প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে প্ৰিক্স ভাৰ্চাইলছ সংগ্ৰহালয়, ২০২৪ৰ বাবে বিশ্ব বাছনিত স্মৃতিবনক অন্তৰ্ভুক্ত কৰাত আনন্দ প্ৰকাশ কৰিছে

Posted On: 15 JUN 2024 6:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰিক্স ভাৰ্চাইলছ সংগ্ৰহালয়, ২০২৪ৰ বাবে বিশ্ব বাছনিত কচ্ছস্থিত স্মৃতিবনক অন্তৰ্ভুক্ত কৰাত সন্তুষ্টি প্ৰকাশ কৰে। ২০০১ চনৰ শোকাৱহ ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই কচ্ছস্থিত স্মৃতিবন নিৰ্মাণ কৰা হৈছিল।

 

প্ৰিক্স ভাৰ্চাইলছ মিউজিয়ামৰ এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ

"কচ্ছৰ স্মৃতিবন হৈছে ২০০১ চনৰ শোকাৱহ ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। ই মানৱীয় সহনশীলতা আৰু সাহসৰ স্মাৰক। মই এইবাবে আনন্দিত যে এই সংগ্ৰহালয়টোৱে প্ৰিক্স ভাৰ্চাইলছ মিউজিয়াম, ২০২৪ৰ বাবে বিশ্ব বাছনিত স্থান পাইছে।"

************ 

 

DS/KG



(Release ID: 2025636) Visitor Counter : 26