প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে সকলোকে 'বিকশিত ভাৰত @ ২০৪৭: ভইচ অফ য়ুথ'ত যোগদান কৰিবলৈ আহ্বান জনাইছে
প্ৰধানমন্ত্ৰীয়ে 'বিকশিত ভাৰত @ ২০৪৭: ভইচ অৱ য়ুথ'ক সম্বোধন কৰিব
प्रविष्टि तिथि:
11 DEC 2023 10:05AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নত ভাৰত গঢ়ি তোলাৰ উদ্দেশ্যে যুৱক-যুৱতীসকলক একত্ৰিত কৰাৰ লক্ষ্যৰে 'বিকশিত ভাৰত @ ২০৪৭: ভইচ অৱ য়ুথ' পদক্ষেপত যোগদান কৰিবলৈ সকলোকে আহ্বান জনাইছে। শ্ৰী মোদীয়ে কয় যে বিকশিত ভাৰতৰ সপোনক বাস্তৱত পৰিণত কৰা ক্ষেত্ৰত ভাৰতৰ যুৱ শক্তিৰ ওপৰত তেওঁৰ যথেষ্ট বিশ্বাস আছে।
তেওঁ আজি দিনৰ ১০:৩০ বজাত এই অনুষ্ঠানক সম্বোধন কৰিব।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
"বিকশিত ভাৰতৰ সপোনক বাস্তৱত পৰিণত কৰিবলৈ ভাৰতৰ যুৱ শক্তিৰ ওপৰত মোৰ যথেষ্ট বিশ্বাস আছে। উন্নত ভাৰত গঢ়ি তোলাৰ উদ্দেশ্যে যুৱক-যুৱতীসকলক একত্ৰিত কৰাৰ লক্ষ্যৰে আয়োজিত 'বিকশিত ভাৰত @ ২০৪৭: ভইচ অফ য়ুথ' অনুষ্ঠানত আজি দিনৰ ১০:৩০ বজাত ভাষণ প্ৰদান কৰা হ'ব। মই আপোনালোক সকলোকে ব্যাপক হাৰত যোগদান কৰিবলৈ অনুৰোধ জনাইছো।"
***
DS/ST/DD/AT
(रिलीज़ आईडी: 1984893)
आगंतुक पटल : 179
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
Telugu
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Malayalam