প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কচ্ছত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৈতে দেৱালী উদযাপন কৰে
আমি আমাৰ নিৰাপত্তাৰক্ষী জোৱানসকলক লৈ অত্যন্ত গৌৰৱান্বিত, যিসকলে আতিথ্যবিমুখ ঠাইবোৰত দৃঢ়তাৰে থাকি আমাক সুৰক্ষা দিয়ে: প্ৰধানমন্ত্ৰী
Posted On:
31 OCT 2024 7:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কচ্ছৰ ক্ৰীক এলেকাৰ লাক্কি নালাত বিএছএফ, সেনা, নৌ সেনা আৰু বায়ু সেনাৰ বীৰ জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে আমি আমাৰ নিৰাপত্তাৰক্ষী জোৱানসকলক লৈ অত্যন্ত গৌৰৱান্বিত, যিসকলে আতিথ্যবিমুখ ঠাইসমূহত দৃঢ়তাৰে থাকি আমাক সুৰক্ষা দিয়ে। কচ্ছৰ অত্যধিক উষ্ণতা, প্ৰত্যন্ত এলেকাৰ ক্ৰীক অঞ্চল নিতান্তই প্ৰত্যাহ্বানজনক ঠাই। ইয়াৰ লগতে অন্যান্য পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বানো আছে," প্ৰধানমন্ত্ৰীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰীক অঞ্চলৰ এটা ‘ফ্লোটিং বিঅ'পি’লৈ গৈ সাহসী নিৰাপত্তাকৰ্মীসকলৰ মাজত মিঠাই বিতৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:
"গুজৰাটৰ কচ্ছত আমাৰ বীৰ জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰিছোঁ।
আমাৰ নিৰাপত্তাৰক্ষী জোৱানসকলে দুৰ্গম ঠাইবোৰত দৃঢ়তাৰে থাকি আমাক সুৰক্ষা দিয়ে। আমি তেওঁলোকৰ বাবে সঁচাকৈয়ে গৌৰৱান্বিত।
কচ্ছৰ ক্ৰীক এলেকাৰ লাক্কি নালাত বিএছএফ, সেনা, নৌ সেনা আৰু বায়ু সেনাৰ আমাৰ সাহসী কৰ্মীসকলৰ সৈতে দেৱালী উদযাপন কৰি আনন্দিত হৈছোঁ। এই এলেকাটো প্ৰত্যাহ্বানমূলক আৰু দূৰৱৰ্তী। দিনবোৰ গৰম হৈ থাকে আৰু ঠাণ্ডাও হয়। ক্ৰীক অঞ্চলটোত অন্যান্য পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বানো আছে।
ক্ৰীক এলেকাৰ এটা ‘ফ্লোটিং বিঅ’পি’-লৈ গৈছিলোঁ আৰু আমাৰ সাহসী নিৰাপত্তাকৰ্মীসকলৰ মাজত মিঠাই বিতৰণ কৰিছিলোঁ।"
***
MJPS/VJ/KB
(Release ID: 2070014)
Visitor Counter : 15
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam