প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দীপান্বিতা উপলক্ষে কাৰ্গিলত জোৱানসকলৰে মত-বিনিময় কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Posted On: 24 OCT 2022 2:23PM by PIB Guwahati

ভাৰত মাতা কি জয়!

বীৰ আৰু বীৰত্বৰ পথিকৃৎ এই কাৰ্গিল ভূমিক অভিবাদন জনোৱাৰ হেঁপাহে মোক বাৰে-বাৰে ইয়াৰ সাহসী পুত্ৰ-কন্যাসকলৰ ওচৰলৈ টানি আনে। মোৰ বাবে আপোনালোক মোৰ পৰিয়ালৰেই সদস্য। আপোনালোক সকলোৰে মাজত দীপাৱলীৰ মাদকতা মধুৰ হৈ পৰে। মোৰ বাবে দীপাৱলীৰ পোহৰৰ ইয়াতেই উৎপত্তি হৈ পৰৱৰ্তী দীপাৱলীলৈকে মোক পথ প্ৰদৰ্শন কৰি থাকে। মোৰ বাবে দীপাৱলীৰ আনন্দ আৰু উদ্যম হৈছে আপোনালোকৰ সৈতে কটোৱা সময়খিনি। সীমান্তত আপোনাসৱৰ সৈতে দীপাৱলী উদযাপনৰ সুযোগ লাভ কৰি মই সৌভাগ্যৱান অনুভৱ কৰিছো। এফালে দেশখনৰ এই সাৰ্বভৌম সীমান্ত, আনফালে ইয়াৰ নিষ্ঠাবান সৈনিকসকল! এফালে আমাৰ মাতৃভূমিৰ পৱিত্ৰ মাটি, আনফালে মোৰ সাহসী ডেকা বন্ধু-বান্ধৱীসকলে এই মাটিক কপালত চন্দনৰ ‘তিলক’ হিচাপে লয়! মোৰ সাহসী সৈনিকসকল! মোৰ দীপাৱলী আৰু ক’ত ভালকৈ উদযাপন কৰিব পাৰিলোহেঁতেন? দীপাৱলীত আমাৰ দৰে সাধাৰণ নাগৰিকৰ আতচবাজী আৰু আপোনালোকৰ আতচবাজী সম্পূৰ্ণ বেলেগ। ইয়াৰ তুলনা কেতিয়াও কৰিব নোৱাৰি!

বন্ধুসকল,

বীৰত্বৰ কাহিনীৰ উপৰিও আমাৰ পৰম্পৰা মধুৰতাৰ বাবেও পৰিচিত। সেয়েহে, ভাৰতে নিজৰ উৎসৱসমূহ আনন্দেৰে পালন কৰে। ভাৰতে সমগ্ৰ বিশ্বৰ সৈতে উদযাপন কৰে। আজি দীপাৱালীৰ দিনা সকলো জোৱানৰ মাজত এই বিজয় ভূমি অৰ্থাৎ কাৰ্গিলৰপৰা সমগ্ৰ বিশ্ববাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। পাকিস্তানৰ বিৰুদ্ধে এনে এখনো যুদ্ধ হোৱা নাই য’ত কাৰ্গিলে বিজয়ৰ পতাকা উৰুওৱা নাই। আজিৰ বৈশ্বিক পৰিস্থিতিত এই পোহৰৰ উৎসৱে সমগ্ৰ বিশ্বক শান্তিৰ পথ দেখুৱাব লাগে। ভাৰতে ইয়াৰেই কামনা কৰিছে।

