বিত্ত মন্ত্ৰালয়
ভাড়াঘৰত বাস কৰা, বস্তি বা চালিঘৰ আৰু অস্বীকৃতিপ্ৰাপ্ত কলনীত বাস কৰা" মধ্যবিত্ত শ্ৰেণীৰ যোগ্যসকলক ঘৰ ক্ৰয় বা নিৰ্মাণত সহায় কৰাৰ বাবে চৰকাৰে আঁচনি আৰম্ভ কৰিব
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীণ) অধীনত ৩ কোটি ঘৰৰ লক্ষ্য প্ৰাপ্তিৰ দিশে চৰকাৰ
পৰিয়ালৰ সংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অহা ৫ বছৰত আৰু ২ কোটি ঘৰ নিৰ্মাণ কৰা হ'ব
प्रविष्टि तिथि:
01 FEB 2024 12:48PM by PIB Guwahati
আজি সংসদত ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰাৰ সময়ত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে চৰকাৰে "ভাড়াঘৰ, বস্তি বা চালিঘৰ আৰু অস্বীকৃতিপ্ৰাপ্ত কলনীত বাস কৰা" মধ্যবিত্ত শ্ৰেণীৰ যোগ্য লোকসকলক তেওঁলোকৰ নিজা ঘৰ ক্ৰয় বা নিৰ্মাণৰ বাবে সহায় কৰাৰ বাবে এক আঁচনি আৰম্ভ কৰিব।
প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ সাফল্যৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে কয় যে কভিডৰ প্ৰত্যাহ্বানৰ সত্বেও আঁচনিখনৰ ৰূপায়ণ অব্যাহত আছে আৰু চৰকাৰে তিনি কোটি ঘৰ নিৰ্মাণৰ লক্ষ্য পূৰণৰ দিশে আগবাঢ়িছে। তেওঁ কয় যে অহা পাঁচ বছৰত আৰু দুই কোটি ঘৰ নিৰ্মাণ কৰা হ'ব।
শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে চৰকাৰে ২০৪৭ চনৰ ভিতৰত ভাৰতক 'বিকশিত ভাৰত' হিচাপে গঢ়ি তুলিবলৈ সৰ্বাত্মক আৰু অন্তৰ্ভুক্তিমূলক উন্নয়নৰ দৃষ্টিভংগীৰে কাম কৰি আছে।
*************
YKB/NB/KS/AS/LPS/KG
(रिलीज़ आईडी: 2001772)
आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
English
,
Urdu
,
हिन्दी
,
Nepali
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam