প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতীয় নৌ সেনাবাহিনীৰ বাবে ১১খন পৰৱৰ্তী প্ৰজন্মৰ পেট্ৰোল পৰিবাহী জাহাজ আৰু ৬খন মিছাইল পৰিবাহী জাহাজ অধিগ্ৰহণৰ উদ্দেশ্যে ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাসমূহৰে ১৯,৬০০ কোটি টকাৰ চুক্তি সম্পাদিত কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে

এই পদক্ষেপে ভাৰতীয় নৌ-সেনাক শক্তি সমৃদ্ধ কৰাৰ লগতে আত্মনিৰ্ভৰতাৰ ক্ষেত্ৰত গ্ৰহণ কৰা আমাৰ লক্ষ্যকো আৰু অধিক গতিশীলতা প্ৰদান কৰিব বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 31 MAR 2023 9:11AM by PIB Guwahati

এক ‘টুইট’যোগে প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্যালয়ে অৱগত কৰে যে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২০২৩ চনৰ ৩০ মাৰ্চত ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাসমূহৰ সৈতে ১১খন পৰৱৰ্তী প্ৰজন্মৰ পেট্ৰ'ল পৰিবাহী জাহাজ আৰু ছখন পৰৱৰ্তী প্ৰজন্মৰ মিছাইল পৰিবাহী জাহাজ ১৯,৬০০ কোটি টকাৰ সামগ্ৰিক ব্যয়ত অধিগ্ৰহণৰ উদ্দেশ্যে চুক্তি স্বাক্ষৰ কৰিছে।

‘আৰএমঅ' ইণ্ডিয়া’ৰ এই টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

"ই ভাৰতীয় নৌসেনাক শক্তিশালী কৰাৰ লগতে আত্মানিৰ্ভৰতাৰ ক্ষেত্ৰত আমাৰ লক্ষ্যকো অধিক গতি প্ৰদান কৰিব।"

*****

DS/S/KB



(Release ID: 1912976) Visitor Counter : 77