গৃহ মন্ত্ৰালয়

পোন-প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত (CAPF)কনিষ্টবল নিযুক্তিৰ অৰ্থে কনিষ্টবল (জিডি) পৰীক্ষা হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব

২০২৪ৰ ২০ ফেব্ৰুৱাৰী-৭ মাৰ্চত দেশৰ ১২৮খন চহৰত অনুষ্ঠিতব্য এই পৰীক্ষাতপ্ৰায় ৪৮ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৪ৰ ০১ জানুৱাৰীত হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩টা আঞ্চলিক ভাষাত কনিষ্টবল (জেনেৰেল ডিউটি) পৰীক্ষা অনুষ্ঠিতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উদ্যোগত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত স্থানীয় যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি আৰু আঞ্চলিক ভাষাৰ প্ৰোৎসাহনৰ বাবে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

কনিষ্টবল (জেনেৰেল ডিউটি) পৰীক্ষাৰ প্ৰশ্নকাকত এতিয়া হিন্দী আৰু ইংৰাজীৰ উপৰিও অসমীয়া, বাংলা, গুজৰাটী, মাৰাঠী, মালায়ালম, কানাড়া, তামিল, তেলেগু, ওড়িয়া, উৰ্দু, পাঞ্জাবী, মণিপুৰী আৰু কংকনী ভাষাত যুগুত কৰা হ’ব

সমগ্ৰ দেশৰ লাখ-লাখ যুৱক-যুৱতীক আকৰ্ষণ কৰা কৰ্মচাৰী বাছনি আয়োগৰ(SSC) অন্যতম প্ৰধান পৰীক্ষা হৈছে কনিষ্টবল (জিডি) বাছনি পৰীক্ষা

Posted On: 11 FEB 2024 11:51AM by PIB Guwahati

পোন-প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত (CAPF) কনিষ্টবল নিযুক্তিৰ অৰ্থে কনিষ্টবল (জিডি) পৰীক্ষা হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব। ২০২৪ৰ ২০ ফেব্ৰুৱাৰী-৭ মাৰ্চত দেশৰ ১২৮খন চহৰত অনুষ্ঠিতব্য এই পৰীক্ষাত প্ৰায় ৪৮ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে(MHA)২০২৪ৰ ০১ জানুৱাৰীত হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩টা আঞ্চলিক ভাষাত কনিষ্টবল (জেনেৰেল ডিউটি) পৰীক্ষা অনুষ্ঠিতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উদ্যোগত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত স্থানীয় যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি আৰু আঞ্চলিক ভাষাৰ প্ৰোৎসাহনৰ বাবে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কনিষ্টবল (জেনেৰেল ডিউটি) পৰীক্ষাৰ প্ৰশ্নকাকত এতিয়া হিন্দী আৰু ইংৰাজীৰ উপৰিও নিম্ন-উল্লেখিত ১৩টা আঞ্চলিক ভাষাত যুগুত কৰা হ’বঃ

1. অসমীয়া

2. বাংলা

3. গুজৰাটী

4. মাৰাঠী

5. মালায়ালম

6. কানাড়া

7. তামিল

8. তেলেগু

9. ওড়িয়া

10. উৰ্দু

11. পাঞ্জাবী

12. মণিপুৰী

13. কংকনী

সমগ্ৰ দেশৰ লাখ-লাখ যুৱক-যুৱতীক আকৰ্ষণ কৰাআৰু কৰ্মচাৰী বাছনি আয়োগে (SSC)অনুষ্ঠিত কৰা অন্যতম মূল পৰীক্ষা হৈছে কনিষ্টবল জিডি পৰীক্ষা। সেয়ে, হিন্দী আৰু ইংৰাজীৰ উপৰিও, ওপৰত উল্লেখিত ১৩টা আঞ্চলিক ভাষাত পৰীক্ষা অনুষ্ঠিতকৰণৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু কৰ্মচাৰী বাছনি আয়োগে এক বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰিছে। সেই অনুসৰি, এছএছচিয়ে ইংৰাজী আৰু হিন্দীৰ উপৰিও আন ১৩টা আঞ্চলিক ভাষাত কনিষ্টবল (জিডি) পৰীক্ষা, ২০২৪ অনুষ্ঠিতকৰণৰ অৰ্থে অধিসূচনা জাৰি কৰিছে।

এই সিদ্ধান্তৰ ফলশ্ৰুতিত লাখ-লাখ যুৱক-যুৱতীয়ে নিজ-নিজ মাতৃভাষা/আঞ্চলিক ভাষাত এই পৰীক্ষাত অৱতীৰ্ণহ’ব পাৰিব আৰু তেওঁলোকৰ বাছনি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। সমান্তৰালভাৱে, সমগ্ৰ দেশৰ পৰীক্ষাৰ্থীসকলৰ মাজত এই পৰীক্ষাৰ প্ৰসাৰতা বৃদ্ধি পাব আৰু সকলোৱে কৰ্মসংস্থাপনৰ সমান সুযোগ লাভ কৰিব।

কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে, কৰ্মচাৰী বাছনি আয়োগে পৰিচালনা কৰা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কনিষ্টবল (জেনেৰেল ডিউটি) পৰীক্ষাত নিজ-নিজ মাতৃভাষাত অংশগ্ৰহণেৰে ৰাষ্ট্ৰৰ সেৱাত কেৰিয়াৰ গঢ়িবলৈ এক সোণালী সুযোগ লাভ কৰিছে।

*****

RK/ASH/RR/AK/SB



(Release ID: 2005015) Visitor Counter : 205