ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

২০২৫ চনৰ গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যাত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ দেশক উদ্দেশ্যি সম্বোধন

Posted On: 25 JAN 2025 7:17PM by PIB Guwahati

মোৰ প্ৰিয় নাগৰিকসকল,

নমস্কাৰ!

⦁ এই ঐতিহাসিক মুহূৰ্তত  আপোনালোকক সম্বোধন কৰিবলৈ পাই  সুখী হৈছো। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ! ৭৫ বছৰৰ  পূৰ্বে এই ২৬ জানুৱাৰীৰ দিনটোতে  আমাৰ দেশৰ আধাৰ স্বৰূপ  ভাৰতৰ সংবিধান কাৰ্যকৰী  কৰা হৈছিল।

 

⦁ সংবিধান সভাই প্ৰায় তিনি বছৰীয়া বিতৰ্কৰ অন্তত ১৯৪৯ চনৰ ২৬ নৱেম্বৰত আমাৰ সংবিধানখন  গ্ৰহণ কৰিছিল।সেই দিনটো অৰ্থাৎ  ২৬ নৱেম্বৰৰ দিনটো  ২০১৫ চনৰ পৰাই আমি  সংবিধান দিৱস হিচাপে পালন কৰি আহিছোঁ।

⦁ গণৰাজ্য দিৱস সঁচাকৈয়ে সকলো নাগৰিকৰ বাবে সামূহিক আনন্দ আৰু গৌৰৱৰ বিষয়। কোনোবাই ক’ব পাৰে পঁয়সত্তৰ  বছৰ,  এখন দেশৰ  বাবে  মাত্ৰ  এপলকৰ সময় । কিন্তু  মই কও,  যোৱা ৭৫ বছৰ কেৱল এপলকৰ সময়  নহয়। এই সময়ছোৱাৰ ভিতৰত ভাৰতৰ দীৰ্ঘদিনীয়া আত্মা পুনৰ জাগ্ৰত হৈছে, দেশে বিশ্বৰ দেশসমূহৰ  তালিকাত নিজৰ  বাবে উপযুক্ত স্থান নিৰ্ধাৰণ  কৰিবলৈ অগ্ৰসৰ হৈছে।  প্ৰাচীন  সভ্যতা হিচাবে  আমাৰ এই  ভাৰতবৰ্ষ   এসময়ত জ্ঞান আৰু প্ৰজ্ঞাৰ উৎস হিচাপে পৰিচিত আছিল। কিন্তু  এনে সময়তে এক  আন্ধাৰৰ প্ৰচ্ছায়াই আমাত আগুৰি ধৰিলে,  ঔপনিৱেশিক শাসনৰ অধীনত অমানৱীয় শোষণে আমাৰ মাজলৈ ঠেলি দিলে  দৰিদ্ৰতাক।

 

⦁ আজি আমি প্ৰথমে বিদেশী শাসকৰ হাতোৰাৰ পৰা  আমাৰ  মাতৃভূমিক মুক্ত কৰিবলৈ বৃহৎ ত্যাগ স্বীকাৰ কৰা বীৰসকলৰ  আত্মাক স্মৰণ কৰা উচিত। তেওঁলোকৰ মাজৰে বহুজন  সুপৰিচিত আছিল, আনহাতে কিছুসংখ্যক বীৰ আজিও অল্প  পৰিচিত হৈয়েই আছে। জাতীয় ইতিহাসত যিসকলৰ ভূমিকাক এতিয়া প্ৰকৃত ৰূপত  স্বীকৃতি দিয়া হৈছে, তেওঁলোকৰ ভিতৰত এগৰাকী হৈছে  ভগৱান বীৰছা মুণ্ডা। তেওঁ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতিনিধি হিচাবে থিয় দি আমাক স্বাধীনতা অৰ্জনত সহায় কৰিছিল।  ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী আমি এইবাৰ উদযাপন কৰিছো।

 

⦁ বিংশ শতিকাৰ আৰম্ভণিৰ দশকসমূহত  তেওঁলোকৰ সংগ্ৰাম এক সংগঠিত ৰূপত  দেশব্যাপী স্বাধীনতা আন্দোলন হিচাবে  সংগঠিত  হৈছিল।  এয়া আমাৰ দেশৰ বাবেই সৌভাগ্যৰ কথা যে আমি  মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু বাবা চাহেব আম্বেদকাৰৰ দৰে ব্যক্তিক লাভ কৰিছো।  তেওঁলোকে দেশৰ   গণতান্ত্ৰিক পৰম্পৰা , ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধক পুনৰুদ্ধাৰ কৰাত সহায়  কৰিছিল। এনেবোৰ বিষয় যে  আধুনিক যুগত আমি শিকি  অহা তাত্ত্বিক ধাৰণা নহয়;সেয়া তেওলোকে প্ৰমাণ কৰিছিল।  এনেদৰেই তেওঁলোক সদায় আমাৰ সভ্যতাৰ  ঐতিহ্যৰ গৰিমাৰ  অংশ হৈ আহিছে। ভাৰতৰ  সংবিধান আৰু গণৰাজ্যৰ ভৱিষ্যতকলৈ  কটু  সমালোচনা কৰাসকলৰ কথা যে ভুল সেয়া এতিয়া  প্ৰমাণিত হৈছে। 

 

⦁ আমাৰ সংবিধান সভাৰ গঠন প্ৰক্ৰিয়ায়ো  আমাৰ গণতান্ত্রিক মূল্যবোধৰ সাক্ষ্য বহন কৰিছে । সংবিধান সভাত দেশৰ সকলো প্ৰান্তৰ আৰু সকলো সম্প্ৰদায়ৰ প্ৰতিনিধি আছিল।  উল্লেখযোগ্য কথাটো হ’ল এয়াই যে সংবিধান সভাৰ   সদস্যসকলৰ ভিতৰত ১৫ গৰাকী মহিলা আছিল, য’ত আছিল সৰোজিনী নাইডু, ৰাজকুমাৰী অমৃত কৌৰ, সুচেতা কৃপালনী, হান্সবেন মেহতা আৰু মালতী চৌধুৰীৰ দৰে মহীয়সীসকল। যেতিয়া বিশ্বৰ বহু ঠাইত নাৰীৰ সমতাৰ বিষয়টো পৰ্বতত কাছ কণী বিচৰাৰ দৰে আছিল,  তেতিয়াই পিছে ভাৰতত নাৰীয়ে জাতিৰ ভাগ্য গঢ় দিয়াত সক্ৰিয়ভাৱে অৰিহণা যোগাইছিল।

 

⦁ সংবিধানখন আমাৰ সকলোৰে বাবে এক জীৱন্ত নথিত পৰিণত হৈছে । কাৰণ মানৱীয়  গুণসমূহ সহস্ৰাব্দৰ পৰা আমাৰ নৈতিকতাৰ  কম্পাছটোৰ অংশ হৈ আহিছে। সংবিধানে ভাৰতীয় হিচাপে আমাৰ সামূহিক পৰিচয়ৰ  দৃঢ় ভেটি প্ৰদান কৰিছে; ই আমাক পৰিয়াল হিচাপে একেলগে বান্ধি ৰাখিছে। এই  ৭৫ বছৰীয়া বৰ্ণিল যাত্ৰাত সংবিধানে  আমাক প্ৰগতিৰ পথ প্ৰদৰ্শন কৰি আহিছে।  আহক আজি আমি সকলোৱে সংবিধানৰ খচৰা সমিতিত অধ্যক্ষতা কৰা ড° আম্বেদকাৰ, সংবিধান সভাৰ অন্যান্য বিশিষ্ট সদস্যসকল, ইয়াৰ সৈতে জৰিত হৈ থকা  বিভিন্ন বিষয়াসকল আৰু সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰা  আন লোকসকলৰ প্ৰতি বিনম্ৰতাৰে কৃতজ্ঞতা জ্ঞাপন কৰোঁ।   যিসকলে আমাক এই অতীৱ সুন্দৰ নথিখন  উপহাৰ দি গৈছে।

 

প্ৰিয়  নাগৰিকসকল,

 

⦁ সংবিধানৰ ৭৫ বছৰে  এখন যুৱ গণৰাজ্যৰ সৰ্বাংগীন অগ্ৰগতিকে চিহ্নিত কৰিছে। ভাৰতে  স্বাধীনতা লাভ কৰাৰ  সময়ত আৰু আনকি তাৰ পিছতো দেশৰ বৃহৎ অংশক  চৰম দৰিদ্ৰতা আৰু ভোকে  ছানি ৰাখিছিল।কিন্তু সেই সময়তো এটা কথাৰ পৰা আমি বঞ্চিত হোৱা নাছিলো, সেয়া আছিল আমাৰ নিজৰ ওপৰত থকা বিশ্বাস। আমি এনে এক  পৰিস্থিতি সৃষ্টি কৰিবলৈ সক্ষম হলো , য’ত সকলোৱে  বিকশিত হোৱাৰ সুযোগ  লাভ কৰিছে। আমাৰ কৃষকসকলে কঠোৰ পৰিশ্ৰম কৰি আমাৰ দেশক খাদ্য উৎপাদনৰ ক্ষেত্ৰত  স্বাৱলম্বী কৰি তুলিছে। আমাৰ শ্ৰমিকসকলে  অদম্যভাৱে কাম কৰি আমাৰ আন্তঃগাঁথনি আৰু উৎপাদন খণ্ডৰ পৰিৱৰ্তন  সাধন কৰিছে। তেওঁলোকৰ অসাধাৰণ প্ৰচেষ্টাৰ বাবেই আজি ভাৰতৰ অৰ্থনীতিয়ে বিশ্বৰ অৰ্থনৈতিক ধাৰাক প্ৰভাৱান্বিত কৰিছে। আজি ভাৰতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নেতৃত্ব বহন কৰিবলৈ সক্ষম হৈছে। আমাৰ সংবিধানে নিৰ্ধাৰণ কৰা  পথ নিৰ্দেশনা অবিহনে এনে ৰূপান্তৰ সম্ভৱ নহ’লহেঁতেন।

 

⦁ শেহতীয়া বছৰবোৰত আমাৰ দেশৰ  অৰ্থনৈতিক বিকাশৰ হাৰ ধাৰাবাহিকভাৱে উচ্চ হৈয়েই আছে।  আমাৰ যুৱক-যুৱতীসকলৰ বাবে চাকৰিৰ সুযোগ সৃষ্টি হৈছে, কৃষক আৰু শ্ৰমিকৰ হাতলৈ অধিক ধন গৈছে, লগতে অধিক সংখ্যক লোকক দৰিদ্ৰতা কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিব পৰা গৈছে।  সাহসী আৰু দূৰদৰ্শী অৰ্থনৈতিক সংস্কাৰসমূহে  আগন্তুক বছৰবোৰতো এই ধাৰা অব্যাহত ৰাখিব। অন্তৰ্ভুক্তি হৈছে আমাৰ  বিকাশৰ  কাহিনীৰ মূল স্তম্ভ।  এই  স্তম্ভৰ আধাৰতে  উন্নয়নৰ মিঠা ফল যিমান পাৰি সিমান ব্যাপকভাৱে বিলাই দিয়াই আমাৰ এতিয়া উদ্দেশ্য হৈ পৰিছে।

⦁ চৰকাৰে বিত্তীয় অন্তৰ্ভুক্তিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ  সময়তে প্ৰধানমন্ত্ৰী জন ধন যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, মুদ্ৰা, ষ্টেণ্ড-আপ ইণ্ডিয়া আৰু অটল পেঞ্চন যোজনা আদিৰ লেখীয়া  পদক্ষেপক অধিক লোকৰ মাজলৈ  সম্প্ৰসাৰিত কৰি  তেওঁলোকক  বিভিন্ন ধৰণৰ আৰ্থিক সাহায্য আঁচনিৰ সুবিধা প্ৰদান কৰা হৈছে।

 

⦁ সমানেই গুৰুত্বপূৰ্ণ কথাটো হ’ল চৰকাৰে কল্যাণৰ ধাৰণাটোক পুনৰ সংজ্ঞায়িত কৰিছে, যাৰ ফলত গৃহ নিৰ্মাণ আৰু খোৱাপানীৰ সুবিধাৰ দৰে মৌলিক প্ৰয়োজনীয়তাসমূহ  অগ্ৰাধিকাৰৰ  বিষয় হৈ পৰিছে। বিশেষকৈ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰান্তীয় জনগোষ্ঠীসমূহলৈ সহায়ৰ হাত আগবঢ়াবলৈ সকলো প্ৰচেষ্টা চলোৱা হৈছে। উদাহৰণস্বৰূপে অনুসূচিত জাতি জনগোষ্ঠীৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰি-মেট্ৰিক আৰু মেট্ৰিকৰ পিছৰ বৃত্তি, ৰাষ্ট্ৰীয় ফেল’শ্বিপ, বহিঃৰাজ্যৰ বৃত্তি, হোষ্টেল আৰু প্ৰশিক্ষণৰ সুবিধা  প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাই কৰ্মসংস্থাপন আৰু উপাৰ্জনৰ  পথ সুগম কৰি অনুসূচিত জাতি জনগোষ্ঠীৰ মাজত দৰিদ্ৰতা হ্ৰাস কৰাৰ ক্ষেত্ৰত অগ্ৰনী ভূমিকা পালন কৰিছে।  ধর্তি আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযান আৰু প্রধানমন্ত্রী জনজাতি আদিবাসী ন্যায় মহা অভিযান (PM-JANMAN)কে ধৰি অনুসূচিত জাতি জনগোষ্ঠীৰ আর্থ-সামাজিক উন্নয়নৰ লক্ষ্যৰে বিভিন্ন  আঁচনি গ্রহণ কৰা হৈছে৷ তালিকাভুক্ত নোহোৱা, নোমেডিক আৰু চেমি নোমেডিক  সম্প্ৰদায়ৰ  বাবে এখন উন্নয়ন আৰু কল্যাণ ব’ৰ্ড গঠন কৰা হৈছে।

 

⦁ একেদৰে যোৱা দশকটোত  পথ আৰু ৰে’লৱে, বন্দৰ  তথা  লজিষ্টিক হাবকে ধৰি ভৌতিক আন্তঃগাঁথনিসমূহৰ  উন্নয়নৰ বিষয়ত গুৰুত্ব আৰোপ কৰি  এনে এখন  মঞ্চৰ সৃষ্টি কৰা হৈছে  যিয়ে আগন্তুক দশকসমূহৰ বাবেও  বিকাশৰ ক্ষেত্ৰত অনুঘটকৰ ভূমিকা পালন কৰিব।

⦁ বিত্তীয় ক্ষেত্ৰখনত চৰকাৰে প্ৰযুক্তিৰ ব্যৱহাৰ কৰি দৃষ্টান্তমূলক যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিছে। বিভিন্ন ধৰণৰ ডিজিটেল পেমেণ্টৰ সুবিধাৰ লগতে প্ৰত্যক্ষ লাভ  হস্তান্তৰ ব্যৱস্থাই অন্তৰ্ভুক্তিৰ  দিশটোক  প্ৰসাৰিত কৰিছে, যাৰ ফলত যথেষ্ট সংখ্যক লোকক এনে আনুষ্ঠানিক ব্যৱস্থাৰ  আওতালৈ আনিব পৰা গৈছে  ।  এই ডিজিটেল ব্যৱস্থাটোৱে  অভূতপূৰ্ব স্বচ্ছতাৰ বিষয়কো প্ৰতিফলিত কৰিছে।   এই প্ৰক্ৰিয়াৰ জৰিয়তে  মাত্ৰ কেইবছৰমানৰ ভিতৰতে আমি এক শক্তিশালী ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি সৃষ্টি কৰিবলৈ সক্ষম হৈছো।  যিটো বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ ডিজিটেল ব্যৱস্থাসমূহৰ ভিতৰত অন্যতম হিচাবে পৰিগণিত হৈছে।

 

⦁ দেশৰ বেংকিং ব্যৱস্থাটো এতিয়া সুস্থ ৰূপত পৰিচালিত হৈছে। দেউলীয়া (Bankruptcy) কোডৰ দৰে সাহসী  পদক্ষেপসমূহে দেশৰ বেংকিং ব্যৱস্থাক অধিক সুদৃঢ় কৰি তুলিছে।  এতিয়া দেশত অনুসূচিত বাণিজ্যিক বেংকৰ অকাৰ্য্যক্ষম  হৈ থকা সম্পত্তিৰ পৰিমাণো যথেষ্ট হ্ৰাস পাইছে ।  

 

প্ৰিয়  নাগৰিকসকল,

 

⦁ ১৯৪৭ চনত আমি স্বাধীনতা লাভ কৰিছিলো, কিন্তু ঔপনিৱেশিক মানসিকতাৰ বহু ধ্বংসাৱশেষ আমাৰ মাজত দীৰ্ঘদিন ধৰি  বৰ্তি  থাকিল। শেহতীয়াকৈ আমি সেই মানসিকতা সলনি কৰাৰ বাবে একত্ৰিত প্ৰচেষ্টা গ্ৰহণ কৰিছো।  এনে প্ৰচেষ্টাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য প্ৰচেষ্টা হৈছে  ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী বিধি  আৰু ভাৰতীয় প্ৰমাণ আইনৰ ঠাইত এতিয়া আমি  ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম  বলৱৎ কৰিবলৈ সক্ষম হৈছো। ভাৰতীয় ন্যায়বিজ্ঞানৰ পৰম্পৰাৰ ওপৰত ভিত্তি কৰি  গ্ৰহণ কৰা নতুন অপৰাধী আইনসমূহে শাস্তিৰ পৰিৱৰ্তে ন্যায় প্ৰদানক  ন্যায় ব্যৱস্থাৰ কেন্দ্ৰবিন্দুত  পৰিণত কৰিছে। একেদৰে নতুন আইনসমূহে মহিলা আৰু শিশুৰ বিৰুদ্ধে  সংঘটিত অপৰাধ প্ৰতিহত কৰাৰ বিষয়তো  অগ্ৰাধিকাৰ প্ৰদান কৰিছে।

 

