প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিহাৰ বিধানসভাৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান সম্বোধন প্ৰধানমন্ত্ৰীৰ


“এই বিধানসভা ভৱনত বৃহৎ আৰু সাহসী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে”

“এই বিধানসভা গণতন্ত্ৰত সামাজিক জীৱনলৈ সম অংশগ্ৰহণ আৰু সম অধিকাৰৰ অন্বেষণৰ এক উদাহৰণ”

“ভাৰতৰ গণতন্ত্ৰৰ ধাৰণাটো এই ৰাষ্ট্ৰ আৰু আমাৰ সংস্কৃতিৰ দৰেই প্ৰাচীন”

“গণতন্ত্ৰ আৰু গণতান্ত্ৰিক প্ৰমূল্যৰাজিৰ সুৰক্ষাৰ অৰ্থে বিহাৰ সদায়েই নিজৰ অংগীকাৰত অটল আছিল”

“বিহাৰ যিমানেই সমৃদ্ধিশালী হ’ব সিমানেই ভাৰতৰ গণতন্ত্ৰ শক্তিশালী হ’ব। বিহাৰ যিমানেই শক্তিশালী হ’ব সিমানেই ভাৰত সামৰ্থ্যৱান হ’ব”

“দলীয়-ৰাজনীতিৰ উৰ্ধত থাকি দেশখনৰ বাবে আমাৰ কণ্ঠ একত্ৰিত হ’ব লাগে”

“আমাৰ দেশৰ গণতান্ত্ৰিক পৰিপক্কতাক আমাৰ আচৰণে প্ৰদৰ্শন কৰে”

“গণতান্ত্ৰিক আলোচনাক আগবঢ়াই নিয়াৰ সমান্তৰালভাৱে দেশখনে অহৰহ নতুন সংকল্পৰে কাম কৰি আছে”

“অহা ২৫ বছৰ হৈছে দেশখনৰ বাবে কৰ্তব্যৰ পথত খোজ কঢ়াৰ সময়”

“আমি যিমানেই আমাৰ কৰ্তব্যৰ বাবে কাম কৰিম, সিমানেই আমাৰ অধিকাৰ শক্তিশালী হ’ব। কৰ্তব্যৰ প্ৰতি আমাৰ আনুগত্যই হৈছে আমাৰ অধিকাৰৰ নিশ্চয়তা”

Posted On: 12 JUL 2022 7:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাটনাত বিহাৰ বিধানসভাৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীৰ সামৰণি অনুষ্ঠান সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰ বিধানসভাৰ ১০০ বছৰ পূৰ্তিৰ স্মৰণাৰ্থে নিৰ্মিত শতাব্দী স্মৃতি স্তম্ভ উদ্বোধন কৰে। তেখেতে লগতে বিধানসভা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে। সংগ্ৰহালয়টোৰ বিভিন্ন গেলেৰীত বিহাৰত গণতন্ত্ৰৰ ইতিহাস আৰু বৰ্তমানৰ নগৰ গাঁথনিৰ বিৱৰ্তনক প্ৰদৰ্শন কৰা হ’ব। ইয়াৰোপৰি ২৫০ জনৰো অধিক লোকে আসন গ্ৰহণ কৰিবপৰা এটি কনফাৰেন্স হল থাকিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিধান সভাৰ অতিথিশালাৰ আধাৰশিলাও স্থাপন কৰে। এই কাৰ্য্যসূচীত বিহাৰৰ ৰাজ্যপাল শ্ৰী ফাগু চৌহান আৰু মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ তথা আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে

উপস্থিতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, বিহাৰক ভালপোৱাজনক বিহাৰে সেই মৰম ঘূৰাই দিয়াটো বিহাৰৰ স্বভাৱ। “আজি মই বিহাৰ বিধানসভা কমপ্লেক্স পৰিদৰ্শনেৰে এয়া দৰ্শন কৰা দেশখনৰ প্ৰথম প্ৰধানমন্ত্ৰী হোৱাৰ সৌভাগ্যও লাভ কৰিছো। এই মৰমৰ বাবে মই বিহাৰবাসীক প্ৰণাম জনাইছো”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই শতাব্দী স্মৃতি স্তম্ভই বিহাৰৰ অসংখ্য আকাংক্ষাক অনুপ্ৰাণিত কৰিব।

বিহাৰ বিধানসভাৰ গৌৰৱময় ইতিহাসৰ সোঁৱৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এই বিধানসভা ভৱনত এটাৰ পিছত এটাকৈ বৃহৎ আৰু সাহসী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। স্বাধীনতাৰ পূৰ্বে ৰাজ্যপাল সত্যেন্দ্ৰ প্ৰসন্ন সিনহাই এই বিধানসভাৰপৰা থলুৱা উদ্যোগসমূহক উৎসাহিতকৰণৰ লগতে স্বদেশী চৰখা গ্ৰহণৰ আহ্বান জনাইছিল। স্বাধীনতাৰ পিছত এই বিধানসভাতে জমিদাৰী বিলোপ আইন গৃহীত হৈছিল। এই পৰম্পৰাক আগুৱাই নি নীতিশ জীৰ চৰকাৰে বিহাৰ পঞ্চায়তৰাজৰ দৰে আইন গৃহীতকৰণেৰে বিহাৰক পঞ্চায়তসমূহত মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা থকা প্ৰথমখনি ৰাজ্য হিচাপে গঢ়ি তুলিছিল বুলি তেখেতে উল্লেখ কৰে। “এই বিধানসভা গণতন্ত্ৰত সামাজিক জীৱনলৈ সম অংশগ্ৰহণ আৰু সম অধিকাৰৰ অন্বেষণৰ এক উদাহৰণ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় গণতন্ত্ৰৰ প্ৰাচীন পৰম্পৰাৰ কথা উল্লেখ কৰে আৰু কয়, “দশক-দশক ধৰি বিদেশীৰ শাসন আৰু বিদেশী চিন্তাধাৰাৰ বাবেই ভাৰতে গণতন্ত্ৰ লাভ কৰিছিল বুলি আমাক ক’বলৈ চেষ্টা কৰা হয়। কিন্তু, কোনো ব্যক্তিয়ে এই কথা কোৱা মাত্ৰেকে তেওঁ বিহাৰৰ ইতিহাস আৰু বিহাৰৰ ঐতিহ্য ঢাকিবলৈ চেষ্টা কৰাটোকহে সূচিত কৰে। বিশ্বখনৰ এটা বৃহৎ অংশই সভ্যতা আৰু সংস্কৃতিৰ দিশত প্ৰথম পদক্ষেপ গ্ৰহণ কৰোতে, বৈশালীত এক অত্যাধুনিক গণতন্ত্ৰই কাৰ্য্যনিৰ্বাহ কৰি আছিল। বিশ্বখনৰ আন-আন প্ৰান্তত গণতান্ত্ৰিক অধিকাৰক লৈ বুজাবুজি আৰম্ভ হ’বলৈ ধৰোতে লিচ্চৱী, বজ্জীসংঘৰ দৰে গণৰাজ্যসমূহ তুংগত উঠিছিল“। “ভাৰতৰ গণতন্ত্ৰৰ ধাৰণাটো এই ৰাষ্ট্ৰ আৰু আমাৰ সংস্কৃতিৰ দৰেই প্ৰাচীন। ভাৰতে গণতন্ত্ৰক সমতা আৰু সমতাৰ মাধ্যম হিচাপে গণ্য কৰে। ভাৰতে সহবাস আৰু সম্প্ৰীতিৰ ধাৰণাক বিশ্বাস কৰে। আমি সত্যক বিশ্বাস কৰো, আমি সহযোগিতাক বিশ্বাস কৰো, আমি সম্প্ৰীতিক বিশ্বাস কৰো আৰু আমি সমাজৰ সমন্বিত শক্তিক বিশ্বাস কৰো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে বিৱৰি কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দোহাৰি কয় যে ভাৰত হৈছে বিশ্বৰ গণতন্ত্ৰৰ মাতৃ। ভাৰতেই গণতন্ত্ৰৰ মাতৃ। বিহাৰৰ গৌৰৱময় ঐতিহ্য আৰু পালিৰ ঐতিহাসিক নথি-পত্ৰসমূহেই ইয়াৰ অক্ষত প্ৰমাণ। বিহাৰৰ এই মহিমা কোনেও মচি পেলাব নোৱাৰে বা লুকুৱাব নোৱাৰে বুলি তেখেতে দৃঢ়তাৰে কয়। “এই ভৱনটোৱে যোৱা এশ বছৰে ভাৰতীয় গণতন্ত্ৰক সুদৃঢ় কৰি আহিছে, সেয়েহে এয়া আমাৰ শ্ৰদ্ধাৰ যোগ্য। এই ভৱনটো দাসত্বৰ সময়ছোৱাতো গণতান্ত্ৰিক মূল্যবোধৰ অৱনতি হ’বলৈ নিদিয়া চেতনাৰে সমৃদ্ধ”, তেখেতে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰিটিছৰ বিৰুদ্ধে শ্ৰীবাবুৰ শাসনকালত উত্থাপিত স্বাধীনতাৰ দাবীক স্মৰণ কৰে। গণতন্ত্ৰ আৰু গণতান্ত্ৰিক প্ৰমূল্যৰাজিৰ সুৰক্ষাৰ অৰ্থে বিহাৰ সদায়েই নিজৰ অংগীকাৰত অটল আছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিহাৰে স্বতন্ত্ৰ ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ দৰে সত্তাক জন্ম দিছে। লোকনায়ক জয়প্ৰকাশ, কৰপুৰী ঠাকুৰ, বাবু জগজীৱন ৰামৰ দৰে নেতা এই ভূমিৰেই অৱদান। আনকি দেশখনত সংবিধানক মষিমূৰকৰণৰ অপচেষ্টা চলোৱাৰ সময়তো বিহাৰে আগুৱাই আহি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ ৰণশিঙা বজাইছিল। “বিহাৰ যিমানেই সমৃদ্ধিশালী হ’ব সিমানেই ভাৰতৰ গণতন্ত্ৰ শক্তিশালী হ’ব। বিহাৰ যিমানেই শক্তিশালী হ’ব সিমানেই ভাৰত সামৰ্থ্যৱান হ’ব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আকৌ কয় “আজাদীৰ অমৃত মহোৎসৱ আৰু বিহাৰ বিধানসভাৰ ১০০ বছৰ পূৰ্তিৰ এই ঐতিহাসিক সংযোগে আমাৰ সকলোৰে বাবে, প্ৰতিজন জনপ্ৰতিনিধিৰ বাবেও আত্মনিৰীক্ষণ আৰু আত্মবিশ্লেষণৰ বাৰ্তাৰ সঞ্চাৰ কৰিছে। আমি যিমানেই আমাৰ গণতন্ত্ৰক শক্তিশালী কৰিম সিমানেই আমাৰ স্বাধীনতা আৰু আমাৰ অধিকাৰৰ বাবে অধিক শক্তি পাম।”

একবিংশ শতিকাৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তা আৰু স্বাধীনতাৰ ৭৫ বছৰত নব্য ভাৰতৰ সংকল্পৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “দেশৰ সাংসদ হিচাপে, ৰাজ্যৰ বিধায়ক হিচাপে আমি একেলগে গণতন্ত্ৰই সন্মুখীন হৈ অহা প্ৰত্যাহ্বানৰাজিক অতিক্ৰম কৰাটোও আমাৰ দায়িত্ব। দলীয়-ৰাজনীতিৰ উৰ্ধত থাকি দেশখনৰ বাবে আমাৰ কণ্ঠ একত্ৰিত হ’ব লাগে”।

“আমাৰ দেশৰ গণতান্ত্ৰিক পৰিপক্কতা আমাৰ আচৰণত প্ৰদৰ্শিত হয়” বুলি গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে “সদনসমূহ জনসাধাৰণৰে সম্পৰ্কীয় বিষয়সমূহত ইতিবাচক আলোচনাৰ কেন্দ্ৰ হওঁক।” সংসদৰ কৰ্মক্ষমতা সন্দৰ্ভত তেখেতে কয়, “যোৱা কেইবছৰমানৰপৰা সংসদত সাংসদৰ উপস্থিতি আৰু সংসদৰ উৎপাদনশীলতা অভিলেখ পৰিমাণে বৃদ্ধি পাইছে। যোৱা বাজেট অধিবেশনতো লোকসভাৰ উৎপাদনশীলতা আছিল ১২৯ শতাংশ। ৰাজ্যসভাতো ৯৯ শতাংশ উৎপাদনশীলতাৰে অভিলেখ ৰচনা হয়। অৰ্থাৎ দেশখনে অহৰহ নতুন সংকল্পৰে কাম কৰি আছে, গণতান্ত্ৰিক আলোচনাক আগুৱাই নিছে।”

একবিংশ শতিকাটোক ভাৰতৰ শতিকা হিচাপে চিহ্নিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতৰ বাবে এই শতিকাটোৱেই হৈছে কৰ্তব্য পালনৰ শতিকা। আমি এই শতিকাটোৰ আগন্তুক ২৫ বছৰত নব্য ভাৰতৰ সোণালী লক্ষ্যত উপনীত হ’ব লাগিব। আমাৰ কৰ্তব্যই আমাক এই লক্ষ্য অভিমুখে অগ্ৰসৰ কৰাব। গতিকে এই ২৫ বছৰ দেশখনৰ বাবে কৰ্তব্যৰ পথত খোজ কঢ়াৰ সময়।” শ্ৰী মোদীয়ে পুনৰ কয়, “আমি আমাৰ কৰ্তব্যক আমাৰ অধিকাৰৰপৰা পৃথক বুলি গণ্য কৰিব নালাগে। আমি যিমানেই নিজৰ কৰ্তব্যৰ বাবে কাম কৰিম, সিমানেই আমাৰ অধিকাৰ শক্তিশালী হ’ব। কৰ্তব্যৰ প্ৰতি আমাৰ আনুগত্যই হৈছে আমাৰ অধিকাৰৰ নিশ্চয়তা।”

***

DS/AK/SB



(Release ID: 1842295) Visitor Counter : 119