প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অন্ধ্ৰ প্ৰদেশৰ মংগলাগিৰিস্থিত ‘এইমছ’-ৰ সাফল্যৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীয়ে

Posted On: 05 APR 2023 11:13AM by PIB Guwahati

বহিঃ চিকিত্সা বিভাগত ১০ লাখ ৰোগীলৈ চিকিত্সা পৰামৰ্শ আগবঢ়াই অৰ্জন কৰা সাফল্যৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মংগলাগিৰিস্থিত ‘এইমছ’-ৰ শলাগ ল’লে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰসংগক্ৰমে শ্ৰী মোদীয়ে তেওঁৰ ‘মন কী বাত’ কাৰ্যক্ৰমৰ এটা খণ্ডত ‘টেলি-কনচাল্টেশ্যন’ সন্দৰ্ভত কৰা আলোচনাৰ কথা উল্লেখ কৰে। এই অনুষ্ঠানত তেওঁ চিকিত্সক আৰু এই পৰামৰ্শ গ্ৰহণ কৰি উপকৃত হোৱা ব্যক্তিবিশেষৰেও বাৰ্তালাপ কৰিছিল।

মংগলাগিৰিস্থিত ‘এইমছ’-ৰ এটা ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কৰা ‘টুইট’-ত কয়,

“প্ৰতিষ্ঠানটোৱে লাভ কৰা এয়া এক সুন্দৰ সাফল্য। #MannKiBaat ৰ এটা শেহতীয়া খণ্ডত মই ‘টেলি-কনচাল্টেশ্যন’ সন্দৰ্ভত আলোচনা কৰিছিলো। এই অনুষ্ঠানত চিকিত্সক আৰু এই পৰামৰ্শ গ্ৰহণ কৰি উপকৃত হোৱা ব্যক্তিবিশেষৰেও বাৰ্তালাপ কৰিছিলো”।

*****

DS/ST/KB



(Release ID: 1914289) Visitor Counter : 84