পোষ্ট কৰা হৈছে:
11 FEB 2023 10:40AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত ১২ ফেব্ৰুৱাৰী, ২০২৩ ৰ পুৱা ১১ বজাত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জয়ন্তী উপলক্ষে বছৰজোৰা উদযাপনৰ কাৰ্য্যসূচী উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে এই উপলক্ষে সমবেতসকলক সম্বোধন কৰিব।
১৮২৪ ৰ ১২ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা সমাজ সংস্কাৰক মহৰ্ষি দয়ানন্দ সৰস্বতীয়ে সেই সময়ত প্ৰচলিত সামাজিক বৈষম্য প্ৰতিহত কৰিবলৈ ১৮৭৫ ত আৰ্য্য সমাজ প্ৰতিষ্ঠা কৰিছিল। এই আৰ্য্য সমাজে, সমাজ সংস্কাৰ আৰু শিক্ষাত গুৰুত্ব আৰোপেৰে দেশখনৰ সাংস্কৃতিক আৰু সামাজিক জাগৰণত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
চৰকাৰে সমাজ সংস্কাৰক আৰু গুৰুত্বপূৰ্ণ ব্যক্তিত্ব বিশেষকৈ যিসকলৰ অৱদানে এতিয়াও সমগ্ৰ ভাৰত পৰ্য্যায়ত স্বীকৃতি লাভ কৰা নাই, তেওঁলোকৰ জীৱন পৰিক্ৰমা সোঁৱৰণৰ অংগীকাৰ কৰিছে। ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকীক জনজাতীয় গৌৰৱ দিৱস হিচাপে পালনৰ ঘোষণাৰপৰা আৰম্ভ কৰি শ্ৰী অৰবিন্দৰ ১৫০ সংখ্যক জয়ন্তী পালনৰ এক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰালৈকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মুখৰ পৰাই এনে পদক্ষেপৰ নেতৃত্ব প্ৰদান কৰি আহিছে।
***
DS/ST/SB