প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০+ নিযুক্তি পত্ৰ বিতৰণত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পাঠ

Posted On: 28 OCT 2023 3:16PM by PIB Guwahati

নমস্কাৰ।

নিয়োগ মেলাৰ এই যাত্ৰা এই মাহত এক গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছে। যোৱা বছৰ অক্টোবৰ মাহতহে আৰম্ভ হৈছিল নিয়োগ মেলা। তেতিয়াৰ পৰাই কেন্দ্ৰ আৰু এন ডি এ শাসিত আৰু বিজেপি শাসিত ৰাজ্যসমূহত নিৰন্তৰ, বাৰে বাৰে নিয়োগ মেলাৰ আয়োজন কৰা হৈছে। এতিয়ালৈকে লাখ লাখ যুৱকক চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পত্ৰ দিয়া হৈছে। আজিও ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়া হৈছে। দীপাৱলীৰ বাবে এতিয়াও কিছু সময় বাকী আছে যদিও নিযুক্তি পত্ৰ পোৱা ৫০ হাজাৰ যুৱকৰ পৰিয়ালৰ বাবে এই সুযোগ দীপাৱলীতকৈও কম নহয়। আপোনালোক সকলোৱে কঠোৰ পৰিশ্ৰমেৰে এই পদ অৰ্জন কৰিছে। ইয়াৰ বাবে আপোনালোক সকলো, মোৰ নজোৱান বন্ধুসকল, বিশেষকৈ আমাৰ কন্যা সন্তানসকল, বহু অভিনন্দনৰ যোগ্য। আপোনালোকৰ পৰিয়াললৈ মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা।

বন্ধুসকল,

দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আয়োজন কৰা ৰোজগাৰ মেলাসমূহ যুৱ প্ৰজন্মৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ প্ৰমাণ। আমাৰ চৰকাৰে যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ কথা মনত ৰাখি মিছন মোডত কাম কৰি আছে। আমি কেৱল কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাই নহয়, বৰং সমগ্ৰ ব্যৱস্থাটো পাৰদৰ্শীও কৰিছোঁ, যাৰ বাবে যুৱক-যুৱতীসকলৰ নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত আস্থাৰ সৃষ্টি হৈছে। আমি কেৱল নিযুক্তি প্ৰক্ৰিয়া সুশৃংখলিত কৰাই নহয়, কিছুমান পৰীক্ষাৰ পুনৰ্গঠনো কৰিছোঁ। ষ্টাফ ছিলেকশ্যন কমিশ্যন (এছএছচি)ৰ নিযুক্তি চক্ৰৰ বাবে লোৱা সময় এতিয়া প্ৰায় আধালৈ হ্ৰাস পাইছে। অৰ্থাৎ চাৰ্কুলাৰ পত্ৰ প্ৰকাশৰ পৰা নিযুক্তি পত্ৰ জাৰি কৰালৈকে সময় বহু পৰিমাণে হ্ৰাস পাইছে। ইয়াৰ ফলত যুৱক-যুৱতীসকলৰ বহু সময় ৰাহি হৈছে। যুৱক-যুৱতীসকলৰ স্বাৰ্থত চৰকাৰে আন এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰিছে। এছ এছ চিয়ে হিন্দী, ইংৰাজী আৰু ১৩টা আঞ্চলিক ভাষাত কিছু পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে চাকৰিৰ বাবে আবেদন কৰাৰ সুযোগ লাভ কৰিছে, যাৰ পথত ভাষাৰ বাধাই দেখা দিছিল।