বন্ধুসকল,

দীপাৱলী মানে আতংকক পৰাভূতকৰণৰ উদযাপন! এয়া হৈছে আতংকৰ অৱসানৰ উদযাপন! কাৰ্গিলে একে কামেই কৰিছিল। কাৰ্গিলত আমাৰ সেনাই আতংকক মষিমূৰ কৰিছিল আৰু সেই বিজয়ৰ দিনা দেশখনে যিদৰে দীপাৱলী পালন কৰিছিল, সেই কথা আজিও জনসাধাৰণে মনত ৰাখিছে। ময়ো সেই জয়ৰ সাক্ষী হোৱাৰ সৌভাগ্য লাভ কৰিছিলো আৰু সেই যুদ্ধখনো মই ওচৰৰপৰা দেখিছিলো। আমাৰ বিষয়াসকলৰ প্ৰতি মই কৃতজ্ঞ কাৰণ মই ইয়ালৈ অহাৰ লগে-লগে তেওঁলোকে মোক, মোৰ কেইবাবছৰৰ পুৰণি ছবিসমূহ চোৱাৰ সুযোগ প্ৰদান কৰিছে। সেই ছবিসমূহ আছিল মোৰ আপোনাসৱৰ সৈতে কটোৱা সময়ৰ ছবি। এই ছবিসমূহ প্ৰত্যক্ষ কৰি গভীৰ আৱেগেৰে অভিভূত হৈছো। সাহসী সৈনিকসকলৰ মাজত কটোৱা মোৰ মুহূৰ্তবোৰৰ কথা সোঁৱৰাই দিয়াৰ বাবে আপোনালোক সকলোৰে ওচৰত মই অতিশয় কৃতজ্ঞ হৈ থাকিম; সঁচাকৈয়ে আপোনালোকৰ ওচৰত মই অতিশয় কৃতজ্ঞ। কাৰ্গিল যুদ্ধৰ সময়ত আমাৰ জোৱানসকলে শত্ৰুক যথোচিত প্ৰত্যুত্তৰ প্ৰদান কৰোতে মই তেওঁলোকৰ মাজত থকাৰ সৌভাগ্য লাভ কৰিছিলো। মোৰ কৰ্তব্যৰ তাগিদাই, দেশখনৰ এজন সাধাৰণ নাগৰিক হিচাপে মোক যুদ্ধক্ষেত্ৰলৈ আহিবলৈ বাধ্য কৰিছিল। দেশখনে নিজৰ সৈন্যৰ বাবে প্ৰেৰণ কৰা সাহায্য সামগ্ৰী আমি লৈ আহিছিলো। আমাৰ সকলোৰে বাবে এয়া আছিল এক এৰাব নোৱাৰা কাম। মানুহে ঈশ্বৰৰ প্ৰতি ভক্তি প্ৰকাশ কৰে। কিন্তু, মোৰ বাবে দেশপ্ৰেমৰ ৰঙেৰে আপোনাসৱৰ দৰে সৈনিকসকলক পূজা কৰাৰ সুযোগ সেয়াই আছিল। সেই সময়ৰ বহু স্মৃতি মোৰ মনত আছে, যাক মই কেতিয়াও পাহৰিব নোৱাৰো। এনে লাগিছিল যেন চাৰিওফালে বিজয়ৰ বিকুল শব্দ অনুৰণিত হৈছে। মাথো এটাই ধ্বনি - 'मन समर्पित, तन समर्पित। और यह जीवन समर्पित। चाहता हूँ देश की धरती तुझे कुछ और भी दूं!’ (‘এটি নিষ্ঠাবান মন, এটি নিষ্ঠাবান শৰীৰ আৰু এটি নিষ্ঠাবান জীৱন। মই মাতৃভূমিৰ বাবে আৰু কিবা এটা কৰিব খুজিছো’!)

বন্ধুসকল,

আমি যিখন ৰাষ্ট্ৰক পূজা কৰো অৰ্থাৎ আমাৰ ভাৰতখনি কেৱল ভৌগোলিক ভূমিয়েই নহয়। আমাৰ ভাৰত এক জীৱন্ত সত্তা, চিৰন্তন অস্তিত্বসম্পন্ন চেতনা। আমি ভাৰত বুলি ক’লে আমাৰ সন্মুখত এক চিৰন্তন সংস্কৃতিৰ প্ৰতিচ্ছবিয়ে ধৰা দিয়ে; সাহসৰ লিগেছী আমি দেখা পাওঁ; আমাৰ সন্মুখত এক শক্তিশালী শক্তিৰ পৰম্পৰা ভাঁহি উঠে। ই এনে এক অনবদ্য ধাৰা, যি এফালে সুউচ্চ হিমালয়ৰপৰা উৎপত্তি হৈ আনফালে ভাৰত মহাসাগৰত মিলি গৈছে। অতীতৰ অসীম ধুমুহাই বিশ্বৰ সমৃদ্ধিশালী সভ্যতাসমূহক গ্ৰাস কৰি পেলাইছিল, যিসমূহ শেষত হেৰাই গৈছিল। কিন্তু ভাৰতৰ অস্তিত্বৰ এই সাংস্কৃতিক ধাৰাটো এতিয়াও অখণ্ড আৰু চিৰন্তন। আৰু মোৰ প্ৰিয় সৈনিকসকল, এখন ৰাষ্ট্ৰ কেতিয়া অমৰ হৈ পৰে? এখন ৰাষ্ট্ৰ অমৰ হৈ পৰে তেতিয়া, যেতিয়া ইয়াৰ সন্তান বা সাহসী পুত্ৰ-কন্যাসকলৰ নিজৰ শক্তি আৰু সম্পদৰ ওপৰত অটল বিশ্বাস থাকে। এখনি ৰাষ্ট্ৰ অমৰ হয় তেতিয়া, যেতিয়া ইয়াৰ সৈন্যসকলৰ শিৰ হিমালয়ৰ সুউচ্চ শৃংগৰ দৰে ওখ হয়। এখন ৰাষ্ট্ৰ অমৰ হৈ পৰে তেতিয়া, যেতিয়া ইয়াৰ বংশধৰ সম্পৰ্কে ক’ব পাৰি - चलन्तु गिरयः कामं युगान्त पवनाहताः। कृच्छेरपि न चलत्येव धीराणां निश्चलं मनः॥ অৰ্থাৎ মহাপৰ্বতসমূহকো সম্ভৱতঃ প্ৰলয়ৰ ধুমুহাই উভালি পেলাব পাৰে, কিন্তু আপোনালোকৰ দৰে সাহসীসকলৰ মন দৃঢ়, অটল আৰু অবিচল। গতিকে আপোনালোকৰ সুদৃঢ় বাহু দুটাই হিমালয়ে অতিক্ৰম কৰিব নোৱাৰা উচ্চতাক প্ৰত্যাহ্বান জনাইছে; আপোনালোকৰ সু মনটোৱে মৰুভূমিত প্ৰত্যাহ্বানৰ মাজতো সফলতাৰে যুঁজে, অসীম আকাশ আৰু সীমাহীন সাগৰখনে আপোনালোকৰ অসীম শৌৰ্য্যৰ আগত শিৰনত কৰে। ভাৰতীয় সেনাৰ এই বীৰত্বৰ শক্তিশালী সাক্ষী হৈ পৰিছে কাৰ্গিলৰ যুদ্ধক্ষেত্ৰ। ভাৰতীয় সেনাৰ সাহস আৰু বীৰত্বৰ আগত পাহাৰৰ শিখৰতো শত্ৰুক সৰু যেন দেখা যায়। ইয়াৰ সাক্ষী দ্ৰাছ, বটালিক আৰু টাইগাৰ হিল। যিখন দেশত অসীম সাহসেৰে সৈনিকসকল থাকে, তাৰ অস্তিত্ব চিৰন্তন, অমৰ আৰু অদম্য হৈ পৰে।

বন্ধুসকল,

আপোনালোক সকলো আমাৰ সীমান্তত পহৰা প্ৰদানেৰে দেশখনৰ প্ৰতিৰক্ষাৰ একো-একোটা শক্তিশালী স্তম্ভ। আপোনালোকৰ বাবেই দেশবাসীয়ে দেশখনত শান্তিপূৰ্ণভাৱে জীৱন-নিৰ্বাহ কৰিবলৈ আৰু নিশ্চিন্তমনে থাকিবলৈ সক্ষম হৈছে। কিন্তু সঁচাকৈয়ে আশ্চৰ্য্যজনক কথা এয়ে যে প্ৰতিগৰাকী ভাৰতীয়ই দেশখনৰ সুৰক্ষামূলক ঢালখনক সম্পূৰ্ণ নিৰাপত্তা প্ৰদানৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে। সীমান্ত নিৰাপদ, অৰ্থনীতি সবল আৰু সমাজ আত্মবিশ্বাসেৰে ভৰপূৰ হ’লেহে দেশ এখন সুৰক্ষিত হয়। আজি দেশখনৰ সীমান্তত দেশখনৰ শক্তি সন্দৰ্ভত খবৰ শুনিলে আপোনালোকৰ সাহস দুগুণে বাঢ়ে। দেশৰ জনসাধাৰণে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযানত যোগদান কৰা, দৰিদ্ৰতমজনেও কম সময়তে নিজৰ পকী ঘৰ, খোৱাপানী, বিদ্যুৎ আৰু গেছৰ সুবিধা পোৱা মাত্ৰেকে প্ৰতিজন জোৱানেও গৌৰৱ অনুভৱ কৰে। তেওঁ সীমান্তত থকাৰ সময়তে যে এই সুবিধাসমূহে তেওঁৰ প্ৰিয় ঘৰ, গাওঁ বা চহৰখনক স্পৰ্শ কৰিছে, তাৰ উপলব্ধিৰে তেওঁ গৌৰৱ অনুভৱ কৰে। যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনত তেওঁ সন্তোষ অনুভৱ কৰে যাৰ জৰিয়তে ছুটীত ঘৰলৈ যোৱাটো সহজ হৈ পৰিছে।

বন্ধুসকল,

মই জানো, ৭-৮ বছৰৰ ভিতৰতে দেশখনৰ অৰ্থনীতি দশম স্থানৰপৰা ৫ম স্থানলৈ গতি কৰোতে আপোনাসৱেও দৰাচলতে গৌৰৱ অনুভৱ কৰিছে। আপোনাসৱেও আনন্দ অনুভৱ কৰে যেতিয়া এফালে আপোনালোকৰ দৰে যুৱক-যুৱতীসকলে সীমান্তত পহৰা দিয়ে, আনফালে আপোনালোকৰ যুৱ বন্ধুসকলে ৮০ হাজাৰৰো অধিক ষ্টাৰ্ট-আপ সৃষ্টিৰে উদ্ভাৱন কৰে। মাত্ৰ দুদিন পূৰ্বে ইছৰ’য়ে ব্ৰডবেণ্ড ইন্টাৰনেটৰ সম্প্ৰসাৰণৰ বাবে একেলগে ৩৬ টা উপগ্ৰহ উৎক্ষেপণেৰে এক নতুন অভিলেখ গঢ়ি তুলিছে। মহাকাশত ভাৰতে এনে সফলতা লাভ কৰিলে মোৰ সাহসী সৈনিকসকলেও নিশ্চয়কৈ গৌৰৱ অনুভৱ কৰে। কেইমাহমানৰ পূৰ্বে ইউক্ৰেইনত যুদ্ধ আৰম্ভ হওঁতে আমি সকলোৱে কেনেকৈ আমাৰ প্ৰিয় ত্ৰিৰংগাই তাত আবদ্ধ ভাৰতীয়সকলৰ বাবে সুৰক্ষামূলক ঢাল হৈ পৰিছিল, সেয়া দেখিছিলো। ভাৰতৰ গৌৰৱ আৰু ভূমিকা আজি বিশ্বত বাঢ়ি গৈ আছে আৰু সেয়া সকলোৱে দেখা পাইছো।

বন্ধুসকল,

আজি এনে সম্ভৱ হৈ পৰাৰ কাৰণ হৈছে ভাৰতে নিজৰ বাহ্যিক আৰু অভ্যন্তৰীণ, উভয় শত্ৰুৰ বিৰুদ্ধে সফলতাৰে যুঁজ দিছে। এফালে, আপোনালোকে সীমান্তত ঢাল হিচাপে থিয় দিছে, আনফালে দেশখনৰ ভিতৰৰ শত্ৰুৰ বিৰুদ্ধেও কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিছে। বিগত কেইটামান দশকত উদ্ভৱ হোৱা সন্ত্ৰাসবাদ, নক্সালবাদ আৰু উগ্ৰবাদক উভালি পেলাবলৈ দেশখনে অহৰহ সফল প্ৰচেষ্টা অব্যাহত ৰাখিছে। এসময়ত নক্সালবাদে দেশখনৰ এক অতিশয় বৃহৎ অংশ আগুৰি ধৰিছিল। কিন্তু আজি এয়া নিৰন্তৰভাৱে সংকুচিত হৈ আছে। আজি দেশখনত দুৰ্নীতিৰ বিৰুদ্ধেও নিৰ্ণায়ক যুঁজ প্ৰদান কৰা হৈছে। দুৰ্নীতিগ্ৰস্তসকল যিমানেই শক্তিশালী নহওঁক কিয়, তেওঁলোক এতিয়া সাৰি যাব নোৱাৰে। অপ-শাসনে দেশখনৰ সম্ভাৱনাক দীৰ্ঘদিনে সীমাবদ্ধ কৰি ৰাখিছিল, আমাৰ উন্নয়নৰ বাটত বাধাৰ সৃষ্টি কৰিছিল। আজি 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস' ৰ মন্ত্ৰেৰে আমি অতীতৰ সেই সকলোবোৰ অভাৱ ক্ষীপ্ৰতাৰে নোহোৱা কৰিছো। আজি আটাইতকৈ সাহসী সিদ্ধান্তসমূহ ক্ষীপ্ৰতাৰে লোৱা হৈছে আৰু ৰাষ্ট্ৰীয় স্বাৰ্থত এনে সিদ্ধান্তৰাজি ক্ষীপ্ৰভাৱে কাৰ্য্যকৰী কৰা হৈছে।

বন্ধুসকল,

দ্ৰুত পৰিৱৰ্তিত এই সময়ত ভৱিষ্যতৰ সম্ভাৱ্য যুদ্ধৰ স্বৰূপো এই প্ৰযুক্তিৰ যুগত সলনি হ’বলৈ আগবাঢ়িছে। আজি আমি নতুন যুগত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ নতুন প্ৰত্যাহ্বান, নতুন পদ্ধতি আৰু পৰিৱৰ্তিত প্ৰয়োজনীয়তা অনুসৰি দেশখনৰ সামৰিক শক্তিক সাজু কৰি তুলিছো। দশক-দশক ধৰি অনুভৱ কৰা সেনাবাহিনীত বৃহৎ সংস্কাৰৰ প্ৰয়োজনীয়তাক আজি পৰিপূৰণ কৰা হৈছে। আমাৰ বাহিনীসমূহৰ মাজত উন্নত সমন্বয় সাধন কৰিবলৈ আৰু প্ৰতিটো প্ৰত্যাহ্বানৰ বিৰুদ্ধে আমি ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ সকলো ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে চিডিএছৰ দৰে এটি পদ সৃষ্টি কৰা হৈছে। সীমান্তৰ আধুনিক আন্তঃগাঁথনিৰ এটা নেটৱৰ্ক গঢ়ি তোলা হৈছে, যাতে আপোনাৰ দৰে আমাৰ বন্ধুসকলে কৰ্তব্য পালনত অধিক সুচল অনুভৱ কৰে। আজি দেশখনত কেইবাখনো সৈনিক বিদ্যালয় মুকলি কৰা হৈছে। সৈনিক বিদ্যালয়ত কন্যাৰ বাবে সামৰিক প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি কৰা হৈছে আৰু গৰিষ্ঠসংখ্যক কন্যাক মই দেখি গৌৰৱ অনুভৱ কৰিছো। বিশ্বাস কৰক, ভাৰতীয় সেনাবাহিনীত কন্যাৰ প্ৰৱেশৰ লগে-লগে আমাৰ শক্তি বাঢ়িব; আমাৰ শক্তি বৃদ্ধি পাব।

বন্ধুসকল,

দেশখনৰ নিৰাপত্তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ভাৰতীয় সেনাবাহিনীত আধুনিক থলুৱা অস্ত্ৰ-শস্ত্ৰ থকাটো নিশ্চিত কৰা। বিদেশী অস্ত্ৰ আৰু বিদেশী ব্যৱস্থাৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ তিনিওটা সশস্ত্ৰ বাহিনীয়ে আত্মনিৰ্ভৰশীল হোৱাৰ অংগীকাৰ কৰিছে। আমাৰ তিনিওটা সশস্ত্ৰ বাহিনীৰ শলাগ ল’ব খুজিছো। তেওঁলোকে বহিঃৰাষ্ট্ৰৰপৰা ৪০০ ৰোধিক প্ৰতিৰক্ষা সঁজুলি ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া এই ৪০০ বিধ অস্ত্ৰ ভাৰততে গঢ়া হ’ব আৰু এই কাৰ্য্যই ভাৰতৰ সামৰ্থ্য বৃদ্ধি কৰিব। ইয়াৰ জৰিয়তে আন এক বৃহৎ সুবিধা হ’ব। ভাৰতৰ জোৱানসকলে নিজৰ দেশত গঢ়া অস্ত্ৰৰে যুঁজা মাত্ৰেকে তেওঁলোকৰ আত্মবিশ্বাস প্ৰকট হৈ উঠিব। তেওঁৰ আক্ৰমণত শত্ৰুৰ বাবে এক প্ৰবল শক্তি থাকিব আৰু সেই শক্তিয়ে তেওঁৰ শত্ৰুৰ মনোবল মষিমূৰ কৰিব। আৰু মই আনন্দিত যে আজি এফালে আমাৰ সেনাই সৰ্বাধিক ‘মেড ইন ইণ্ডিয়া’ অস্ত্ৰ গ্ৰহণৰ বিপৰীতে সাধাৰণ ভাৰতীয় লোক এজনেও ‘ভকেল ফৰ লোকেল’ ৰ অভিমুখে গতি কৰিছে। আৰু তেওঁ স্থানীয়ক গ্ল’বেললৈ ৰূপান্তৰিতকৰণৰ সপোন দেখিছে।

বন্ধুসকল,

আজি ব্ৰহ্ম ছুপাৰছনিক মিছাইল, ‘প্ৰচণ্ড’ লাইট কম্বাট হেলিকপ্টাৰ আৰু তেজছ যুঁজাৰু বিমানৰ দৰে প্ৰতিৰক্ষা সঁজুলিয়ে ভাৰতৰ শক্তিকে প্ৰতিফলিত কৰিছে। আজি ভাৰতৰ বিশাল মহাসাগৰত যোদ্ধা ‘বিক্ৰান্ত’ আছে। পানীৰ তলত যুদ্ধ কৰিবলৈ আমাৰ হাতত আছে ‘অৰিহন্ত’। ভাৰতৰ হাতত আছে ‘পৃথ্বী’ ৰ লগতে ‘আকাশ’ মিছাইল। আমাৰ হাতত ধ্বংসৰ বাবে 'তাণ্ডৱ' ৰ দৰে ক্ষেপণাস্ত্ৰৰ লগতে ভগৱান শিৱৰ 'ত্ৰিশূল' আৰু 'পিনাকা' আছে। যুদ্ধ যিমানেই আগ্ৰাসী নহওঁক কিয়, ভাৰতৰ অৰ্জুনে সদায় লক্ষ্যত আঘাত কৰিব। আজি ভাৰতে কেৱল ইয়াৰ সেনাৰ প্ৰয়োজনীয়তা পূৰণেই নহয়, বৰঞ্চ প্ৰতিৰক্ষা সঁজুলিৰ প্ৰধান ৰপ্তানিকাৰীও হৈ উঠিছে। আজি ভাৰতে নিজৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাক সুদৃঢ় কৰি তুলিছে। একে সময়তে ড্ৰোনৰ দৰে আধুনিক আৰু ফলপ্ৰসূ প্ৰযুক্তি সন্দৰ্ভতো ক্ষীপ্ৰতাৰে কাম কৰি আছে।

ভ্ৰাতৃ-ভগ্নীসকল,

পৰম্পৰাগতভাৱে আমি কেতিয়াও যুদ্ধক প্ৰথম বিকল্প হিচাপে গণ্য কৰা নাই। আমাৰ সাহস আৰু সামাজিক প্ৰমূল্যবোধৰ বাবে আমি সদায়েই যুদ্ধক শেষ বিকল্প হিচাপেহে বিবেচনা কৰি আহিছো। যুদ্ধখন লংকাতেই হওঁক বা কুৰুক্ষেত্ৰতেই হওঁক, শেষলৈকে ইয়াৰপৰা হাত সাৰিবলৈ সকলো প্ৰচেষ্টা চলোৱা হৈছে। সেইবাবেই আমি বিশ্ব শান্তিৰ পক্ষত অৱস্থান গ্ৰহণ কৰো। আমি যুদ্ধৰ বিৰোধী। কিন্তু শক্তি অবিহনে শান্তিও সম্ভৱ নহয়। আমাৰ বাহিনীৰ সামৰ্থ্যৰ লগতে কৌশলো আছে। কোনোবাই আমাক আক্ৰমণৰ অপচেষ্টা কৰিলে, আমাৰ তিনিওটা সশস্ত্ৰ বাহিনীয়ে শত্ৰুক তেওঁলোকৰ ভাষাৰে কেনেকৈ যথোচিত প্ৰত্যুত্তৰ প্ৰদান কৰিব লাগে, সেয়া ভালদৰেই জানে।

বন্ধুসকল,

পূৰ্বে আৰু এটা কথাই দেশখন আৰু আমাৰ সেনাৰ সন্মুখত বাধা হিচাপে থিয় দিছিল। আৰু সেয়াই হৈছে দাসত্বৰ মানসিকতা। আজি দেশখনে এই মানসিকতাৰপৰাও মুক্তি পাইছে। দীৰ্ঘদিনে ৰাষ্ট্ৰখনৰ ৰাজধানীৰ ৰাজপথ দাসত্বৰ প্ৰতীক আছিল। আজি ইয়াক ‘কৰ্তব্য-পথ’ হিচাপে পুনৰ নামকৰণেৰে আমি নব্য ভাৰতত এক নতুন আত্মবিশ্বাস জগাই তুলিছো। এসময়ত ইণ্ডিয়া গেটৰ ওচৰত ঔপনিৱেশিক শাসনৰ প্ৰতীক আছিল যদিও আজি আমাৰ সন্মুখত নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিশাল প্ৰতিমূৰ্তি আছে। যিয়ে আমাক এতিয়া পথ প্ৰদৰ্শন কৰিছে। ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকেই হওঁক বা ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকেই হওঁক, ৰাষ্ট্ৰখনৰ সুৰক্ষাৰ বাবে আমাক সকলো কাম কৰিবলৈ অনুপ্ৰেৰণা যোগোৱা এই কীৰ্তিচিহ্নসমূহো নব্য ভাৰতৰেই প্ৰতীক। কিছুদিনৰ পূৰ্বে দেশখনে ভাৰতীয় নৌসেনাকো দাসত্বৰ প্ৰতীকৰপৰা মুক্ত কৰিছে। এতিয়া মহাবীৰ শিৱাজী প্ৰসূত প্ৰেৰণাৰে নৌসেনাত নতুন ধ্বজাই সৌন্দৰ্য্যবৰ্ধন কৰিছে।

বন্ধুসকল,

আজি সমগ্ৰ বিশ্বই ভাৰত আৰু ইয়াৰ ক্ৰমবৰ্ধমান সম্ভাৱনাৰ প্ৰতি নজৰ ৰাখিছে। ভাৰতৰ শক্তিৰ বৰ্ধন ঘটিলে শান্তিৰ আশাও বাঢ়ে। ভাৰতৰ শক্তিৰ বৰ্ধন ঘটিলে সমৃদ্ধিৰ সম্ভাৱনাও বাঢ়ে। ভাৰতৰ শক্তিৰ বৰ্ধন ঘটিলে বিশ্বৰ ভাৰসাম্যও সন্তুলিত হয়। ‘আজাদী কা অমৃতকাল’ ভাৰতৰ এই শক্তিৰ প্ৰকৃত সাক্ষী হ’বলৈ আগবাঢ়িছে। আপোনালোকৰ দৰে সকলো সাহসী সৈনিকৰে এই ক্ষেত্ৰত এটি মুখ্য ভূমিকা আছে কিয়নো আপোনাসৱ হৈছে "ভাৰতৰ গৌৰৱ"।

 

(ভাৰতৰ সৈনিকসকলৰ বাবে উৎসৰ্গিত হিন্দী ভাষাৰ কবিতাৰ বিস্তৃত অনুবাদ)

“আপোনাৰ শৰীৰ, মন, বাঞ্ছা আৰু পথ ত্ৰিৰংগাৰ সমাৰ্থক; আপোনাৰ জয়ৰ বাবে দৃঢ় আত্মবিশ্বাস আছে; আপোনাৰ বুকুখন সীমাতকৈ বহল; আপোনাৰ সংকল্প সপোনতো প্ৰতিফলিত হয়, প্ৰতিটো খোজতে শক্তি দেখুৱায়; আপুনি ভাৰতৰ গৌৰৱ; প্ৰতিজন ভাৰতীয়ই আপোনাক লৈ গৌৰৱ অনুভৱ কৰে; আপোনাৰ বীৰত্বপূৰ্ণ কাহিনীয়ে প্ৰতিঘৰ গৃহস্থীতে প্ৰতিধ্বনিত হয়; সকলো পুৰুষ আৰু নাৰীয়ে আপোনালোকক প্ৰণাম জনাইছে; আমাৰ সকলোৰে আপোনাৰ প্ৰতি আছে সাগৰতকৈয়ো গভীৰ মৰম; আপোনাৰ পৰিয়াল আছে; আপোনাৰো সপোন আছে; তথাপিও আপুনি এই সকলোবোৰ দেশখনৰ বাবে উৎসৰ্গা কৰিছে; এতিয়া দেশৰ শত্ৰুৱে আপোনাৰ দৃঢ় ইচ্ছাক জানিছে; আপুনি ভাৰতৰ গৌৰৱ; প্ৰতিজন ভাৰতীয়ই আপোনাক লৈ গৌৰৱ অনুভৱ কৰে! প্ৰেমৰ বেলিকা আপোনাক সাগৰৰ শান্তিখিনিৰে তুলনা কৰিব পাৰি, কিন্তু কোনোৱে যদি দেশখনক লক্ষ্য কৰি ল’বলৈ সাহস কৰে, তেতিয়া আপোনাক ‘বজ্ৰ’ আৰু ‘বিক্ৰান্ত’ আৰু নিৰ্ভীক ‘অগ্নি’ ৰ সৈতে তুলনা কৰিব পাৰি! আপুনি ‘নিৰ্ভয়’, ‘প্ৰচণ্ড’ আৰু ‘নাগ’ (মিছাইল) ৰ দৰেই; আপুনি ‘অৰ্জুন’, ‘পৃথ্বী’ আৰু ‘অৰিহন্ত’; আপুনিয়েই আন্ধাৰবিনাশী; ইয়াত আপোনাৰ তপস্যাই দেশখনক কৃতজ্ঞ কৰি তোলে; আপুনি ভাৰতৰ গৌৰৱ; প্ৰতিজন ভাৰতীয়ই আপোনাক লৈ গৌৰৱ অনুভৱ কৰে; আপুনি নিজৰ শিৰ, আত্মসন্মান সহকাৰে ওপৰ কৰি ৰাখিছে; আপুনি আকাশত 'তেজছ' ৰ গৰ্জন; আপুনি হৈছে 'ব্ৰহ্ম' ৰ অজেয় চিঞৰ যিয়ে শত্ৰুৰ চকুত চকু থৈ প্ৰত্যুত্তৰ প্ৰদান কৰে; ৰাষ্ট্ৰখনে এই সত্য দোহাৰি কৈছে, আমি প্ৰতিটো মুহূৰ্ততে আপোনালোকৰ ওচৰত ঋণী; আপুনি ভাৰতৰ গৌৰৱ; প্ৰতিজন ভাৰতীয়ই আপোনাক লৈ গৌৰৱ অনুভৱ কৰে!”

মোৰ ফালৰপৰা আৰু মোৰ বীৰ জোৱানসকলৰ হৈ, মোৰ কাৰ্গিলৰ নায়কসকলে অৱস্থান কৰা হিমালয়ৰ কোলাৰপৰা আপোনালোক সকলোৰে লগতে দেশ তথা বিশ্বৰ ভাৰতীয় ৰাইজলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালো। সমস্বৰে কওঁহক যাতে আপোনাসৱৰ মাতটো সমগ্ৰ হিমালয়ত অনুৰণিত হয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

 

***

DS/VJ/IG/AK/SB


(Release ID: 1872186)