বিত্ত মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী জন ধন যোজনা (পিএমজেডিৱাই)-বিত্তীয় অন্তৰ্ভূক্তিৰ ৰাষ্ট্ৰীয় অভিযানে সফলতাৰে সম্পূৰ্ণ কৰিলে ইয়াৰ ৰূপায়ণৰ আঠটা বছৰ


পিএমজেডিৱাই শুভাৰম্ভ কৰাৰে পৰা ৪৬.২৫ কোটিতকৈ অধিক হিতাধিকাৰীয়ে বেংক একাউণ্ট খুলিছে, য’ত ১,৭৩,৯৫৪ কোটি টকা লেনদেন হৈছে

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণঃ বিত্তীয় অন্তৰ্ভুক্তি হৈছে সৰ্বাংগীন বিকাশৰ বাবে এটি গুৰুত্বপূৰ্ণ পদক্ষেপ যিয়ে সমাজৰ প্ৰান্তীয় শ্ৰেণীসমূহৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়ন নিশ্চিত কৰে

পিএমজেডিৱাই চৰকাৰৰ জন-কেন্দ্ৰিক অৰ্থনৈতিক পদক্ষেপৰাজিৰ আধাৰশিলা হৈ পৰিছেঃ বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ ভাগৱত কাৰাড

পিএমজেডিৱাইৰ একাউণ্ট ২০১৫ৰ মাৰ্চৰ ১৪.৭২ৰ পৰা ৩গুণ বৃদ্ধি পাই ১০.০৮.২০২২ত ৪৬.২৫ কোটি হৈছে

জনধন একাউণ্টৰ ৫৬%গৰাকী হৈছে মহিলা আৰু জনধন একাউণ্টৰ ৬৮%ই গ্ৰাম্য আৰু অৰ্ধ-চহৰৰ

৪৬.২৫ কোটি পিএমজেডিৱাই একাউণ্টৰ ৩৭.৫৭ কোটি (৮১%)য়েই কাৰ্যক্ষম

পিএমজেডিৱাই একাউণ্টৰ গৰাকীক ৩১.৯৪ কোটি ৰুপে কাৰ্ড প্ৰদান কৰা হৈছে

২০২২ৰ জুনলৈকে চৰকাৰৰ বিভিন্ন আঁচনি অধীনত প্ৰায় ৫.৪ কোটি পিএমজেডিৱাই একাউণ্টৰ গৰাকীয়ে প্ৰত্যক্ষ লাভ হস্তান্তৰ(ডিবিটি)ৰ সুবিধা পাইছে

Posted On: 28 AUG 2022 7:40AM by PIB Guwahati

বিত্ত মন্ত্ৰালয়ে ইয়াৰ বিত্তীয় অন্তৰ্ভুক্তিৰ নেতৃত্বত হস্তক্ষেপৰ জৰিয়তে প্ৰান্তীয় আৰু বৰ্তমানলৈকে আৰ্থ-সামাজিকভাৱে অৱহেলিত শ্ৰেণীসমূহক বিত্তীয় অন্তৰ্ভুক্তি আৰু সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতি লৈছে৷ বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে আমি দেশৰ ন্যায্য আৰু সামগ্ৰিক বিকাশ সাধন কৰিব পৰা যায়। বিত্তীয় অন্তৰ্ভুক্তিৰ অৰ্থ হৈছে কম আয়ৰ গোট আৰু দুৰ্বল শ্ৰেণীৰ দৰে পিছপৰা গোটসমূহক সময়মতে সুলভ মূল্যত উপযুক্ত বিত্তীয় সেৱা প্ৰদান কৰা যিসকলৰ আনকি অতি মৌলিক বেংকিং সেৱাসমূহৰ সুবিধাও নাই।

 

এইটো অতি গুৰুত্বপূৰ্ণ কিয়নো ই দৰিদ্ৰ লোকসকলক তেওঁলোকৰ সঞ্চিত ধন আনুষ্ঠানিক বিত্তীয় ব্যৱস্থালৈ অনাৰ বাবে এক পথ প্ৰদান কৰে, সুদখোৰ ঋণদাতাসকলৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ উপৰি গাঁৱৰ পৰিয়াললৈ ধন প্ৰেৰণ কৰাৰ পথ দেখুৱায়৷ এই প্ৰতিশ্ৰুতিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এটা মূল পদক্ষেপ হৈছে প্ৰধানমন্ত্ৰী জন ধন যোজনা (পিএমজেডিৱাই), যিটো বিশ্বৰ বৃহত্তম বিত্তীয় অন্তৰ্ভুক্তিমূলক পদক্ষেপ।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ১৫ আগষ্টত তেওঁৰ স্বাধীনতা দিৱসৰ ভাষণত পিএমজেডিৱাই কথা ঘোষণা কৰিছিল৷ ২৮আগষ্টত কাৰ্যসূচী আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে দুখীয়া লোকসকলক এক কুচক্ৰৰ পৰা মুক্ত হোৱাৰ উদযাপনৰ উৎসৱ হিচাপে অভিহিত কৰিছিল।

পিএমজেডিৱাইৰ ৮ ম বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী শ্ৰীমতী নিৰ্মলা সীতাৰমণে তেওঁৰ বাৰ্তাত কয়, “বিত্তীয় অন্তৰ্ভুক্তি হৈছে সৰ্বাংগীন বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ যিয়ে সমাজখনৰ প্ৰান্তীয় শ্ৰেণীসমূহৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশ নিশ্চিত কৰিছে। ২০১৪ ৰ ২৮ আগষ্টৰপৰা ১.৭৪ লাখ কোটি টকাৰ ডিপজিট জমাৰে ৪৬ কোটিৰো অধিক বেংক একাউন্ট খোলাৰ জৰিয়তে পিএমজেডিৱাইৰ সফলতা প্ৰতিফলিত হৈছে। তদুপৰি, গ্ৰামাঞ্চলৰ বা অৰ্ধ-নগৰীয়া অঞ্চলৰ ৬৭% লোকৰ লগতে ৫৬% মহিলা জন ধন একাউন্টধাৰীলৈ সম্প্ৰসাৰিত কভাৰেজ ইয়াৰ সফলতাৰে সাক্ষ্য। ২০১৮ ৰ পিছতো পিএমজেডিৱাই অব্যাহত থকাৰ ফলশ্ৰুতিত দেশখনৰ বৰ্ধমান এফআই লেণ্ডস্কেপৰ প্ৰত্যাহ্বান আৰু প্ৰয়োজনীয়তাৰাজি পৰিপূৰণৰ বাবে পন্থা গ্ৰহণত এক লক্ষণীয় পৰিৱৰ্তন দেখা যায়। “প্ৰতিঘৰ গৃহস্থী’ ৰপৰা “প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক” লৈ গুৰুত্বৰ পৰিৱৰ্তন হৈছে, লগতে এই একাউন্টসমূহৰ জৰিয়তে প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) ৰ প্ৰবাহ বৃদ্ধিৰে একাউন্টসমূহৰ ব্যৱহাৰ, ৰূপে কাৰ্ড আদিৰ ব্যৱহাৰৰ জৰিয়তে ডিজিটেল পেমেন্টক প্ৰোৎসাহনত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে”, তেওঁ লগতে কয়।

“পিএমজেডিৱাইৰ মৌলিক স্তম্ভসমূহ যথাঃ বেংকিং দ্য আনবেংকড, ছিকিউৰিং দ্য আনছিকিউৰড আৰু ফাণ্ডিং দ্য আনফাণ্ডেডে আনছাৰ্ভড আৰু আণ্ডাৰছাৰ্ভড অঞ্চলসমূহতো সেৱা আগবঢ়াবলৈ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰৰ লগতে বহু-অংশীদাৰৰ সহযোগিতামূলক পন্থা গ্ৰহণক সম্ভৱ কৰি তুলিছে”, বিত্তমন্ত্ৰীয়ে কয়।

বিত্তমন্ত্ৰীগৰাকীয়ে তেওঁৰ বাৰ্তাত আৰু কয়, এফআই বাতাবৰণৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ, একাউন্টধাৰীসকলৰ আধাৰ আৰু মবাইল নম্বৰৰে বেংক একাউন্টসমূহৰ সন্মতি-ভিত্তিক সংযোগৰ জৰিয়তে সৃষ্ট জেএম পাইপলাইনে যোগ্য হিতাধিকাৰীসকললৈ বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত ক্ষীপ্ৰ ডিবিটি ক প্ৰশস্ত কৰি তুলিছে। এফআই বাতাবৰণৰ অধীনত সৃষ্টি হোৱা এই ব্যৱস্থাউপযোগিতা ভিড-১৯ মহামাৰীটোৰ সময়ত প্ৰয়োগ কৰা হৈছিল সেই সময়ত পিএম-কিষাণৰ অধীনত কৃষকসকললৈ প্ৰত্যক্ষ আয়ৰ সহায় আৰু পিএমজিকেপিৰ অধীনত মহিলা পিএমজেডিৱাই একাউন্টধাৰীসকললৈ সাহায্য প্ৰদানত নিৰৱচ্ছিন্ন আৰু সময় নিৰ্ধাৰিতভাৱে ইয়াক সুচল কৰি তুলিছিল।

শ্ৰীমতী সীতাৰমণে তেওঁৰ বাৰ্তাৰ পৰিশেষত কয়, “বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে উপযুক্ত বিত্তীয় সামগ্ৰী, তথ্য আৰু যোগাযোগ প্ৰযুক্তি আৰু তথ্য আন্তঃগাঁথনিৰ সৈতে জড়িত এক ব্যৱস্থা ভিত্তিক নীতি-নেতৃত্বাধীন হস্তক্ষেপৰ প্ৰয়োজন। দেশখনৰ জনসাধাৰণৰ বাবে আঁচনিখনৰ অভীষ্ট লাভা-লাভসমূহ প্ৰশস্ত কৰিবলৈ পিএমজেডিৱাই ৰ আৰম্ভণিৰেপৰাই দেশখনে এই কৌশল গ্ৰহণ কৰিছে। মই পিএমজেডিৱাইক সফলকাম কৰি তোলাৰ ক্ষেত্ৰত নিৰলস প্ৰচেষ্টা গ্ৰহণৰ বাবে সকলো ক্ষেত্ৰ কৰ্মীকে ধন্যবাদ জনাইছো।”

এই উপলক্ষে পিএমজেডিৱাই সন্দৰ্ভত নিজৰ ভাৱ ব্যক্ত কৰি কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী ড০ ভাগৱত কাৰাডে কয়, “প্ৰধান মন্ত্ৰী জন ধন যোজনা (PMJDY) কেৱল ভাৰততে নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে বিত্তীয় অন্তৰ্ভুক্তিৰ অৰ্থে অন্যতম সুদূৰপ্ৰসাৰী পদক্ষেপ হিচাপে বিবেচিত হৈছে। বিত্তীয় অন্তৰ্ভুক্তিচৰকাৰখনে অন্যতম সৰ্বোচ্চ-অগ্ৰাধিকাৰ প্ৰদান কৰিছে কিয়নো সৰ্বাংগীন বিকাশ প্ৰশস্ত কৰে। ই দৰিদ্ৰ লোকসকললৈ তেওঁলোকৰ সাঁচতীয়া ধন আনুষ্ঠানিক বিত্তীয় ব্যৱস্থালৈ অনাৰ পথ প্ৰশস্ত কৰে, সুদখোৰ ঋণদাতাৰ কবলৰপৰা তেওঁলোকক মুক্তকৰণৰ লগতে তেওঁলোকৰ পৰিয়াললৈ ধন প্ৰেৰণৰ এক পথ প্ৰদান কৰে।

ড০ কাৰাডে কয়, “পিএমজেডিৱাইৰ ৮ ম বাৰ্ষিকীত এই আঁচনিৰ গুৰুত্ব পুনৰবাৰ ব্যক্ত কৰা হৈছে। পিএমজেডিৱাই চৰকাৰখনৰ জন-কেন্দ্ৰিক অৰ্থনৈতিক পদক্ষেপৰাজিৰ আধাৰশিলা হৈ পৰিছে। সেয়া প্ৰত্যক্ষ লাভ হস্তান্তৰেই হওঁক বা ক’ভিড-১৯ ৰ বিত্তীয় সাহায্যই হওঁক বা পিএম-কিষাণেই হওঁক বা এমজিএনৰেগাৰ অধীনত বৰ্ধিত মজুৰিয়েই হওঁক, জীৱন আৰু স্বাস্থ্য বীমা ক’ভাৰেই হওঁক, ই হৈছে প্ৰতিগৰাকী প্ৰাপ্তবয়স্কক বেংক একাউন্ট প্ৰদানৰ প্ৰথমটো পদক্ষেপ, যাক পিএমজেডিৱাইয়ে প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।”

