প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীত পিএম-কিষাণ সন্মান সন্মিলন ২০২২ৰ শুভাৰম্ভণীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণ পাঠ

Posted On: 17 OCT 2022 4:36PM by PIB Guwahati

ভাৰত মাতা কী– জয়

ভাৰত মাতা কী– জয়

ভাৰত মাতা কী– জয়

 

চৌদিশে উৎসৱৰ প্ৰতিধ্বনি শুনা গৈছে, দেৱালীয়ে দুৱাৰত টুকুৰিয়াই আছে। আৰু আজি এই একেটা চৌহদতে, একেখন মঞ্চত ষ্টাৰ্ট-আপো আছে আৰু দেশৰ লাখ লাখ কৃষকো আছে। জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান আৰু জয় অনুসন্ধান, এক প্ৰকাৰে, এই সমাৰোহত আমি এই মন্ত্ৰৰ এক জীৱন্ত ৰূপ দেখিবলৈ পাইছোঁ।

 

বন্ধুসকল,

ভাৰতৰ কৃষিৰ সকলো মুখ্য অংশীদাৰ আজি প্ৰত্যক্ষভাৱে আৰু ভাৰ্চুৱেলী সমগ্ৰ দেশৰ প্ৰতিটো কোণৰ পৰা এই কাৰ্যসূচীত আমাৰ সৈতে যোগদান কৰিছে। এনে এক গুৰুত্বপূৰ্ণ মঞ্চৰ পৰা কৃষকসকলৰ জীৱন সহজ কৰি তোলা, কৃষকসকলক অধিক সমৃদ্ধিশালী কৰা আৰু আমাৰ কৃষি ব্যৱস্থাৰ অধিক আধুনিকীকৰণৰ বাবে আজি বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজি দেশত ৬০০তকৈও অধিক প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ আৰম্ভ কৰা হৈছে। মই এতিয়া ইয়াত থকা প্ৰদৰ্শনীখন চাই আছিলোঁ। প্ৰদৰ্শনীখনত এনে এনে অধিক প্ৰযুক্তিৰ উদ্ভাৱন আছে যে মোৰ মনটোৱে মই তাত আৰু অলপ ৰোৱাটো বিচাৰিছিল, কিন্তু এইয়া উৎসৱৰ বতৰ, আপোনাসৱে অধিক ৰ'ব নালাগে, সেয়েহে মই মঞ্চলৈ গুচি আহিলোঁ। কিন্তু তাত মই প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰৰ যি এক মডেল উপস্থাপন কৰা দেখা পালোঁ, তাৰ বাবে মই সঁচাকৈয়ে মনসুখ ভাই আৰু তেওঁৰ দলক অভিনন্দন জনাইছোঁ যে কৃষকৰ বাবে কেৱল সাৰ ক্ৰয় আৰু বিক্ৰীৰ কেন্দ্ৰ নহয়, কৃষকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা, তেওঁলোকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব পৰা, তেওঁলোকক প্ৰতিটো প্ৰয়োজনত সহায় কৰিব পৰা এই কিষাণ সমৃদ্ধি কেন্দ্ৰ গঢ়ি তোলা হৈছে।

 

বন্ধুসকল,

অলপ আগতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি হিচাপে ১৬,০০০ কোটি টকাৰ আন এটা কিস্তি জমা দিয়া হৈছে। আপোনাসৱৰ মাজৰ  এই মুহূৰ্তত ইয়াত বহি থকা কৃষকসকলে যদি মোবাইল চাই, তেন্তে আপোনাসৱৰ একাউণ্টত ২০০০ টকা জমা হোৱাৰ খবৰ আপোনাসৱৰ মোবাইলত লাভ কৰিব। কোনো মধ্যস্থতাকাৰী, কোনো কোম্পানী নাই, পোনপটীয়াকৈ মোৰ কৃষকৰ একাউণ্টলৈ টকা যায়। এই উপলক্ষে দেৱালীৰ পূৰ্বে আমাৰ সকলো হিতাধিকাৰী কৃষক পৰিয়াল, দেশৰ প্ৰতিটো কোণৰ সকলো কৃষক, তেওঁলোকৰ পৰিয়ালক অভিনন্দন জনাইছোঁ।

ইয়াত থকা কৃষি ষ্টাৰ্ট-আপবোৰ, যিসকলে ইয়াৰ অনুষ্ঠানলৈ আহিছে, যিসকলে ইয়াত অংশ লৈছে, কৃষকসকলৰ উন্নতিৰ বাবে তেওঁলোকে যি যি নতুন উদ্ভাৱন কৰিছে, তেওঁলোক(কৃষকসকল)ৰ কঠোৰ পৰিশ্ৰম কেনেদৰে হ্ৰাস কৰিব পাৰি, তেওঁলোকৰ ধন কেনেদৰে সঞ্চয় কৰিব লাগে, তেওঁলোকৰ কাম কেনেদৰে দ্ৰুত কৰিব পাৰি, তেওঁলোকৰ সীমিত ভূমিত কিদৰে অধিক উৎপাদন কৰিব পাৰি, এনে অনেক কাম, এই আমাৰ ষ্টাৰ্টআপৰ গৰাকীসকলে, আমাৰ এই যুৱক সকলে কৰিছে। মই সেই সকলোবোৰ চাই আছিলোঁ। এটাৰ উপৰি আনটো উদ্ভাৱন দৃশ্যমান হৈ আছে। মই আজি কৃষকসকলৰ সৈতে সংযুক্ত হৈ থকা এনে সকলো যুৱক-যুৱতীক অভিনন্দন জনাইছোঁ আৰু ইয়াৰ অংশীদাৰ হোৱাৰ বাবে তেওঁলোকক হৃদয়েৰে অভিনন্দন আৰু স্বাগতম জনাইছোঁ।

 

বন্ধুসকল,

আজি, ভাৰত ব্ৰেণ্ডৰ অধীনত কৃষকসকলক সুলভ আৰু মানসম্পন্ন সাৰ প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে, ই আজিৰ পৰা আৰম্ভ হৈছে। ২০১৪ চনৰ আগতে, সাৰ খণ্ডত বৃহত্ সংকট আছিল, ইউৰিয়া কেনেদৰে ক'লা বজাৰ কৰা হৈছিল, কৃষকসকলৰ অধিকাৰ কেনেদৰে কাঢ়ি লোৱা হৈছিল, আৰু তাৰ বিনিময়ত কৃষকসকলে লাঠীৰ কোব খাব লগীয়া হৈছিল। আমাৰ কৃষক ভাই-ভনীসকলে ২০১৪ চনৰ আগৰ সেই দিনবোৰ কেতিয়াও পাহৰিব নোৱাৰে। দেশৰ ডাঙৰ ইউৰিয়া কাৰখানাবোৰ বহু বছৰ আগতে বন্ধ হৈছিল। কিয়নো এক নতুন পৃথিৱীৰ উদ্ভৱ হৈছিল, আমদানি কৰাৰ পলত বহু লোকৰ ঘৰ ভৰিছিল, পকেট ভৰিছিল। সেয়েহে তেওঁলোকে ইয়াৰ কাৰখানাবোৰ বন্ধ হোৱাত ভাল পাইছিল। আমি ১০০ শতাংশ ইউৰিয়া নিম আচ্ছাদিত কৰি ইউৰিয়াৰ কলাবজাৰ বন্ধ কৰিছিলোঁ। আমি দেশৰ ছয়টা সৰ্ববৃহৎ ইউৰিয়া কাৰখানা পুনৰ আৰম্ভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছোঁ, যিকেইটা বছৰ বছৰ ধৰি বন্ধ হৈ আছে।

 

বন্ধুসকল,

এতিয়া ইউৰিয়া উৎপাদনত আত্মনিৰ্ভৰশীলতাৰ বাবে ভাৰতে দ্ৰুতগতিত তৰল নেনো ইউৰিয়াৰ দিশে আগবাঢ়িছে। নেনো ইউৰিয়া হৈছে কম খৰচত অধিক উৎপাদনৰ এক মাধ্যম। পূৰ্বে যিসকলে ইউৰিয়াৰ এটা বস্তা ক্ৰয় কৰিছিল তেওঁলোকে এতিয়া নেনো ইউৰিয়াৰ এটা সৰু বটলৰ কিনিলেই হৈ যায়। এয়া হৈছে বিজ্ঞানৰ আশ্চৰ্য, প্ৰযুক্তিৰ আশ্চৰ্য।আৰু ইয়াৰ ফলত যিসকল কৃষকে ইউৰিয়াৰ বস্তা আনিছিল, তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, পৰিবহনৰ ব্যয়, আৰু ঘৰত ৰখাৰ স্থান- এই সকলো সমস্যাৰ পৰা এতিয়া পৰিত্ৰাণ পাইছে। এতিয়া আপুনি বজাৰলৈ গৈ দহটা আন বস্তুৰ সৈতে পকেটত নেনো ইউৰিয়াৰ এটা বটল ৰাখিলেই কাম সম্পন্ন হয়।

সাৰ খণ্ডত আমাৰ সংস্কাৰৰ প্ৰচেষ্টাত আজি আৰু দুটা গুৰুত্বপূৰ্ণ সংস্কাৰ, গুৰুত্বপূৰ্ণ পৰিৱৰ্তন যোগ হ'বলৈ গৈ আছে। প্ৰথম পৰিৱৰ্তনটো হ'ল আজিৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ হিচাপে সমগ্ৰ দেশত ৩.২৫ লাখতকৈও অধিক সাৰৰ দোকান বিকশিত কৰাৰ বাবে এক অভিযান আৰম্ভ কৰা হৈছে। এইবোৰ কেন্দ্ৰত কেৱল সাৰেই উপলব্ধ নহয়, বীজ, সঁজুলি, মাটিৰ গুণ পৰীক্ষা, সকলো ধৰণৰ তথ্য উপলব্ধ হ'ব। আমাৰ কৃষক ভাই-ভনীসকলে এতিয়াৰে পৰা কৃষি সংক্ৰান্তীয় কামৰ বাবে ইফালৰ পৰা সিফাললৈ ঢাপলি মেলিব নালাগে। আমাৰ কৃষক ভাইসকলৰ এই সমস্যা পৰিত্ৰাণৰ লগতে আৰু এক অতি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা হৈছে, যি বিষয়ত অলপ আগেয়ে নৰেন্দ্ৰ সিং তোমাৰজীয়ে যথেষ্ট বিতংভাৱে বৰ্ণনা কৰিছিল। সেই পৰিৱৰ্তন হৈছে সাৰৰ ব্ৰেণ্ডৰ সন্দৰ্ভত, ইয়াৰ নামৰ সন্দৰ্ভত,সামগ্ৰীৰ একেই মানদণ্ডৰ সন্দৰ্ভত। এতিয়ালৈকে, এই কোম্পানীবোৰৰ প্ৰচাৰৰ বাবে আৰু তাত সাৰ বিক্ৰী কৰা লোকসকলৰ বাবে, যিসকলে অধিক কমিছন পায় সেই ব্ৰেণ্ডটোৱে অধিক বিক্ৰী হৈছিল। যদি কমিছন কম হয়, তেন্তে সেই ব্ৰেণ্ডটো বিক্ৰী কম হৈছিল। আৰু ইয়াৰ বাবে, কৃষকে প্ৰয়োজন অনুসৰি যি মানদণ্ডৰ সাৰ পাব লাগে, এই প্ৰতিযোগিতাবোৰৰ বাবে, বিভিন্ন নামৰ বাবে আৰু ইয়াক বিক্ৰী কৰা এজেণ্টসকলৰ স্বেচ্ছাচাৰীতাৰ ফল কৃষকে ভুগিছিল। আৰু কৃষকসকলো বিভ্ৰান্তিত পৰিছিল। যেতিয়া চুবুৰীয়াজনে কয় যে মই এইটো আনিলো, তেওঁ ভাবে যে মই এইটো আনিছো, মই এটা ভুল কৰিছোঁ, ভালটো নানিলোঁ, হওঁক, মই এটা নতুন আনিছো। কেতিয়াবা কৃষক এজনে এই বিভ্ৰান্তিৰ বাবে দুগুণ ব্যয় কৰিবলগীয়া হয়।

ডিএপি, এমওপি, এনপিকে- কোনটো কোম্পানী ক্ৰয় কৰা উচিত? এইটো কৃষকজনৰ বাবে চিন্তাৰ বিষয় আছিল। বহুসময়ত অধিক বিখ্যাত সাৰত টকা বেছিকৈ দিব লগা হৈছিল। এতিয়া ধৰি লওক তেওঁৰ মনত আছে এটা ব্ৰেণ্ডৰ নাম আৰু তেওঁ সেইটো নাপাই আনটো ল'ব লগা হল, তাৰ পিছত তেওঁ ভাবে যে ইয়াক আগতে এক কিলো ব্যৱহাৰ কৰোঁ, এতিয়া মই দুই কিলো কৰোঁ কাৰণ ব্ৰেণ্ডটো আন এটা আৰু কেনে মই নাজানো, অৰ্থাৎ তেওঁৰ খৰচ অধিক হৈ পৰে। এই সকলোবোৰ সমস্যা একেলগে সমাধান কৰা হৈছে।

এতিয়া এক ৰাষ্ট্ৰ, এক সাৰৰ সৈতে, কৃষকে সকলো ধৰণৰ বিভ্ৰান্তিৰ পৰা পৰিত্ৰাণ পাব আৰু উন্নত সাৰো উপলব্ধ হ'ব। এতিয়া দেশৰ যিকোনো কোণলৈ যাওক, একে নামেৰে, একে ব্ৰেণ্ডৰ সৈতে, আৰু একে মানদণ্ডৰ ইউৰিয়া বিক্ৰী কৰা হ'ব আৰু এই ব্ৰেণ্ডটো হৈছে-ভাৰত! এতিয়া দেশত ইউৰিয়া কেৱল ভাৰত ব্ৰেণ্ডৰ পৰাহে উপলব্ধ হ'ব। যেতিয়া সমগ্ৰ দেশতে সাৰৰ ব্ৰেণ্ড একে হয়, তেতিয়া কোম্পানীৰ নামত সাৰক লৈ হোৱা যুঁজো সমাপ্ত হ'ব। ই সাৰৰ মূল্যও হ্ৰাস কৰিব, পৰ্যাপ্ত পৰিমাণত দ্ৰুতগতিত উপলব্ধও হব।

 

বন্ধুসকল,

আজি, আমাৰ দেশৰ প্ৰায় ৮৫ শতাংশই কৃষক ক্ষুদ্ৰ কৃষক। তেওঁলোকৰ এক হেক্টৰ, ডেৰ হেক্টৰৰ অধিক মাটি নাই। আৰু কেৱল এয়াই নহয়, সময়ৰ লগে লগে, যেতিয়া পৰিয়াল সম্প্ৰসাৰিত হয়, পৰিয়াল ডাঙৰ হয়, তেতিয়া কম মাটি এটুকুৰাও টুকুৰা টুকুৰা হৈ যায়। মাটি সৰু সৰু টুকুৰাত বিভক্ত হোৱাৰ লগতে আজিকালি আমি জলবায়ু পৰিৱৰ্তন দেখিবলৈ পাইছোঁ। দেৱালী আহিছে, অথচ বৰষুণে যোৱাৰ নাম লোৱা নাই। প্ৰাকৃতিক প্ৰকোপ অব্যাহত থাকে।

 

বন্ধুসকল,

একেদৰে যদি মাটি বেয়া হয়, আমাৰ ধৰিত্ৰী মা সমস্যাৰে ভাৰাক্ৰান্ত হ'লে আমাৰ মাতৃ পৃথিৱী অসুস্থ হৈ পৰিব, তেতিয়া আমাৰ মাতৃয়েও তেওঁৰ উৰ্বৰ ক্ষমতা হেৰুৱাব, যদি পানীৰ স্বাস্থ্য বেয়া হয়, তেন্তে অধিক সমস্যা হ'ব। এই সকলোবোৰ কৃষকে তেওঁৰ দৈনন্দিন জীৱনত অনুভৱ কৰে। এনে পৰিস্থিতিত, কৃষিৰ উৎপাদন বৃদ্ধি কৰিবলৈ, ভাল উৎপাদনৰ বাবে, আমি কৃষিৰ ক্ষেত্ৰত নতুন প্ৰণালী সৃষ্টি কৰিব লাগিব, অধিক বৈজ্ঞানিক পদ্ধতি গ্ৰহণ কৰিব লাগিব, মুক্ত মনেৰে অধিক প্ৰযুক্তি গ্ৰহণ কৰিব লাগিব।

 

এই চিন্তাধাৰাৰ জৰিয়তে আমি কৃষি খণ্ডত বৈজ্ঞানিক পদ্ধতি বৃদ্ধি, প্ৰযুক্তিৰ সৰ্বাধিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। আজি দেশৰ কৃষকসকলক ২২ কোটি মাটিৰ স্বাস্থ্য কাৰ্ড প্ৰদান কৰা হৈছে যাতে তেওঁলোকে মাটিৰ স্বাস্থ্যৰ বিষয়ে সঠিক তথ্য লাভ কৰে। কৃষকসকলৰ বাবে সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ বীজ উপলব্ধ হোৱাটো নিশ্চিত কৰিবলৈ আমি বৈজ্ঞানিক প্ৰচেষ্টা চলাই আছো। যোৱা ৭-৮ বছৰত, কৃষকসকলৰ বাবে ১৭০০ তকৈও অধিক প্ৰকাৰৰ বীজ উপলব্ধ কৰা হৈছে, যি এই পৰিৱৰ্তনশীল বতৰৰ পৰিস্থিতিতো তেওঁলোকৰ উদ্দেশ্য পূৰণ কৰিব পাৰে, অনুকূল হৈ থাকে।

আমাৰ ওচৰত থকা পৰম্পৰাগত মোটা শস্য-বাজৰাৰ বীজৰ মানদণ্ড বৃদ্ধি কৰাৰ বাবে আজি দেশত বহুতো কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। চৰকাৰৰ প্ৰচেষ্টাৰ সৈতে, অহা বছৰটোক সমগ্ৰ বিশ্বতে মোটা খাদ্যশস্যৰ আন্তৰ্জাতিক বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে। সমগ্ৰ বিশ্বতে আমাৰ মোটা শস্যৰ চৰ্চা হ'বলৈ গৈ আছে। এতিয়া সুযোগ আপোনাসৱৰ সন্মুখত আছে, আপোনাসৱে ভাবক কিদৰে বিশ্বৰ বজাৰত উপনীত হ'ব।

আপোনালোক সকলোৱে যোৱা ৮ বছৰত জলসিঞ্চনৰ ওপৰত কৰা কামৰ বিষয়েও ভালদৰে অৱগত। আমাৰ দেশত, আগতে পথাৰবোৰ পানীৰে ভৰ্তি কৰি, যেতিয়ালৈকে কৃষকে পথাৰত পানীত ডুব যোৱা শস্য দেখা নাপায়, যদিহে শস্যৰ আগ পানীৰ বাহিৰত দেখা যায়, তেন্তে পানী কম হোৱা বুলি ভাবি আৰু পানী দি থকা হৈছিল, গোটেই পথাৰখন পুখুৰীৰ দৰে কৰি তোলা হৈছিল। ইয়াৰ ফলত পানীৰো অপচয় হয়, মাটিৰো অপচয় হয় আৰু শস্যও নষ্ট হয়। আমি কৃষকসকলক এই পৰিস্থিতিৰ পৰা বাহিৰ কৰাৰ ক্ষেত্ৰতো কাম কৰিছোঁ। প্ৰতি বিন্দুত অধিক শস্য, ক্ষুদ্ৰ জলসিঞ্চন-ইয়াৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে, বিন্দু বিন্দু জলসিঞ্চনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। স্প্ৰিংক্লাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

আগতে, আমাৰ কুঁহিয়াৰ খেতিয়কে বিশ্বাস কৰা নাছিল যে কুঁহিয়াৰ খেতি কম পানীৰেও কৰিব পাৰি। এতিয়া এইটো প্ৰমাণিত হৈছে যে স্প্ৰিংক্লাৰৰ জৰিয়তে বিন্দু বিন্দু জলসিঞ্চন কৰি পানী ৰাহি কৰাৰ লগতে কুঁহিয়াৰৰ উত্পাদনশীলতাও বৃদ্ধি কৰিব পাৰি। অধিক পানী খুওৱা জন্তুৱে গাখীৰ অধিক দিব বুলি ভাবি যদি কুঁহিয়াৰ পথাৰত অধিক পানী দিলে ভাল ফল পোৱা যাব বুলি ভবা হয়, সেয়া সঠিক নহয়। যোৱা ৭-৮ বছৰত, দেশৰ প্ৰায় ৭০ লাখ হেক্টৰ ভূমি ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনলৈ অনা হৈছে।

 

বন্ধুসকল,

ভৱিষ্যতৰ সমস্যাসমূহ সমাধানৰ বাবে প্ৰাকৃতিক কৃষিও এক গুৰুত্বপূৰ্ণ উপায়। ইয়াৰ বাবেও আমি আজি সমগ্ৰ দেশতে যথেষ্ট সজাগতাৰ সৃষ্টিৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। কৃষকসকলে গুজৰাট, হিমাচল প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশৰ লগতে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ডত প্ৰাকৃতিক কৃষি সন্দৰ্ভত যথেষ্ট পৰিমাণে কাম কৰি আছে। গুজৰাটত, জিলা আৰু গ্ৰাম পঞ্চায়ত পৰ্যায়ত পৰিকল্পনা কৰা হৈছে। যোৱা বছৰবোৰত,  প্ৰাকৃতিক কৃষিয়ে যিদৰে নতুন বজাৰ লাভ কৰিছে, যিদৰে ইয়াক উৎসাহিত কৰা হৈছে, তাৰ ফলত উৎপাদনো বহুগুণে বৃদ্ধি পাইছে।

 

বন্ধুসকল,

আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকল কেনেদৰে লাভান্বিত হয় তাৰ এটা উদাহৰণ হ'ল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি। এই আঁচনিখন আৰম্ভ হোৱাৰ পিছত, কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ২ লাখ কোটি টকা স্থানান্তৰ কৰা হৈছে। যেতিয়া বীজ ক্ৰয়ৰ সময় হয়, যেতিয়া সাৰ ক্ৰয়ৰ সময় হয়, তেতিয়া এই ধনেৰে কৃষকে সুফল লাভ কৰে। দেশৰ ৮৫ শতাংশতকৈও অধিক ক্ষুদ্ৰ কৃষকৰ বাবে এইটো এটা বৃহৎ ব্যয়। আজি সমগ্ৰ দেশৰ কৃষকসকলে মোক কয় যে প্ৰধানমন্ত্ৰী কিষাণ নিধিয়ে তেওঁলোকৰ অনেক দুশ্চিন্তা হ্ৰাস কৰিছে।

 

বন্ধুসকল,

আজি, উন্নত আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি, আমি খেতি আৰু বজাৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰিছোঁ। ইয়াৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে আমাৰ ক্ষুদ্ৰ কৃষক, যিসকল ফল-পাচলি-গাখীৰ-মাছৰ দৰে পচনশীল সামগ্ৰীৰ সৈতে সম্পৰ্কিত। কিষাণ ৰে'ল আৰু কৃষি উড়ান বিমান সেৱাৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকলেও যথেষ্ট লাভান্বিত হৈছে। এই আধুনিক সুবিধাসমূহে আজি কৃষি ক্ষেত্ৰক সমগ্ৰ দেশৰ ডাঙৰ চহৰসমূহৰ সৈতে, বিদেশৰ বজাৰৰ সৈতে সংযোগ কৰিছে।

ইয়াৰ এটা ফলাফল হৈছে যে কৃষি ক্ষেত্ৰৰ পৰা ৰপ্তানি এতিয়া সেই দেশবোৰলৈ হ'বলৈ আৰম্ভ কৰিছে, যি আগতে কোনেও কল্পনা কৰিব পৰা নাছিল। কৃষিজাত ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ১০খন শীৰ্ষ দেশৰ ভিতৰত আছে। কৰোনাৰ বাধা সত্বেও, দুবছৰ সমস্যাত পৰাৰ পাছতো আমাৰ কৃষিৰ ৰপ্তানি ১৮ শতাংশ বৃদ্ধি হৈছে।

গুজৰাটৰ পৰা বৃহৎ সংখ্যক কমলম ফল, যাক পাহাৰীয়া ভাষাত ড্ৰেগন ফল বুলি কোৱা হয়, আজি বিদেশৰ বজালৈ গৈছে। প্ৰথমবাৰৰ বাবে, হিমাচলৰ পৰা ক'লা নহৰু ৰপ্তানি কৰা হৈছে। অসমৰ বাৰ্মিজ আঙুৰ, লাডাখৰ এপ্ৰিকট, জলগাঁৱৰ কল, ভাগলপুৰৰ জৰ্দাৰী আম-এইধৰণৰ বহুতো ফল প্ৰথমবাৰৰ বাবে বিদেশলৈ ৰপ্তানি হৈছে। ৱান ডিষ্ট্ৰিক্ট ৱান প্ৰডাক্টৰ দৰে আঁচনিৰ অধীনত, এইধৰণৰ পৰিৱেশ অনুকূল ফচল উৎপাদনত আজি উৎসাহিত কৰা হৈছে। আজি জিলা পৰ্যায়ত ৰপ্তানি কেন্দ্ৰও নিৰ্মাণ কৰা হৈছে, যাৰ ফলত কৃষকসকল উপকৃত হৈছে।

 

বন্ধুসকল,

বিশ্বৰ বজাৰত আজি প্ৰক্ৰিয়াজাত খাদ্য সৰবৰাহৰ ক্ষেত্ৰতো আমাৰ অংশীদাৰিত্ব যথেষ্ট বৃদ্ধি পাইছে। ই কৃষকসকলৰ বাবে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচ্চ মূল্য পোৱাৰ পথ মুকলি কৰি দিছে। উত্তৰাখণ্ডৰ মোটা শস্য প্ৰথমবাৰৰ বাবে ডেনমাৰ্কলৈ ৰপ্তানি হৈছে। একেদৰে, কৰ্ণাটকৰ জৈৱিক কঁঠালৰ গুৰিও বিশ্বৰ বজাৰলৈ ৰপ্তানি হৈছে। এতিয়া ত্ৰিপুৰায়ো ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। আমি যোৱা ৮ বছৰত এই বীজবোৰ ৰোপণ কৰিছোঁ, যাৰ ফচল এতিয়া পকিবলৈ আৰম্ভ কৰিছে।

 

বন্ধুসকল,

আপোনাসৱে ভাবক, মই কিছুমান পৰিসংখ্যা দিছোঁ। এই পৰিসংখ্যাবোৰ শুনি, আপোনাসৱে অনুভৱ কৰিব কেনেদৰে প্ৰগতি আৰু পৰিৱৰ্তন হয়। আঠ বছৰ আগতে, য'ত দেশত মাত্ৰ দুখন ডাঙৰ ফুড পাৰ্ক আছিল, আজি এই সংখ্যা ২৩খনলৈ বৃদ্ধি হৈছে। এতিয়া আমাৰ প্ৰয়াস হৈছে কৃষক উৎপাদক সংস্থা অৰ্থাৎ এফপিঅ' আৰু ভগ্নীসকলৰ আত্মসহায়ক গোটবোৰক এই খণ্ডৰ সৈতে অধিকভাৱে জড়িত কৰা। শীতল ভঁৰাল, খাদ্য প্ৰক্ৰিয়াকৰণ, ৰপ্তানিৰ দৰে প্ৰতিটো ক্ষেত্ৰতেই আজি চৰকাৰে ক্ষুদ্ৰ কৃষকসকলক পোনপটীয়াকৈ জড়িত কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আছে।

 

বন্ধুসকল,

আধুনিক প্ৰযুক্তিৰ যথাযথ ব্যৱহাৰৰ জৰিয়তে বীজৰ পৰা বজাৰলৈ সমগ্ৰ প্ৰণালীটোত ডাঙৰ পৰিৱৰ্তন সাধন কৰা হৈছে। আমাৰ কৃষি মণ্ডিসমূহকো আধুনিকীকৰণ কৰা হৈছে। একে সময়তে, প্ৰযুক্তিৰ জৰিয়তে কৃষকসকলে ঘৰতে বহি থকা দেশৰ যিকোনো মাণ্ডিত তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰে, e-NAMৰ জৰিয়তেও এইটো কৰা হৈছে। এতিয়ালৈকে, ২.৭৫কোটিৰো অধিক কৃষক আৰু দেশৰ ২.৫লাখৰো অধিক ব্যৱসায়ী e-NAMত সংযুক্ত হৈছে।

আপোনাসৱে এইটো জানিও সুখী হ'ব যে এতিয়ালৈকে ইয়াৰ জৰিয়তে ২ লাখ কোটি টকাৰ অধিক লেনদেন কৰা হৈছে। আপোনাসৱে নিশ্চয় দেখিছে যে আজি দেশৰ গাওঁবোৰত মাটি আৰু ঘৰৰ মানচিত্ৰ প্ৰস্তুত কৰি কৃষকসকলক সম্পত্তি কাৰ্ডো দিয়া হৈছে। এই সকলোবোৰ কামৰ বাবে ড্ৰোনৰ দৰে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।

 

বন্ধুসকল,

কৃষিকাৰ্যক অধিক লাভজনক কৰি তুলিবলৈ আমাৰ ষ্টাৰ্ট-আপবোৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে এক নতুন যুগৰ সূচনা কৰিছে। আজি ইয়াত ইমান বৃহৎ সংখ্যক ষ্টাৰ্ট-আপৰ সৈতে জড়িত বন্ধু আছে। ৭-৮ বছৰ পূৰ্বে, কৃষিক্ষেত্ৰত ষ্টাৰ্ট-আপৰ সংখ্যা ১০০ আছিল, আজি ৩ হাজাৰৰো অধিক ষ্টাৰ্টআপে কৃষিৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰক লৈ কাম কৰি আছে। ভাৰতৰ নতুন প্ৰজন্মৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলে নতুন নতুন উদ্ভাৱনৰ জৰিয়তে ভাৰতীয় কৃষি তথা দেশৰ নতুন গ্ৰাম্য অৰ্থনীতিৰ ভৱিষ্যত নতুনকৈ গঢ়ি তুলিছে। আমাৰ ষ্টাৰ্ট-আপবোৰত ব্যয়ৰ পৰা পৰিবহনলৈকে প্ৰতিটো সমস্যাৰ সমাধান আছে।

এতিয়া চাওক কৃষক ড্ৰোন প্ৰকল্পৰ জৰিয়তে কৃষকসকলৰ জীৱন আৰু সহজ হ'ব। মাটি কেনেকুৱা, মাটিৰ বাবে কি সাৰ লাগে, কিমান জলসিঞ্চনৰ প্ৰয়োজন, কি ৰোগত কি ঔষধৰ প্ৰয়োজন, ইয়াৰ পূৰ্বানুমান ড্ৰোনে কৰিব পাৰে আৰু আপোনাক সঠিক নিৰ্দেশনা দিব পাৰে। যদি ঔষধ স্প্ৰে কৰিব লগা হয়, ড্ৰোনে য'ত প্ৰয়োজন হয়, যিমান প্ৰয়োজন হয় সেয়া স্প্ৰে কৰে। ই স্প্ৰে আৰু সাৰৰ অপচয় ৰোধ কৰিব আৰু কৃষকৰ শৰীৰত পৰা ৰাসায়নিক পদাৰ্থৰ কুপ্ৰভাৱৰ পৰা মোৰ কৃষক ভাই- ভনীসকলক বচাব।

 

ভাই-ভনীসকল,

আজি আন এটা ডাঙৰ প্ৰত্যাহ্বান মই নিশ্চিতভাৱে আপোনালোক সকলো কৃষক বন্ধু, আমাৰ উদ্ভাৱকসকলৰ সন্মুখত দাঙি ধৰিব বিচাৰো। মই কিয় আত্মনিৰ্ভৰশীলতা আৰু কৃষিৰ ওপৰত ইমান গুৰুত্ব দিছোঁ, ইয়াত কৃষকসকলৰ ভূমিকা কি সেয়া বুজি আমি সকলোৱে মিছন মোডত কাম কৰিব লাগিব। আজি, আমি দেশলৈ যিসমূহ সামগ্ৰী আমদানি কৰাত সবাতোকৈ অধিক ব্যয় কৰোঁ সেই বস্তুবোৰ হৈছে-খোৱা তেল, সাৰ, খাৰুৱা তেল । সেইবোৰ ক্ৰয় কৰিবলৈ, প্ৰতি বছৰে আমাৰ দেশৰ লাখ কোটি টকা খৰচ হয়। আমি যিসমূহ দেশৰ পৰা এইবোৰ ক্ৰয় কৰোঁ, সেইবোৰ দেশত কোনো সমস্যা হলে, ইয়াৰ প্ৰভাৱ আমাৰ দেশৰ ওপৰতো সম্পূৰ্ণভাৱে পৰে।

কৰোনাৰ সংকটকালত আমি নানা প্ৰতিকূলতাৰ সমাধান বিচাৰি হায়ৰাণ হৈছিলোঁ। কৰোনা এতিয়াও সম্পূৰ্ণভাৱে সমাপ্ত হোৱা নাই, ইয়াৰ পূৰ্বে যুঁদ্ধ আৰম্ভ হৈ গৈছে। আৰু এইবোৰ এনেকুৱা ঠাই য'ৰ পৰা আমি সামগ্ৰী আমদানি কৰিছিলো। যিসমূহ দেশত আমাৰ অধিক প্ৰয়োজনীয়তা আছিল, সেইসমূহ দেশ যুদ্ধত জড়িত হৈ আছে। এনে দেশসমূহৰ যুদ্ধৰ কুপ্ৰভাৱো আমাৰ ওপৰত পৰিছে। এতিয়া সাৰৰ কথাই ধৰক। ইউৰিয়া, ডিএপি বা অন্যান্য সাৰ হওঁক, সেইবোৰ আজি বিশ্বৰ বজাৰত ইমান ব্যয়বহুল হৈ পৰিছে যে আমাৰ দেশে অনেক অৰ্থনৈতিক বোজা বহন কৰিব লাগিব। আজি, আমি বিদেশৰ পৰা প্ৰতি কিলোগ্ৰাম ইউৰিয়া ৭৫-৮০ টকাত ক্ৰয় কৰোঁ। কিন্তু আমাৰ দেশৰ কৃষকসকলক ভাৰাক্ৰান্ত কৰিব নালাগে, আমাৰ কৃষকসকলে কোনো নতুন সংকটৰ সন্মুখীন হ'ব নালাগে। যি ইউৰিয়া আমি বাহিৰৰ পৰা ৭০-৮০ টকাত আমাৰ আনিছো, আমি ইয়াক কৃষকসকলক ৫ বা ৬ টকাত বিতৰণ কৰিছোঁ,  যাতে মোৰ কৃষক ভাই-ভনীসকলে ক্ষতিগ্ৰস্ত নহয়। এই বছৰ, ইয়াৰ বাবে চৰকাৰী কোষাগাৰৰ ওপৰত বোজা পৰিছে, বহুতো কাম কৰাত বাধা হৈছে। এই বছৰ, কেন্দ্ৰীয় চৰকাৰে ইউৰিয়া ক্ৰয়ৰ বাবে প্ৰায় ২.৫ লাখ কোটি টকা ব্যয় কৰিব লগা হৈছে।

 

ভাই-ভনীসকল,

আমদানিৰ ক্ষেত্ৰত এই ব্যয় হ্ৰাস কৰিবলৈ, দেশক স্বাৱলম্বী কৰি তুলিবলৈ, আমি সকলোৱে একেলগে সংকল্প ল'ব লাগিব, আমি সকলোৱে একেলগে সেই দিশত খোজ দিব লাগিব, আমি সকলোৱে বিদেশৰ পৰা খাদ্যবস্তু আৰু খেতিৰ বাবে বস্তু কমকৈ আনিব লাগিব, আমি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সংকল্প ল'ব লাগিব। খাৰুৱা তেল আৰু গেছৰ ওপৰত বিদেশী নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আজি দেশত জৈৱ ইন্ধন, ইথানলৰ ওপৰত যথেষ্ট কাম চলি আছে। কৃষকসকল এই কামৰ সৈতে পোনপটীয়াকৈ জড়িত। আজি কৃষকৰ উৎপাদিত ইথানলৰ পৰা এতিয়া বাহন চলিছে আৰু আৱৰ্জনা, গোবৰৰ পৰা তৈয়াৰ কৰা জৈৱ গেছৰ পৰা জৈৱ-চিএনজি উৎপাদনৰ কাম চলিছে। আমি খোৱা তেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে মিছন অইল পামো আৰম্ভ কৰিছোঁ।

আজি মই আপোনালোক সকলো কৃষক বন্ধুক এই অভিযানৰ সৰ্বাধিক সুবিধা ল'বলৈ অনুৰোধ জনাইছোঁ। তৈলবীজৰ উৎপাদন বৃদ্ধি কৰি আমি খোৱা তেলৰ আমদানি যথেষ্ট হ্ৰাস কৰিব পাৰোঁ। দেশৰ কৃষকসকল ইয়াৰ বাবে সম্পূৰ্ণৰূপে সক্ষম। মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে ২০১৫ চনত মই আপোনাসৱক আহ্বান জনাইছিলোঁ। আপোনাসৱে মোৰ অনুৰোধ শিৰোধাৰ্য কৰি দেশক মাহজাতীয় শস্যৰ উৎপাদনত আত্মনিৰ্ভৰশীল হোৱাৰ পথত আগুৱাই নিছে। অন্যথা, আগতে আমি বিদেশৰ পৰা মাহজাতীয় শস্য প্ৰচুৰ পৰিমাণে ক্ৰয় কৰিব লাগিছিল। কিন্তু আমাৰ কৃষকসকলে সিদ্ধান্ত লৈছিল আৰু তেওঁলোকে মাহজাতীয় শস্যৰ উৎপাদন প্ৰায় ৭০ শতাংশ বৃদ্ধি কৰিছিল। এনে ইচ্ছা শক্তিৰে আমি আগবাঢ়িব লাগিব, ভাৰতৰ কৃষিক অধিক আধুনিক কৰি তুলিব লাগিব, ইয়াক নতুন শিখৰলৈ আগুৱাই নিব লাগিব। এই সংকল্পৰ জৰিয়তে মই মোৰ সকলো কৃষক ভাই-ভনী আৰু ষ্টাৰ্টআপৰ সৈতে জড়িত সকলো যুৱক-যুৱতীলৈ অনেক শুভেচ্ছা জনাইছোঁ।

 

বহুত ধন্যবাদ!

 

***

DS/ST/NS/KG



(Release ID: 1869446) Visitor Counter : 134