⦁ এনে  বৃহৎ পৰিসৰৰ সংস্কাৰৰ বাবে  প্ৰয়োজন দৃষ্টিশক্তিসম্পন্ন  সাহসৰ । সুশাসনৰ চৰ্তসমূহ পুনৰ সংজ্ঞায়িত কৰাৰ প্ৰতিশ্ৰুতি দিয়া আন এক ব্যৱস্থা হ’ল দেশৰ নিৰ্বাচনী সময়সূচীৰ সমন্বয়ৰ বাবে সংসদত উত্থাপন কৰা বিধেয়কখন। ‘এক দেশ  এক নিৰ্বাচন’ৰ  পৰিকল্পনাই শাসন ব্যৱস্থাত সামঞ্জস্যতা বৃদ্ধি কৰিব পাৰে, নীতিগত  জঠৰতা দূৰ কৰিব পাৰে, সম্পদৰ অপচয়  কম কৰিব পাৰে  আৰু আৰ্থিক বোজা হ্ৰাস কৰিব পাৰে।  ইয়াৰ উপৰি  এই ব্যৱস্থা কাৰ্যকৰী কৰিব পাৰিলে ই  আন বহুতো সুবিধা প্ৰদান কৰিব পাৰে।

 

⦁ আমাৰ সভ্যতাৰ গৰিমামণ্ডিত   ঐতিহ্যৰ সৈতেও এক নতুন সংযোগ ঘটোৱা হৈছে। বৰ্তমান চলি থকা মহাকুম্ভক সেই ঐতিহ্যৰ সমৃদ্ধিৰ প্ৰকাশ হিচাপে গণ্য কৰিব পাৰি। আমাৰ পৰম্পৰা আৰু ৰীতি-নীতিৰ সংৰক্ষণ তথা সেইবোৰক  পুনৰুজ্জীৱিত কৰাৰ বাবে সংস্কৃতিৰ ক্ষেত্ৰত চমকপ্ৰদ পদক্ষেপ  গ্ৰহণ কৰা হৈছে।

 

⦁ ভাৰত ভাষিক বৈচিত্ৰ্যৰ  কেন্দ্ৰবিন্দু হিচাবে পৰিচিত হৈ আহিছে। এই ভাষিক বৈচিত্ৰ্যৰ সমৃদ্ধি সংৰক্ষণৰ লগতে উদযাপনৰ উদ্দেশ্যে চৰকাৰে অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃতক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। এই শিতানত ইতিমধ্যে তামিল, সংস্কৃত, তেলেগু, কানাড়া, মালয়ালম আৰু ওডিয়া আদি ভাষাসমূহ  অন্তৰ্ভুক্ত  হৈছে। চৰকাৰে এতিয়া ১১টা ধ্ৰুপদী ভাষাত গৱেষণা কৰাৰ ক্ষেত্ৰখন  সক্ৰিয়ভাৱে প্ৰসাৰিত কৰিছে।

 

⦁ গুজৰাটৰ ভাদনগৰত ভাৰতৰ প্ৰথমটো প্ৰত্নতাত্ত্বিক  অভিজ্ঞতা সংগ্ৰহালয় সম্পূৰ্ণ  হৈ উঠালৈ মই  আগ্ৰহেৰে অপেক্ষা কৰিছো।  যিটো সংগ্ৰহালয়  খনন স্থানৰ কাষতে  নিৰ্মাণ কৰি থকা হৈছে  আৰু   ইয়াত  প্ৰায় ৮০০ খ্ৰীষ্টপূৰ্বৰ সময়তে  মানুহৰ বসতিৰ প্ৰমাণ পোৱা যায়। এই সংগ্ৰহালয়ত বিভিন্ন যুগৰ কলা, শিল্প আৰু সাংস্কৃতিক উপাদানসমূহ  বিস্তৃতৰূপত  একে ঠাইতে একত্ৰিত কৰা হ’ব।

 

প্ৰিয় নাগৰিকসকল,

 

⦁ এই সকলো  কথাৰ  মাজতে  আমাৰ যুৱ প্ৰজন্মই কাইলৈৰ  বাবে এখন উন্নত ভাৰতক গঢ় দিবলৈ  অগ্ৰসৰ হৈছে। শিক্ষাই এই ডেকা মনবোৰক সুগঢ়িত ৰূপ  প্ৰদান কৰিছে। সেয়েহে চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰি এই খণ্ডৰ সৈতে জড়িত প্ৰতিটো পৰিমাপ উন্নত কৰাৰ  অৰ্থে  সকলো প্ৰচেষ্টা  অব্যাহত ৰাখিছে।  এইক্ষেত্ৰত এতিয়ালৈকে লাভ কৰা ফলাফল  অতি উৎসাহজনক হৈ পৰিছে । যোৱা দশকটোৱে   শিক্ষা , শিক্ষণৰ মান আৰু ভৌতিক  আন্তঃগাঁথনি তথা ডিজিটেল অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত লক্ষ্যণীয় ৰূপান্তৰ ঘটাইছে। শিক্ষাৰ মাধ্যম হিচাবে  আঞ্চলিক ভাষাসমূহক অধিক  উৎসাহিত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শনৰ উল্লেখযোগ্য উন্নতিৰ  কথা এতিয়া আৰু কোনো   আচৰিত কথা  হৈ থকা নাই। এই পৰিৱৰ্তনত মহিলা শিক্ষয়িত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি জানি মই  অতিকৈ আনন্দিত হৈ পৰিছো।  যোৱা দশকটোত  শিক্ষকতা কৰাসকলৰ ভিতৰত  ৬০ শতাংশতকৈ অধিক হৈছে মহিলা।

 

⦁ বৃত্তিমূলক আৰু দক্ষতা বিকাশৰ  শিক্ষাৰ সম্প্ৰসাৰণ আৰু সেইবোৰক  মূলসুঁতিৰ বিষয় হিচাবে গ্ৰহণ কৰাটো  আন   এক আদৰণীয় বিষয় । ইয়াৰ লগতে এতিয়া এনে  আঁচনিয়ে  আমাৰ যুৱক-যুৱতীসকলক কৰ্পৰেট খণ্ডত ইন্টাৰশ্বিপৰ সুযোগ প্ৰদান কৰিছে।

 

⦁ বিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ শক্তিশালী ভেটি স্থাপনেৰে  ভাৰতে প্ৰযুক্তিৰ লগতে জ্ঞানৰ বিভিন্ন শাখাত বিশেষকৈ বিজ্ঞানত নতুন উচ্চতা লাভ কৰিবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে, বৌদ্ধিক সম্পত্তিৰ ফাইলিঙৰ ক্ষেত্ৰত বিশ্বত ভাৰত ষষ্ঠ স্থানত আছে। আমি গ্ল’বেল ইনোভেচন ইনডেক্সত আমাৰ ৰেংকিং ধাৰাবাহিকভাৱে উন্নত কৰি আহিছো, সেয়া  ২০২০ চনত ৪৮ৰ পৰা  ২০২৪ চনত ৩৯ লৈ উন্নীত হৈছে।

 

⦁ এনেদৰে বিভিন্ন পদক্ষেপৰ জৰিয়তে বৃদ্ধি পোৱা আত্মবিশ্বাসৰ লগে লগে আমি অত্যাধুনিক গৱেষণাৰ ক্ষেত্ৰ খনত আমাৰ অংশগ্ৰহণ বৃদ্ধি কৰিব পাৰিছো। প্ৰযুক্তিৰ এই নতুন সীমাত উপনীত হৈ আমি  এক সজীৱ আৰু উদ্ভাৱনীমূলক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছন আৰম্ভ কৰিছো।  আন এটা উল্লেখযোগ্য আৰম্ভণি হৈছে নেশ্যনেল মিছন অন ইন্টাৰডিচিপ্লিনেৰী চাইবাৰ ফিজিকেল চিষ্টেম।  যিয়ে কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নিং, ৰবটিক্স আৰু চাইবাৰ নিৰাপত্তাকে ধৰি কেইবাটাও উন্নত প্ৰযুক্তিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰাৰ পৰিকল্পনা কৰিছে। এই প্ৰযুক্তিসমূহ শেহতীয়াকৈ ভৱিষ্যতৰ  বাবেহে  বুলি কোৱা হৈছিল যদিও এইবোৰ  এতিয়া দ্ৰুতগতিত আমাৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে।

 

⦁ জিনম ইণ্ডিয়া প্ৰজেক্ট প্ৰকৃতিৰ অন্বেষণৰ ক্ষেত্ৰত কেৱল এক  নতুন  উদ্যোগেই  নহয়; ভাৰতৰ বিজ্ঞানৰ ইতিহাসকো  ই   প্ৰকৃতৰূপত  সংজ্ঞায়িত কৰিছে।  ইয়াৰ ফ্লেগশ্বিপ প্ৰগ্ৰেমৰ অধীনত অধিক গৱেষণাৰ বাবে ১০ হাজাৰ ভাৰতীয়ৰ জিনম ছিকুৱেন্সিং এই মাহতে  উপলব্ধ কৰা হৈছে। এই  আলোকসন্ধানী  প্ৰকল্পটোৱে জৈৱ প্ৰযুক্তি গৱেষণাৰ ক্ষেত্ৰত  নতুন দৃষ্টিভংগীৰ সূচনা কৰিব আৰু  জনস্বাস্থ্যসেৱাকো এক  নতুন গতি প্ৰদান কৰিব।

 

⦁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শেহতীয়া বছৰবোৰত মহাকাশ গৱেষণাৰ ক্ষেত্ৰত লক্ষ্যণীয় সাফল্য অৰ্জন কৰিছে। এই মাহত ইছৰ’ই সফল স্পেচ ডকিং পৰীক্ষাৰে  পুনৰবাৰ দেশখনক গৌৰৱান্বিত কৰি তুলিছে। ভাৰত এতিয়া এনে  সামৰ্থ্য থকা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছে।

 

⦁  দেশ  হিচাপে আমাৰ বৰ্ধিত আত্মবিশ্বাস  ক্ৰীড়া ক্ষেত্ৰখনতো প্ৰতিফলিত হৈছে । য’ত আমাৰ খেলুৱৈসকলে ৰোমাঞ্চকৰ সফলতাৰ কাহিনী ৰচনা কৰিবলৈ সমৰ্থ হৈছে। যোৱা বছৰ আমাৰ খেলুৱৈসকলে অলিম্পিক গেমছত  বিশেভাবে স্থান দখল কৰিছিল। পেৰালিম্পিক গেমছলৈয়ো  আমি আমাৰ এতিয়ালৈকে সৰ্ববৃহৎ দলটোক প্ৰেৰণ কৰিবলৈ সক্ষম হৈছো,  যিটো দলে  তেওঁলোকৰ  সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে দেশলৈ গৌৰৱ কঢ়িয়াই  উভতি আহিছে।  আমাৰ দবা চেম্পিয়নসকলে বিশ্বক চমকিত  কৰিছে,   পুৰুষ-মহিলা উভয় শাখাতে আমাৰ খেলুৱৈয়ে  ফিডে  দবা অলিম্পিয়াডত সোণৰ পদক লাভ কৰিছে । ২০২৪ চনত  ক্ৰীড়াৰ কৃতিত্বৰে  শিৰোনাম দখল কৰিছিল ডি গুকেশে, যিয়ে বিশ্ব দবা চেম্পিয়নত  কনিষ্ঠতম চেম্পিয়ন  হিচাবে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

 

⦁ তৃণমূল  পৰ্যায়ত প্ৰশিক্ষণৰ সুবিধাসমূহৰ বৃহৎ উৎকৰ্ষ সাধন কৰা হৈছে আৰু আমাৰ খেলুৱৈসকলে  তেওঁলোকৰ বিজয় অভিযানেৰে আমাক গৌৰৱান্বিত কৰিছে ।তেওঁলোকৰ এনে সফলতাই  পৰৱৰ্তী প্ৰজন্মক উচ্চ লক্ষ্য স্থিৰ কৰাৰ  বাবে অনুপ্ৰাণিত কৰিছে।

 

⦁ বিদেশত বাস কৰা আমাৰ ভাই-ভনীসকলে আমাৰ সংস্কৃতি আৰু সভ্যতাৰ শ্ৰেষ্ঠখিনি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ  বহন কৰি নিছে।  বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ কৃতিত্বই  আমাক গৌৰৱান্বিত কৰিছে। তেওঁলোকে সদায় নিজকে ভাৰতৰ সফলতাৰ কাহিনীৰ এটা অংশ বুলি গণ্য কৰি আহিছে। চলিত মাহৰ আৰম্ভণিতে প্ৰবাসী ভাৰতীয় দিৱসত  মই কৈছিলো যে  ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত, উন্নত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ সক্ৰিয় আৰু উৎসাহী অংশগ্ৰহণকলৈ   মই আত্মবিশ্বাসী।

 

 

প্ৰিয়  নাগৰিকসকল,

 

⦁  আমাৰ দেশে বহু ক্ষেত্ৰত লাভ কৰা  সুনিৰ্দিষ্ট অগ্ৰগতিৰ বাবেই আমি মূৰ দাঙি থিয় হৈ থাকিব পাৰিছো আৰু  এক সুন্দৰ ভৱিষ্যতৰ দিশে  অগ্ৰসৰ হ'ব পাৰিছো। । আমাৰ ভৱিষ্যতৰ চাবিকাঠি হৈছে আমাৰ যুৱক-যুৱতী আৰু বিশেষকৈ যুৱতীসকল। তেওঁলোকৰ সপোনেই কাইলৈৰ ভাৰতক গঢ় দিব, যেতিয়া আমি আমাৰ স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিম।  আজিৰ ল’ৰা-ছোৱালীয়ে যেতিয়া ২০৫০ চনৰ ২৬ জানুৱাৰীত ত্ৰিৰংগক চেলুট জনাব,  তেতিয়া তেওঁলোকে নিজৰ পৰৱৰ্তী প্ৰজন্মক ক’ব যে আমাৰ অতুলনীয় সংবিধানে তেওঁলোকক  পথ প্ৰদৰ্শন নকৰাহেঁতেন  এই মহান অভিযান  কেতিয়াও সম্ভৱ নহ’লহেঁতেন।

 

