প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত শ্ৰীমান হিৰোছি ছুজুকিয়ে ভাৰতীয় সুস্বাদু খাদ্য প্ৰদৰ্শন কৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে
प्रविष्टि तिथि:
11 JUN 2023 11:31AM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত শ্ৰীমান হিৰোছি ছুজুকিয়ে ভাৰতীয় সুস্বাদু খাদ্য প্ৰদৰ্শন কৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত থকা জাপানৰ ৰাষ্ট্ৰদূত শ্ৰীমান হিৰোছি ছুজুকীৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁক পত্নীৰ সৈতে ভাৰতীয় সুস্বাদু খাদ্যৰ সোৱাদ লোৱা দেখা গৈছে। ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত হিৰোছি ছুজুকিৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়,
“এইখন এনে এক প্ৰতিযোগিতা, য’ত আপুনি হয়তো পৰাস্ত হ’লেও কোনো আপত্তি নকৰিব। ভাৰতৰ ৰন্ধন বৈচিত্ৰ্য উপভোগ কৰা আৰু লগতে ইয়াক ইমান উদ্ভাৱনীমূলকভাৱে উপস্থাপন কৰা দেখি ভাল লাগিল৷ ভিডিঅ’বোৰ দি থাকিব!”
***
(रिलीज़ आईडी: 1935627)
आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam