প্ৰতিফলিত কৰিছে। বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে একাধিক কাৰ্যসূচী আৰু আঁচনিৰ জৰিয়তে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ লক্ষ্য পূৰণৰ দিশত কাম কৰি আছে। এই আন্তঃগাঁথনিসমূহৰ ভিতৰত আছে সমগ্ৰ শিক্ষা অভিযান, দিক্ষা, ষ্টাৰছ, পৰশ, পি এম শ্ৰী, উল্লাস, পি এম পোষণ আদি।

 

২০১৫ বিত্তীয় বৰ্ষৰ পৰা ২২ বিত্তীয় বৰ্ষৰ ভিতৰত দেশৰ মুঠ স্বাস্থ্যখণ্ডৰ  ব্যয়  ২৯.০ শতাংশৰ পৰা ৪৮.০ শতাংশলৈ বৃদ্ধি পোৱা বুলি সমীক্ষাটোৱে উল্লেখ কৰিছে।

 

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এমএছএমই) খণ্ডই ভাৰতীয় অৰ্থনীতিৰ এক অতি সজীৱ খণ্ড হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি সমীক্ষাত উল্লেখ কৰা হৈছে। উন্নয়নৰ  সম্ভাৱনা থকা এম এছ এম ইসমূহক ইকুইটি ফাণ্ডিং প্ৰদান কৰিবলৈ চৰকাৰে ৫০,০০০ কোটি টকাৰে আত্মনিৰ্ভৰ ভাৰত পুঁজি আৰম্ভ কৰিছে।

 

সমীক্ষাটোৱে লগতে  কয় যে অত্যধিক নিয়ন্ত্ৰণৰ বোজা হ্ৰাস কৰি  চৰকাৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক অধিক কাৰ্যক্ষম হোৱাত সহায় কৰিব পাৰে, খৰচ হ্ৰাস কৰিব পাৰে আৰু নতুন বৃদ্ধিৰ সুযোগ মুকলি কৰিব পাৰে।

সমীক্ষাটোৱে এই কথা উল্লেখ কৰিছে যে ইজ অৱ ডুইং বিজনেছ (EoDB) ২.০-এ ব্যৱসায়ত  অস্বস্তিকৰ পৰিবেশৰ আঁৰৰ মূল কাৰণসমূহ সঠিক কৰি তুলিবলৈ  ৰাজ্য চৰকাৰৰ নেতৃত্বত  পদক্ষেপ হ’ব লাগে।

সমীক্ষাটোৱে আঙুলিয়াই দিছে যে  বিত্তীয় বৰ্ষ ২৬ৰ বাবে ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনা অতু উজ্জ্বল আৰু সুষম। বৃদ্ধিৰ ক্ষেত্ৰত আহি পৰা বাধাসমূহৰ  ভিতৰত আছে  ভূ-ৰাজনৈতিক আৰু বাণিজ্যিক অনিশ্চয়তাতথা সম্ভাৱ্য পণ্যৰ মূল্যৰ ক্ষেত্ৰত হোৱা উঠা-নমা । ঘৰুৱাভাৱে ব্যক্তিগত মূলধনী সামগ্ৰী খণ্ডত  স্থায়ী বিনিয়োগ বৃদ্ধি, গ্ৰাহকৰ আস্থাৰ উন্নতি সাধন আদি অৰ্থনীতিৰ প্ৰসাৰৰ মূল চাবিকাঠি হ’ব বুলিও জৰীপত কোৱা হৈছে। কৃষি উৎপাদন বৃদ্ধি, খাদ্যৰ মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত প্ৰত্যাশিত শিথিলতা আৰু সুস্থিৰ সামগ্ৰীক অৰ্থনৈতিক পৰিৱেশৰ দ্বাৰা সমৰ্থিত গ্ৰাম্য চাহিদাই  বিকাশৰ এক পৰিবেশ ৰচনা কৰিছে বুলিও জৰীপত কোৱা হৈছে৷   সামগ্ৰিকভাৱে ভাৰতে মধ্যকালীন বৃদ্ধিৰ সম্ভাৱনাক শক্তিশালী কৰিবলৈ তৃণমূল পৰ্যায়ৰ গাঁথনিগত সংস্কাৰ আৰু নিয়ন্ত্ৰণমুক্তকৰণৰ জৰিয়তে বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষমতা উন্নত কৰিব লাগিব বুলিও অৰ্থনৈতিক জৰীপে উল্লেখ কৰিছে৷


(Release ID: 2098081) Visitor Counter : 81