বিত্ত মন্ত্ৰালয়

সামাজিক সুৰক্ষা কৱচ প্ৰদানৰ ৮টা বছৰ সম্পূৰ্ণ কৰিলে ‘প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা’(পিএমএছবিওৱাই), ‘প্ৰধানমন্ত্ৰীজীৱনজ্যোতি বীমা যোজনা’ (পিএমজেজেবিওৱাই) আৰু ‘অটল পেঞ্চন যোজনা’ (এপিওৱাই)ই

কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে তিনিখন জন সুৰক্ষা আঁচনি নাগৰিকৰ মংগলৰ বাবে নিবেদিত, আৰু এই আঁচনিৰ লক্ষ্য অভাৱনীয় বিপদ, লোকচান, আৰু আৰ্থিক অনিশ্চয়তাৰ পৰা মানৱ জীৱন ৰক্ষা কৰা

‘জন সুৰক্ষা আঁচনি’ৰ সুৰক্ষা কৱচ অধিক হাৰত বিস্তাৰিত কৰিবলৈ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মকৰ্তাসকললৈ আহ্বান কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী ড০ ভাগৱত কাৰাডৰ

Posted On: 09 MAY 2023 7:45AM by PIB Guwahati
  • পিএমজেজেবিওৱাই : সৰ্বমুঠ ১৬ কোটিতকৈও অধিক নামভৰ্তি
  • পিএমএছবিওৱাই-ৰ : সৰ্বমুঠ ৩৪ কোটিতকৈ অধিক নামভৰ্তি
  • এপিওৱাই: কোটিৰো অধিক গ্ৰাহক

‘প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা’ (পিএমজেজেবিওৱাই), ‘প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা’ (পিএমএছবিওৱাই) আৰু ‘অটল পেন্সন যোজনা’ (এপিওৱাই)ৰ দৰে ‘সামাজিক সুৰক্ষা (জন সুৰক্ষা) আঁচনি’ৰ অষ্টম বাৰ্ষিকী উদযাপন কৰাৰ মুহূৰ্তত এই আঁচনিসমূহেনো কেনেদৰে ৰাইজক সুলভ বীমা আৰু সুৰক্ষা প্ৰদান কৰিছে, আঁচনিকেইখনৰ সাফল্য আৰু বিশেষত্বসমূহৰ বিষয়ে আলোচনা কৰোঁ আহকচোন।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ৯মে’ তাৰিখে পশ্চিম বংগৰ কলকাতাৰ পৰা ‘পিএমজেজেবিওৱাই’, 'পিএমএছবিওৱাই’ আৰু ‘এপিওৱাই’-ৰ শুভাৰম্ভ ঘোষণা কৰিছিল।

এই তিনিখন আঁচনি হৈছে  বিত্তীয় অনিশ্চয়তাৰ পৰা মানৱ জীৱনক সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি নাগৰিকসকলৰ কল্যাণৰ বাবে সমৰ্পিত আঁচনি। দেশৰ অসংগঠিত খণ্ডৰ লোকসকল আৰ্থিকভাৱে সুৰক্ষিত হোৱাটো নিশ্চিত কৰাৰ বাবে চৰকাৰে দুখন বীমা আঁচনি আৰম্ভ কৰিছিল। সেইকেইখন হৈছে- ‘পিএমজেজেবিওৱাই’ আৰু ‘পিএমএছবিওৱাই’; আৰু ইয়াৰ লগতে ‘এপিওৱাই’-ক বৃদ্ধাৱস্থাত সুৰক্ষা প্ৰদান কৰিব পৰাকৈ প্ৰৱৰ্তন কৰা হৈছিল।

