প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ মেহছানাৰ মোধেৰাত ৩,৯০০ কোটিতকৈ অধিক টকা মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে


মোধেৰাক দেশৰ প্ৰথম ২৪x৭ সৌৰশক্তি চালিত গাঁও হিচাপে ঘোষণা প্ৰধানমন্ত্ৰীৰ

“আজি মোধেৰা, মেহছানা আৰু সমগ্ৰ উত্তৰ গুজৰাটৰ উন্নয়নৰ ক্ষেত্ৰত নতুন শক্তিৰ উৎপত্তিৰ প্ৰতীক হৈছে”

“পৃথিৱীৰ যিকোনো ঠাইতে সৌৰশক্তিৰ বিষয়ে যিকোনো আলোচনাত মোধেৰা সদায় স্থান লাভ কৰিব”

“প্ৰয়োজনীয় বিদ্যুৎ ব্যৱহাৰ কৰি অতিৰিক্ত বিদ্যুৎ চৰকাৰক বিক্ৰী কৰক”

“দ্বৈত ইঞ্জিনযুক্ত চৰকাৰ নৰেন্দ্ৰ আৰু ভূপেন্দ্ৰ এক হৈ পৰিছে”

“সূৰ্য্যৰ পোহৰে বৈষম্য নকৰাৰ দৰে উন্নয়নৰ পোহৰো প্ৰত্যেক ঘৰ-জুপুৰী গৈ পাইছে”

Posted On: 09 OCT 2022 10:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেহছানা মোধেৰাত ৩৯০০ কোটিৰো অধিক টকা মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে মোধেৰা গাঁওখন ভাৰতৰ প্ৰথম ২৪x৭ সৌৰশক্তি চালিত গাঁও হিচাপে ঘোষণা কৰে।

এই উপলক্ষে সমবেত লোকসকলক ভাষণ আগবঢ়ায় প্ৰধানমন্ত্ৰীয়ে কয় যে আজি মোধেৰা, মেহছানা আৰু সমগ্ৰ উত্তৰ গুজৰাটৰ উন্নয়নৰ ক্ষেত্ৰত নতুন শক্তিৰ উৎপত্তিৰ প্ৰতীক হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিদ্যুৎ আৰু পানীৰ পৰা আৰম্ভ কৰি ৰে’ল আৰু পথ, দুগ্ধজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি দক্ষতা বিকাশ আৰু স্বাস্থ্যলৈকে একাধিক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰা হৈছে। সুবিধাসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পসমূহ অঞ্চলটোত কৰ্মসংস্থাপনৰ উৎস হৈ পৰিব আৰু পশুপালনৰ ক্ষেত্ৰত কৃষক আৰু জনসাধাৰণৰ আয় বৃদ্ধি কৰাত সহায়ক হ’ব লগতে ৰাজ্যখনৰ ঐতিহ্য পৰ্যটনকো উদ্গনি যোগাব৷

প্ৰধানমন্ত্ৰীয়ে লগতে দেশবাসীলৈ শাৰদ পূৰ্ণিমা আৰু বাল্মীকি জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে মহৰ্ষি বাল্মিকীয়ে আমাক ভগৱান ৰামৰ ‘সমৰ’ জীৱনৰ সৈতে পৰিচয় কৰাই দিছে আৰু সমতাৰ পাঠ শিকাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বে মোধেৰা সূৰ্য্য মন্দিৰৰ বাবে পৰিচিত আছিল যদিও এতিয়া সূৰ্য মন্দিৰে সৌৰ গ্ৰামক অনুপ্ৰাণিত কৰিছে আৰু সেইটোৱে বিশ্বৰ পৰিৱেশ আৰু শক্তিৰ মানচিত্ৰত স্থান লাভ কৰিছে। যুগ যুগ ধৰি মোধেৰাক নিশ্চিহ্ন কৰিবলৈ কেইবাবাৰো চেষ্টা চলোৱাৰ পাছতো এতিয়া মোধেৰা প্ৰাচীন আৰু আধুনিকৰ মিশ্ৰণৰ আদৰ্শ হৈ পৰিছে বুলিও তেওঁ কয়। তেওঁ কয়, “পৃথিৱীৰ যিকোনো ঠাইতে সৌৰশক্তিৰ বিষয়ে যিকোনো আলোচনাত মোধেৰাই সদায় স্থান লাভ কৰিব”। প্ৰধানমন্ত্ৰীয়ে সৌৰশক্তি আৰু বৈদ্যুতিকৰণে সামৰি লোৱাৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ কৃতিত্ব গুজৰাটৰ জনসাধাৰণৰ কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰসমূহৰ প্ৰতি থকা আস্থাৰ বাবেই বুলি কয়। তেওঁ কয় যে নিষ্ঠা আৰু সুদূৰপ্ৰসাৰী চিন্তা আৰু স্পষ্ট উদ্দেশ্য থাকিলে একোৱেই অসম্ভৱ নহয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সৌৰশক্তিয়ে মোধেৰাত ঘৰৰ লাইট, কৃষি প্ৰয়োজনীয়তাৰ লগতে বাহনসমূহকো শক্তি প্ৰদান কৰিব। শ্ৰী মোদীয়ে লগতে কয়, “একবিংশ শতিকাৰ আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে আমি আমাৰ শক্তিৰ প্ৰয়োজনীয়তাৰ সৈতে জড়িত এনে প্ৰচেষ্টা বৃদ্ধি কৰিব লাগিব”। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ এনেকুৱা দিশত কাম কৰি আছে, য’ত বিদ্যুতৰ উৎপাদক আৰু গ্ৰাহক স্বয়ং জনসাধাৰণ হয়। “আপোনালোকৰ প্ৰয়োজনীয় বিদ্যুৎ ব্যৱহাৰ কৰক আৰু অতিৰিক্ত ক্ষমতা চৰকাৰক বিক্ৰী কৰক”, তেওঁ লগতে কয়। ইয়াৰ ফলত বিদ্যুতৰ বিলৰ পৰাও মুক্তি পাব আৰু অতিৰিক্ত আয়ো হ’ব”, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বতে চৰকাৰে বিদ্যুৎ উৎপাদন কৰিছিল আৰু জনসাধাৰণে তেওঁলোকৰ পৰা কিনিব বুলি নিয়ম আছিল, কিন্তু আজি কেন্দ্ৰীয় চৰকাৰে এনে নীতিৰ দিশত কাম কৰি আছে যাতে মানুহে নিজৰ ঘৰত সৌৰ পেনেল স্থাপন কৰি আৰু কৃষকসকলক তেওঁলোকৰ পথাৰত জলসিঞ্চনৰ বাবে সৌৰ পাম্প স্থাপন কৰি বিদ্যুৎ উৎপাদন কৰিব পাৰে৷

জটিল সময়ৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিদ্যুতৰ অভাৱে কন্যা সন্তানৰ শিক্ষাত ব্যাপক প্ৰভাৱ পেলাইছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে মেহছানাবাসী স্বাভাৱিকতে গণিত আৰু বিজ্ঞানত পাকৈত। ‘যদি আপুনি আমেৰিকালৈ যায়, তেতিয়া উত্তৰ গুজৰাটৰ অলৌকিকতা তাত গণিতৰ ক্ষেত্ৰত দেখা যাব। যদি আপুনি সমগ্ৰ কচ্চলৈ যায়, তেন্তে আপুনি মেহছানা জিলাৰ শিক্ষকসকলক দেখিব”, তেওঁ লগতে কয়, “বিদ্যুতৰ অভাৱেই তেওঁলোকৰ প্ৰাপ্য উচ্চতা লাভ কৰাৰ ক্ষমতাত বাধাৰ সৃষ্টি কৰিছিল।” প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিগত দুটা দশকত জনসাধাৰণে চৰকাৰৰ প্ৰতি যি বিশ্বাস দেখুৱাইছে তাৰ বাবেই গুজৰাটে ভাৰতত নিজৰ পতাকাত মোহৰ মাৰিছে।

গুজৰাটক মুখ্যমন্ত্ৰী হিচাপে নেতৃত্ব দিয়া সময়ৰ কথা সোঁৱৰাই শ্ৰী মোদীয়ে কৈছিল যে দহ বছৰৰ ভিতৰত সাত বছৰ গুজৰাট দুৰ্ভিক্ষত অসুবিধা হৈ থকাৰ বাবে ৰাজ্যৰ বাজেটৰ এটা বৃহৎ অংশ পানীৰ বাবে আবণ্টন দিবলগীয়া হৈছিল। “সেইবাবেই যেতিয়া আমি গুজৰাটৰ পানী সংকটৰ ওপৰত গুৰুত্ব আৰোপ কৰা পঞ্চমৰুট আঁচনিখন ৰূপায়ণ কৰিছিলোঁ”, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে উনঝাৰ পৰা আৰম্ভ হোৱা জ্যোতিগ্ৰাম আঁচনিৰ সফলতাৰ কথা স্মৰণ কৰি চৌবিশ ঘণ্টা ধৰি প্ৰতিখন গাঁৱলৈ বিদ্যুৎ যোগান ধৰিছিল আৰু এই কাম সম্পূৰ্ণ কৰিবলৈ চৰকাৰে হাজাৰ দিন বয় কৰিছিল। সুজলাম সুফলাম আঁচনিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আজি উত্তৰ গুজৰাটৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা সুজলাম সুফলাম খালৰ বাবে মাটি দান কৰা কৃষকসকলক অজস্ৰ কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আজি পানী সম্পৰ্কীয় আঁচনি উদ্বোধন কৰিলে পৰিয়াল, মাতৃ-ভগ্নীসকলৰ স্বাস্থ্য উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা দুটা দশকত চৰকাৰে যোগাযোগ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু দ্বৈত ইঞ্জিনযুক্ত চৰকাৰৰ সৈতে নৰেন্দ্ৰ আৰু ভূপেন্দ্ৰ এক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে ১৯৩০ চনত মাহেছানা-আম্বাজী-তৰংগা-আবুৰোদ ৰে’লপথৰ উন্নয়নৰ ৰোডমেপ ব্ৰিটিছসকলে বনাইছিল যদিও পৰৱৰ্তী চৰকাৰসমূহে কোনো গুৰুত্ব নিদিলে। “আমি সকলো বাহিৰ কৰি আনিলো, সকলো পৰিকল্পনা কৰিলো আৰু এইটোৱে কেনেধৰণৰ আৰ্থিক সমৃদ্ধি আনিব সেইটো আপুনি কল্পনা কৰিব পাৰে”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে ৰাজসাহায্যযুক্ত ঔষধ যোগান ধৰা প্ৰধানমন্ত্ৰী জনঔষধি কেন্দ্ৰৰ সফলতাত আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে সকলোকে এই জন ঔষধি কেন্দ্ৰসমূহৰ পৰা নিজৰ ঔষধ ক্ৰয় কৰিবলৈ আহ্বান জনায় য’ত পূৰ্বতে ১০০০টকাৰ জেনেৰিক ঔষধৰ দাম এতিয়া ১০০-২০০ টকা। পৰ্যটনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এই উদ্যোগটো বৃহৎ সংখ্যক লোকৰ বাবে কৰ্মসংস্থাপনৰ উৎস। “মাত্ৰ বদনগৰত কৰা খনন কাৰ্য্য চাওক!”, শ্ৰী মোদীয়ে উৎসাহেৰে কয়, “ হাজাৰ হাজাৰ বছৰৰ পুৰণি ধ্বংসাৱশেষ ইয়াত পোৱা গৈছে।”

প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰিছিল যে যোৱা দুটা দশকত গুজৰাটৰ মন্দিৰ আৰু শক্তিপীঠসমূহ পুনৰুদ্ধাৰৰ বাবে আন্তৰিক প্ৰচেষ্টা চলোৱা হৈছে। “সোমনাথ, চোটিলা আৰু পাভগড়ৰ উন্নতয় ইয়াৰ উদাহৰণ'', তেওঁ লগতে কয় “পাভগড়ে ৫০০ বছৰ ধৰি নিজৰ পতাকা উত্তোলন কৰা নাছিল, যেতিয়ালৈকে মই আহি ৫০০ বছৰৰ পিছত পতাকা উত্তোলন কৰা নাছিলো।”

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস ঔৰ সবকা প্ৰয়াস’ এই মন্ত্ৰটো দ্বৈত ইঞ্জিন চৰকাৰৰ ভেটি বুলি মন্তব্য কৰে। “সূৰ্য্যৰ পোহৰে বৈষম্য নকৰাৰ দৰে উন্নয়নৰ পোহৰো প্ৰতিটো ঘৰ আৰু জুপুৰীত পৰিছে৷”

এই উপলক্ষে অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সংসদ সদস্য শ্ৰী চি আৰ পাটিল, শ্ৰী ভাৰাসিংহ ধাবি, শ্ৰীমতী শৰ্দাবেন পেটেল আৰু জুগানজী লোখন্দৱালা উপস্থিত থাকে৷

পটভূমিঃ

প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উচৰ্গা কৰিবলগীয়া এই প্ৰকল্পসমূহৰ ভিতৰত আহমেদাবাদ-মেহছানা গজ পৰিৱৰ্তন প্ৰকল্পৰ সবৰমতী-জাগুদান খণ্ডৰ গজ পৰিৱৰ্তন; অ’এনজিচিৰ নন্দাসন ভূতাত্ত্বিক তেল উৎপাদন প্ৰকল্প; খেৰাভাৰ পৰা শ্বিংগোডা হ্ৰদলৈকে সুজলাম সুফলাম খাল; ধৰোই বান্ধভিত্তিক বদনগৰ খেৰালু আৰু ধৰোই গোট সংস্কাৰ আঁচনি; বেচৰাজী মোধেৰা-চানাশ্মা ৰাজ্যিক ঘাইপথৰ এটা অংশৰ ফ’ৰলেনিং প্ৰকল্প; উঞ্জা-দসাজ উপেৰা লাডোলৰ এটা অংশ (ভাংখাৰ প্ৰৱেশ পথ)ৰ সম্প্ৰসাৰণৰ প্ৰকল্প; মেহছানাৰ আঞ্চলিক প্ৰশিক্ষণ কেন্দ্ৰৰ নতুন ভৱন, চৰ্দাৰ পেটেল জনপ্ৰশাসন প্ৰতিষ্ঠান (এছপিপিএ); আৰু মোধেৰাৰ সূৰ্য্য মন্দিৰত প্ৰজেকচন মেপিং আদি উল্লেখযোগ্য।

প্ৰধানমন্ত্ৰীয়ে লগতে একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে য’ত পাটানৰ পৰা গোজাৰিয়ালৈকে ৬৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশৰ ফ’ৰলেনিং অন্তৰ্ভুক্ত কৰা হ’ব; মেহছানা জিলাৰ জোতানা তালুকাৰ চলাসন গাঁৱত পানী পৰিশোধন প্লাণ্ট; দুধসাগৰ দুগ্ধপামত নতুন স্বয়ংক্ৰিয় গাখীৰৰ পাউদাৰ প্লাণ্ট আৰু ইউএইচটি মিল্ক কাৰ্টন প্লাণ্ট; মেহছানাৰ সাধাৰণ চিকিৎসালয় পুনৰ উন্নয়ন আৰু পুনৰ নিৰ্মাণ; আৰু অন্যান্যৰ প্ৰকল্পৰ লগতে মেহছানা আৰু উত্তৰ গুজৰাটৰ অন্যান্য জিলাসমূহৰ বাবে পুনৰুজ্জীৱিত বিতৰণ খণ্ড আঁচনি (আৰডিএছএছ) উল্লেখযোগ্য।

প্ৰধানমন্ত্ৰীয়ে গাঁও মোধেৰাক ভাৰতৰ প্ৰথম ২৪x৭ সৌৰশক্তি চালিত গাঁও হিচাপে ঘোষণা কৰে; প্ৰথমবাৰলৈ এই প্ৰকল্পটোৱে সূৰ্য্য মন্দিৰ নগৰ মোধেৰাৰ সৌৰ শক্তিকৰণৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰে। ইয়াৰ লগত এটা ভূমি সংলগ্ন সৌৰ শক্তি কেন্দ্ৰ আৰু আৱাসিক আৰু চৰকাৰী অট্টালিকাত ১৩০০ৰো অধিক ছাদৰ ওপৰত সৌৰ ব্যৱস্থা গঢ়ি তোলা, এই সকলোবোৰ বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা (বিইএছএছ)ৰ সৈতে সংযুক্ত৷ ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ দক্ষতাই তৃণমূল পৰ্যায়ৰ মানুহক কেনেদৰে সবলীকৰণ কৰিব পাৰে এই প্ৰকল্পত সেইটোকে প্ৰদৰ্শন কৰিব।

***

DS/TS/DB



(Release ID: 1866466) Visitor Counter : 123