পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

‘এক পেড় মা কে নাম’ অভিযানৰ অধীনত দেশজুৰি ৫২ কোটিৰো অধিক গছপুলি ৰোপণ

বিশ্ব পৰিবেশ দিৱসৰ দিনা প্ৰধানমন্ত্ৰীয়ে এই অভিযানৰ শুভাৰম্ভ কৰিছিল

प्रविष्टि तिथि: 03 SEP 2024 9:50AM by PIB Guwahati

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে আজি এক্সত এটা প’ষ্টৰ জৰিয়তে ‘এক পেড় মা কে নাম’ অভিযানৰ অধীনত গছপুলি ৰোপণৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি স্থাপন হোৱা বুলি অৱগত কৰে আৰু এই অভিযানৰ অধীনত সমগ্ৰ ভাৰতত ৫২ কোটিৰো অধিক পুলি ৰোপণ কৰা হৈছে বুলি জনায়।

০৫-০৬-২০২৪ত অৰ্থাৎ গত বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক পেড় মা কে নাম’ অভিযানৰ শুভাৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অভিযানৰ শুভাৰম্ভ কৰি এই পদক্ষেপৰ জৰিয়তে সকলোকে এটি উন্নত গ্ৰহ গঢ়ি তোলা আৰু বহনক্ষম উন্নয়ন সাধনত অৰিহণা যোগাবলৈ আহ্বান জনাইছিল।

পূৰ্বৰ বিজ্ঞপ্তিটোৰ বাবে ইয়াত ক্লিক কৰকঃ

https://pib.gov.in/PressReleasePage.aspx?PRID=2022815

 

*****

NB/GS/SB
 


(रिलीज़ आईडी: 2051368) आगंतुक पटल : 116
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Urdu , Bengali , Manipuri , Kannada , Khasi , English , हिन्दी , Marathi , Bengali-TR , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Malayalam