প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কেন্দ্ৰীয় বেংকিং বঁটা, ২০২৩ৰ ‘গৱৰ্ণৰ অফ দ্য ইয়েৰ’ পুৰস্কাৰ লাভ কৰাৰ বাবে আৰবিআইৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 17 MAR 2023 6:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰবিআইৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসক কেন্দ্ৰীয় বেংকিং বঁটা, ২০২৩ৰ ‘গৱৰ্ণৰ অফ দ্য ইয়েৰ’ পুৰস্কাৰ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷

চিএনবিচি টিভি১৮ৰ এটা বাতৰি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;

“আমাৰ দেশৰ বাবে এক অতিশয় গৌৰৱৰ বিষয় এই যে @RBI গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাস জীয়ে কেন্দ্ৰীয় বেংকিং বঁটা, ২০২৩ৰ ‘গৱৰ্ণৰ অফ দ্য ইয়েৰ’ পুৰস্কাৰ লাভ কৰিছে৷ তেওঁক অভিনন্দন জনাইছো৷

***

DS/ST/DB



(Release ID: 1907874) Visitor Counter : 111