বিত্ত মন্ত্ৰালয়

কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কয়- দৰিদ্ৰতাক পৰাস্ত কৰিবলৈ চৰকাৰে সবকা সাথৰ জৰিয়তে দৰিদ্ৰ লোকক সবল কৰি তুলিছে

পিএম জন-ধন যোজনা, পিএম স্বনিধি যোজনা আৰু পিএম জন-মন যোজনাৰ জৰিয়তে হ'বলগা প্ৰত্যক্ষ সুবিধা হস্তান্তৰ মানুহৰ সৱলীকৰণৰ দস্তাবেজ

Posted On: 01 FEB 2024 12:38PM by PIB Guwahati

বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে গৰীব কল্যাণক দেশৰ কল্যাণ বুলি সংজ্ঞায়িত কৰি কয় যে আমি দৰিদ্ৰ লোকৰ সবলীকৰণত বিশ্বাস কৰোঁ।

আজি লোকসভাত ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট দাখিল কৰি শ্ৰীমতী সীতাৰমণে কয় যে প্ৰাপ্য প্ৰদানৰ জৰিয়তে দৰিদ্ৰতাৰে মোকাবিলা কৰাৰ পূৰ্বে গ্ৰহণ কৰা ব্যৱস্থাসমূহে সামান্য ফলাফলহে লাভ কৰিছিল। তেওঁ কয় যে যেতিয়া দৰিদ্ৰ উন্নয়নৰ প্ৰক্ৰিয়াত শক্তিশালী অংশগ্ৰহণকাৰী হৈ পৰে তেতিয়া তেওঁলোকৰ সহায় কৰাত চৰকাৰৰ ক্ষমতাও বহুগুণে বৃদ্ধি পায়।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ‘সবকা সাথ’ মন্ত্ৰৰে বিগত ১০ বছৰত ২৫ কোটি লোকক বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে। শ্ৰীমতী সীতাৰমণে কয় যে এই ধৰণে শক্তিশালী হোৱা ৰাইজৰ শক্তি আৰু উৎসাহৰ অংশগ্ৰহণেৰে আমাৰ চৰকাৰৰ প্ৰচেষ্টা এতিয়া শক্তিশালী হৈ উঠিছে। এইটোৱে আচলতে তেওঁলোকক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে পিএম-জন ধন একাউণ্টৰ জৰিয়তে ৩৪ লাখ কোটি টকাৰ ‘ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ’ৰ ফলত চৰকাৰৰ ২.৭ লাখ কোটি টকা সঞ্চয় হৈছে। পূৰ্বে থকা ধনৰ লিকেজ ৰোধ কৰি এই সুবিধা নিশ্চিত কৰা হৈছে। চৰকাৰৰ এই সঞ্চয়ে 'গৰীব কল্যাণ’ৰ বাবে অধিক ধন যোগান ধৰাত সহায় কৰিছে।

দৰিদ্ৰ লোকৰ সৱলীকৰণৰ বাবে আৰম্ভ কৰা আঁচনিৰ উদাহৰণ দি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে পিএম-স্বনিধিৰ পৰা ৭৮ লাখ পদপথ বিক্ৰেতাক ঋণৰ সাহায্য প্ৰদান কৰা হৈছে। ইয়াৰে ২ লাখ ৩০ হাজাৰ ষ্ট্ৰীট ভেণ্ডৰে তৃতীয়বাৰৰ বাবে ঋণ লাভ কৰিছে।

প্ৰধানমন্ত্ৰী-জনমন যোজনাক দৰিদ্ৰ লোকৰ সবলীকৰণৰ এক প্ৰধান পৰিমাপ বুলি অভিহিত কৰি শ্ৰীমতী সীতাৰমণে কয় যে এই আঁচনিখন বিশেষকৈ দুৰ্বল জনজাতীয় শ্ৰেণীৰ মাজলৈ গৈছে, যিসকল এতিয়ালৈকে উন্নয়নৰ পৰিসৰৰ বাহিৰত আছে।

**********

YKB/NB/KMN



(Release ID: 2001806) Visitor Counter : 48