বিত্ত মন্ত্ৰালয়

এক কোটি পৰিয়ালে প্ৰতিমাহে ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ লাভ কৰিব পৰাকৈ ছাদৰ ওপৰত সৌৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব

ৰাজহুৱা পৰিবহণৰ বাবে ই-বাছৰ বৃহৎ পৰিসৰৰ ব্যৱহাৰক পেমেণ্ট ছিকিউৰিটি মেকানিজমৰ জৰিয়তে উৎসাহিত কৰা হ’বঃ বিত্তমন্ত্ৰী

পৰিৱেশ অনুকূল বিকল্প প্ৰদানৰ বাবে জৈৱ-উৎপাদন আৰু বায়'-ফাউণ্ড্ৰিৰ নতুন আঁচনি আৰম্ভ কৰা হ’ব

Posted On: 01 FEB 2024 12:47PM by PIB Guwahati

চৰকাৰৰ সৰ্বাংগীন, সৰ্বস্পৰ্শী আৰু সৰ্বসমাৱেশী উন্নয়নৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰি বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি লোকসভাত ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট দাখিল কৰে। তেওঁ সেউজ বৃদ্ধি আৰু নবীকৰণযোগ্য শক্তিক প্ৰসাৰিত কৰাৰ বাবে কেইবাটাও ব্যৱস্থা ঘোষণা কৰে।

ছাদৰ ওপৰত সৌৰশক্তি (ৰুফটপ ছ'লাৰাইজেশ্যন) আৰু বিনামূলীয়া বিদ্যুৎ

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ছাদৰ ওপৰত সৌৰ ব্যৱস্থা স্থাপনৰ জৰিয়তে এক কোটি পৰিয়ালে প্ৰতিমাহে ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ লাভ কৰিব পাৰিব। অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেকৰ ঐতিহাসিক দিনত প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা সংকল্প অনুসৰণ কৰি এই আঁচনি অনা হৈছে। ইয়াৰ পৰা আশা কৰা ধৰণৰ সুবিধাসমূহ হ’ল:

ক) বিনামূলীয়া সৌৰশক্তি আৰু বিদ্যুৎ বিতৰণ কোম্পানীক উদ্বৃত্ত বিদ্যুৎ বিক্ৰী কৰি পৰিয়ালৰ প্ৰতি বছৰে পোন্ধৰ হাজাৰৰ পৰা ওঠৰ হাজাৰ টকা ৰাহি;

খ) বৈদ্যুতিক বাহনৰ চাৰ্জিং;

গ) যোগান আৰু সংস্থাপনৰ বাবে বৃহৎ সংখ্যক বিক্ৰেতাৰ বাবে উদ্যোগীকৰণৰ সুযোগ;

ঘ) উৎপাদন, স্থাপন আৰু ৰক্ষণাবেক্ষণৰ কাৰিকৰী দক্ষতা থকা যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ;

সেউজ শক্তি

২০৭০ চনৰ ভিতৰত ‘নেট-জিৰ’ৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লক্ষ্যৰে শ্ৰীমতী নিৰ্মলা সীতাৰমণে ২০২৪-২৫ চনৰ অন্তৱৰ্তীকালীন বাজেটত তলত দিয়া ব্যৱস্থাসমূহৰ প্ৰস্তাৱ আগবঢ়াইছে: -

ক) এক গিগা-ৱাটৰ প্ৰাৰম্ভিক ক্ষমতাৰ বাবে সাগৰৰ পাৰৰ বায়ু শক্তিৰ সম্ভাৱনাক আহৰণ কৰিবলৈ ভায়েবিলিটী গেপ ফাণ্ডিঙৰ ব্যৱস্থা কৰা হ’ব।

খ) ২০৩০ চনৰ ভিতৰত ১০০ মেট্ৰিক টনৰ কয়লা গেছিফিকেশ্যন আৰু তৰলীকৰণ ক্ষমতা স্থাপন কৰা হ’ব। ইয়াৰ পৰা প্ৰাকৃতিক গেছ, মিথানল আৰু এমোনিয়াৰ আমদানি হ্ৰাস কৰাত সহায়ক হ’ব।

গ) পৰিবহণৰ বাবে কম্প্ৰেষ্ড নেচাৰেল গেছ (চিএনজি) আৰু ঘৰুৱা কামৰ বাবে পাইপ্ড নেচাৰেল গেছ (পিএনজি)ত কম্প্ৰেষ্ড বায়' গেছ (চিবিজি)ৰ  প্ৰণালীবদ্ধ পদ্ধতিৰে মিশ্ৰণক বাধ্যতামূলক কৰা হ’ব।

ঘ) বায়'মাছৰ সংগ্ৰহত সহায়ক হোৱাকৈ বায়'মাছ সংগ্ৰহ যন্ত্ৰ ক্ৰয়ৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

বৈদ্যুতিক বাহনৰ পৰিৱেশ তন্ত্ৰ

বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে ৰাজহুৱা পৰিবহণ নেটৱৰ্কৰ বাবে বৃহৎ পৰিসৰৰ ই-বাছ নিয়োগক পেমেণ্ট ছিকিউৰিটি মেকানিজমৰ জৰিয়তে উৎসাহিত কৰা হ’ব। তেওঁ কয়, ‘আমাৰ চৰকাৰে ই-বাহন নিৰ্মাণ আৰু চাৰ্জিং আন্তঃগাঁথনিত সহায় আগবঢ়াই ই-বাহন পৰিৱেশ তন্ত্ৰ সম্প্ৰসাৰণ আৰু শক্তিশালী কৰিব।’

জৈৱ-উৎপাদন আৰু বায়'-ফাউণ্ড্ৰি

সেউজ উন্নয়নক প্ৰসাৰিত কৰিবলৈ শ্ৰীমতী সীতাৰমণে জৈৱ-উৎপাদন আৰু বায়'-ফাউণ্ড্ৰিৰ নতুন আঁচনি আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই আঁচনিৰ জৰিয়তে প্ৰাকৃতিকভাৱে অৱক্ষয়ী পলিমাৰ, বায়’-প্লাষ্টিক, বায়’-ফাৰ্মাচিউটিকেল আৰু বায়’-এগ্ৰি-ইনপুট আদি পৰিৱেশ অনুকূল বিকল্পৰ ব্যৱস্থা কৰা হ’ব। তেওঁ কয়, “এই আঁচনিখনে আজিৰ খৰচী উৎপাদন আৰ্হিক পুনৰুৎপাদনশীল নীতিৰ ওপৰত ভিত্তি কৰি উৎপাদন আৰ্হিলৈ ৰূপান্তৰিত কৰাতো সহায় কৰিব।”

**********

 

YB/NB/KS



(Release ID: 2001777) Visitor Counter : 52