প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘এছিয়ান পেৰা গে’মছ ২০২২’ত ‘মিক্সড ৫০ মিটাৰ ৰাইফল এছএইচ১ প্ৰতিযোগিতা’ত ৰুদ্ৰাংশ খাণ্ডেলৱালৰ ৰূপৰ পদক লাভৰ সাফল্য উদযাপন কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 23 OCT 2023 5:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত ‘এছিয়ান পেৰা গে’মছ ২০২২’ত ‘মিক্সড ৫০ মিটাৰ ৰাইফল এছ এইচ ১ প্ৰতিযোগিতা’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে ৰুদ্ৰাংশ খাণ্ডেলৱালক অভিনন্দন জ্ঞাপন কৰে। 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰিছে:

"মিক্সড ৫০ মিটাৰ ৰাইফল এছএইচ১ প্ৰতিযোগিতা’ত অবিশ্বাস্য প্ৰদৰ্শনেৰে ৰূপৰ পদক অৰ্জন কৰা ৰুদ্ৰাংশ খাণ্ডেলৱালক আন্তৰিক অভিনন্দন জনাইছোঁ। তেওঁৰ নিষ্ঠা আৰু দক্ষতা সঁচাকৈয়ে প্ৰশংসনীয়, যি উচ্চাকাংক্ষী খেলুৱৈসকলৰ বাবে এক মানক স্থাপন কৰিছে। ভাৰতে তেওঁৰ কৃতিত্বত গৌৰৱেৰে উদ্বেলিত হৈছে।" 

 

***

DS/TS/KB/BM


(रिलीज़ आईडी: 1970590) आगंतुक पटल : 104
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu