পোষ্ট কৰা হৈছে:
26 OCT 2023 11:48AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত মিক্সড ৫০ মিটাৰ ৰাইফলছ প্ৰ'ন এছএইচ-১ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে সিদ্ধাৰ্থ বাবুক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :
"মিক্সড ৫০ মিটাৰ ৰাইফলছ প্ৰ'ন এছএইচ-১ ইভেণ্টত চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে আমাৰ পেৰা শ্বুটাৰ সিদ্ধাৰ্থ বাবুক অভিনন্দন!
এই সোণৰ পদক তেওঁৰ নিখুঁততা, মনোযোগ, ব্যতিক্ৰমী প্ৰতিভা আৰু অদম্য মনোভাৱৰ প্ৰমাণ। ভাৰত ইয়াৰ বাবে উৎফুল্লিত।"
***
DS/TS/MK/AT