প্ৰতিৰক্ষা মন্ত্ৰালয়

৭৭সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ মঞ্চ সাজু; ঐতিহাসিক লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

দেশৰ বিভিন্ন প্ৰান্তৰ ভিন্ন ক্ষেত্ৰৰ প্ৰায় ১,৮০০জন লোক বিশেষ অতিথি হিচাপে কাৰ্যসূচীত উপস্থিত থাকিব

Posted On: 13 AUG 2023 11:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ আগষ্টত দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা ৭৭সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে দেশবাসীক নেতৃত্ব প্ৰদান কৰিব। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা তেওঁৰ দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়াব। এইবাৰৰ স্বাধীনতা দিৱসত ২০২১ চনৰ ১২ মাৰ্চত গুজৰাটৰ আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কাৰ্যসূচীৰ অন্ত পৰিব আৰু পুনৰ ‘অমৃত কাল’ত প্ৰৱেশ কৰিব, যিটোৱে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ নৰেন্দ্ৰ মোদীৰ সপোন বাস্তৱায়িত কৰাৰ সংকল্পক পুনৰুজ্জীৱিত কৰিব৷  ৭৭সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। যোৱা বছৰৰ তুলনাত এইবাৰ বৃহৎ সংখ্যক অতিথিক আমন্ত্ৰণ জনোৱা হৈছে।

বিশেষ অতিথি

দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বৃত্তিৰ সৈতে জড়িত প্ৰায় ১৮০০ লোকক তেওঁলোকৰ পত্নীৰ সৈতে বিশেষ অতিথি হিচাপে লালকিল্লাত অনুষ্ঠিত স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীৰ অংশ হ’বলৈ আমন্ত্ৰণ জনোৱা হৈছে। চৰকাৰৰ ‘জন ভাগীদাৰী’ দৃষ্টিভংগীৰ লগত সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই বিশেষ অতিথিসকলৰ ভিতৰত ৬৬০খনতকৈও অধিক প্ৰাণৱন্ত গাঁৱৰ ৪০০ৰো অধিক চৰপঞ্চ; কৃষক উৎপাদক সংস্থা আঁচনিৰ ২৫০জন; প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ ৫০জন; নতুন সংসদ ভৱনকে ধৰি চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ ৫০জন শ্ৰম যোগী (নিৰ্মাণ শ্ৰমিক); ৫০জনকৈ খাদী শ্ৰমিক, সীমান্ত পথ নিৰ্মাণ, অমৃত সৰোৱৰ আৰু হৰ ঘৰ জল যোজনা নিৰ্মাণৰ লগত জড়িত সকলৰ লগতে ৫০জনকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, নাৰ্ছ আৰু মাছমৰীয়া আছে৷ দিল্লীত থকাৰ সময়ত বিশেষ অতিথিৰ একাংশই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰাৰ লগতে প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় ভাটক সাক্ষাৎ কৰিব৷

প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা পঁয়সত্তৰ (৭৫) দম্পতীকো তেওঁলোকৰ পৰম্পৰাগত সাজ-পোছাকত লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানৰ সাক্ষী হ’বলৈ আমন্ত্ৰণ জনোৱা হৈছে।

ছেলফি পইণ্ট

ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, ইণ্ডিয়া গেট, বিজয় চক, নতুন দিল্লী ৰে’লৱে ষ্টেচন, প্ৰগতি ময়দান, ৰাজঘাট, জামা মছজিদ মেট্ৰ' ষ্টেচন, ৰাজীৱ চক মেট্ৰ' ষ্টেচন, দিল্লী গেট মেট্ৰ’ ষ্টেচন, আইটিঅ’ মেট্ৰ’ গেট, নৌবাট খানা আৰু শীশ গঞ্জ গুৰুদ্বাৰাকে ধৰি ১২টা স্থানত চৰকাৰৰ বিভিন্ন আঁচনি আৰু পদক্ষেপৰ নামত উচৰ্গিত ছেলফি পইণ্ট স্থাপন কৰা হৈছে।

আঁচনি/পদক্ষেপসমূহৰ ভিতৰত গ্ল’বেল হোপ: ভেকচিন আৰু যোগ; উজ্জ্বলা যোজনা; মহাকাশ শক্তি; ডিজিটেল ইণ্ডিয়া; স্কিল ইণ্ডিয়া; ষ্টাৰ্ট-আপ ভাৰত; স্বচ্ছ ভাৰত; সশক্ত ভাৰত, নয়া ভাৰত; পাৱাৰিং ইণ্ডিয়া; প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু জল জীৱন অভিযান উল্লেখযোগ্য।

উদযাপনৰ অংশ হিচাপে প্ৰতিৰক্ষা মন্ত্ৰালয়ে মাইগভ পৰ্টেলত ১৫-২০ আগষ্টলৈ অনলাইন ছেলফি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। ১২টা স্থানৰ ভিতৰত এটা বা ততোধিক স্থানত ছেলফি তুলি মাইগভ প্লেটফৰ্মত আপলোড কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ জনতাক উৎসাহিত কৰা হৈছে। অনলাইন ছেলফি প্ৰতিযোগিতাৰ ভিত্তিত প্ৰতিটো স্থানৰ পৰা এজনকৈ ১২জন বিজয়ী নিৰ্বাচিত কৰা হ’ব। বিজয়ীসকলক ১০,০০০ টকাকৈ নগদ ধন পুৰষ্কাৰ হিচাপে দিয়া হ’ব।

ই-আমন্ত্ৰণ পত্ৰ

সকলো চৰকাৰী আমন্ত্ৰণ আমন্ত্ৰণ পৰ্টেল (www.aamantran.mod.gov.in)ৰ জৰিয়তে অনলাইনযোগে প্ৰেৰণ কৰা হৈছে। পৰ্টেলৰ জৰিয়তে ১৭,০০০ ই-আমন্ত্ৰণ কাৰ্ড প্ৰদান কৰা হৈছে।

অনুষ্ঠানৰ কাৰ্যসূচী

লালকিল্লাত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় ভাট আৰু প্ৰতিৰক্ষা সচিব শ্ৰী গিৰিধৰ আৰামনে আদৰণি জনাব। প্ৰতিৰক্ষা সচিবে প্ৰধানমন্ত্ৰীৰ সৈতে দিল্লী এলেকাৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (জিঅ’চি), লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক চিনাকী কৰাই দিব। ইয়াৰ পিছত জিঅ’চি দিল্লী এলেকাই শ্ৰী নৰেন্দ্ৰ মোদীক অভিবাদন স্থানলৈ লৈ যাব য’ত আন্তঃসেৱা আৰু দিল্লী আৰক্ষীৰ সংযুক্ত নিৰাপত্তাৰক্ষীয়ে প্ৰধানমন্ত্ৰীক সাধাৰণ অভিবাদন জনাব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে অভিবাদন গ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীক অভিবাদন জনাবলগীয়া দলটোত সেনা, বায়ুসেনা আৰু দিল্লী আৰক্ষীৰ পৰা এজনকৈ বিষয়া আৰু ২৫জনকৈ জোৱান আৰু নৌসেনাৰ এজন বিষয়া আৰু ২৪ জন জোৱান থাকিব। এইবাৰ সমন্বয় সেৱাত ভাৰতীয় সেনাৰ অভিবাদনৰ কমাণ্ডাৰ হ’ব মেজৰ বিকাশ ছাংৱান। প্ৰধানমন্ত্ৰী নিৰাপত্তা দায়িত্বত থকা সেনা দলটোৰ কমাণ্ডাৰ হ’ব মেজৰ ইন্দ্ৰজীত শচীন, নৌসেনা দলটোৰ কমাণ্ডাৰ হ’ব লেফটেনেণ্ট কমাণ্ডাৰ এম ভি ৰাহুল ৰমন আৰু বায়ুসেনাৰ দলটোৰ কমাণ্ডাৰ হ’ব স্কোৱাড্ৰন লিডাৰ আকাশ ঘাংঘাছ। দিল্লী আৰক্ষীৰ দলটোৰ কমাণ্ডাৰ হ’ব অতিৰিক্ত আৰক্ষী উপ-অধীক্ষক সন্ধ্যা স্বামী।

সেনাৰ অভিবাদন গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ প্ৰাচীৰলৈ আগবাঢ়িব, য’ত তেওঁক আদৰণি জনাব প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় ভট, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, স্থল সেনাৰ মুৰব্বী জেনেৰেল মনোজ পাণ্ডে, নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰ আৰু বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল ভি আৰ চৌধাৰী। প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ প্ৰাচীৰ মঞ্চলৈ আগবঢ়াই নিব দিল্লী এলেকাৰ জিঅ’চিয়ে।

পতাকা উত্তোলন কৰাৰ পিছত ত্ৰিৰংগাক ‘ৰাষ্ট্ৰীয় অভিবাদন’ জনোৱা হ’ব। এগৰাকী জেচিঅ’ আৰু ২০জন অন্য ৰেংকৰে গঠিত সেনাৰ বেণ্ডটোৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু ‘ৰাষ্ট্ৰীয় অভিবাদন’ প্ৰদানৰ সময়ত ৰাষ্ট্ৰীয় সংগীত বজাব। বেণ্ডটোৰ পৰিচালনা কৰিব নাইব সুবেদাৰ যতীন্দৰ সিঙে।

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাত প্ৰধানমন্ত্ৰীক সহায় কৰিব মেজৰ নিকিতা নায়াৰ আৰু মেজৰ জেচমিন কৌৰে। এই কাৰ্যসূচীত ২১জাই গুলী ফুটাব অভিজাত ৮৭১১ ফিল্ড বেটাৰী (চেৰমনিয়াল)ৰ বীৰ বন্ধুকধাৰীয়ে। আনুষ্ঠানিক বেটাৰীৰ কমাণ্ড কৰিব লেফটেনেণ্ট কৰ্ণেল বিকাশ কুমাৰে আৰু গান পজিচন অফিচাৰ হ’ব নাইব সুবেদাৰ (এআইজি) অনুপ সিং।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত সেনা, নৌসেনা, বায়ুসেনা আৰু দিল্লী আৰক্ষীৰ পাঁচজন বিষয়া আৰু ১২৮গৰাকী অন্যান্য ৰেংকৰ ৰাষ্ট্ৰীয় পতাকা নিৰাপত্তাৰক্ষীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত ৰাষ্ট্ৰীয় পতাকা প্ৰদান কৰিব। এই আন্তঃসেৱা গাৰ্ড আৰু পুলিচ গাৰ্ডৰ কমাণ্ড কৰিব সেনাবাহিনীৰ মেজৰ অভিনৱ দেৱাই।

ৰাষ্ট্ৰীয় পতাকাৰ নিৰাপত্তাত থকা সেনা দলটোৰ কমাণ্ডাৰ হ’ব মেজৰ মুকেশ কুমাৰ সিং, নৌসেনাৰ দলটোৰ কমাণ্ডাৰ লেফটেনেণ্ট কমাণ্ডাৰ হৰপ্ৰীত মান আৰু বায়ুসেনাৰ কণ্টিজেণ্টৰ কমাণ্ডাৰ হ’ব স্কোৱাড্ৰন লীডাৰ শ্ৰে চৌধাৰী। দিল্লী আৰক্ষীৰ দলটোৰ কমাণ্ডাৰ হ’ব অতিৰিক্ত আৰক্ষী উপ-অধীক্ষক শশাংক জয়চোৱাল।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগে লগে লাইন এষ্টাৰ্ণ ফৰ্মেচনত ভাৰতীয় বায়ুসেনাৰ দুখন এডভান্সড লাইট হেলিকপ্টাৰ মাৰ্ক-তৃতীয় ধ্ৰুৱৰ দ্বাৰা সভাস্থলীত পুষ্পবৃষ্টি কৰিব। হেলিকপ্টাৰখনৰ কেপ্তেইন হ’ব উইং কমাণ্ডাৰ অম্বাৰ আগৰৱাল আৰু স্কোৱাড্ৰন লিডাৰ হিমাংশু শৰ্মা।

পুষ্পবৃষ্টিৰ পিছত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়াব। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সামৰণিত ৰাষ্ট্ৰীয় কেডেট কৰ্পছৰ কেডেটসকলে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিব। দেশৰ বিভিন্ন বিদ্যালয়ৰ পৰা এহাজাৰ এশ (১১০০) ল’ৰা-ছোৱালী এনচিচি কেডেটে (সেনা, নৌসেনা আৰু বায়ুসেনা) এই ৰাষ্ট্ৰীয় উৎসৱত অংশগ্ৰহণ কৰিব। জ্ঞানপথত ব্লিচাৰ স্থাপন কৰা হৈছে, য’ত কেডেটসকলক অফিচিয়েল বগা সাজ-পোছাকত বহিব পাৰিব৷

ইয়াৰ উপৰিও স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে জ্ঞান পথত ইউনিফৰ্ম পিন্ধা এনচিচিৰ কেডেটসকল বহিব। আন এক উল্লেখযোগ্য দিশ হৈছে জি-২০ৰ ল’গ’, যিটো লালকিল্লাত ফুলেৰে সুন্দৰভাৱে সজোৱা হৈছে৷

***



(Release ID: 1948259) Visitor Counter : 191