প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে
প্ৰধানমন্ত্ৰীৰ সৈতে অংকিত বৈয়ানপুৰীয়ায়ো অংশগ্ৰহণ কৰে
পোষ্ট কৰা হৈছে:
01 OCT 2023 2:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি সমগ্ৰ দেশবাসীয়ে স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে। সকলোৱে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে এক ঘণ্টা উৎসৰ্গিত কৰে, যিয়ে দেশৰ বাবে এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাত সহায় কৰিব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েও অংকিত বৈয়ানপুৰীয়াৰ সৈতে এই স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে। অংকিত এগৰাকী ফিটনেছ ইনফ্লুৱেন্সাৰ।
এটা ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত তেওঁ আমাৰ দৈনন্দিন জীৱনত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুস্থতাৰ গুৰুত্বৰ সন্দৰ্ভত মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দৈনন্দিন জীৱনৰ ৰুটিনৰ বিষয়েও ব্যক্ত কৰে আৰু অংকিতৰ ফিটনেছ টিপছৰ বিষয়ে প্ৰশ্ন কৰে।
এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
"আজি, যিহেতু ৰাষ্ট্ৰই স্বচ্ছতাৰ ওপৰত গুৰুত্ব দিছে, সেয়ে অংকিত বৈয়ানপুৰীয়া আৰু ময়ো তেনে কৰিলোঁ! স্বচ্ছতাৰ লগতে আমি ফিটনেছ আৰু কল্যাণৰ বিষয়েও কথা পাতিছিলোঁ । এই সকলো স্বচ্ছ আৰু স্বাস্থ্যৱান ভাৰতৰ বাবে! @baiyanpuria"
************
DS/ST/KG
(ৰিলিজ আই ডি : 1963431)
অতিথি কক্ষ : 140
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam