প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে পৰীক্ষা পে চৰ্চা, ২০২৪ কাৰ্য্যসূচীত ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজ আৰু অভিভাৱকৰ সৈতে মত-বিনিময় কৰে

“আমাৰ শিশুসকলৰ মাজত প্ৰাণোচ্ছলতা জগাই তোলা আৰু চাপৰে মোকাবিলাকৰণত সহায় কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ”

“ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যাহ্বানসমূহৰে অভিভাৱকৰ লগতে শিক্ষক সমাজেও সামূহিকভাৱে মোকাবিলা কৰিব লাগিব”

“সুস্থ প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীৰ উন্নত বিকাশ নিশ্চিত কৰে”

“শিক্ষক সমাজে চাকৰিৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াৰ দায়িত্ব পালন কৰে”

“অভিভাৱকে নিজৰ সন্তানৰ ৰিপ’ৰ্ট কাৰ্ডক ভিজিটিং কাৰ্ড হিচাপে গণ্য কৰিব নালাগে”

“ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজৰ বন্ধন পাঠ্যক্ৰম আৰু পাঠ্যক্ৰমৰ বাহিৰত উভয়তে হ’ব লাগিব”

“সন্তানৰ মাজত কেতিয়াও প্ৰতিযোগিতা আৰু প্ৰতিদ্বন্দ্বিতাৰ মনোভাৱৰ বীজ সিঁচিব নালাগে। বৰঞ্চ ভ্ৰাতৃ-ভগ্নী পৰস্পৰে-পৰস্পৰৰ প্ৰেৰণা হ’ব লাগে”

“প্ৰযুক্তি বোজা হ’ব নালাগে। বিবেচনাৰে ইয়াৰ ব্যৱহাৰ কৰিব লাগে”

Posted On: 29 JAN 2024 1:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৭ম সংখ্যক পৰীক্ষা পে চৰ্চা (PPC) কাৰ্য্যসূচীত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক-অভিভাৱিকাসকলৰ সৈতে মত-বিনিময় কৰে। এই উপলক্ষে আয়োজিত কলা আৰু শিল্পকলাৰ প্ৰদৰ্শনীও প্ৰত্যক্ষ কৰে তেখেতে। এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু সমাজখনক একত্ৰিতকৰণেৰে এনে এক পৰিবেশ গঢ়ি তুলিবলৈ তেখেতৰ প্ৰচেষ্টাৰদ্বাৰা পৰিচালিত এক আন্দোলন, য’ত প্ৰতিটো শিশুৰ অনন্য ব্যক্তিত্বক উদযাপন কৰা হয়, উৎসাহিত কৰা হয় আৰু নিজকে সম্পূৰ্ণৰূপে প্ৰকাশ কৰিবলৈ সুযোগ দিয়া হয়।

এই কাৰ্য্যসূচীত ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রী-অভিভাৱকসকলক সম্বোধনেৰে প্রধানমন্ত্রীগৰাকীয়ে প্রদর্শনীখনত উন্মেষ ঘটা ছাত্র-ছাত্রীসকলৰ সৃজনীশীলতাৰ কথা উল্লেখ কৰে। ইয়াত তেওঁলোকে ভিন্ন মাধ্যমৰ জৰিয়তে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দৰে আকাংক্ষা আৰু ধাৰণা প্রকাশ কৰিছে। তেখেতে কয় যে এই প্ৰদৰ্শনীত নতুন প্ৰজন্মই ভিন্ন বিষয় সন্দৰ্ভত কি ভাবে আৰু ভিন্ন সমস্যাসমূহৰ বাবে তেওঁলোক আগবঢ়োৱা সমাধানৰ প্ৰতিফলন ঘটিছে।

ইয়াতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক অনুষ্ঠানস্থলী অৰ্থাৎ ভাৰত মণ্ডপমৰ গুৰুত্ব সম্পৰ্কে ব্যক্ত কৰে আৰু জি-২০ সন্মিলনৰ বিষয়ে কয় য’ত বিশ্বৰ সকলো মূল নেতা একত্ৰিত হৈ বিশ্বৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিছিল।

বাহ্যিক চাপ

এখন ব্যক্তিগত চিবিএছই স্কুলৰ ডানিয়া শ্বাবু আৰু দিল্লীৰ চৰকাৰী সৰ্বোদয় বাল্য বিদ্যালয়ৰ মঃ আৰ্শ্বে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত অধিক হেঁচাৰ সৃষ্টি কৰা সামাজিক আশা-আকাংক্ষাৰ দৰে বাহ্যিক কাৰকসমূহৰ বিষয়টো উত্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এয়া পিপিচিৰ ৭ম সংস্কৰণ হ’লেও সাংস্কৃতিক আৰু সমাজৰ আশা-আকাংক্ষা সম্পৰ্কীয় প্ৰশ্ন প্ৰতিবাৰেই উত্থাপন হৈ আহিছে। তেখেতে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত বাহ্যিক কাৰকৰপৰা পৰা অতিৰিক্ত চাপৰ প্ৰভাৱ হ্ৰাসৰ ক্ষেত্ৰত শিক্ষক সমাজৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে আৰু লগতে আঙুলিয়াই দিয়ে যে অভিভাৱকসকলে সময়ে-সময়ে ইয়াৰ অভিজ্ঞতা লাভ কৰিছে। তেখেতে ছাত্ৰ-ছাত্ৰীসকলক চাপ চম্ভালিব পৰাকৈ সক্ষম কৰি তোলাৰ পৰামৰ্শ আগবঢ়ায় আৰু জীৱনৰ অংশ হিচাপে ইয়াৰ বাবে প্ৰস্তুতি চলোৱাৰ পৰামৰ্শ প্ৰদান কৰে। তেখেতে মানসিক চাপৰ মাত্ৰা মূল্যায়নেৰে লাহে-লাহে আগবাঢ়ি যোৱাৰ পৰামৰ্শ দিয়ে যাতে ছাত্ৰজন বা ছাত্ৰীগৰাকীৰ সামৰ্থ্য ইয়াৰদ্বাৰা বাধাগ্ৰস্ত নহয়। শ্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰী, পৰিয়াল আৰু শিক্ষকসকলক এক পদ্ধতিগত তত্ত্ব ৰূপায়ণৰ পৰিৱৰ্তে প্ৰক্ৰিয়াটোৰ বিকাশৰ সমান্তৰালভাৱে বাহ্যিক চাপৰ বিষয়টো সামূহিকভাৱে সমাধান কৰিবলৈ আহ্বান জনায়। তেখেতে লগতে ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালসমূহে তেওঁলোকৰ প্ৰত্যেকৰে বাবে কাম কৰা ভিন্ন উপায় সম্পৰ্কে আলোচনা কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়ায়।

সমনীয়াৰ চাপ আৰু বন্ধুৰ মাজত প্ৰতিযোগিতা

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ চৰকাৰী প্ৰদৰ্শন বহুমুখী বিদ্যালয়ৰ ভাগ্য লক্ষ্মী, গুজৰাটৰ জেএনভিৰ দৃষ্টি চৌহান আৰু কেৰালাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ স্বাথী দিলীপে উত্থাপন কৰা সমনীয়াৰ চাপ আৰু বন্ধু-বান্ধৱীৰ মাজত প্ৰতিযোগিতাৰ বিষয়টো সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিযোগিতা সদায়েই সুস্থ হ’ব লাগে। তেখেতে উল্লেখ কৰে যে প্ৰায়ে পাৰিবাৰিক পৰিস্থিতিত অসুস্থ প্ৰতিযোগিতাৰ বীজ ৰোপিত হয়, যাৰ ফলত ভ্ৰাতৃ-ভগ্নীৰ মাজতো অসুস্থ প্ৰতিযোগিতাৰ উদ্ভৱ হয়। প্ৰধানমন্ত্ৰী মোদীয়ে অভিভাৱকসকলক শিশুসকলক তুলনা কৰাৰপৰা বিৰত থাকিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে এটা ভিডিঅ’ৰ উদাহৰণ দাঙি ধৰে য’ত শিশুসকলে সুস্থভাৱে প্ৰতিযোগিতাত অংশগ্ৰহণৰ সময়ত পৰস্পৰে-পৰস্পৰক সহায় কৰাত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। এই প্ৰৱণতাই হয়তো প্ৰেৰণাদায়ক সংগ নহ’বলগীয়া লোকসকলৰ লগতো বন্ধুত্বৰ প্ৰৱণতাৰ জন্ম দিব পাৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। লগতে পিতৃ-মাতৃক সন্তানক আন সন্তানৰ লগত তুলনা নকৰিবলৈ কয়। লগতে সন্তানৰ কৃতিত্বক তেওঁলোকৰ ভিজিটিং কাৰ্ড হিচাপে নল’বলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক বন্ধু-বান্ধৱীৰ সফলতাত আনন্দিত হ’বলৈ কয়। “বন্ধুত্ব কোনো লেনদেনমূলক আৱেগ নহয়”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা যোগোৱাত শিক্ষক সমাজৰ ভূমিকা

ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা যোগোৱাত শিক্ষকৰ ভূমিকা সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ উপপাৰপল্লীৰ জেডপি হাইস্কুলৰ সংগীত শিক্ষক শ্ৰী কোণ্ডকাঞ্চি সম্পাথা ৰাও আৰু অসমৰ শিৱসাগৰৰ শিক্ষয়িত্ৰী বন্তি মেধিৰ এটি প্ৰশ্নৰ উত্তৰ দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংগীতৰ কেৱল এটা শ্ৰেণীৰ নহয়, বৰঞ্চ সমগ্ৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক চাপ দূৰৰ ক্ষমতা আছে। শ্ৰী মোদীয়ে শ্ৰেণীৰ প্ৰথম দিনাৰপৰা পৰীক্ষাৰ সময়লৈকে ছাত্ৰ-শিক্ষকৰ সম্পৰ্কক ক্ৰমান্বয়ে সম্প্ৰসাৰণত গুৰুত্ব আৰোপেৰে কয় যে ইয়াৰদ্বাৰা পৰীক্ষাৰ সময়ৰ মানসিক চাপ সম্পূৰ্ণৰূপে নোহোৱা হ’ব। ৰোগীৰ সৈতে ব্যক্তিগত সম্পৰ্ক থকা চিকিৎসকৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনে বন্ধনে আধা নিৰাময়ৰ কাম কৰে। পৰিয়ালসমূহৰ সৈতে ব্যক্তিগত সংযোগ গঢ়ি তোলাৰ লগতে তেওঁলোকৰ আগত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ কৃতিত্বৰ বাবে শলাগ লোৱাৰ পৰামৰ্শও আগবঢ়ায়। “শিক্ষক সমাজে চাকৰিৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াৰ দায়িত্ব পালন কৰে”, প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

পৰীক্ষা সম্পৰ্কীয় চাপেৰে মোকাবিলা

পশ্চিম ত্ৰিপুৰাৰ প্ৰণৱন্দ বিদ্যা মন্দিৰৰ আদ্ৰিতা চক্ৰৱৰ্তী, চত্তীশগড়ৰ বস্তৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ শেইখ টাইফুৰ ৰহমান আৰু ওড়িশাৰ কটকৰ আদৰ্শ বিদ্যালয়ৰ ছাত্ৰী ৰাজলক্ষ্মী আচাৰ্য্যই প্ৰধানমন্ত্ৰীগৰাকীক পৰীক্ষাৰ মানসিক চাপৰ সৈতে মোকাবিলা সম্পৰ্কে প্ৰশ্ন কৰে। অভিভাৱকৰ অতিমাত্ৰা উৎসাহ সম্পৰ্কে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে অভিভাৱকসকলক পৰীক্ষাৰ দিনটোক নতুন কাপোৰ, অনুষ্ঠান বা ষ্টেচনাৰীৰদ্বাৰা অতিমাত্ৰা প্ৰভাৱিত নকৰিবলৈ কয়। লগতে ছাত্ৰ-ছাত্ৰীসকলক শেষ মুহূৰ্তলৈকে প্ৰস্তুতি চলাই নাথাকি শিথিল মানসিকতাৰে পৰীক্ষাৰ কাষ চাপিবলৈ আৰু অবাঞ্চিত উত্তেজনা সৃষ্টিকাৰী সকলো বাহ্যিক প্ৰভাৱৰপৰা আঁতৰি থাকিবলৈ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকক প্ৰশ্নকাকত পঢ়ি আতংকিত নহ’বলৈ পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক সোঁৱৰাই দিয়ে যে এতিয়াও বেছিভাগ পৰীক্ষা লিখিত হৈ আছে আৰু কম্পিউটাৰ তথা ফোনৰ বাবে লিখাৰ অভ্যাস কমি আহিছে। তেখেতে তেওঁলোকক পঢ়াৰ ৫০ শতাংশ সময় লিখাৰ বাবে উৎসৰ্গা কৰিবলৈ কয়। তেখেতে কয়, যেতিয়া তোমালোকে কিবা এটা লিখিবা, তেতিয়াহে তোমালোকে সেই কথা ভালদৰে বুজি পাবা। তেখেতে তেওঁলোকক আন ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাক লৈ চিন্তিত নহ’বলৈ কয়।

সুস্থ জীৱনশৈলী

পৰীক্ষাৰ প্ৰস্তুতি আৰু সুস্থ জীৱনশৈলীৰ মাজত ভাৰসাম্য ৰক্ষাৰ বিষয়টো উত্থাপনেৰে ৰাজস্থানৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ধীৰাজ সুভাষ, লাডাখৰ কাৰ্গিলৰ পিএম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী নাজমা খাতুনে প্ৰধানমন্ত্ৰীগৰাকীক ব্যায়ামৰ লগতে অধ্যয়ন সম্পৰ্কীয় এটা প্ৰশ্ন সোধে। শাৰীৰিক স্বাস্থ্যৰ যত্নৰ প্ৰয়োজনীয়তাৰ উদাহৰণ দিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ম’বাইল ফোন ৰিচাৰ্জৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেখেতে এটি সুষম জীৱনশৈলী অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। “এটা সুস্থ মনৰ বাবে এটি সুস্থ শৰীৰ অতিশয় জৰুৰী”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। সুস্থ হ’বলৈ এখন ৰুটিনৰ প্ৰয়োজন বুলি উল্লেখেৰে তেখেতে নিয়মিত আৰু গভীৰ নিদ্ৰাৰ কথা উল্লেখ কৰে। তেখেতে আঙুলিয়াই দিয়ে যে স্ক্ৰীণ টাইমৰ দৰে অভ্যাসে প্ৰয়োজনীয় টোপনি হানি কৰে, যাক আধুনিক স্বাস্থ্য বিজ্ঞানে অতিশয় গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেখেতৰ ব্যক্তিগত জীৱনতো তেখেত শোৱাৰ ৩০ ছেকেণ্ডৰ ভিতৰতে গভীৰ টোপনি যোৱাৰ অভ্যাস অক্ষুণ্ণ ৰাখিছে। “সাৰ পোৱাৰ সময়ত সম্পূৰ্ণৰূপে সাৰ পোৱা আৰু শুই থকাৰ সময়ত গভীৰ টোপনি যোৱা, এয়াও এক ভাৰসাম্য”, তেখেতে কয়। পুষ্টি সম্পৰ্কে ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সুষম আহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে ফিটনেছৰ বাবে নিয়মীয়া ব্যায়াম আৰু শাৰীৰিক কাৰ্য্য-কলাপতো গুৰুত্ব আৰোপ কৰে।

কেৰিয়াৰৰ অগ্ৰগতি

কেৰিয়াৰ অগ্ৰগতি সম্পৰ্কে অন্তৰ্দৃষ্টি প্ৰদানেৰে পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ মধুমিতা মেলিক আৰু হাৰিয়ানাৰ পানীপটৰ দ্য মিলেনিয়াম স্কুলৰ অদিতি তনৱাৰে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৰিয়াৰৰ ক্ষেত্ৰত স্পষ্টতা অৰ্জনৰ পৰামৰ্শ আগবঢ়ায় বিভ্ৰান্ত নহ’বলৈ আহ্বান জনায়। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উদাহৰণ আৰু ইয়াৰ আঁৰত প্ৰধানমন্ত্ৰীগৰাকীৰ সংকল্পৰ উদাহৰণ প্ৰদানেৰে প্ৰধানমন্ত্ৰী মোদীয়ে ‘স্বচ্ছতা’ দেশৰ এক অগ্ৰাধিকাৰ ক্ষেত্ৰলৈ পৰিণত হৈছে বুলি আলোকপাত কৰে। তেখেতে জনোৱা মতে বিগত ১০ বছৰত কলা আৰু সংস্কৃতি খণ্ডত ভাৰতৰ বজাৰ ২৫০ গুণ বৃদ্ধি পাইছে। “যদি আমাৰ সামৰ্থ্য থাকে, তেতিয়া আমি যিকোনো ক্ষেত্ৰকে সজীৱ কৰি তুলিব পাৰোঁ”, ছাত্ৰ-ছাত্ৰীসকলক নিজকে তুচ্ছজ্ঞান নকৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পৰ্কে ব্যক্তকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে একক ধাৰাত বান্ধ খাই থকাতকৈ ভিন্ন পাঠ্যক্ৰম গ্ৰহণৰ উপায়সমূহৰ ওপৰত আলোকপাত কৰে। এই উপলক্ষে প্রদর্শিত প্রদর্শনীত ছাত্র-ছাত্রীসকলৰ অংশগ্রহণ, দক্ষতা আৰু নিষ্ঠাক প্রশংসা কৰে। “বিভ্ৰান্তি দূৰ কৰিবলৈ আমি দৃঢ় হ’ব লাগিব”, প্ৰধানমন্ত্ৰী মোদীয়ে ৰেষ্টুৰেন্টত আহাৰৰ অৰ্ডাৰ দিয়াৰ উদাহৰণ দি কয় যে ক’ত কি খাব, সেই সিদ্ধান্ত ল’ব লাগিব। লগতে ল’বলগীয়া সিদ্ধান্তসমূহৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহৰ মূল্যায়ন কৰিবলৈয়ো পৰামৰ্শ আগবঢ়ায়।

পিতৃ-মাতৃৰ ভূমিকা

দিল্লীৰপৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই কাৰ্য্যসূচীত যোগদান কৰা পুডুচেৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী দীপাশ্ৰীয়ে প্ৰধানমন্ত্ৰীগৰাকীক অভিভাৱকৰ ভূমিকা আৰু ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ বিশ্বাস গঢ়ি তুলিব পাৰে, সেই বিষয়ে প্ৰশ্ন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিয়ালসমূহৰ আস্থা হ্ৰাসৰ কথা স্পৰ্শেৰে অভিভাৱক আৰু শিক্ষকসকলক এই গুৰুতৰ বিষয়টোৰে মোকাবিলা কৰিবলৈ কয়। তেখেতে কয় যে এই ঘাটি হঠাৎ নহয়, বৰঞ্চ দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ ফল আৰু শিক্ষক, অভিভাৱক বা ছাত্ৰ-ছাত্ৰীয়েই হওঁক, সকলোৰে আচৰণৰ গভীৰ আত্মবিশ্লেষণৰ প্ৰয়োজন। আন্তৰিক মত-বিনিময়ে বিশ্বাস ঘাটিৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে বুলিও তেখেতে কয়। ছাত্ৰ-ছাত্ৰীসকল ব্যৱহাৰৰ ক্ষেত্ৰত আন্তৰিক আৰু সৎ হ’ব লাগে। একেদৰে অভিভাৱকসকলেও সন্দেহৰ পৰিৱৰ্তে সন্তানৰ প্ৰতি থকা আস্থা প্ৰকাশ কৰা উচিত। বিশ্বাস লাঘৱৰ ফলত সৃষ্টি হোৱা দূৰত্বই শিশুক হতাশাৰ মাজলৈ ঠেলি দিব পাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ সৈতে যোগাযোগৰ মাধ্যম মুকলি কৰি ৰাখিবলৈ আৰু পক্ষপাতিত্বৰপৰা আঁতৰি থাকিবলৈ কয়।

প্ৰযুক্তিৰ অনুপ্ৰৱেশ

মহাৰাষ্ট্ৰৰ পুনেৰ অভিভাৱক চন্দ্ৰেশ জৈনে ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনত প্ৰযুক্তিৰ অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰে আৰু ঝাৰখণ্ডৰ ৰামগড়ৰ অভিভাৱক কুমাৰী পূজা শ্ৰীবাস্তৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ প্ৰচুৰতাৰে অধ্যয়নৰ বিষয়ে প্ৰশ্ন কৰে। হিমাচল প্ৰদেশৰ হামিৰপুৰৰ ছাত্ৰ অভিনৱ ৰাণাই পৰীক্ষাৰ চাপৰে ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিতকৰণৰ লগতে ম’বাইল প্ৰযুক্তিৰ সুবিধাসমূহো শিক্ষণৰ আহিলা হিচাপে ব্যৱহাৰৰ বিষয়টো উত্থাপন কৰে। “যিকোনো বস্তুৰ অতিৰিক্ততা বেয়া”, ঘৰতে ৰন্ধা খাদ্যৰ সৈতে অতিৰিক্ত ম’বাইল ফোন ব্যৱহাৰৰ উপমা দাঙি ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অতিৰিক্তভাৱে গ্ৰহণ কৰিলে পেটৰ সমস্যা আৰু আন-আন সমস্যাৰ সৃষ্টি হ’ব পাৰে, যদিও ইয়াত পুষ্টিকৰ উপাদান থাকে। তেখেতে বিচাৰ-বিবেচনা ভিত্তিক সিদ্ধান্ত গ্ৰহণেৰে প্ৰযুক্তি আৰু ম’বাইল ফোনৰ ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। “প্ৰতিজন অভিভাৱকে এই সমস্যাৰ সন্মুখীন হয়”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে পৰিয়ালত নিয়ম-নীতি প্ৰণয়নত গুৰুত্ব আৰোপ কৰে আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত কোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেট ব্যৱহাৰ নকৰা আৰু ঘৰত কোনো গেজেট জ’ন সৃষ্টি নকৰাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আজিৰ পৃথিৱীত প্ৰযুক্তিৰপৰা পলাব নোৱাৰি।” তেখেতে কয় যে ইয়াক বোজা বুলি গণ্য কৰা উচিত নহয় যদিও ইয়াৰ ফলপ্ৰসূ ব্যৱহাৰ শিকাটো আৱশ্যকীয়। প্রধানমন্ত্রীগৰাকীয়ে ছাত্র-ছাত্রীসকলক প্রযুক্তি শিক্ষাৰ সমল হিচাপে অভিভাৱকসকলক এই সম্পৰ্কে অৱগতকৰণৰ পৰামর্শ আগবঢ়ায় আৰু লগতে স্বচ্ছতাৰ বাবে প্রতিজন সদস্যৰ সৈতে প্রতিটো ম’বাইল ফোনৰ পাছকোড শ্বেয়াৰৰ পৰামর্শও আগবঢ়ায়। “ইয়াৰ ফলত সম্ভাৱ্য বেয়া কাম ৰোধ হ’ব”, তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্দিষ্ট ম’বাইল এপ্লিকেচন আৰু সঁজুলিৰ ব্যৱহাৰৰ ক্ষেত্ৰত স্ক্ৰীণ টাইম নিৰীক্ষণৰ কথাও স্পৰ্শ কৰে। লগতে তেখেতে ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীকোঠাত ম’বাইল ফোনৰ উপযোগিতাৰ বিষয়ে জ্ঞান দিয়াৰ পৰামৰ্শ আগবঢ়ায়।

প্ৰধানমন্ত্ৰীগৰাকী কেনেদৰে চাপেৰে মোকাবিলাৰে ‘পজিটিভ’ হৈ থাকে?

তামিলনাডুৰ চেন্নাইৰ মডাৰ্ণ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ এম বাগেশে প্ৰধানমন্ত্ৰীগৰাকীক প্ৰধানমন্ত্ৰীৰ দায়িত্বৰ চাপ কেনেদৰে চম্ভালে, সেই বিষয়ে প্ৰশ্ন কৰে। উত্তৰাখণ্ডৰ উদম সিং নগৰৰ ডাইনেষ্টী মডাৰ্ণ গুৰুকুল একাডেমীৰ ছাত্ৰী স্নেহা ত্যাগীয়ে প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰে, “আপোনাৰ দৰে আমিও কেনেকৈ পজিটিভ হ’ব পাৰো?” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ দায়িত্বৰ চাপ তেওঁলোকে অনুভৱ কৰাটো ভাল। তেখেতে কয় যে সকলোৱে ভিন্ন পৰিস্থিতিৰ সন্মুখীন হয়। কোনোৱে এনে পৰিস্থিতি এৰাই চলিবও পাৰে কিন্তু, এনে লোকে জীৱনত বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম নহয়। “মই প্ৰতিটো প্ৰত্যাহ্বানকে প্ৰত্যাহ্বান জনাইছো।“ প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ মই নিষ্ক্ৰিয়ভাৱে অপেক্ষা নকৰো। ইয়াৰ ফলত মই সকলো সময়তে শিকাৰ সুযোগ লাভ কৰিছোঁ। নতুন পৰিস্থিতিৰ সৈতে মোকাবিলাই মোক সমৃদ্ধ কৰে”, তেখেতে আৰু কয়, “মোৰ আটাইতকৈ পৰম আস্থা এয়ে যে মোৰ সৈতে ১৪০ কোটি দেশবাসী আছে। যদি ১০ কোটি প্ৰত্যাহ্বান আছে, তেন্তে কোটি-কোটি সমাধানো আছে। মই কেতিয়াও নিজকে অকলশৰীয়া অনুভৱ নকৰোঁ আৰু মই সদায় মোৰ দেশ আৰু দেশবাসীৰ সামৰ্থ্যৰ প্ৰতি সচেতন। এয়াই মোৰ চিন্তাৰ মৌলিক মূল কথা।” তেখেতে কয়, “মই যিমানেই মোৰ দেশবাসীৰ সামৰ্থ্য বৃদ্ধি কৰো, সিমানেই প্ৰত্যাহ্বানসমূহক প্ৰত্যাহ্বান জনাবলৈ মোৰ ক্ষমতা বৃদ্ধি পায়।” দৰিদ্ৰতাৰ সমস্যাৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া দৰিদ্ৰ লোকসকলে নিজেই দৰিদ্ৰতা দূৰ কৰাৰ সিদ্ধান্ত ল’ব, তেতিয়াই দৰিদ্ৰতা নোহোৱা হ’ব। “তেওঁলোকক সপোন দেখাৰ আহিলা যেনেঃ পকী ঘৰ, শৌচাগাৰ, শিক্ষা, আয়ুষ্মান, পাইপেৰে পানী প্ৰদান কৰাটো মোৰ দায়িত্ব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে তেখেতৰ ১০ বছৰীয়া কাৰ্য্যকালত ২৫ কোটি লোকে দৰিদ্ৰতাৰপৰা মুক্তি লাভ কৰে।

তদুপৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আমি অগ্ৰাধিকাৰ প্ৰদানৰ ক্ষেত্ৰত বুদ্ধি প্ৰয়োগ কৰিব লাগে। ইয়াৰ সৈতে অভিজ্ঞতা আৰু বিশ্লেষণ জড়িত থাকে। লগতে, তেখেতে কয় যে তেখেতে নিজৰ ভুলবোৰক অভিজ্ঞতা হিচাপে গণ্য কৰে।

তেখেতে ক’ভিড মহামাৰীৰ দৃষ্টান্ত দাঙি ধৰি কয় যে অলসভাৱে বহি থকাৰ পৰিৱৰ্তে তেখেতে ৰাইজক একত্ৰিতকৰণ বা ‘থাল’ বজোৱাৰ দৰে আহ্বানৰ জৰিয়তে তেওঁলোকৰ সামূহিক শক্তি বৃদ্ধিৰ প্ৰয়াস কৰিছিল। একেদৰে, ক্ৰীড়াৰ ক্ষেত্ৰত সঠিক কৌশল, দিশ আৰু নেতৃত্বৰ বাবে আন্তঃৰাষ্ট্ৰীয় ইভেন্টসমূহত অধিক পদক লাভ কৰা হৈছে।

জীৱনত হতাশ নহ’বলৈ গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এবাৰ এই সিদ্ধান্ত গ্ৰহণৰ পিছতহে পজিটিভ হৈ থাকিব পাৰি। “মই মোৰ জীৱনত হতাশাক নোহোৱা কৰি তুলিছোঁ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে কিবা এটা কৰাৰ সংকল্প সুদৃঢ় হ’লে, সিদ্ধান্ত গ্ৰহণ সহজ হৈ পৰে। “স্বাৰ্থ বিহীন উদ্দেশ্যৰে সিদ্ধান্ত গ্ৰহণৰ বেলিকা কেতিয়াও ভুল হব নোৱাৰে”, তেখেতে কয়। বৰ্তমান প্ৰজন্মৰ জীৱন-যাত্ৰা সহজ কৰি তোলাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশেৰে কয় যে আজিৰ প্ৰজন্মই পিতৃ-মাতৃয়ে সন্মুখীন হোৱা অসুবিধাৰ সন্মুখীন হ’ব নালাগে। “চৰকাৰে এনে এখনি ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে, য’ত কেৱল বৰ্তমানৰেই নহয়, ভৱিষ্যতৰ প্ৰজন্ময়ো সুযোগ লাভ কৰে আৰু নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব পাৰে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াক সমগ্ৰ ৰাষ্ট্ৰৰ সামূহিক সংকল্প হ’ব লাগে বুলি কয়। ইতিবাচক চিন্তাৰ শক্তিৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই মনোভাৱে অতি নেতিবাচক পৰিস্থিতিতো ইতিবাচক ফলাফল বিচাৰিবলৈ শক্তি প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে সকলো ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰি তেখেতৰ মত-বিনিময়ৰ সামৰণি মাৰে আৰু তেওঁলোকক জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ শুভেচ্ছা জনায়।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

 

Join Pariksha Pe Charcha! Great to connect with students from across the country. https://t.co/z1UDFjYMWv

— Narendra Modi (@narendramodi) January 29, 2024

 

পৰীক্ষা পে চৰ্চাৰ বিগত সংস্কৰণৰ সবিশেষ তলত সন্নিৱিষ্ট কৰা হৈছেঃ

Pariksha Pe Charcha 2023

Pariksha Pe Charcha 2022

Pariksha Pe Charcha 2021

Pariksha Pe Charcha 2020

Pariksha Pe Charcha 2019

Pariksha Pe Charcha 2018

*****

DS/TS/SB



(Release ID: 2000430) Visitor Counter : 80