প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে জোশীমঠৰ পৰিস্থিতিৰ উচ্চ স্তৰীয় সমীক্ষা কৰে


ভাৰত চৰকাৰৰ এজেঞ্চি আৰু বিশেষজ্ঞ লঘু, মজলীয়া আৰু দীৰ্ঘকালীন যোজনা প্ৰস্তুত কৰাত ৰাজ্য চৰকাৰৰ সহায়ত নিয়োজিত

এনডিআৰএফৰ এটা টীম আৰু এছডিআৰএফৰ চাৰিটা টীম আগতেই জোশীমঠ পাইছেগৈ

প্ৰভাৱিত পৰিয়ালক সুৰক্ষিত স্থানলৈ নি থকা হৈছে

সীমা প্ৰবন্ধন সচিব আৰু এনডিএমএৰ সদস্য কাইলৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব আৰু পৰিস্থিতিৰ বুজ ল'ব

উত্তৰাখণ্ডৰ মুখ্য সচিবে জোশীমঠৰ পৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক অৱগত কৰে

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰবন্ধন প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰবন্ধন প্ৰতিষ্ঠান, ভাৰতীয় ভূবৈজ্ঞানিক সৰ্বেক্ষণ, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান ৰুড়কী, ৱাডিয়া ইনষ্টিটিউট অফ হিমালয়ান জিঅলজী, নেচনেল ইনষ্টিটিউট অফ হাইড্ৰলজী আৰু চেণ্ট্ৰেল বিল্ডিং ৰিছাৰ্চ ইনষ্টিটিউটৰ বিশেষজ্ঞৰ দলে অধ্যয়ন কৰি পৰামৰ্শ দিব

Posted On: 08 JAN 2023 6:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডাঃ পি কে মিশ্ৰই আজি ৮ জানুৱাৰী, ২০২৩ত জোশীমঠত ভৱন ক্ষতিগ্ৰস্ত হোৱা আৰু ভূমি স্খলনৰ ঘটনাৰ উচ্চ স্তৰীয় সমীক্ষা কৰে। এই সমীক্ষাত ভাৰত চৰকাৰৰ কেবিনেট সচিব, গৃহ সচিব, ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰবন্ধন প্ৰাধিকৰণৰ সদস্য, উত্তৰাখণ্ডৰ মুখ্য সচিব আৰু পুলিচ মহানিৰ্দেশক, জোশীমঠৰ জিলাধিকাৰী আৰু অন্য বিষয়াসকল, উত্তৰাখণ্ডৰ জ্যেষ্ঠ বিষয়া আৰু ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান ৰুড়কী, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান, ভাৰতীয় ভূবৈজ্ঞানিক সৰ্বেক্ষণ, ৱাডিয়া ইনষ্টিটিউট অফ হিমালয়ান জিঅলজীৰ বিশেষজ্ঞও ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত অন্তৰ্ভুক্ত হয়।

কোৱা হৈছে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চিন্তিত আৰু তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে পৰিস্থিতিৰ সমীক্ষা কৰিছে।

উত্তৰাখণ্ডৰ মুখ্য সচিবে কৈছে যে কেন্দ্ৰীয় বিশেষজ্ঞসকলৰ সহযোগত ৰাজ্য আৰু জিলাৰ বিষয়াসকলে ক্ষেত্ৰৰ পৰিস্থিতিৰ বুজ লৈছে। তেওঁলোকে কয় যে প্ৰায় ৩৫০ মিটাৰ ওখ মাটিৰ পট্টী প্ৰভাৱিত হৈছে। এনডিআৰএফৰ এটা দল আৰু এছডিআৰএফৰ চাৰিটা দল জোশীমঠত গৈ উপস্থিত হৈছে। জিলা প্ৰশাসনে প্ৰভাৱিত পৰিয়ালৰ বাবে ভোজন আশ্ৰয় আৰু সুৰক্ষাৰ পৰ্যাপ্ত ব্যৱস্থাৰে তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে কাম কৰি আছে। পুলিচ অধীক্ষক আৰু এছডিআৰএফৰ কমাণ্ডেণ্ট ঘটনাস্থলীত নিয়োজিত আছে। জোশীমঠৰ বাসিন্দাসকলক ঘটনাক্ৰমৰ বিষয়ে অৱগত কৰাই থকা হৈছে আৰু তেওঁলোকৰ সহযোগ লৈ থকা হৈছে। লঘু-মজলীয়া-দীৰ্ঘকালীন যোজনা প্ৰস্তুত কৰিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লৈ থকা হৈছে।

ইয়াৰ উপৰিও, সীমা প্ৰবন্ধন সচিব আৰু এনডিএমএৰ চাৰিওজন সদস্যই ৯ জানুৱাৰীত উত্তৰাখণ্ড ভ্ৰমণ কৰিব। তেওঁলোকে সম্প্ৰতি জোশীমঠৰ পৰা উভতি অহা টেকনিকেল দল (এনডিএমএ, এনআইডিএম, এনডিআৰএফ, জিএছআই, এনআইএইচ, ৱাডিয়া প্ৰতিষ্ঠান, আইআইটি ৰুড়কী)ৰ পৰামৰ্শৰ বিস্তৃত সমীক্ষা কৰিব আৰু ৰাজ্য চৰকাৰক পৰিস্থিতিৰ সমাধান কৰিবলৈ তাৎক্ষণিক, লঘু-মজলীয়া-দীৰ্ঘকালীন কাৰ্যব্যৱস্থাৰ ওপৰত পৰামৰ্শ দিব।

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে জোৰ দি কৈছে যে প্ৰভাৱিত ক্ষেত্ৰত থকা লোকসকলৰ সুৰক্ষা ৰাজ্যৰ বাবে তাৎক্ষণিক প্ৰাথমিকতা হোৱা উচিত। ৰাজ্য চৰকাৰে প্ৰভাৱিত লোকসকলৰ সৈতে এক স্পষ্ট আৰু নিৰন্তৰ যোগাযোগ স্থাপন কৰা উচিত। ব্যৱহাৰ যোগ্য উপায়ৰ মাধ্যমত পৰিস্থিতি অধিক বেয়া হোৱাটো ৰোধ কৰিবলৈ তাৎক্ষণিক প্ৰয়াস কৰা উচিত। প্ৰভাৱিত ক্ষেত্ৰৰ এক আভ্যন্তৰীণ অনুসন্ধান কৰা উচিত। সকলো কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ বিশেষজ্ঞ- ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰবন্ধন প্ৰাধিকৰণৰ (এনডিএমএ), ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান (এনআইডিএম), ভাৰতীয় ভূবৈজ্ঞানিক সৰ্বেক্ষণ (জিএছআই), ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইটি) ৰুড়কী, ৱাডিয়া ইনষ্টিটিউট অফ হিমালয়ান জিঅলজী (ডব্লিউআইএইচজি), ৰাষ্ট্ৰীয় জল বিজ্ঞান প্ৰতিষ্ঠান (এনআইএইচ) আৰু কেন্দ্ৰীয় ভৱন গৱেষণা প্ৰতিষ্ঠান (চিবিআৰআই)ক "সম্পূৰ্ণ চৰকাৰ" দৃষ্টিভংগীৰ ভাবনাৰে উত্তৰাখণ্ড ৰাজ্যৰ সৈতে লগ হৈ কাম কৰা উচিত। এটা স্পষ্ট সময়বদ্ধ পুনৰ নিৰ্মাণ যোজনা প্ৰস্তুত কৰা উচিত। নিৰন্তৰ ভূমিকম্পৰ নিৰীক্ষণ কৰা উচিত। এই ঘটনাৰ সৈতে সংগতি ৰাখি জোশীমঠৰ বাবে দুৰ্যোগৰ প্ৰতি এক সংবেদনশীল চহৰ বিকাশ যোজনাও বিকশিত কৰা উচিত।

 

***

 

DS



(Release ID: 1889796) Visitor Counter : 99