প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২২ বৰ্ষৰ কমনৱেল্থ গেমছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে শ্ৰীকান্ত কিদাম্বিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
এইটো তেওঁৰ চতুৰ্থটো কমনৱেল্থ গেমছ পদক, যাৰ জৰিয়তে তেওঁ দক্ষতা আৰু ধাৰাবাহিকতা দেখুৱাইছেঃ প্ৰধানমন্ত্ৰী
Posted On:
08 AUG 2022 8:25AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ বৰ্ষৰ বাৰ্মিংহাম কমনৱেল্থ গেমছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে শ্ৰীকান্ত কিদাম্বিক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে লগতে শ্ৰীকান্ত কিদাম্বি শ্ৰীকান্তৰ চতুৰ্থটো কমনৱেল্থ পদকৰ বাবে আনন্দ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,
“ভাৰতীয় বেডমিণ্টনৰ অন্যতম শক্তিশালী খেলুৱৈ @srikidambiয়ে তেওঁৰ কমনৱেল্থ গেমছৰ ব্যক্তিগত মেচত ব্ৰঞ্জৰ পদক লাভ কৰে। এইটো তেওঁৰ চতুৰ্থটো কমনৱেল্থ গেমছৰ পদক যাৰ জৰিয়তে তেওঁ দক্ষতা আৰু স্থায়িত্ব দেখুৱাইছে। তেওঁক অভিনন্দন জ্ঞাপন কৰিলো। উদীয়মান খেলুৱৈ সকলক তেওঁ অনুপ্ৰাণিত কৰি যোৱাৰ লগতে ভাৰতক আৰু অধিক গৌৰৱান্বিত কৰক।”#Cheer4India"
***
DS/ST/DB
(Release ID: 1849710)
Visitor Counter : 108
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam