প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

এছিয়ান পেৰা গেমছৰ পুৰুষৰ বেডমিণ্টনত স্বৰ্ণ পদক জয়ৰ বাবে নিতেশ কুমাৰ, তৰুণ ধিলনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 27 OCT 2023 7:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছৰ পুৰুষৰ ডাবলছ বেডমিণ্টন-এছএল৩-এছএল৪ত আজি স্বৰ্ণ পদক জয়ৰ বাবে নিতেশ কুমাৰ, তৰুণ ধিলনক অভিনন্দন জ্ঞাপন কৰিছে৷

তেওঁ লগতে তেওঁলোকৰ দলগত কামৰ প্ৰশংসা কৰি কয় যে এই প্ৰদৰ্শনে উদীয়মান খেলুৱৈসকলৰ প্ৰতি এক উজ্বল নিদৰ্শন দাঙি ধৰিলে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“বেডমিণ্টনৰ-পুৰুষৰ ডাবলছত এছএল৩-এছএল৪ত চমকপ্ৰদ প্ৰদৰ্শনেৰে স্বৰ্ণ পদক জয়ৰ বাবে নিতেশ কুমাৰ আৰু তৰুণ ধিলনক অভিনন্দন জ্ঞাপন কৰিছো৷ তেওঁলোকৰ দলগত কাম আৰু প্ৰতিভাই উদীয়মান খেলুৱৈসকলৰ বাবে এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। ভাৰতে তেওঁলোকৰ বাবে গৌৰৱবোধ কৰিছে।”

****

DS/RT/DB



(Release ID: 1972691) Visitor Counter : 85