বন্ধুসকল,

আজি ভাৰত যি দিশত আগবাঢ়িছে আৰু যি গতিৰে আগবাঢ়িছে, প্ৰতিটো খণ্ডতে নতুন নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। কিছুদিন আগতে গুজৰাটৰ ধোৰদো গাঁৱৰ কথা, আপোনালোকে চাগে গম পায় যে কচ্ছ জিলাত পাকিস্তানৰ সীমান্তৰ এখন গাঁও ধোৰদো। এই ধোৰদো গাঁওখন ৰাষ্ট্ৰসংঘই শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে সন্মানিত কৰিছে। ইয়াৰ পূৰ্বে কৰ্ণাটকৰ হয়শালা মন্দিৰ আৰু পশ্চিম বংগৰ শান্তিনিকেতনে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছে। ইয়াৰ ফলত ইয়াত পৰ্যটন আৰু অৰ্থনীতিৰ সম্প্ৰসাৰণৰ সম্ভাৱনা কিমান বৃদ্ধি পাইছে সেয়া আপুনি কল্পনা কৰিব পাৰে। প্ৰথমতে, পৰ্যটন বৃদ্ধিৰ পোনপটীয়া অৰ্থ হল নতুন কৰ্মসংস্থাপনৰ সুযোগ দ্ৰুতগতিত বৃদ্ধি পাব, যাৰ লাভ, এয়া পৰ্যটনৰে ফল, যাৰ লাভ হব ওচৰৰ হোটেল, সৰু দোকানী, বাছ চালক, টেক্সি চালক, অটোৰিক্সা চালক। সকলোৱে লাভৱান হ, আৰু আনকি পৰ্যটক গাইডকে ধৰি। একেদৰে ক্ৰীড়া খণ্ডও এনে এটা খণ্ড যিয়ে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। আমাৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলত ঐতিহাসিক প্ৰদৰ্শন আগবঢ়াইছে। এই কৃতিত্বসমূহ আমাৰ দেশৰ ক্ৰীড়া পৰিৱেশতো বৃহৎ পৰিৱৰ্তন আৰু উন্নয়নৰ চিন স্বৰূপ। আৰু যেতিয়া ক্ৰীড়া খণ্ডৰ বিকাশ হয়, তেতিয়া কেৱল উন্নত খেলুৱৈয়েই সৃষ্টি হোৱাই নহয়, ইয়াৰ দ্বাৰা প্ৰশিক্ষক, ফিজিঅ’, ৰেফাৰী আৰু ক্ৰীড়া পুষ্টিবিদৰ দৰে বহু নতুন সুযোগৰ সৃষ্টি হয়।

বন্ধুসকল,

আমি কৰ্মসংস্থাপন প্ৰদান কৰা পৰম্পৰাগত খণ্ডসমূহক শক্তিশালী কৰি আছোঁ। আৰু ইয়াৰ লগতে আমি নবীকৰণযোগ্য শক্তি, মহাকাশ, স্বয়ংক্ৰিয়কৰণ আৰু প্ৰতিৰক্ষা ৰপ্তানিৰ দৰে নতুন খণ্ডক প্ৰসাৰিত কৰিছোঁ। ড্ৰন প্ৰযুক্তিৰ ক্ষেত্ৰত সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হৈছে। আজি শস্যৰ মূল্যায়ন আৰু পুষ্টিকৰ পদাৰ্থৰ স্প্ৰেত কৃষকৰ ড্ৰনৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মালিকীস্বত্ব আঁচনিৰ অধীনত লেণ্ড মেপিঙত ড্ৰন ব্যৱহাৰ কৰা হৈছে। কিছুদিন আগতে হয়তো আপুনি এটা ভিডিঅদেখিছে। হিমাচল প্ৰদেশৰ লাহাউল-স্পিতিত আইচিএমআৰে ড্ৰনৰ সহায়ত এঠাইৰ পৰা আন ঠাইলৈ ঔষধ পৰিবহণ কৰিছিল। আগতে এই কামটো দুঘণ্টা সময় লাগিছিল যদিও ড্ৰনৰ সহায়ত ২০, ২৫, ৩০ মিনিট বা তাতোকৈ কম সময়ত কৰিব পৰা যায়। ড্ৰনেও বৃহৎ সংখ্যক ষ্টাৰ্টআপৰ জন্ম দিছে। এই খণ্ডত কৰা বিনিয়োগে যুৱক-যুৱতীসকলক নতুন ধৰণৰ ড্ৰন ডিজাইন কৰাত সহায় কৰিছে।

মোৰ পৰিয়ালৰ সদস্যসকল,

এই মাহত আমি পূজ্য বাপুৰ জন্ম বাৰ্ষিকীও পালন কৰিছোঁ। গান্ধীজীয়ে যঁতৰক স্বদেশী আৰু কৰ্মযোগৰ এক শক্তিশালী প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল। জিলিকনি হেৰুৱাই পেলোৱা খাদী এতিয়া ঘূৰি আহিছে। ১০ বছৰ আগতে খাদীৰ বিক্ৰী আছিল প্ৰায় ৩০ হাজাৰ কোটি টকা। এতিয়া ১.২৫ লাখ কোটি টকা অতিক্ৰম কৰিছে। ইয়াৰ ফলত খাদী আৰু গাঁও উদ্যোগ খণ্ডত বহুতো নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। বিশেষকৈ মহিলাসকলে ইয়াৰ পৰা যথেষ্ট সহায় লাভ কৰিছে।

বন্ধুসকল,

প্ৰতিখন দেশৰ বিভিন্ন ধৰণৰ সামৰ্থ্য আছে। কাৰোবাৰ প্ৰাকৃতিক সম্পদ আছে, কোনোবা খনিজ পদাৰ্থৰে সমৃদ্ধ, কাৰোবাৰ দীঘলীয়া উপকূলৰ শক্তি আছে। কিন্তু এই সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ আটাইতকৈ ডাঙৰ শক্তিৰ প্ৰয়োজন হল আমাৰ যুৱক-যুৱতীসকলৰ শক্তি। যুৱ শক্তি যিমানেই শক্তিশালী হব সিমানেই দেশৰ উন্নয়ন হব। আজি ভাৰতে নিজৰ যুৱক-যুৱতীসকলক দক্ষতা আৰু শিক্ষাৰ জৰিয়তে নতুন সুযোগৰ সুবিধা লবলৈ সাজু কৰি তুলিছে। ভৱিষ্যতৰ আধুনিক প্ৰয়োজনীয়তাক লক্ষ্য ৰাখি দেশত আধুনিক ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ কৰা হৈছে। দেশত বৃহৎ সংখ্যক নতুন মেডিকেল কলেজ, আই আই টি, আই আই এম বা ট্ৰিপল আই টিৰ দৰে দক্ষতা বিকাশৰ প্ৰতিষ্ঠান মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত কোটি কোটি যুৱকক প্ৰশিক্ষণ দিয়া হৈছে। আমাৰ দেশৰ কোটি কোটি শিল্পীয়ে নিজৰ পৰম্পৰাগত বৃত্তিৰ জৰিয়তে জীৱিকা অৰ্জন কৰে। তেনে বিশ্বকৰ্মা কাৰিকৰৰ বাবেও আৰম্ভ কৰা হৈছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা। আজি প্ৰযুক্তিৰ যুগত সকলো দ্ৰুতগতিত সলনি হৈছে, গতিকে সকলোৱে নিজৰ দক্ষতা আৰু জ্ঞান আপডেট কৰি থাকিব লাগিব। যিকোনো নতুন দক্ষতা শিকাৰ পিছত ধাৰাবাহিকভাৱে upskill আৰু পুনৰ স্কিল কৰাটো অতি প্ৰয়োজনীয়। পি এম বিশ্বকৰ্মা যোজনাৰ অধীনত কাৰিকৰৰ পৰম্পৰাগত দক্ষতাক আধুনিক প্ৰযুক্তি আৰু সঁজুলিৰ সৈতে সংযোগ কৰা হৈছে।

মোৰ পৰিয়ালৰ সদস্যসকল,

যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাটো ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংশ। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এজন চৰকাৰী কৰ্মচাৰী হিচাপে এনে সকলো আঁচনি আগুৱাই নি স্থলতে কাৰ্যকৰী কৰিব লাগিব। আজি আপোনালোক সকলোৱে আমাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে আমাৰ সৈতে যোগদান কৰিছে। মই আপোনালোকক আহ্বান জনাইছোঁ যে আজি আপোনালোকে নিজৰ সপোন পূৰণ কৰিছে যদিও দেশবাসীৰ সপোনৰো মালিকীস্বত্ব লৈছে। আপোনালোকক আহ্বান জনাইছোঁ যে এই যাত্ৰাক লক্ষ্যত উপনীত হোৱাত আপোনালোকৰ সক্ৰিয় যোগদান অতি গুৰুত্বপূৰ্ণ। আপুনিও আই-গট পৰ্টেলত আপোনাৰ জ্ঞান বৃদ্ধি কৰি থাকিব লাগে। আপোনাৰ প্ৰতিটো পদক্ষেপে দেশক দ্ৰুতগতিত উন্নয়নৰ পথত আগুৱাই নিয়াত সহায় কৰিব। আকৌ এবাৰ আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ পৰিয়ালৰ সদস্যলৈ আগন্তুক সমগ্ৰ সময়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আজি শাৰদ পূৰ্ণিমা। সমগ্ৰ আগন্তুক সময় উৎসৱৰ সময়, আপুনি য'তেই নাথাকক কিয়, আপুনি হয়তো চৰকাৰী কামত নিয়োজিত হ'ব পাৰে, কিন্তু ভোকেল ফৰ লোকেল এই মন্ত্ৰ সকলোতে বিয়পাই দিয়ক, আপোনাৰ পৰিয়ালৰ সদস্যসকলকো কওক যে আমি ভোকেল ফৰ লোকেলৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'ম আৰু সেয়াই হৈছে ৰোজগাৰৰ নতুন সুযোগ প্ৰদানৰো এটা মাধ্যম। আকৌ এবাৰ আপোনালোক সকলোলৈ বহুত বহুত শুভকামনা। বহুত বহুত ধন্যবাদ।

**********

DS/RT/RK/AK



(Release ID: 1972697) Visitor Counter : 84