তিনিওখন জনসুৰক্ষা আঁচনিৰ মূল লক্ষ্যক দোহাৰি কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয়, " ২০১৪ চনত ভাৰতৰ প্ৰতিজন নাগৰিকে বেংকিং সুবিধা, বিত্তীয় সাক্ষৰতা, আৰু সামাজিক সুৰক্ষাৰ কভাৰেজৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰাৰ প্ৰধান উদ্দেশ্যেৰে বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰা হৈছিল।  এই পদক্ষেপৰ ওপৰত ভিত্তি কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ৯ মে’ত তিনিখন জন সুৰক্ষা আঁচনি প্ৰৱৰ্তন কৰে, যাৰ লক্ষ্য আছিল দেশত আৰ্থিক অন্তৰ্ভুক্তিক অধিক প্ৰসাৰ কৰা আৰু আগুৱাই নিয়া।"

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, "এই তিনিখন সামাজিক সুৰক্ষা আঁচনি নাগৰিকৰ মংগলৰ বাবে নিবেদিত আৰু অভাৱনীয় বিপদ, লোকচান, আৰ্থিক অনিশ্চয়তাৰ পৰা মানৱ জীৱন সুৰক্ষিত কৰাৰ গুৰুত্ব আৰোপ কৰে।  এই আঁচনিসমূহৰ লক্ষ্য হৈছে অসুবিধাজনক পটভূমিৰ ব্যক্তিসকলক অত্যাৱশ্যকীয় বিত্তীয় সেৱা প্ৰদান কৰা, যাৰ ফলত তেওঁলোকৰ আৰ্থিক দুৰ্বলতা হ্ৰাস পায়"

অষ্টম বাৰ্ষিকীত ‘জন সুৰক্ষা আঁচনি’সমূহৰ তথ্য উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে ২০২৩ চনৰ ২৬ এপ্ৰিল পৰ্যন্ত ‘পিএমজেজেবিওৱাই’, ‘পিএমএছবিওৱাই’ আৰু ‘এপিওৱাই’ৰ অধীনত ক্ৰমে ১৬.২ কোটি, ৩৪.২ কোটি আৰু ৫.২ কোটি লোকৰ নাম পঞ্জীভুক্ত কৰা হৈছে।

‘পিএমজেজেবিওৱাই’ আঁচনি সন্দৰ্ভত মন্তব্য আগবঢ়াই বিত্ত মন্ত্ৰীয়ে কয় যে ই ১৩,২৯০ কোটি টকাৰ দাবী উত্থাপন কৰা ৬.৬৪ লাখ পৰিয়াললৈ গুৰুত্বপূৰ্ণ সহযোগিতা প্ৰদান কৰিছে।

শ্ৰীমতী সীতাৰমণে কয় যে ‘পিএমএছবিওৱাই’ আঁচনিখনৰ অধীনত ১.১৫ লাখৰো অধিক পৰিয়ালে উথ্থাপন কৰা ২,৩০২ কোটি টকাৰ দাবী নিষ্পত্তি কৰা হৈছে। ‘পিএমজেজেবিওৱাই’ আৰু ‘পিএমএছবিওৱাই’ দুয়োখন আঁচনিৰ বাবে দাবী প্ৰক্ৰিয়াৰ সৰলীকৰণৰ ফলত দাবীৰ দ্ৰুত নিষ্পত্তি হৈছে, বুলিও বিত্ত মন্ত্ৰীয়ে লগতে কয়।

অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী ড০ ভাগৱত কিষাণৰাও কাৰাডে কয়, "চৰকাৰে গ্ৰাম্যাঞ্চলৰ লোকসকলক সামৰি লোৱাৰ বাবে এক লক্ষ্যনিৰ্দ্ধাৰিত পদ্ধতি গ্ৰহণ কৰিছে আৰু আঁচনিখনৰ অধীনত যোগ্য হিতাধিকাৰীসকলক সুৰক্ষা প্ৰদান কৰাৰ বাবে সমগ্ৰ দেশৰ প্ৰতিখন গাঁও পঞ্চায়ততে অভিযানৰ আয়োজন কৰা হৈছে।"

