প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এছিয়ান পেৰা গেমছ ২০২২ত মহিলাৰ পেৰা কেন’ইং শাখাৰ ভিএল২ ফাইনেলত ৰূপৰ পদক অৰ্জন প্ৰাচী যাদৱৰ, প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 23 OCT 2023 11:22AM by PIB Guwahati

চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছ ২০২২ত পেৰা কেন’ইং মহিলাৰ ভিএল২ ফাইনেলত ৰূপৰ পদক লাভ কৰা প্ৰাচী যাদৱক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত এটা পোষ্ট কৰি লিখিছে:

‘এছিয়ান পেৰা গেমছত প্ৰথম পদক লাভ কৰি প্ৰাচী যাদৱে ভাৰতীয় ক্ৰীড়াৰ ইতিহাসত নিজৰ নাম খোদিত কৰিছে। পেৰা কেন’য়িং মহিলা ভিএল২ ফাইনেলত অনবদ্য প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰাৰ বাবে প্ৰাচী যাদৱলৈ অভিনন্দন জদনাইছো।

তেওঁৰ অবিশ্বাস্য প্ৰদৰ্শনে সমগ্ৰ দেশখনকে গৌৰৱান্বিত কৰিছে।”

******

DS/ST



(Release ID: 1970335) Visitor Counter : 59