প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত মণ্ডপমত স্থাপন কৰা নটৰাজৰ মূৰ্তি ভাৰতৰ যুগ যুগ ধৰি চলি অহা শিল্পকলা আৰু পৰম্পৰাৰ সাক্ষী হৈ ৰ’বঃ প্ৰধানমন্ত্ৰী

Posted On: 06 SEP 2023 1:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে ভাৰত মণ্ডপমত স্থাপন কৰা বিশাল নটৰাজ মূৰ্তিয়ে ভাৰতৰ চহকী ইতিহাস আৰু সংস্কৃতিৰ দিশসমূহক জীৱন্ত কৰি তুলিছে৷

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ এটা টুইটাৰ পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“ভাৰত মণ্ডপমত স্থাপন কৰা বিশাল নটৰাজ মূৰ্তিয়ে ভাৰতৰ চহকী ইতিহাস আৰু সংস্কৃতিৰ দিশসমূহক জীৱন্ত কৰি তুলিছে৷ জি-২০ সন্মিলনৰ বাবে বিশ্বই একত্ৰিত হোৱাৰ সময়তে ই ভাৰতৰ যুগ যুগ ধৰি চলি অহা শিল্পকলা আৰু পৰম্পৰাৰ সাক্ষী হৈ ৰ’ব৷”

***



(Release ID: 1955362) Visitor Counter : 136