ড০ কাৰাডে কয়, “বেংকসমূহে এই উপলক্ষে উক্ত ৰাষ্ট্ৰীয় প্ৰচেষ্টাত অপৰিসীম বৰঙণি যোগাব আৰু চৰকাৰখনৰ এই বিত্তীয় অন্তৰ্ভুক্তিৰ পদক্ষেপৰ অধীনত প্ৰতিজন প্ৰাপ্তবয়স্কক সামৰি লোৱাটো নিশ্চিত কৰিবলৈ নিজকে পুনৰ-সমৰ্পিত কৰিব বুলি মই বিশ্বাসী।”

যিহেতু আমি এই আঁচনিখনৰ সফল ৰূপায়ণৰ ৮ বছৰ সম্পূৰ্ণ কৰিছো, সেয়েহে আমি এই আঁচনিৰ এতিয়ালৈকে হোৱা প্ৰধান দিশ আৰু সাফল্যসমূহৰ সন্দৰ্ভত তলত আলোকপাত কৰিছো৷

পটভূমি

প্ৰধানমন্ত্ৰী জন-ধন যোজনা (পিএমজেডিৱাই) হৈছে বিত্তীয় সেৱা, যেনে-বেংকিং/চেভিংছ এণ্ড ডিপজিট একাউণ্ট, ৰেমিটেন্স, ক্ৰেডিট, বীমা, পেঞ্চন আদি সুলভভাৱে লাভ কৰাটো নিশ্চিত কৰাৰ বাবে বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে ৰাষ্ট্ৰীয় অভিযান।

১৷ উদ্দেশ্যসমূহঃ

  • সুলভ মূল্যত বিত্তীয় সামগ্ৰী আৰু সেৱাসমূহৰ আহৰণ নিশ্চিত কৰা
  • খৰচ কম কৰিবলৈ আৰু অধিক প্ৰসাৰ কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ

 

২৷ আঁচনিৰ মুল নীতিসমূহ

  • বেংকৰ সুবিধা নথকাসকলৰ বাবে বেংকিঙৰ সুবিধাঃ নূন্যতম নথি-পত্ৰৰ সৈতে বেচিক চেভিংছ বেংক ডিপজিট (পিএছবিডি) একাউণ্ট খোলা, শিথিল কেৱাইচি, ই-কেৱাইচি, শিৱিৰ ব্যৱস্থাৰে একাউণ্ট খোলা, শূন্য জমা আৰু শূন্য মাচুল আৰোপ
  • অসুৰক্ষিতসকলক সুৰক্ষা প্ৰদান কৰাঃ ব্যৱসায়িক স্থানত নগদ ধন উলিওৱা আৰু ধনাদায়ৰ বাবে থলুৱা ডেবিট কাৰ্ড জাৰি কৰা, ২ লাখ টকাৰ বিনামূলীয়া দুৰ্ঘটনা বীমা কভাৰেজ প্ৰদান কৰা
  • পুঁজি নথকাসকলক পুঁজিৰ যোগান ধৰাঃ অন্যান্য বিত্তীয় সামগ্ৰী যেনে—ক্ষুদ্ৰ-বীমা, উপভোগৰ বাবে অভাৰড্ৰাফ্ট, ক্ষুদ্ৰ’-পেঞ্চন আৰু ক্ষুদ্ৰ-ঋণ

 

৩৷ মৌলিক বৈশিষ্ট্যসমূহঃ

নিম্নোলিখিত ৬টা স্তম্ভৰ ওপৰত ভিত্তি কৰি এই আঁচনিখন আৰম্ভ কৰা হৈছিলঃ

  1. বেংকিং সেৱাৰ সাৰ্বজনীন প্ৰৱেশ– শাখা আৰু বি চি
  2. প্ৰতিজন যোগ্য প্ৰাপ্তবয়স্কক লোকক ১০,০০০ টকাৰ অভাৰড্ৰাফ্টৰ সুবিধা থকা বেচিক চেভিংছ বেংক একাউণ্ট প্ৰদান।
  3. বিত্তীয় সাক্ষৰতা কাৰ্যসূচী– সঞ্চয়ৰ প্ৰসাৰ, এটিএমৰ ব্যৱহাৰ, ঋণৰ বাবে সাজু হোৱা, বীমা আৰু পেঞ্চনৰ সুবিধা লোৱা, বেংকিঙৰ বাবে মৌলিক মোবাইল ফোন ব্যৱহাৰ কৰা
  4. ঋণ নিশ্চয়তা পুঁজি সৃষ্টি– বেংকসমূহক ডিফল্টৰ বিৰুদ্ধে কিছু নিশ্চয়তা প্ৰদান কৰা
  5. বীমা –১৫ আগষ্ট ২০১৪ৰ পৰা ৩১ জানুৱাৰী ২০১৫ৰ ভিতৰত খোলা একাউণ্টৰ বিপৰীতে ১,০০,০০০ টকালৈকে দুৰ্ঘটনাৰ বীমাৰে সামৰি লোৱা আৰু লাইফ কভাৰ ৩০,০০০টকা
  6.  অসংগঠিত খণ্ডৰ বাবে পেঞ্চন আঁচনি

৪৷ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত পিএমজেডিৱাইত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপ

  1. অফলাইন একাউণ্ট খোলাৰ পূৰ্বৰ পদ্ধতিৰ ঠাইত বিক্ৰেতাৰ সৈতে লক-ইন প্ৰযুক্তিৰ জৰিয়তে বেংকৰ মূল বেংকিং ব্যৱস্থাত অনলাইন একাউণ্ট খোলা হৈছে
  2. ৰুপে ডেবিট কাৰ্ড বা আধাৰ সক্ষম পেমেণ্ট চিষ্টেম (AePS)ৰ জৰিয়তে আন্তঃকাৰ্য্যকৰীতা
  3. স্থায়ী পইণ্টৰ ব্যৱসায়িক যোগাযোগ
  4. জটিল কেৱাইচি ব্যৱস্থাৰ বিপৰীতে সৰলীকৃত কেৱাইচি/ই-কেৱাইচিৰ ব্যৱস্থা

 

৫৷ নতুন বৈশিষ্ট্যৰে পিএমজেডিৱাইৰ ম্যাদ বৃদ্ধি- চৰকাৰে কেতবোৰ সংশোধনেৰে পিএমজেডিৱাই আঁচনিৰ ম্যাদ ২৮.০৮.২০১৮ৰ পৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে

v প্ৰতিটো পৰিয়ালৰপৰা প্ৰতিগৰাকী বেংক একাউণ্ট নথকা প্ৰাপ্তবয়স্কলৈ গুৰুত্ব আৰোপ৷

v ৰুপে কাৰ্ড বীমা-২৮.০৮.২০১৮ৰ পাছত পিএমজেডিৱাই একাউণ্ট খোলাসকলক ৰুপে কাৰ্ডৰ বিনামূলীয়া দুৰ্ঘটনাজনিত বীমা ১ লাখৰ পৰা ২লাখ টকালৈ বৃদ্ধি কৰা হৈছে৷

v অভাৰড্ৰাফট সুবিধা বৃদ্ধি-

  • অভাৰড্ৰাফটৰ সীমা ৫,০০০টকাৰ পৰা দুগুণ বৃদ্ধি কৰি ১০,০০০টকা কৰা হৈছে-;ডি ২,০০০টকালৈকে (চৰ্তবিহীন)
  • ডিৰ বাবে বয়সৰ সীমা ৬০ৰ পৰা ৬৫বছৰলৈ বৃদ্ধি কৰা হৈছে৷

৬৷ পিএমজেডিৱাইৰ প্ৰভাৱ

পিএমজেডিৱাই জনতাকেন্দ্ৰিক অৰ্থনৈতিক পদক্ষেপৰ আধাৰ হৈ আহিছে। সেয়া প্ৰত্যক্ষ লাভ হস্তান্তৰেই হওক, ক’ভিড-১৯ আৰ্থিক সাহায্য প্ৰদানেই হওক, পিএম-কিষাণেই হওক, এমজিএনৰেগাৰ অধীনত বৃদ্ধি কৰা মজুৰি প্ৰদানেই হওক, জীৱন আৰু স্বাস্থ্য বীমাই সামৰি লোৱাই হওক, এই সকলোবোৰ পদক্ষেপৰ প্ৰথম পদক্ষেপ হ’ল প্ৰতিজন প্ৰাপ্তবয়স্কক লোকক বেংক একাউণ্ট প্ৰদান কৰা, যিটো পিএমজেডিৱাইৰ অধীনত প্ৰায় সম্পূৰ্ণ হৈছে৷

২০১৪ চনৰ মাৰ্চৰ পৰা ২০২০ৰ মাৰ্চৰ ভিতৰত খোলা প্ৰতি ২টা একাউণ্টৰ ভিতৰত এটা আছিল পিএমজেডিৱাই একাউণ্ট। দেশজোৰা লকডাউনৰ ১০ দিনৰ ভিতৰতে প্ৰায় ২০ কোটিতকৈও অধিক মহিলা পিএমজেডিৱাই একাউণ্টত এককালীন সাহাৰ্য জমা কৰা হৈছিল।

জন ধনে দৰিদ্ৰ লোকসকলক তেওঁলোকৰ সঞ্চিত ধন আনুষ্ঠানিক বিত্তীয় ব্যৱস্থালৈ অনাৰ বাবে এক পথ প্ৰদান কৰে, সুদখোৰসকলৰ কবলৰ পৰা ৰক্ষা কৰাৰ উপৰি গাঁৱে-ভূঞে তেওঁলোকৰ পৰিয়াললৈ ধন প্ৰেৰণ কৰাৰ এক পথ প্ৰদান কৰে। পিএমজেডিৱায়ে বেংকৰ সৈতে জড়িত নোহোৱা লোকসকলক বেংকিং ব্যৱস্থালৈ আনিছে, ভাৰতৰ বিত্তীয় গাঁথনিৰ সম্প্ৰসাৰণ কৰিছে আৰু প্ৰায় প্ৰতিজন প্ৰাপ্তবয়স্কৰ মাজত বিত্তীয় অন্তৰ্ভুক্তি মাজলৈ আনিছে।

বৰ্তমানৰ ক’ভিড-১৯ৰ সময়ত প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি)এ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক যি সবলীকৰণ আৰু বিত্তীয় নিৰাপত্তা প্ৰদান কৰিছে, সেই ক্ষিপ্ৰতা আৰু নিৰৱচ্ছিন্নতা আমি প্ৰত্যক্ষ কৰিছো। এটা গুৰুত্বপূৰ্ণ দিশ হ’ল পিএম জন ধন একাউণ্টৰ জৰিয়তে ডিবিটিয়ে প্ৰতিটো টকা নিজৰ উদ্দেশ্যপ্ৰণোদিত হিতাধিকাৰীৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰিছে আৰু পদ্ধতিগত লুণ্ঠন ৰোধ কৰিছে।

 

. পিএমজেডিৱাইৰ অধীনত সফলতা-২০২২ৰ ১০ আগষ্টলৈকে:

ক৷ পিএমজেডিৱাই একাউণ্ট

  • ২০২২ৰ ১০ আগষ্টলৈকে মুঠ পিএমজেডিৱাই একাউণ্টৰ সংখ্যা: ৪৬.২৫ কোটি; ৫৫.৫৯% (২৫.৭১ কোটি) জন-ধন একাউণ্টধাৰী মহিলা আৰু ৬৬.৭৯% (৩০.৮৯ কোটি) জন ধন একাউণ্ট গ্ৰাম্য আৰু অৰ্ধচহৰ অঞ্চলত আছে
  • আঁচনিৰ প্ৰথম বছৰত ১৭.৯০ কোটি পিএমজেডিৱাই একাউণ্ট খোলা কৰা হৈছিল
  • পিএমজেডিৱাইৰ অধীনত একাউণ্টৰ সংখ্যা নিৰন্তৰ বৃদ্ধি
  • পিএমজেডিৱাই একাউণ্ট ২০১৫ৰ মাৰ্চত ১৪.৭২ কোটিৰ পৰা ১০-০৮-২০২২ তাৰিখলৈকে ৪৬.২৫ কোটিলৈ তিনিগুণ বৃদ্ধি পাইছে। নিঃসন্দেহে বিত্তীয় অন্তৰ্ভুক্তি আঁচনিৰ বাবে এক উল্লেখযোগ্য যাত্ৰা।