এই ‘জন সুৰক্ষা আঁচনি’সমূহ জনপ্ৰিয় কৰাৰ বাবে সকলো ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মকৰ্তাক অভিনন্দন জনাই ড০ কাৰাডে আঁচনিখনৰ পৰিসৰৰ অধিক বৃদ্ধিৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ তেওঁলোকক আহ্বান জনায়।

জন সুৰক্ষা আঁচনিৰ অষ্টম বাৰ্ষিকী উদযাপন কৰাৰ মুহূৰ্তত আঁচনিকেইখনৰ সাফল্য আৰু বিশেষত্বসমূহৰ বিষয়ে আলোচনা কৰোঁ আহকচোন।

  1. প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা(পিএমজেজেবিৱাই)

আঁচনি: ‘পিএমজেজেবিওৱাই’ বছৰে বছৰে নৱীকৰণযোগ্য এক জীৱন বীমা আঁচনি, যিয়ে যিকোনো কাৰণত হোৱা মৃত্যুত বীমা সুৰক্ষা প্ৰদান কৰে।

যোগ্যতা: ব্যক্তিগত বেঙ্ক বা ডাকঘৰত একাউণ্ট থকা ১৮-৫০ বছৰ বয়সৰ ব্যক্তিসকলে আঁচনিখনৰ অধীনত নাম পঞ্জীয়ণ কৰাৰ যোগ্যতা লাভ কৰে। ৫০ বছৰ বয়স সম্পূৰ্ণ কৰাৰ আগতে আঁচনিখনত যোগদান কৰা লোকসকলে নিয়মীয়া কিস্তি পৰিশোধ কৰাৰ পিছত ৫৫ বছৰ বয়সলৈকে বীমা-সুৰক্ষা অব্যাহত ৰাখিব পাৰে।

লাভসমূহ: প্ৰতি বছৰে ৪৩৬/- টকাৰ কিস্তিৰ বিপৰীতে যিকোনো কাৰণত মৃত্যুৰ ক্ষেত্ৰত ২ লাখ টকাৰ বীমা সুৰক্ষা।

নামভৰ্তি: একাউণ্ট ধাৰকৰ শাখা/বিচি পইণ্ট অথবা বেংকৰ ৱে’বছাইট বা ডাকঘৰত একাউণ্ট থকাসকলৰ ক্ষেত্ৰত সঞ্চয় বেঙ্কৰ একাউণ্ট থকা সংশ্লিষ্ট ডাকঘৰলৈ গৈ নামভৰ্তি কৰিব পাৰে। আঁচনিখনৰ অধীনত কিস্তিটো একাউণ্ট ধাৰকসকলৰ পৰা লাভ কৰা এককালীন বাধ্যতামূলক নিৰ্দেশনাৰ ভিত্তিত গ্ৰাহকৰ বেঙ্ক একাউণ্টৰ পৰা প্ৰতি বছৰে স্বয়ংক্ৰিয় ভাৱে কাটি লোৱা হয়। https://jansuraksha.gov.in  ত আঁচনি আৰু প্ৰপত্ৰ (হিন্দী, ইংৰাজী আৰু আঞ্চলিক ভাষাত) সন্দৰ্ভত বিতং তথ্য উপলব্ধ থাকে।

সাফল্য: ২৬-০৪-২০২৩ তাৰিখলৈকে  আঁচনিখনৰ অধীনত সামগ্ৰিক নামভৰ্তি হৈছে ১৬.১৯ কোটিতকৈ অধিক আৰু ৬,৬৪,৫২০ দাবীৰ বিপৰীতে ১৩,২৯০.৪০ কোটি টকা পৰিশোধ কৰা হৈছে।

2. প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা(পিএমএছবিওৱাই)

আঁচনি: পিএমজেজেবিওৱাই’ বছৰে বছৰে নৱীকৰণযোগ্য এক জীৱন বীমা আঁচনি, যিয়ে দুৰ্ঘটনাজনিত কাৰণত হোৱা মৃত্যু বা পংগুত্বৰ ক্ষেত্ৰত বীমা সুৰক্ষা প্ৰদান কৰে।

যোগ্যতা: ব্যক্তিগত বেঙ্ক বা ডাকঘৰত একাউণ্ট থকা ১৮-৫০ বছৰ বয়সৰ ব্যক্তিসকলে আঁচনিখনৰ অধীনত নাম পঞ্জীয়ণ কৰাৰ যোগ্যতা লাভ কৰে।  

লাভসমূহ: প্ৰতি বছৰে ২০/- টকাৰ কিস্তিৰ বিপৰীতে দুৰ্ঘটনাজনিত কাৰণত হোৱা মৃত্যু বা পংগুত্বৰ ক্ষেত্ৰত ২ লাখ(আংশিক পংগুত্বৰ ক্ষেত্ৰত ১লাখ) টকাৰ বীমা সুৰক্ষা।

নামভৰ্তি: একাউণ্ট ধাৰকৰ শাখা/বিচি পইণ্ট অথবা বেংকৰ ৱে’বছাইট বা ডাকঘৰত একাউণ্ট থকাসকলৰ ক্ষেত্ৰত সঞ্চয় বেঙ্কৰ একাউণ্ট থকা সংশ্লিষ্ট ডাকঘৰলৈ গৈ নামভৰ্তি কৰিব পাৰে। আঁচনিখনৰ অধীনত কিস্তিটো একাউণ্ট ধাৰকসকলৰ পৰা লাভ কৰা এককালীন বাধ্যতামূলক নিৰ্দেশনাৰ ভিত্তিত গ্ৰাহকৰ বেঙ্ক একাউণ্টৰ পৰা প্ৰতি বছৰে স্বয়ংক্ৰিয় ভাৱে কাটি লোৱা হয়। https://jansuraksha.gov.in  ত আঁচনি আৰু প্ৰপত্ৰ (হিন্দী, ইংৰাজী আৰু আঞ্চলিক ভাষাত) সন্দৰ্ভত বিতং তথ্য উপলব্ধ থাকে।

সাফল্য: ২৬-০৪-২০২৩ তাৰিখলৈকে আঁচনিখনৰ অধীনত সামগ্ৰিক নামভৰ্তি হৈছে ৩৪.১৮ কোটিতকৈ অধিক আৰু ১,১৫,৯৫১ দাবীৰ বিপৰীতে ২৩০২.২৬ কোটি টকা পৰিশোধ কৰা হৈছে।

3. অটল পেন্সন যোজনা(এপিওৱাই)

পটভূমি: সকলো ভাৰতীয়, বিশেষকৈ দৰিদ্ৰ, সুবিধাবঞ্চিত আৰু অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে সাৰ্বজনীন সামাজিক সুৰক্ষা প্ৰণালী সৃষ্টি কৰিবলৈ অটল  পেন্সন যোজনা (এপিওৱাই) আৰম্ভ কৰা হৈছিল। ই হৈছে অসংগঠিত খণ্ডৰ লোকসকলৰ বাবে বিত্তীয় সুৰক্ষা প্ৰদান কৰাৰ লগতে ভৱিষ্যত সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা এক পদক্ষেপ। ৰাষ্ট্ৰীয় পেন্সন প্ৰণালী(এনপিএছ)ৰ সামগ্ৰিক প্ৰশাসনিক আৰু প্ৰতিষ্ঠানিক স্থাপত্যৰ অধীনত, পেন্সন পুঁজি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ (পএফআৰডিএ)ৰ দ্বাৰা এপিওৱাই পৰিচালনা কৰা হয়।

যোগ্যতা: ব্যক্তিগত বেঙ্ক একাউণ্ট থকা আৰু কৰ পৰিশোধ নকৰা ১৮-৫০ বছৰ বয়সৰ ব্যক্তিসকলে আঁচনিখনৰ অধীনত নাম পঞ্জীয়ণ কৰাৰ যোগ্যতা লাভ কৰে। আঁচনিখনৰ বাবে পৰিশোধ কৰিবলগীয়া অৰিহণাৰ পৰিমাণ পচন্দ কৰা পেন্সনৰ পৰিমাণৰ ভিত্তিত বেলেগ বেলেগ হয়।

লাভসমূহ: আঁচনিখনত যোগদান কৰাৰ পিছত গ্ৰাহকে আগবঢ়োৱা অৰিহণাৰ ভিত্তিত গ্ৰাহকসকলে ৬০ বছৰ বয়সৰ পিছত ১০০০ টকা বা ২০০০ টকা বা ৩০০০ টকা বা ৪০০০ টকা বা ৫০০০ টকাৰ গেৰাণ্টীযুক্ত নিম্নতম মাহিলী পেন্সন লাভ কৰিব।

আঁচনিৰ লাভ বিতৰণ: মাহিলী পেন্সন গ্ৰাহকৰ বাবে উপলব্ধ, আৰু তেওঁৰ পিছত তেওঁৰ পত্নী আৰু তেওঁলোকৰ মৃত্যুৰ পিছত, গ্ৰাহকৰ ৬০ বছৰ বয়সত জমা হোৱা পেন্সন গ্ৰাহকৰ মনোনীত ব্যক্তিলৈ ঘূৰাই দিয়া হ'ব।

গ্ৰাহকৰ অকাল মৃত্যুৰ ক্ষেত্ৰত (৬০ বছৰ বয়সৰ আগতে হোৱা মৃত্যু)  মূল গ্ৰাহকে ৬০ বছৰৰ বয়স প্ৰাপ্ত নকৰা পৰ্যন্ত বাকী থকা সময়কালৰ বাবে গ্ৰাহকৰ পত্নীয়ে গ্ৰাহকৰ এপিৱাই একাউণ্টত অৰিহণা অব্যাহত ৰাখিব পাৰে।

কেন্দ্ৰীয় চৰকাৰৰ অৱদান: নিম্নতম পেন্সন চৰকাৰে নিশ্চিত কৰিব, অৰ্থাৎ যদি অৱদানৰ ওপৰত আধাৰিত সঞ্চিত পুঁজিয়ে বিনিয়োগৰ ক্ষেত্ৰত কৰা আনুমানিক লাভতকৈ কম উপাৰ্জন কৰে আৰু সেয়া নিম্নতম গেৰাণ্টীযুক্ত পেন্সনৰ লাভ প্ৰদান কৰিবলৈ পৰ্যাপ্ত নহয়, তেনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় ধনৰ অৱদান আগবঢ়াব। ইয়াৰ বিপৰীতে  যদি বিনায়োগৰ বিপৰীতে আশা কৰাতকৈ অধিক লাভ আদায় কৰিব পৰা যায়, তেন্তে তেনে পৰিস্থিতিত গ্ৰাহকসকলে বৰ্দ্ধিত হাৰৰ লাভ আদায় পাব।

পৰিশোধৰ কাল: গ্ৰাহকসকলে এপিৱাই মাহিলী/ত্ৰৈমাসিক/অৰ্ধ-বাৰ্ষিক ভিত্তিত অৱদান আগবঢ়াব পাৰে।

আঁচনিখন পৰা নাম প্ৰত্যাহাৰ: গ্ৰাহকসকলে চৰকাৰে আগবঢ়োৱা অৱদান আৰু ৰিটাৰ্ণ/সূত কৰ্তনৰ দৰে কিছুমান চৰ্ত সাপেক্ষে স্বেচ্ছাই এপিওৱাইৰ পৰা প্ৰস্থান কৰিব পাৰে

সাফল্যসমূহ: ২৭-০৪-২০২২ পৰ্যন্ত ৫ কোটিতকৈও অধিক ব্যক্তিয়ে আচনিখনত অংশগ্ৰহণ কৰিছে।

 

****



(Release ID: 1922625) Visitor Counter : 266