প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতীয় পেৰা অলিম্পিক দলে এতিয়ালৈকে সৰ্বাধিক পদক লাভেৰে অভিলেখ গঢ়াত প্ৰধানমন্ত্ৰীয়ে অসীম গৌৰৱ আৰু সন্তোষ প্ৰকাশ কৰিছে
प्रविष्टि तिथि:
04 SEP 2024 4:33PM by PIB Guwahati
ভাৰতীয় পেৰা অলিম্পিক দলে আমাৰ দেশৰ বাবে পেৰা অলিম্পিকত এতিয়ালৈকে সৰ্বাধিক পদক লাভেৰে অভিলেখ গঢ়াত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসীম গৌৰৱ আৰু সন্তোষ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ নিষ্ঠা আৰু দৃঢ়তাক প্ৰশংসাৰে প্ৰতিগৰাকী খেলুৱৈকে তেওঁলোকৰ এই উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনায়।
এই সন্দৰ্ভত এটা এক্স প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
“ভাৰত গৌৰৱান্বিত আৰু আনন্দিত!
আমাৰ আশ্চৰ্য্যকৰ পেৰা অলিম্পিক দলটোৱে আমাৰ দেশৰ বাবে পেৰা অলিম্পিকত এতিয়ালৈকে সৰ্বাধিক পদক লাভেৰে অভিলেখ ৰচনা কৰিলে। এই সাফল্যই আমাৰ খেলুৱৈসকলৰ নিষ্ঠা, আগ্ৰহ আৰু দৃঢ়তাকে প্ৰতিফলিত কৰিছে। মই প্ৰতিগৰাকী খেলুৱৈকে অভিনন্দন জনালোঁ।
#Cheer4Bharat”
***
MJPS/ST/SB
(रिलीज़ आईडी: 2051845)
आगंतुक पटल : 80
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam