হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

জল দেৱালী – “মহিলাৰ বাবে জল, জলৰ বাবে মহিলা অভিযান”ৰ শুভাৰম্ভ

জল ব্যৱস্থাপনাত মহিলাৰ অন্তৰ্ভুক্তিৰ বাবে এখনি মঞ্চ প্ৰদানৰ লক্ষ্য

এই অভিযানৰ অধীনত মহিলাৰ আত্ম-সহায়ক গোটসমূহে ৫৫০ ৰো অধিক পানী পৰিশোধন প্ৰকল্প ভ্ৰমণ কৰিব

Posted On: 06 NOV 2023 11:57AM by PIB Guwahati

গৃহ-নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে (MoHUA) মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান (NULM)ৰ সহযোগিতাত ইয়াৰ ধ্বজাবাহী আঁচনি-সজীৱতা আৰু নগৰীয়া ৰূপান্তৰৰ বাবে অটল অভিযানৰ (AMRUT) অধীনত এক প্ৰগতিশীল পদক্ষেপ "মহিলাৰ বাবে জল, জলৰ বাবে মহিলা অভিযান"ৰ (Women for Water, Water for Women Campaign) শুভাৰম্ভ কৰিবলৈ সাজু হৈছে। ইয়াৰ নলেজ পাৰ্টনাৰ হৈছে ওড়িশা আৰবান একাডেমী। এই অভিযানে “জল দেৱালী” উদযাপন কৰিছে আৰু ৭ নৱেম্বৰ, ২০২৩ ৰপৰা ইয়াৰ আৰম্ভ হ’ব। ৯ নৱেম্বৰ, ২০২৩ লৈকে এয়া অব্যাহত থাকিব।

এই অভিযানৰ লক্ষ্য হৈছে জল ব্যৱস্থাপনাত মহিলাৰ অন্তৰ্ভুক্তিৰ বাবে এখনি মঞ্চ প্ৰদান কৰা। তেওঁলোকক নিজ-নিজ চহৰৰ জল পৰিশোধন প্ৰকল্পসমূহলৈ (WTP) ভ্ৰমণেৰে জল পৰিশোধন প্ৰক্ৰিয়াসমূহৰ সম্পৰ্কে প্ৰত্যক্ষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এই ভ্ৰমণৰ জৰিয়তে গৃহস্থীসকলক স্বচ্ছ আৰু বিশুদ্ধ খোৱা-পানী যোগানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদ্ধতিসমূহৰ সম্পৰ্কে বিশদভাৱে অৱগত কৰা হ’ব। ইয়াৰ উপৰি, মহিলাসকলে পানীৰ গুণগত মান পৰীক্ষা প্ৰটোকলৰ বিষয়ে অন্তৰ্দৃষ্টি লাভ কৰিব, যি নাগৰিকসকলক প্ৰয়োজনীয় গুণাগুণসম্পন্ন পানী লাভ কৰাটো নিশ্চিত কৰে। এই অভিযানৰ সামগ্ৰিক লক্ষ্য হৈছে জল আন্তঃগাঁথনিৰ প্ৰতি মহিলাসকলৰ মাজত মালিকীস্বত্ব আৰু সম্পৰ্কৰ অনুভূতি জাগ্ৰত কৰা।

ভাৰতত ৩,০০০তকৈও অধিক পানী পৰিশোধন প্ৰকল্প আছে, যাৰ নিৰ্ধাৰিত পৰিশোধন ক্ষমতা ৬৫,০০০ এম এল ডিতকৈ অধিক আৰু কাৰ্যকৰী ক্ষমতা ৫৫,০০০ এম এল ডিতকৈ অধিক। উক্ত অভিযানৰ সময়ছোৱাত মহিলা আত্মসহায়ক গোটসমূহে (এছ. এইচ. জি.) ৫৫০ টাৰো অধিক পানী পৰিশোধন প্ৰকল্প পৰিদৰ্শন কৰিব, যাৰ সন্মিলিত কাৰ্যক্ষমতা ২০,০০০ এম. এল. ডিতকৈ অধিক (এয়া দেশৰ সৰ্বমুঠ ক্ষমতাৰ ৩৫%তকৈ অধিক)।

ঘৰুৱা জল ব্যৱস্থাপনাত মহিলাসকলে উল্লেখযোগ্য ভূমিকা পালন কৰে। এম.অ’.এইচ.ইউ.এ.ই মহিলাসকলক পানী পৰিশোধন প্ৰক্ৰিয়া আৰু আন্তঃগাঁথনিৰ বিষয়ে জ্ঞান প্ৰদানেৰে সবলীকৰণ কৰি তেওঁলোকৰ পৰিয়ালৰ বাবে সুৰিক্ষত আৰু বিশুদ্ধ খোৱাপানীৰ সুবিধা নিশ্চিত কৰাৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে পৰম্পৰাগতভাৱে পুৰুষৰ আধিপত্য থকা খণ্ডবোৰত অন্তৰ্ভুক্তি আৰু বৈচিত্ৰ্যৰ প্ৰচাৰ কৰি লিংগ সমতাৰ সমস্যাবোৰ সমাধান কৰা।

"জল দেৱালী"ৰ "মহিলাৰ বাবে জল, জল অভিযানৰ বাবে মহিলা"ৰ প্ৰথম পৰ্যায়ত সকলো ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলে (নিৰ্বাচনী আচৰণবিধিৰ অধীনত থকা ৫ খন ৰাজ্য বাদ দি) অংশগ্ৰহণ কৰিব, য'ত দেশজুৰি ১৫,০০০তকৈ অধিক আত্মসহায়ক গোটৰ মহিলাৰ অংশগ্ৰহণ আশা কৰা হৈছে। এই অভিযানৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰ হ’ল -

১/ মহিলাসকলক পানী পৰিশোধন প্ৰকল্প আৰু পানী পৰীক্ষাৰ সুবিধাৰ সৈতে পৰিচিত কৰা।

২। মহিলা এছ. এইচ. জি.ৰ দ্বাৰা ৰচিত স্মৰণিকা আৰু প্ৰবন্ধৰ জৰিয়তে তেওঁলোকৰ সন্মিলিত আৰু অংশীদাৰিত্ব বৃদ্ধি কৰা।

৩। মহিলাসকলক জল আন্তঃগাঁথনিৰ ক্ষেত্ৰত এ এম আৰ ইউ টি আঁচনি আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে সচেতন আৰু শিক্ষিত কৰা।

এই অভিযানৰ প্ৰত্যাশিত ফলাফলবোৰৰ ভিতৰত আছে - পানী পৰিশোধনৰ ওপৰত বৰ্ধিত সজাগতা আৰু জ্ঞান, মালিকীস্বত্ব আৰু দায়বদ্ধতা, অন্তৰ্ভুক্তিৰ প্ৰচাৰ, এছ এইচ জিসমূহৰ সৱলীকৰণ, ইতিবাচক সামূহিক প্ৰভাৱ আৰু ভৱিষ্যতৰ পদক্ষেপৰ বাবে আৰ্হি।

এ এম আৰ ইউ টি আৰু এন ইউ এল এমৰ ৰাজ্যিক আৰু মহানগৰৰ বিষয়াসকলে ডব্লিউ টি পি চিনাক্ত কৰি এই ভ্ৰমণসমূহত সহায় কৰিব ৷ এম অ' এইচ ইউ এয়ে সকলো ৰাজ্য আৰু মহানগৰৰ বিষয়াক এই পদক্ষেপত সক্ৰিয়ভাৱে অংশগ্ৰহণ আৰু সমৰ্থন কৰিবলৈ আহ্বান জনাইছে, যাৰ ফলত এ এম আৰ ইউ টিৰ অধীনত জল আন্তঃগাঁথনিৰ গুৰুত্বপূৰ্ণ স্থানত মহিলাসকলক অন্তৰ্ভুক্ত কৰাৰ দিশত ই এক উল্লেখযোগ্য পদক্ষেপৰূপে চিহ্নিত হ’ব ৷

****

 

RKJ/M/KD



(Release ID: 1975062) Visitor Counter : 81