প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বেংগালুৰুস্থিত কাৰ্ডিঅ’লজিষ্ট আৰু তেওঁৰ পুত্ৰৰ ৰিচাইক্লিঙৰ প্ৰয়াসক প্ৰধানমন্ত্ৰীৰ শলাগ

प्रविष्टि तिथि: 07 MAR 2023 2:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰুস্থিত জ্যেষ্ঠ কাৰ্ডিঅ’লজিষ্ট ডাঃ দীপক কৃষ্ণমূৰ্তি আৰু তেওঁৰ পুত্ৰৰ ৰিচাইক্লিং আৰু ‘ৱাষ্ট টু ৱেল্থ’ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াসৰ শলাগ লৈছে।

শ্ৰী মোদীয়ে আনকো একেধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ আহ্বান জনায়, যিয়ে ৰিচাইক্লিং আৰু ‘ৱাষ্ট টু ৱেল্থ’ সন্দৰ্ভত অধিক সজাগতা সৃষ্টি কৰিব।

চিকিৎসকজনে জনাইছে যে প্ৰতিটো শিক্ষাবৰ্ষৰ অন্তত তেওঁৰ পুত্ৰই সযত্নে বহীৰপৰা খালী কাগজসমূহ উলিয়াই দিয়ে আৰু চিকিৎসকজনে সেইসমূহক ৰাফ ৱৰ্ক আৰু প্ৰেকটিছৰ বাবে ব্যৱহাৰ কৰে।

চিকিৎসকজনে কৰা টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“এয়া এক উত্তম দলীয় প্ৰচেষ্টা, ই বহনক্ষম জীৱন-যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ বাৰ্তা বহন কৰিছে। আপোনাৰ পুত্ৰ আৰু আপোনাৰ এনে প্ৰয়াসৰ শলাগ লৈছো।

মই আনকো একেধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো, যিয়ে ৰিচাইক্লিং আৰু ‘ৱাষ্ট টু ৱেল্থ’ সন্দৰ্ভত অধিক সজাগতা সৃষ্টি কৰিব।”

****

DS/ST/SB


(रिलीज़ आईडी: 1906105) आगंतुक पटल : 170
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam