প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখবাসীক পাঁচখন নতুন জিলা গঠনৰ উপলক্ষে অভিনন্দন জনাইছে

লাডাখত পাঁচখন নতুন জিলা গঠন কাৰ্য্য হৈছে উন্নত শাসন আৰু সমৃদ্ধিৰ দিশত এটি পদক্ষেপঃ প্ৰধানমন্ত্ৰী

Posted On: 26 AUG 2024 12:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখবাসীলৈ পাঁচখন নতুন জিলা গঠনৰ উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছে। এই সন্দৰ্ভত তেখেতে কয় যে জান্সকাৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাং- এই নতুন জিলাকেইখনে এতিয়া অধিক মনোযোগ লাভ কৰিব, যাৰ ফলশ্ৰুতিত সেৱা আৰু সুযোগসমূহ জনসাধাৰণৰ অধিক ওচৰ চাপিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে এক্সত কৰা এটা প’ষ্ট শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

লাডাখত পাঁচখন নতুন জিলা গঠন কাৰ্য্য হৈছে উন্নত শাসন আৰু সমৃদ্ধিৰ দিশত এটি পদক্ষেপ। জান্সকাৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাং- এই নতুন জিলাকেইখনে এতিয়া অধিক মনোযোগ লাভ কৰিব, যাৰ ফলশ্ৰুতিত সেৱা আৰু সুযোগসমূহ জনসাধাৰণৰ অধিক ওচৰ চাপিব। মই তাৰ জনসাধাৰণলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ।”

***

MJPS/TS/SB
 



(Release ID: 2048965) Visitor Counter : 8