⦁ আমাৰ ভৱিষ্যৎ প্ৰজন্ময়ো  বিশ্বত স্বাধীন ভাৰতৰ অভিযানৰ  কথা মনত ৰাখিব। জাতিৰ পিতা মহাত্মা গান্ধীৰ ভাষাত  মই উদ্ধৃতি দিব বিচাৰিছো-

 

“যদি স্বৰাজৰ উদ্দেশ্য আমাক সভ্য কৰা  আৰু আমাৰ সভ্যতাক শুদ্ধ তথা সুস্থিৰ কৰা নহ’লহেঁতেন, তেন্তে ইয়াৰ কোনো মূল্য নাথাকিলহেঁতেন। আমাৰ সভ্যতাৰ মূল কথাটো হ’ল আমি ৰাজহুৱা বা ব্যক্তিগত সকলো কামতে নৈতিকতাক সৰ্বোচ্চ স্থান দিওঁ।”

 

⦁ আহক, আজি  আমি গান্ধীজীৰ সপোন বাস্তৱায়িত কৰিবলৈ  নিজৰ প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰোঁ। তেওঁৰ আলোকসন্ধানী  শব্দ সত্য আৰু অহিংসা সমগ্ৰ বিশ্বৰ বাবে প্ৰাসংগিক হৈ থাকিব। তেওঁ আমাক এয়াও  শিকাইছিল যে অধিকাৰ আৰু কৰ্তব্য  একেটা মুদ্ৰাৰ দুটা পিঠি  মাথোঁ – সঁচাকৈয়ে অধিকাৰৰ প্ৰকৃত উৎসই হ’ল কৰ্তব্য। আজি আমি তেওঁৰ মমতাৰ পাঠবোৰো মনত পেলাইছো – কেৱল আমাৰ মৰম তথা মানৱীয়তা  ওচৰ-চুবুৰীয়াৰ প্ৰতিয়েই নহয়,  আমাৰ আন ওচৰ-চুবুৰীয়া অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী, নদী-পাহাৰৰ প্ৰতিও আমি  মমতা বৰ্তাই ৰাখিব লাগিব।

 

⦁ জলবায়ু পৰিৱৰ্তনৰ বিশ্বব্যাপী ভাবুকি প্ৰতিহত কৰাৰ প্ৰচেষ্টাত আমাৰ প্ৰত্যেকেই অৰিহণা যোগাব লাগিব। এই ক্ষেত্ৰত  দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিশ্ব পৰ্যায়ত ভাৰতে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত ব্যক্তি আৰু সম্প্ৰদায়ক অধিক সক্ৰিয় হ’বলৈ অনুপ্ৰাণিত কৰাৰ অৰ্থে  পৰিৱেশ সম্পৰ্কীয়  মিছন লাইফষ্টাইল নামৰ এক গণ আন্দোলনৰ নেতৃত্ব দিছে। যোৱা বছৰ বিশ্ব পৰিবেশ দিৱসৰ দিনা আমি প্ৰকৃতি মাতৃৰ লগতে আমাৰ মাতৃলৈ   শ্ৰদ্ধা  জনাই ‘এক পেড় মা কে নাম’ শীৰ্ষক  এক অনন্য অভিযান আৰম্ভ কৰিছিলো।  এই অভিযানৰ জৰিয়তে  সময়সীমাৰ পূৰ্বেই ৮০ কোটি পুলি ৰোপণৰ লক্ষ্যত উপনীত হ'ব পৰা গৈছে । দেশৰ  মানুহে  ইয়াক নিজৰ আন্দোলন হিচাপে গ্ৰহণ কৰিছে আৰু  এনে উদ্ভাৱনীমূলক পদক্ষেপৰ পৰা বিশ্বই শিক্ষা গ্ৰহণ কৰিব পাৰে।

 

প্ৰিয় নাগৰিকসকল,

 

⦁ পুনৰবাৰ আপোনালোক সকলোকে গণৰাজ্য দিৱস উপলক্ষে অভিনন্দন জনাইছো। আমাৰ সীমান্তত অতন্দ্ৰ  পহৰী হিচাবে থকা  জোৱানসকলৰ লগতে সীমান্তৰ ভিতৰত দেশক সুৰক্ষিত কৰি  ৰখা আৰক্ষী তথা  অৰ্ধসামৰিক বাহিনীৰ জোৱানসকললৈ মই  অভিনন্দন জনাইছো । ন্যায়পালিকাৰ সদস্য, আমোলা-বিষয়া আৰু বিদেশৰ আমাৰ মিছনৰ সৈতে জৰিত সকলোলৈও  মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সকলো প্ৰচেষ্টালৈ মোৰ আন্তৰিক  শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

 

ধন্যবাদ।

জয় হিন্দ!

জয় ভাৰত!


(Release ID: 2096235) Visitor Counter : 68