প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লক্ষদ্বীপত ভাৰত চৰকাৰৰ ভিন্ন আঁচনিৰ হিতাধিকাৰীসকলেৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

Posted On: 03 JAN 2024 1:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষদ্বীপত ভাৰত চৰকাৰৰ ভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে তেখেতৰ মত-বিনিময়ৰ কিছু মুহূৰ্ত শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

“লক্ষদ্বীপত ভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰি আনন্দিত হওঁ। মহিলাসকলে তেওঁলোকৰ আত্ম-সহায়ক গোটৰ জৰিয়তে ৰেষ্টুৰেন্ট স্থাপনেৰে আত্মনিৰ্ভৰ হোৱাৰ কথা ব্যক্ত কৰে; এগৰাকী বৃদ্ধ লোকে আয়ুষ্মান ভাৰতে তেওঁৰ হৃদৰোগৰ চিকিৎসাত সহায় কৰা আৰু পিএম-কিষাণে এগৰাকী মহিলা কৃষকৰ জীৱন কিদৰে সলনি কৰিলে, সেই সম্পৰ্কে ব্যক্ত কৰে। আন একাংশই বিনামূলীয়া ৰেচন, দিব্যাংগজনে লাভ কৰা সা-সুবিধা, পিএম-আৱাস, কিষাণ ক্ৰেডিট কাৰ্ড, উজ্জ্বলা যোজনা আদিৰ সুবিধাৰ কথা কয়। উন্নয়নৰ ফল অধিক দুৰ্গম অঞ্চলকে প্ৰমুখ্য কৰি সৰ্বস্তৰৰ লোকে লাভ কৰাতো সন্তোষৰ কথা।”

***

DS/TS/SB
 


(Release ID: 1992690) Visitor Counter : 121