খ৷ কাৰ্যক্ষম পিএমজেডিৱাই একাউণ্ট

  • আৰবিআইৰ প্ৰচলিত নিৰ্দেশনা অনুসৰি, যদি একাউণ্টত দুবছৰতকৈ অধিক সময়ৰ বাবে গ্ৰাহকৰ দ্বাৰা কোনো ধৰণৰ লেনদেন নাথাকে, তেন্তে পিএমজেডিৱাই একাউণ্টক অকাৰ্যক্ষম বুলি গণ্য কৰা হয়
  • ২০২২ চনৰ আগষ্টত মুঠ ৪৬.২৫ কোটি পিএমজেডিৱাই একাউণ্টৰ ভিতৰত ৩৭.৫৭ কোটি (৮১.২%) কাৰ্যক্ষম হৈ আছে
  • মাত্ৰ ৮.২% পিএমজেডিৱাই একাউণ্ট শূন্য জমা একাউণ্ট

গ৷ পিএমজেডিৱাই একাউণ্টৰ অধীনত জমা

 

  • পিএমজেডিৱাই একাউণ্টৰ অধীনত মুঠ জমা ধনৰ পৰিমাণ ১,৭৩,৯৫৪ কোটি টকা
  • একাউণ্টৰ সংখ্যা ২.৫৮  গুন বৃদ্ধিৰে জমা ধনৰ পৰিমাণ প্ৰায় ৭.৬০ গুন বৃদ্ধি পাইছে (আগষ্ট ’২২/ আগষ্ট ’১৫)

ঘ৷ প্ৰতিটো পিএমজেডিৱাই একাউণ্টত গড় জমা ধনৰ পৰিমাণ

  • প্ৰতিটো একাউণ্টত গড় জমা ধন  টকা
  • গড় হিচাপত প্ৰতিটো একাউণ্টত জমা ধন ২০১৫ৰ আগষ্টৰ তুলনাত ২.৯ গুণতকৈও অধিক বৃদ্ধি পাইছে
  • গড় জমা ধন বৃদ্ধি হোৱাটো একাউণ্টৰ ব্যৱহাৰ বৃদ্ধি আৰু একাউণ্টধাৰীসকলৰ মাজত সঞ্চয়ৰ অভ্যাসৰ সৃষ্টি হোৱাৰ আন এক ইংগিত

ঙ৷ পিএমজেডিৱাই একাউণ্টধাৰীসকলক ৰুপে কাৰ্ড প্ৰদান

  • পিএমজেডিৱাই একাউণ্টধাৰীসকলক প্ৰদান কৰা মুঠ ৰুপে কাৰ্ড: ৩১.৯৪ কোটি
  • ৰপে কাৰ্ডৰ সংখ্যা আৰু সময়ৰ লগে লগে ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছে

৮৷ জন ধন দৰ্শক এপ

দেশত বেংক শাখা, এটিএম, বেংক মিত্ৰ, ডাকঘৰ আদিৰ দৰে বেংকিং টাচ পইণ্ট বিচাৰি উলিওৱাৰ বাবে নাগৰিককেন্দ্ৰিক মঞ্চ প্ৰদান কৰিবলৈ এটা মোবাইল এপ্লিকেচন শুভাৰম্ভ কৰা হৈছিল। জিআইএছ এপত ৮ লাখৰো অধিক বেংকিং টাচপইণ্টৰ মেপ কৰা হৈছে। জন ধন দৰ্শক এপৰ অধীনত থকা সুবিধাসমূহ সাধাৰণ লোকৰ প্ৰয়োজন আৰু সুবিধা অনুযায়ী লাভ কৰিব পৰা হৈছে৷ এই এপ্লিকেচনৰ ৱেব সংস্কৰণ http://findmybank.gov.in লিংকত চাব পাৰিব।

৫ কিলোমিটাৰৰ ভিতৰত বেংকিং টাচপইণ্টৰ দ্বাৰা সেৱা প্ৰদান নকৰা গাঁওসমূহ চিনাক্ত কৰাৰ বাবেও এই এপটো ব্যৱহাৰ কৰা হৈছে। এই চিনাক্ত কৰা গাঁওসমূহ তাৰ পিছত সংশ্লিষ্ট এছএলবিচিসমূহে বেংকিং আউটলেট খোলাৰ বাবে বিভিন্ন বেংকক আবণ্টন দিয়ে। এই প্ৰচেষ্টাৰ ফলত এনে গাঁৱৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

 

৯৷ মসৃণ ডিবিটি লেনদেন নিশ্চিত কৰাৰ দিশত

বেংকসমূহে জনোৱা মতে প্ৰায় ৫.৪ কোটি পিএমজেডিৱাই একাউণ্টধাৰীয়ে বিভিন্ন আঁচনিৰ অধীনত চৰকাৰৰ পৰা প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি)ৰ সুবিধা লাভ কৰে। যোগ্য হিতাধিকাৰীসকলে যাতে সময়মতে তেওঁলোকৰ ডিবিটি লাভ কৰে, তাৰ বাবে বিভাগে ডিবিটি মিছন, এনপিচিআই, বেংক আৰু অন্যান্য বিভিন্ন মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি ডিবিটি বিফলতাৰ পৰিহাৰযোগ্য কাৰণ চিনাক্তকৰণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। বেংক আৰু এনপিচিআইৰ সৈতে নিয়মীয়া ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই ক্ষেত্ৰত তীক্ষ্ণ নিৰীক্ষণৰ ফলত মুঠ ডিবিটি বিফলতাৰ শতাংশ হিচাপে পৰিহাৰযোগ্য কাৰণত হোৱা ডিবিটিৰ বিফলতাৰ হাৰ ১৩.৫% (বিত্তীয় বৰ্ষ ১৯-২০)ৰ পৰা ৯.৭% (বিত্তীয় বৰ্ষ ২১-২২)লৈ হ্ৰাস পাইছে।

১০৷ ডিজিটেল লেনদেনঃ পিএমজেডিৱাইৰ অধীনত ৩১.৯৪ কোটিৰো অধিক ৰুপে ডেবিট কাৰ্ড জাৰি কৰা, ২০২২ৰ জুনলৈকে ৬১.৬৯ লাখ পিঅ’এছ/এমপিঅ’এছ মেচিন স্থাপন কৰা আৰু ইউপিআইৰ দৰে মোবাইল ভিত্তিক ধনাদায় পদ্ধতিৰ প্ৰৱৰ্তনৰ লগে লগে মুঠ ডিজিটেল লেনদেনৰ সংখ্যা ২০১৬-১৭ বিত্তীয় বৰ্ষৰ ৯৭৮ কোটিৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষত ৭,১৯৫ কোটি টকালৈ বৃদ্ধি পাইছে৷ ২০১৬-১৭ বিত্তীয় বৰ্ষত ১.৭৯ কোটিৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষত ইউপিআইৰ মুঠ বিত্তীয় লেনদেনৰ সংখ্যা ৪,৫৯৬ কোটিলৈ বৃদ্ধি পাইছে। একেদৰে ২০১৬-১৭ বিত্তীয় বৰ্ষত ২৮.২৮ কোটিৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষত পিঅ’এছ আৰু ই-কমাৰ্চত মুঠ ৰুপে কাৰ্ডৰ লেনদেনৰ সংখ্যা ১৫১.৬৪ কোটিলৈ বৃদ্ধি পাইছে।

১১৷ পৰৱৰ্তী পথ

  1. ক্ষুদ্ৰ বীমা আঁচনিৰ অধীনত পিএমজেডিৱাই একাউণ্টধাৰীসকলক সামৰি লোৱাটো নিশ্চিত কৰাৰ বাবে প্ৰয়াস কৰা। যোগ্য পিএমজেডিৱাই একাউণ্টধাৰীসকলক পিএমজেজেবিৱাই আৰু পিএমএছবাইৰ অধীনত সামৰি লোৱা হ’ব। ইতিমধ্যে বেংকসমূহক একেটা বিষয়তে যোগাযোগ কৰা হৈছে।
  2. সমগ্ৰ ভাৰততে গ্ৰহণযোগ্যতা আন্তঃগাঁথনি গঢ় দিয়াৰ জৰিয়তে পিএমজেডিৱাই একাউণ্টধাৰীসকলৰ মাজত ৰুপে ডেবিট কাৰ্ডৰ ব্যৱহাৰকে ধৰি ডিজিটেল পেমেণ্টৰ প্ৰচাৰ কৰা
  3. পিএমজেডিৱাই একাউণ্টধাৰীসকলৰ ক্ষুদ্ৰ ঋণ আৰু ক্ষুদ্ৰ বিনিয়োগ যেনে-ফ্লেক্সি-ৰিকাৰিং ডিপ’জিট আদিৰ সুবিধা উন্নত কৰা।

***

RM/MV/KMN/DB



(Release ID: 1854914) Visitor Counter : 334