প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ঋষি সুনাকক তেওঁৰ নেতৃত্বৰ বাবে ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 05 JUL 2024 7:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত আৰু ইউনাইটেড কিংডমৰ মাজৰ সম্পৰ্ক প্ৰগাঢ় কৰাত আগবঢ়োৱা অৱদান তথা তেওঁৰ নেতৃত্বৰ বাবে ইউনাইটেড কিংডমৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ঋষি সুনাকক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী সুনাকে দেশখনৰ সাধাৰণ নিৰ্বাচনৰ পিছত ইতিমধ্যে পদত্যাগ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছে:

"ইউকেত আপোনাৰ প্ৰশংসনীয় নেতৃত্ব আৰু আপোনাৰ কাৰ্যকালত ভাৰত আৰু ইউকেৰ মাজৰ সম্পৰ্ক গভীৰ কৰাৰ বাবে আপোনাৰ সক্ৰিয় অৱদানৰ বাবে @RishiSunak ধন্যবাদ। ভৱিষ্যতৰ বাবে আপোনাৰ লগতে  আপোনাৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।"

 

***

DS/KB


(रिलीज़ आईडी: 2031323) आगंतुक पटल : 73
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Telugu , English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Kannada , Malayalam