গৃহ মন্ত্ৰালয়

‘হিন্দী দিৱস ২০২৪’ উপলক্ষে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ বাৰ্তা

Posted On: 14 SEP 2024 9:15AM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ‘হিন্দী দিৱ’ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ‘হিন্দী দিৱস’ সন্দৰ্ভত প্ৰেৰণ কৰা তেওঁৰ বাৰ্তাত গৃহমন্ত্ৰীয়ে কয় যে এই শুভ দিনটো আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰতৰ ‘সংবিধান সভা’ই হিন্দীক সংঘৰ ‘চৰকাৰী ভাষা’ হিচাপে গ্ৰহণ কৰিছিল। শ্ৰী অমিত শ্বাহে কয় যে ইয়াৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে আৰু আমি এই বছৰ চৰকাৰী ভাষাৰ হীৰক জয়ন্তী উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছো। ৭৫ বছৰীয়া এই যাত্ৰা হিন্দী, চৰকাৰী ভাষা আৰু আমাৰ সকলো ৰাজ্যৰ সংশ্লিষ্ট ভাষাসমূহৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। তেওঁ কয় যে হিন্দীয়ে বহুতো উত্থান-পতন দেখিছে, কিন্তু আজি এই মুহূৰ্তত থিয় হৈ তেওঁ নিশ্চিতভাৱে ক'ব পাৰে যে কোনো স্থানীয় ভাষাৰ সৈতে হিন্দীৰ কোনো প্ৰতিযোগিতা নাই।

শ্ৰী অমিত শ্বাহে কয় যে হিন্দী সকলো ভাৰতীয় ভাষাৰে বন্ধু আৰু সংশ্লিষ্ট দুয়োটা ভাষাই পৰস্পৰে পৰস্পৰৰ পৰিপূৰক। তেওঁ কয় যে গুজৰাটী, মাৰাঠী, তেলেগু, মালায়ালম, তামিল বা বাংলাই হওক, প্ৰতিটো ভাষাই হিন্দীক আৰু হিন্দীয়ে এই ভাষাসমূহক শক্তিসমৃদ্ধ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে যদি আমি হিন্দী আন্দোলনক মনোযোগেৰে চাওঁ, সেয়া ৰাজাগোপালাচাৰী জী, মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল, লালা লাজপত ৰায়, নেতাজী সুভাষ চন্দ্ৰ বসু বা আচাৰ্য কৃপলানীয়েই হওক, তেওঁলোক সকলোৱে অ-হিন্দী ভাষী অঞ্চলৰ পৰা আহিছিল। তেওঁ কয় যে শ্ৰী আয়েংগাৰ আৰু শ্ৰী কে এম মুন্সীৰ নেতৃত্বত গঠন কৰা সমিতিখনে হিন্দীক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ আৰু হিন্দী আৰু আমাৰ আন সকলো ভাষাক শক্তি প্ৰদান কৰিবলৈ সংবিধান সভাত এক প্ৰতিবেদন উপস্থাপন কৰিছিল। এই দুয়োগৰাকী নেতাও অ-হিন্দী ভাষী অঞ্চলৰ পৰা আহিছিল।

কেন্দ্ৰীয় গৃহম ন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ১০ বছৰত হিন্দী আৰু স্থানীয় ভাষা শক্তিশালী কৰাৰ বাবে যথেষ্ট কাম কৰা হৈছে। মোদীজীয়ে বহুতো আন্তঃৰাষ্ট্ৰীয় মঞ্চত হিন্দী ভাষাৰে গৌৰৱেৰে ভাষণ প্ৰদান কৰিছে আৰু কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে হিন্দী ভাষাৰ গুৰুত্ব আগবঢ়াই নিছে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ভিতৰতে আমাৰ ভাষাসমূহৰ প্ৰতি গৌৰৱৰ অনুভূতিও বৃদ্ধি কৰিছে। এই ১০ বছৰত, আমি বহু সংখ্যক ভাৰতীয় ভাষা শক্তিশালী কৰাৰ বাবেও যথেষ্ট প্ৰচেষ্টা গ্ৰহণ কৰিছো। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন শিক্ষা নীতিত মাতৃভাষাত প্ৰাথমিক শিক্ষা প্ৰদানৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান প্ৰদান কৰি আমাৰ সকলো ভাষা আৰু হিন্দীক এক নতুন জীৱন প্ৰদান কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে আমি এই ১০ বছৰত 'কণ্ঠস্থ'  শীৰ্ষক এটা উপকৰণ বিকশিত কৰিছো। আমি যোৱা ১০ বছৰত সংসদীয় চৰকাৰী ভাষা সমিতিৰ চাৰিখন প্ৰতিবেদন দাখিল কৰিছো আৰু চৰকাৰী কাম-কাজত হিন্দীক গুৰুত্বপূৰ্ণভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰা হৈছে। আগন্তুক দিনত চৰকাৰী ভাষা বিভাগে অষ্টম অনুসূচীত তালিকাভুক্ত সকলো ভাষালৈ হিন্দীৰ পৰা অনুবাদ কৰাৰ বাবে এটা পৰ্টেল-ও যুগুতাই উলিয়াব, যাৰ জৰিয়তে আমি ‘কৃত্ৰিম বুদ্ধিমত্তা’ ব্যৱহাৰ কৰি অতি কম সময়ৰ ভিতৰত যিকোনো আখৰ বা ভাষণ সকলো ভাষালৈ অনুবাদ কৰিবলৈ সক্ষম হ'ম। ই হিন্দী আৰু স্থানীয় ভাষাক যথেষ্ট শক্তিশালী কৰিব বুলি তেওঁ বিশ্বাস ব্যক্ত কৰে।

গৃহমন্ত্ৰীয়ে কয় যে আজি তেওঁ সকলোকে পুনৰ ক'ব বিচাৰে যে আমাৰ ভাষাসমূহ বিশ্বৰ আটাইতকৈ ধনী ভাষাসমূহৰ অন্যতম। হিন্দীয়ে আমাক আৰু আমাৰ সকলো ভাষাক সংযোগ কৰে। তেওঁ কয় যে সংবিধান সভাৰ ভাৱনা সাৰোগত কৰি দেশৰ সকলো নাগৰিকে ভাৰতীয় ভাষাত ইজনে সিজনৰ সৈতে যোগাযোগ কৰা উচিত, সেয়া লাগিলে হিন্দী, তামিল, তেলেগু, মালায়ালম বা গুজৰাটীয়ে হওঁক। হিন্দীক শক্তিশালী কৰি এই সকলোবোৰ ভাষা নমনীয় আৰু সমৃদ্ধিশালী হ'ব আৰু একত্ৰীকৰণৰ অনুশীলনৰ জৰিয়তে সকলো ভাষাই আমাৰ সংস্কৃতি, ইতিহাস, সাহিত্য, ব্যাকৰণ আৰু আমাৰ সন্তানসকলৰ সংস্কাৰকো আগুৱাই নিব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে, এনে প্ৰেক্ষাপটতে তেওঁ সকলো দেশবাসীক অনুৰোধ জনাব বিচাৰে যে হিন্দী দিৱস উপলক্ষে ‘আমি প্ৰতিশ্ৰুতিবদ্ধ হওঁ, হিন্দী আৰু আমাৰ স্থানীয় ভাষা শক্তিশালী কৰোঁ আৰু চৰকাৰী ভাষা বিভাগৰ এই কামত সহযোগিতা আগবঢ়াও। আকৌ এবাৰ হিন্দী দিৱসত সকলো দেশবাসীলৈ বহুতো শুভেচ্ছা জনাইছোঁ। আমি সকলোৱে চৰকাৰী ভাষাটোক শক্তিশালী কৰোঁ আহক। বন্দে মাতৰম’।

*****

RK / VV / ASH / PS/KB



(Release ID: 2055009) Visitor Counter : 10