গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি হৰিয়ানাৰ সূৰজকুণ্ডত দুদিনীয়া চিন্তন শিৱিৰ সম্বোধন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ প্ৰেৰণাৰে আয়োজিত এই চিন্তন শিৱিৰে দেশৰ সন্মুখত থকা সকলো প্ৰত্যাহ্বানৰ একত্ৰিতভাৱে সন্মুখীন হোৱাৰ মঞ্চ প্ৰদান কৰিব

বামপন্থী উগ্ৰবাদেৰে প্ৰভাৱিত ক্ষেত্ৰ, জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূব, যি আগতে হিংসা আৰু অশান্তিৰ হট স্পট আছিল, সেয়া এতিয়া বিকাশৰ হট স্পট হৈ আছে

চাইবাৰ অপৰাধ আজি দেশ আৰু পৃথিৱীৰ সন্মুখত বহুত ডাঙৰ বিপদ, ইয়াৰ বিৰুদ্ধে যুঁজত গৃহ মন্ত্ৰালয় টঙালি বান্ধি সাজু

মোদী চৰকাৰে ‘Whole of Government’ তথা 'টীম ইণ্ডিয়া' এপ্ৰোচৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যত 3C’s অৰ্থাৎ কো-অপাৰেচন, কোঅৰ্ডিনেচন, কলেবৰেচনক উৎসাহ যোগাই আছে

নাৰ্কটিকছৰ বিপদৰ পৰা দেশ আৰু যুৱক-যুৱতীসকলক বচাবলৈ মোদী চৰকাৰ সংকল্পবদ্ধ আৰু আমাৰ এই নীতিৰ পৰিণাম দেখা গৈছে, যাৰ অধীনত এতিয়ালৈকে ২০০০০ কোটিৰো অধিক টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে

আজি অপৰাধৰ স্বৰূপ সলনি হৈছে আৰু ই সীমাৰহিত হৈ আছে, সেয়ে সকলো ৰাজ্যই লগ হৈ এটা উমৈহতীয়া ৰণনীতি প্ৰস্তুত কৰি ইয়াৰ বিৰুদ্ধে যুঁজিব লাগিব

মোদী চৰকাৰৰ সন্ত্রাসবাদৰ বিৰুদ্ধে জিৰ' টলাৰেঞ্চৰ নীতি আছে আৰু ইয়াৰ ওপৰত নিৰ্ণায়ক জয় সাব্যস্ত কৰিবলৈ

Posted On: 27 OCT 2022 6:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ মাৰ্গদৰ্শনত গৃহ মন্ত্ৰালয়ে জম্মু-কাশ্মীৰ, নৰ্থইষ্ট, সন্ত্রাসবাদ, মাদক দ্ৰব্যৰ চোৰাং ব্যৱসায়, বামপন্থী উগ্ৰবাদ তথা মহিলা সুৰক্ষাৰে জড়িত গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল বিষয়সমূহৰ ওপৰত অত্যন্ত প্ৰভাৱশালী তথা দূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে বামপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত ক্ষেত্ৰ, জম্মু-কাশ্মীৰ আৰু নৰ্থইষ্ট, যি আগতে কেতিয়াবা হিংসা আৰু অশান্তিৰ হট স্পট আছিল, সেয়া এতিয়া বিকাশৰ হট স্পট হৈ আছে। তেওঁ কয় যে যোৱা ৮ বছৰত নৰ্থইষ্টত সুৰক্ষাৰ স্থিতিত যথেষ্ট সংস্কাৰ হৈছে আৰু ২০১৪ৰ পাছৰ পৰা উগ্ৰবাদৰ ঘটনা ৭৪%, সুৰক্ষা বাহিনীৰ হতাহতৰ সংক্ষা ৬০% আৰু নাগৰিকৰ মৃত্যু প্ৰায় ৯০ শতাংশ কমিছে। ইয়াৰ উপৰিও NLFT, বড়ো, ব্ৰু, কাৰবি আংলং চুক্তি কৰি অঞ্চলত চিৰস্থায়ী শান্তি স্থাপন কৰাৰ প্ৰয়াস কৰা হয় যাৰ অধীনত ৯ হাজাৰৰো অধিক উগ্ৰপন্থীয়ে ছাৰেণ্ডাৰ কৰিছে। তেওঁ কয় যে নৰ্থইষ্টত শান্তি কায়েম হোৱাত ৬০ শতাংশৰো অধিক ক্ষেত্ৰৰ পৰা AFSPA অপসাৰণ কৰা হয়। বামপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলসমূহত হোৱা স্থিতিৰ সংশোধন সন্দৰ্ভত শ্ৰী শ্বাহে কয় যে এই অঞ্চলসমূহত হিংসাৰ ঘটনা ৭৭ শতাংশ কমিছে আৰু এই ঘটনাবোৰত হোৱা মৃত্যুৰ সংখ্যা ৮৫%ৰো অধিক কম হোৱা বুলি নথিভুক্ত হৈছে। শ্ৰী শ্বাহে কয় যে ৫ আগষ্ট, ২০১৯ত জম্মু-কাশ্মীৰত ধাৰা ৩৭০ অপসাৰণ কৰাৰ পাছৰ পৰা তাত শান্তি আৰু প্ৰগতিৰ এটা নতুন আৰম্ভণি হৈছে। তেওঁ কয় যে ৫ আগষ্ট, ২০১৯ৰ প্ৰথম ৩৭ মাহ আৰু পাছৰ ৩৭ মাহৰ যদি তুলনা কৰা হয় তেন্তে সন্ত্রাসবাদী ঘটনা ৩৪% আৰু সুৰক্ষা বাহিনীৰ মৃত্যু ৫৪% হ্ৰাস নথিভুক্ত কৰা হৈছে। তেওঁ কয় যে মোদী চৰকাৰৰ সন্ত্রাসবাদৰ বিৰুদ্ধে জিৰ' টলাৰেঞ্চৰ নীতি আছে আৰু ইয়াৰ ওপৰত নিৰ্ণায়ক জয় সাব্যস্ত কৰিবলৈ এনআইএ আৰু অন্য এজেঞ্চীবোৰক শক্তিশালী কৰি থকা হৈছে। শ্ৰী শ্বাহে কয় যে ২০২৪ৰ পূৰ্বে সকলো ৰাজ্যত এনআইএৰ শাখা স্থাপন কৰি সন্ত্রাসবাদ প্ৰতিৰোধী নেটৱৰ্ক গঢ়ি তোলাৰ প্ৰয়াস কৰি থকা হৈছে। শ্ৰী শ্বাহে কয় যে সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত নিৰ্ণায়ক জয় সাব্যস্ত কৰিবলৈ লিগেল ফ্ৰেমৱৰ্ক শক্তিশালী কৰি থকা হৈছে যাৰ অধীনত এনআইএ আৰু ইউএপিএ আইনসমূহত সংশোধন কৰি ব্যক্তিগত সন্ত্রাসবাদী ঘোষণা কৰাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে এনআইএক extra territorial ক্ষেত্ৰাধিকাৰ দিয়া হৈছে আৰু ইয়াৰ লগতে এজেঞ্চীক সন্ত্রাসবাদৰ পৰা অৰ্জিত/সম্পৃক্ত সম্পত্তি জব্দ কৰাৰ অধিকাৰো প্ৰদান কৰা হৈছে। শ্ৰী শ্বাহে কয় যে ২০২৪লৈকে দেশৰ সকলো ৰাজ্যত এনআইএৰ শাখা স্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ পাৰস্পৰিক সহযোগ আৰু সমন্বয়ৰ কাৰণেই আজি দেশৰ অধিকাংশ সুৰক্ষা হট স্পট ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ পৰা প্ৰায় মুক্ত হ'ল। শ্ৰী শ্বাহে কয় যে নাৰ্কটিকছৰ বিৰুদ্ধে মোদী চৰকাৰৰ জিৰ' টলাৰেঞ্চৰ নীতিৰ ভাল পৰিণাম পোৱা গৈছে আৰু যোৱা ৮ বছৰত ৩ হাজাৰ কেছ নথিভুক্ত কৰা হৈছে ইয়াৰ বিপৰীতে প্ৰায় ২০ হাজাৰ কোটি টকাৰ অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে চাইবাৰ অপৰাধ আজি দেশ আৰু পৃথিৱীৰ সন্মুখত বহুত ডাঙৰ বিপদ আৰু ইয়াৰ বিৰুদ্ধে যুঁজত গৃহ মন্ত্ৰালয় টঙালি বান্ধি সাজু। তেওঁ কয় যে গৃহ মন্ত্ৰালয়ে CRPC, IPC আৰু FCRAত সংশোধনৰ ওপৰত অহৰহ কাম কৰি আছে আৰু শীঘ্ৰেই ইয়াৰ সংশোধিত ৰূপ সংসদত দাখিল কৰা হ'ব। শ্ৰী শ্বাহে কয় যে সকলো ৰাজ্যই অপৰাধ প্ৰতিপন্ন কৰাৰ হাৰ বঢ়াবলৈ ফৰেনছিক বিজ্ঞানৰ অধিকতম ব্যৱহাৰ কৰা উচিত আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে NFSU প্ৰস্তুত কৰি সম্ভৱপৰ সকলো ধৰণৰ সহায় উপলব্ধ কৰোৱাইছে। তেওঁ এই কথাৰ ওপৰতো জোৰ দিয়ে যে সীমা সুৰক্ষা আৰু উপকূলৱৰ্তী সুৰক্ষা সুনিশ্চিত কৰিবলৈ সীমান্তৱৰ্তী ৰাজ্যসমূহে কেন্দ্ৰীয় এজেঞ্চী আৰু সুৰক্ষা বাহিনীৰ সৈতে মিলি অধিক সমন্বিত প্ৰয়াস কৰিব লাগিব। শ্ৰী শ্বাহে কয় যে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো মোদী চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে আৰু তেওঁ সকলো মুখ্যমন্ত্ৰীৰ প্ৰতি অনুৰোধ কৰে যে তেওঁলোকে এই পদক্ষেপসমূহৰ ওপৰত ৰূপায়ণৰ নিজে তত্বাৱধান লওক।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে দেশৰ সন্মুখত থকা প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিবলৈ উপলব্ধ আভ্যন্তৰীণ সুৰক্ষাৰ সকলো সম্পদৰ উচিত ব্যৱহাৰ কৰা দৰকাৰ। তেওঁ কয় যে ইয়াৰ বাবে ৰিছ'ৰ্চ অপ্টিমাইজেচন, ৰিছ'ৰ্চৰ যুক্তিসংগত ব্যৱহাৰ তথা ৰিছ'ৰ্চৰ সমন্বয় সাধন কৰিব লাগিব যাৰ জৰিয়তে ৰাজ্যসমূহৰ মাজত সমন্বয় আৰু ভাল হ'ব। শ্ৰী শ্বাহে কয় যে মোদী চৰকাৰে "এক ডাটা, এক এণ্ট্ৰী"ৰ সিদ্ধান্তৰ ওপৰত কাম কৰি আছে আৰু ইয়াৰ জৰিয়তে এনআইএক সন্ত্রাসবাদী বিষয় সম্পৰ্কীয় নেচনেল ডেটাবেছ, এনচিবিক নাৰ্কটিকছ সম্পৰ্কীয় নেচনেল ডেটাবেছ, ইডিক অৰ্থনৈতিক বিষয় সম্পৰ্কীয় ডেটাবেছ আৰু এনচিআৰবিক ফিংগাৰপ্ৰিণ্ট ডেটাবেছ- NAFIS আৰু যৌন অপৰাধীৰ ৰাষ্ট্ৰীয় ডেটাবেছ (এনডিএছঅ') বনোৱাৰ দায়িত্ব দিয়া হৈছে। তেওঁ কয় যে নিয়ামক সংশোধনৰ অধীনত I4C অৰ্থাৎ ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেচন চেণ্টাৰ গঠন কৰা হৈছে, চাইবাৰ ক্ৰাইম পৰ্টেল বনোৱা হৈছে, নেটগ্ৰিড কানেক্টৰ প্ৰণালী স্থাপন কৰা হৈছে, বেচৰকাৰী সুৰক্ষা এজেঞ্চী লাইছেঞ্চিং পৰ্টেল বনোৱা হৈছে আৰু এফচিআৰএত সংশোধন কৰা হৈছে। শ্ৰী শ্বাহে কয় যে এফচিআৰএত সংশোধনৰ জৰিয়তে দেশবিৰোধী কাৰ্যকলাপ, ধৰ্মান্তৰকৰণ, বিকাশ পৰিকল্পনাৰ ৰাজনৈতিক বিৰোধ বা চৰকাৰৰ নীতিৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাত লিপ্ত কিছুমান সংগঠনৰ ওপৰত ব্যৱস্থা আৰু ২০২০ত হোৱা সংশোধনৰ জৰিয়তে বিদেশী ফাণ্ডিঙৰ অপব্যৱহাৰ ৰোধ আৰু সংগঠনসমূহৰ প্ৰভাৱশালী তত্বাৱধান সম্ভৱপৰ হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰে তিনিটা প্ৰধান প্ৰত্যাহ্বানৰ ওপৰত সময়বদ্ধ ৰণনীতিৰ জৰিয়তে কাম কৰি আছে। প্ৰথম, স্বাস্থ্য সেৱাসমূহৰ বাবে পূৰ্ণ যোজনা। ইয়াৰ অধীনত আয়ুষ্মান চিএপিএফ যোজনা আৰম্ভ কৰা হয় আৰু ইয়াত প্ৰায় ৩৫ লাখ স্বাস্থ্য কাৰ্ড বিতৰণ কৰা হৈছে আৰু প্ৰায় ২০ কোটি টকা পৰিশোধ কৰা হৈছে। দ্বিতীয়, হাউছিং ছেটিস্ফেকচন অনুপাত বঢ়োৱা। আৱাসীয় সন্তুষ্টিৰ স্তৰ ২০১৪ত প্ৰায় ৩৭ শতাংশ আছিল, যিটো বৰ্তমান বাঢ়ি ৪৮ শতাংশ হৈছে। ইয়াৰ উপৰিও CAPFs e-Awas ৱেব পৰ্টেল হোৱাত এই স্তৰ বঢ়াই ৬০ শতাংশ কৰাৰ লক্ষ্য ৰখা হৈছে। তৃতীয়, ইজ অফ পুলিচিং যাৰ অধীনত ১০০ দিনৰ ছুটী, সেৱানিবৃত্তিৰ বয়স ৫৭ৰ পৰা বঢ়াই ৬০ বছৰ কৰা আৰু ৬৪,৬৪০ প্ৰাৰ্থী ভৰ্তিৰ ব্যৱস্থা আছে। তেওঁ কয় যে আমি পুলিচিঙত ৰিজনেল এপ্ৰোচক থীমেটিক এপ্ৰোচৰ ফালে লৈ যাব লাগিব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে দেশৰ বিকাশ, স্থিৰতা আৰু সুশাসনৰ বাবে আভ্যন্তৰীণ সুৰক্ষা সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু এয়া আমাৰ সকলোৰে উমৈহতীয়া দায়িত্ব। তেওঁ কয় যে ৰাষ্ট্ৰ নিৰ্মাণত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সমান দায়িত্ব। কোনো দেশ তেতিয়াই আগবাঢ়িব পাৰে যেতিয়া সেই দেশৰ সকলো এজেঞ্চীৰ মাজত ঘনিষ্ঠ সহযোগ থাকে। শ্ৰী শ্বাহে কয় যে স্বাধীনতাৰ অমৃত কালত সহকাৰী সংঘবাদৰ ভাবনা আমাৰ প্ৰেৰণা শক্তি হোৱা উচিত আৰু বিশ্বাস ব্যক্ত কৰে যে এই চিন্তন শিৱিৰে দেশত ক্ষেত্ৰীয় সহযোগিতা আৰু বিস্তাৰ কৰিব।

 

***

NW/RK/AY/SM/AK/RR/AS



(Release ID: 1871469) Visitor Counter : 147