ভাৰতীয় নিৰ্বাচন আয়োগ

কাইলৈ ৭ম আৰু অন্তিম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচন

বিশ্বৰ সৰ্ববৃহৎ ভোটগ্ৰহণ প্ৰক্ৰিয়া সামৰণিৰ পথত

ওড়িশাৰ ৪২ টা বিধানসভা সমষ্টিৰ লগতে ৫৭ খন লোকসভা আসনৰ নিৰ্বাচনৰ প্ৰস্তুতি

৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০.০৬ কোটি ভোটাৰে ১.০৯ লাখৰো অধিক কেন্দ্ৰত ভোটদান কৰিব

মঙলবাৰে ভোট গণনা

Posted On: 31 MAY 2024 1:30PM by PIB Guwahati

কাইলৈ ​​লোকসভা নিৰ্বাচনৰ ৭ম তথা অন্তিম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ভাৰতৰ নিৰ্বাচন আয়োগ। সেই অনুসৰি; কাইলৈ বিহাৰ, চণ্ডীগড়, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, ওড়িশা, পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ- এই ৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা সংসদীয় সমষ্টিত (PC) ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কাইলৈ ওড়িশা বিধানসভাৰ বাকী ৪২ টা বিধানসভা সমষ্টিৰ বাবেও একেলগে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰ লগে-লগে যোৱা মাহৰ (এপ্ৰিল) ১৯ তাৰিখৰপৰা আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিব আৰু ইতিমধ্যে ৬ টা পৰ্য্যায়ত ৪৮৬ খন লোকসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। ২৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৪৮৬ টা সংসদীয় সমষ্টিৰ ভোটগ্ৰহণ সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হৈছে। ৪ জুনত ভোটগণনা অনুষ্ঠিত হ’ব।

কাইলৈ অনুষ্ঠিতব্য নিৰ্বাচনৰ অৰ্থে নিজ-নিজ ভোটকেন্দ্ৰলৈ মেচিন আৰু সা-সঁজুলিৰ সৈতে ভোটগ্ৰহণকাৰী দলসমূহ ৰাওনা হৈছে। ভোটকেন্দ্ৰসমূহত যাতে সুবিধাজনক আৰু নিৰাপদ পৰিবেশত ভোটগ্ৰহণ অনুষ্ঠিত হয়, তাৰ বাবে পৰ্য্যাপ্ত ছাঁ, খোৱাপানী, ৰেম্প আৰু টয়লেটকে প্ৰমুখ্য কৰি সকলো মৌলিক সুবিধাৰে ভোটাৰসকলক আদৰিবলৈ সাজু হৈছে ভোটকেন্দ্ৰসমূহ। সংশ্লিষ্ট চিইঅ’ আৰু ৰাজ্যিক সংস্থাসমূহক পূৰ্বানুমান কৰা অঞ্চলত গ্ৰীষ্মপ্ৰবাহ বা বৃষ্টিপাতৰ বিৰূপ প্ৰভাৱেৰে মোকাবিলাকৰণৰ বাবে পৰ্য্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে গৰমৰ মাজতো বিগত পৰ্য্যায়সমূহত বিপুল সংখ্যক ভোটাৰে ভোটদান কৰিছে। যোৱা দুটা পৰ্য্যায়ত মহিলা ভোটাৰৰ শতকৰা হাৰে পুৰুষ ভোটাৰৰ ভোটদানৰ হাৰক অতিক্ৰম কৰিছে। আয়োগে সমূহ ভোটাৰকে অধিক সংখ্যক ভোটদানেৰে নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে।

৭ম পৰ্য্যায়ৰ তথ্যঃ

  1. ৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা সংসদীয় সমষ্টি (সাধাৰণ- ৪১; অনুসূচিত জনজাতি- ০৩; অনুসূচিত জাতি- ১৩)ৰ বাবে ১ জুন, ২০২৪ত ৭ম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হব। পুৱা ৭ বজাৰপৰা ভোটগ্ৰহণ আৰম্ভ হ’ব আৰু সমষ্টি অনুসাৰে ভোটগ্ৰহণ অন্তৰ সময় পৃথক হ’ব পাৰে।
  2. ওড়িশা বিধানসভাৰ ৪২ টা বিধানসভা সমষ্টি (সাধাৰণ=২৭; অনুসূচিত জনজাতি=০৬; অনুসূচিত জাতি=০৯)তো কাইলৈ একেলগে নিৰ্বাচন অনুষ্ঠিত হব।
  3. ~১.০৯ লাখ ভোটকেন্দ্ৰ প্ৰায় ১০.৯ লাখ ভোটগ্ৰহণকাৰী বিষয়া ১০.০৬ কোটিৰো অধিক ভোটাৰ আদৰণি জনাব।
  4. ১০.০৬ কোটিৰো অধিক ভোটাৰপ্ৰায় ৫.২৪ কোটি পুৰুষ; ৪.৮২ কোটি মহিলা আৰু ৩৫৭৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।
  5. ৮৫+ আৰু পিডব্লিউডি ভোটাৰৰ বাবে বিকল্প হ’ম ভোটিঙৰ সুবিধা উপলব্ধ।
  6. ভোটগ্ৰহণকাৰী আৰু নিৰাপত্তাৰক্ষীসকলক পৰিবহণৰ বাবে ১৩ খন বিশেষ ৰে আৰু ৮ খন হেলিকপ্টাৰ ছৰ্টী (হিমাচল প্ৰদেশৰ বাবে)ৰ ব্যৱস্থা কৰা হৈছে।
  7. ১৭২ জন পৰ্য্যবেক্ষক (৬৪ জন সাধাৰণ পৰ্য্যবেক্ষক, ৩২ জন আৰক্ষী পৰ্য্যবেক্ষক, ৭৬ জন ব্যয় পৰ্য্যবেক্ষক) ইতিমধ্যে নিজ-নিজ সমষ্টিত উপস্থিত হৈছেগৈ। তেওঁলোকে আয়োগৰ হৈ পৰম সতৰ্কতা অৱলম্বন কৰিব। ইয়াৰ উপৰিও, কেতবোৰ বিশেষ ৰাজ্যত বিশেষ পৰ্য্যবেক্ষক নিয়োগ কৰা হৈছে।
  8. ভোটাৰক কৰা সম্ভাৱ্য যিকোনো ধৰণৰ প্ৰৰোচনাৰ বিৰুদ্ধে কঠোৰভাৱে আৰু ক্ষীপ্ৰতাৰে মোকাবিলা কৰিবলৈ মুঠ ২৭০৭ টা ফ্লায়িং স্কোয়াড, ২৭৯৯ টা ষ্টেটিক চাৰ্ভিলেন্স টীম, ১০৮০ টা চাৰ্ভিলেন্স টীম আৰু ৫৬০ টা ভিডিঅভিউইং টীমে ২৪ ঘন্টাই পৰিস্থিত নিৰীক্ষণ কৰি আছে।
  9. মুঠ ২০১ টা আন্তঃৰাষ্ট্ৰীয় সীমান্ত চেক পষ্ট আৰু ৯০৬ টা আন্তঃৰাজ্যিক সীমান্ত চেক পষ্টৰ জৰিয়তে সুৰা, ড্ৰাগছ, নগদ ধন আৰু বিনামূলীয়া বিতৰণৰ সামগ্ৰীৰ সম্ভাৱ্য অবৈধ সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ সতৰ্কতা অৱলম্বন কৰা হৈছে। সামুদ্ৰিক আৰু বিমান পথত কঠোৰ নিৰীক্ষণ ৰখা হৈছে।
  10. ভোটকেন্দ্ৰসমূহত পৰ্য্যাপ্ত পানী, ছাঁ, টয়লেট, ৰেম্প, স্বেচ্ছাসেৱক, হুইল চেয়াৰ আৰু বিদ্যুতৰ দৰে সুবিধাসমূহ উপলব্ধ কৰা হৈছে যাতে বৃদ্ধ আৰু বিশেষভাৱে সক্ষম ভোটাৰসকলকে প্ৰমুখ্য কৰি প্ৰতিজন ভোটাৰে সহজেই ভোটদান কৰিব পাৰে।
  11. পঞ্জীয়নভুক্ত সকলো ভোটাৰকে ভোটাৰ তথ্য শ্লিপ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই শ্লিপসমূহে ভোটদানৰ ক্ষেত্ৰত সুবিধা আগবঢ়ায় আৰু লগতে আয়োগৰপৰা ভোটদানৰ আমন্ত্ৰণ হিচাপেও কাম কৰে। কিন্তু, ভোটদানৰ বাবে এয়া অপৰিহাৰ্য্য নহয়।
  12. ভোটাৰসকলে নিজৰ ভোটকেন্দ্ৰৰ সবিশেষ আৰু ভোটগ্ৰহণৰ তাৰিখ এই লিংক https://electoralsearch.eci.gov.in/ৰ জৰিয়তে প্ৰত্যক্ষ কৰিব পাৰিব।
  13. ভোটকেন্দ্ৰত পৰিচয় পৰীক্ষণৰ বাবে ভোটাৰ আইডি কাৰ্ড (EPIC)ৰ বাহিৰেও ১২ বিকল্প নথিকো আয়োগে বৈধতা প্ৰদান কৰিছে। এজন ভোটাৰ নির্বাচনী তালিকাত অন্তৰ্ভুক্ত হোৱা মাত্ৰেকে এনে যিকোনো এখন নথি দেখুৱাই ভোটদান কৰিব পাৰিব। এই বিকল্প নথিসমূহৰ বিষয়ে সবিশেষ জানিবলৈ ইচিআইৰ নিৰ্দেশৰ লিংক হৈছে https://tinyurl.com/43thfhm9
  14. ৭ নং পৰ্য্যায়ৰ বাবে সংসদীয় সমষ্টিভিত্তিক ভোটাৰসকলৰ তথ্য ২৮-০৫-২০২৪ৰ প্ৰেছ টোকা নং: ১০৯ত উপলব্ধ। https://tinyurl.com/2zxn25st
  1. ২০১৯ৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ তথ্য তলত দিয়া লিংকত উপলব্ধঃ https://old.eci.gov.in/files/file/13579-13-pc-wise-voters-turn-out/
  2. ভোটাৰ টাৰ্নআউট এপে প্ৰতিটো পৰ্য্যায়ৰ সামগ্ৰিক আনুমানিক ভোটদান লাইভ প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে ভোটদানৰ দিনা সন্ধিয়া ৭ বজালৈকে দুঘন্টাৰ অন্তৰালকৈ এই এপৰ লাইভত পৰ্য্যায়ভিত্তিক/ৰাজ্যভিত্তিক/বিধানসভা সমষ্টিভিত্তিক/সংসদীয় সমষ্টিভিত্তিক আনুমানিক ভোটদানৰ তথ্য উপলব্ধ হয় আৰু তাৰ পিছত ভোটগ্ৰহণকাৰী দলসমূহৰ আগমনৰপৰা ইয়াক অবিৰতভাৱে আপডেট কৰা হয়।
  3. ভোটাৰৰ ভোটদানৰ প্ৰৱণতা- পৰ্য্যায়ভিত্তিক, ৰাজ্যভিত্তিক, সংসদীয় সমষ্টিভিত্তিক (সেই সংসদীয় সমষ্টিৰে বিধানসভা সমষ্টিসমূহৰ ভোটদানৰ সৈতে) ভোটাৰ টাৰ্নআউট এপত অবিৰতভাৱে প্ৰত্যক্ষ কৰিব, যিটো এপ তলৰ লিংকসমূহৰ জৰিয়তে ডাউনল’ড কৰিব পাৰি।

এণ্ড্ৰইডঃ https://play.google.com/store/apps/details?id=in.gov.eci.pollturnout&hl=en_IN&pli=1

আইঅএছঃ https://apps.apple.com/in/app/voter-turnout-app/id1536366882

******

DK/RP/SB
 



(Release ID: 2022292) Visitor Counter : 56