প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছ ২০২২ত পুৰুষৰ ৩০০০ মিটাৰ স্পীড স্কেটিং ৰিলেত ব্ৰঞ্জৰ পদক জয় উদযাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 02 OCT 2023 12:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হানঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত পুৰুষৰ ৩০০০ মিটাৰ স্পীড স্কেটিং ৰিলেত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে আনন্দ কুমাৰ ভেলকুমাৰ,সিদ্ধান্ত ৰাহুল কুম্বলে আৰু বিক্ৰম ৰাজেন্দ্ৰ ইনগালেক অভিনন্দন জ্ঞাপন কৰে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“অবিশ্বাস্য টীমৱৰ্কৰ প্ৰদৰ্শনেৰে দেশলৈ আনিলে আন এক ব্ৰঞ্জৰ পদক।

পুৰুষৰ ৩০০০ মিটাৰ স্পীড স্কেটিং ৰিলেত ব্ৰঞ্জৰ পদক জয় আনন্দ কুমাৰ ভেলকুমাৰ,সিদ্ধান্ত ৰাহুল কুম্বলে আৰু বিক্ৰম ৰাজেন্দ্ৰ ইনগালেৰ।

এই সাফল্যত ভাৰতে আনন্দত আত্মহাৰা হোৱাৰ লগতে অপৰিসীম গৌৰৱ অনুভৱ কৰিছে!”

***

BM/DB


(रिलीज़ आईडी: 1963379) आगंतुक पटल : 123
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam