প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কুমহাৰ' সম্প্ৰদায়ৰ মহিলা উদ্যোগীয়ে বিশ্বকৰ্মা যোজনা আৰু বাজৰাৰ বিষয়ে সজাগতা বিয়পাইছে
আপোনাৰ সামূহিক মাতৃ শক্তিয়ে আপোনাক নতুন শিখৰলৈ লৈ যাব: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
27 DEC 2023 2:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমবেত লোকসকলকো সম্বোধন কৰে।
সমগ্ৰ দেশৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিসকলেও যোগদান কৰে।
ৰাজস্থানৰ কোটাৰ এছভিএনিধি আঁচনিৰ এগৰাকী হিতাধিকাৰী স্বপ্না প্ৰজাপতিয়ে মহামাৰীৰ সময়ত মাস্ক তৈয়াৰ কৰি অৰিহণা যোগাইছিল। তেওঁ নিজৰ বেছিভাগ ব্যৱসায় ডিজিটেল লেনদেনৰ জৰিয়তে পৰিচালনা কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক প্ৰশংসা কৰে। সজাগতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে স্থানীয় সাংসদ তথা লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাও তেওঁক প্ৰশংসা কৰে। স্বপ্নাৰ গোটৰ মহিলাসকলে বাজৰাৰ প্ৰচাৰ আৰু ইয়াৰ সৈতে কাম কৰি থকাকলৈ প্ৰধানমন্ত্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে 'কুমহাৰ' সম্প্ৰদায়ৰ উদ্যোগীসকলক বিশ্বকৰ্মা আঁচনিৰ বিষয়ে অৱগত কৰে। "আপোনাৰ সামূহিক মাতৃ শক্তিয়ে আপোনাক নতুন শিখৰলৈ যাব আৰু মই আপোনালোক সকলো দিদিকে লোকসকলক তেওঁলোকে লাভ কৰিব পৰা সুবিধাসমূহৰ বিষয়ে অৱগত কৰাই মোদী কি গেৰাণ্টি কি গাড্ডিৰ সফল কৰাৰ বাবে আহ্বান জনাইছো" বুলিও তেওঁ লগতে কয়।
***
DS/NB/ID
(रिलीज़ आईडी: 1990838)
आगंतुक पटल : 150
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Urdu
,
English
,
हिन्दी
,
Bengali-TR
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam