প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্বামী আত্মস্থানন্দৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ
স্বামী জীৰ আদৰ্শক জনসাধাৰণৰ মাজলৈ নিবলৈ এখনি ফটো বাঅ’গ্ৰাফী আৰু তথ্যচিত্ৰ মুকলিক লৈ প্ৰধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ
“সন্যাসৰ অৰ্থ হ’ল নিজৰ উৰ্ধত থাকি সমাজৰ কাম কৰা আৰু সমাজৰ বাবে জীয়াই থকা”
“স্বামী বিবেকানন্দ জীয়ে সন্যাসৰ মহান পৰম্পৰাক আধুনিক ৰূপত গঢ়ি তুলিছিল”
“ৰামকৃষ্ণ মিছনৰ আদৰ্শ হৈছে মিছন ম’ডত কাম, নতুন প্ৰতিষ্ঠান গঢ়া আৰু প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰা”
“ভাৰতৰ সন্ত পৰম্পৰাই সদায়েই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ ৰ ধ্বজা উৰুৱাই আহিছে”
“দেশখনৰ ৰাষ্ট্ৰীয় ঐক্যৰ হোতা হিচাপে ৰামকৃষ্ণ মিছনৰ সন্তসকল সৰ্বজনবিদিত”
“স্বামী ৰামকৃষ্ণ পৰমহংস এগৰাকী মা কালীৰ স্পষ্ট দৃষ্টি সম্পন্ন সন্ত আছিল”
“ডিজিটেল পেমেন্টৰ ক্ষেত্ৰত ভাৰতে বিশ্ব নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে”
পোষ্ট কৰা হৈছে:
10 JUL 2022 11:27AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে স্বামী আত্মস্থানন্দৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্য্যসূচী সম্বোধন কৰে।
স্বামী আত্মস্থানন্দ জীৰ সৈতে কটোৱা সময়ৰ স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বামী জীলৈ শ্ৰদ্ধা নিবেদন কৰে। এই সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ‘এই কাৰ্য্যসূচী বহু অনুভৱ আৰু স্মৃতিৰে ভৰি পৰিছে। মই সদায়েই তেওঁৰ আশীৰ্বাদ লাভ কৰি আহিছো, তেওঁৰ সান্নিধ্য লাভৰ সুযোগ পাইছিলো। শেষ মুহূৰ্তলৈকে তেওঁৰ সৈতে যোগাযোগ ৰখাৰ মোৰ সৌভাগ্য হৈছিল।’
স্বামী জীৰ মিছনক জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ এখনি ফটো বাঅ’গ্ৰাফী আৰু তথ্যচিত্ৰ মুকলি কৰাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ৰামকৃষ্ণ মিছনৰ অধ্যক্ষ পূজ্য স্বামী স্মৰণানন্দ জী মহাৰাজ জীক এই প্ৰয়াসৰ বাবে আন্তৰিক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে স্বামী আত্মস্থানন্দ জীয়ে শ্ৰীৰামকৃষ্ণ পৰমহংসৰ শিষ্য, পূজ্য স্বামী বিজ্ঞানানন্দ জীৰপৰা দীক্ষা লাভ কৰিছিল। তেওঁ কয় যে স্বামী ৰামকৃষ্ণ পৰমহংসৰ জাগ্ৰত অৱস্থা আৰু আধ্যাত্মিক শক্তি তেওঁৰ মাজত স্পষ্টকৈ দেখা যায়। শ্ৰী মোদীয়ে দেশখনৰ ত্যাগৰ মহান পৰম্পৰা সম্পৰ্কেও মন্তব্য প্ৰদান কৰে। বানপ্ৰস্থ আশ্ৰমো সন্যাসৰ দিশত এটি খোজ আছিল। তেখেতে কয়, ‘সন্যাস মানে নিজৰ উৰ্ধত থাকি সমাজৰ বাবে কাম কৰা আৰু সমাজৰ বাবে জীয়াই থকা। সমাজলৈকে আত্মাৰ সম্প্ৰসাৰণেই সন্যাস। এজন সন্যাসীৰ বাবে জীৱৰ প্ৰতি সেৱা কৰাই হৈছে প্ৰভুৰ সেৱা, জীৱত শিৱক দেখাটোৱেই সৰ্বোচ্চ।’ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বামী বিবেকানন্দ জীয়ে সন্যাসৰ মহান পৰম্পৰাক আধুনিক ৰূপত গঢ়ি তুলিছিল। স্বামী আত্মস্থানন্দ জীয়েও এই ৰূপত জীৱন-যাপন কৰিছিল। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে বেলুৰ মঠ আৰু ৰামকৃষ্ণ মিছনৰ নিৰ্দেশত কেৱল ভাৰততে নহয়, বৰঞ্চ নেপাল আৰু বাংলাদেশতো সম্পাদিত ব্যাপক সাহায্য আৰু উদ্ধাৰ অভিযান সন্দৰ্ভত আলোকপাত কৰে। তেখেতে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ কল্যাণৰ বাবে স্বামী জীৰ অসীম কৰ্মৰাজিৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে দৰিদ্ৰ লোকসকলক কৰ্মসংস্থাপন প্ৰদান আৰু জীৱিকাৰ ক্ষেত্ৰত সহায়ৰ বাবে স্বামী জীয়ে গঢ়া অনুষ্ঠানসমূহৰ সম্পৰ্কেও কয়।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে স্বামী জীয়ে দৰিদ্ৰৰ সেৱা, জ্ঞানৰ প্ৰসাৰ আৰু এনে কাম-কাজক পূজা হিচাপে গণ্য কৰিছিল। শ্ৰী মোদীয়ে আলোকপাত কৰি কয় যে ৰামকৃষ্ণ মিছনৰ আদৰ্শ হৈছে মিছন মোডত কাম কৰা, নতুন প্ৰতিষ্ঠান গঢ়া আৰু এনে প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনে সন্ত থকা সকলো স্থানতে মানৱ সেৱাৰ কেন্দ্ৰসমূহ নিজে-নিজে উদ্ভাসিত হয়, যি কথা স্বামী জীয়ে তেওঁৰ সন্যাস জীৱনেৰে প্ৰমাণ কৰিলে। শ্ৰী মোদীয়ে কয় যে শ-শ বছৰ পূৰ্বৰ আদি শংকৰাচাৰ্য্যই হওঁক বা আধুনিক কালত স্বামী বিবেকানন্দই হওঁক, ভাৰতৰ সন্ত পৰম্পৰাই সদায়েই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ ৰ ধ্বজা উৰুৱাই আহিছে। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাও ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ ৰ ধাৰণাটোৰে জড়িত। স্বামী বিবেকানন্দৰ অৱদানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ এই সংকল্পটো এটি অভিযানৰ ৰূপত জীয়াই ৰাখিছিল। তেওঁৰ প্ৰভাৱ দেশখনৰ সকলো ঠাইতে দেখা গৈছিল আৰু তেওঁৰ ভ্ৰমণে দাসত্বৰ যুগত দেশখনক নিজৰ প্ৰাচীন ৰাষ্ট্ৰীয় চেতনাক উপলব্ধি কৰাইছিল আৰু লগতে ইয়াৰ ওপৰত নতুন আস্থাৰ সৃষ্টি কৰিছিল। ৰামকৃষ্ণ মিছনৰ এই পৰম্পৰাক স্বামী আত্মস্থানন্দ জীয়ে গোটেই জীৱন আগুৱাই লৈ গৈছিল।
প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে স্বামী জীৰ সৈতে কটোৱা সময়খিনি স্মৰণ কৰি কয় যে তেওঁৰ সৈতে গুজৰাটী ভাষাত কথা পতাৰ সৌভাগ্য হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কচ্ছৰ ভূমিকম্পৰ সময়ত স্বামী জীৰ নিৰ্দেশনাত সাহায্য অভিযান চলোৱাৰ কথাও ব্যক্ত কৰে। শ্ৰী মোদীয়ে কয়, ‘দেশখনৰ ৰাষ্ট্ৰীয় ঐক্যৰ হোতা হিচাপে ৰামকৃষ্ণ মিছনৰ সন্তসকল সৰ্বজনবিদিত। আৰু, তেওঁলোক বিদেশলৈ যোৱা মাত্ৰেকে তাত ভাৰতীয়তাক প্ৰতিনিধিত্ব কৰে।’
প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে স্বামী ৰামকৃষ্ণ পৰমহংস এগৰাকী মা কালীৰ স্পষ্ট দৃষ্টিসম্পন্ন সন্ত আছিল, তেওঁ মা কালীৰ চৰণত নিজৰ সমগ্ৰ সত্তা আত্মসমৰ্পণ কৰিছিল। এই গোটেই পৃথিৱীখন, পৰিৱৰ্তনশীল আৰু ধ্ৰুৱক, সকলোতে মাতৃ চেতনা বিৰাজমান। এই চেতনা বংগৰ কালী পূজাত দেখা যায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বামী বিবেকানন্দৰ দৰে যুগপুৰুষৰ ৰূপত স্বামী ৰামকৃষ্ণ পৰমহংসই এই চেতনা আৰু শক্তিৰ আভা আলোকিত কৰিছিল। স্বামী বিবেকানন্দই মাতৃ কালীৰ প্ৰতি অনুভৱ কৰা আধ্যাত্মিক দৃষ্টিয়ে তেওঁৰ ভিতৰত অসাধাৰণ শক্তিৰ সঞ্চাৰ কৰিছিল। শ্ৰী মোদীয়ে কয় যে স্বামী বিবেকানন্দৰ দৰে শক্তিশালী ব্যক্তিত্বই জগতমাতা কালীৰ ভক্তিত, স্মৃতিত শিশুৰ দৰে গদগদ হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ স্বামী আত্মস্থানন্দ জীৰ সত্তাত ভক্তিৰ একেই আন্তৰিকতা আৰু শক্তি সাধনাৰ একে পন্থাকে দেখিবলৈ পাইছিল।
প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে স্বামী আত্মস্থানন্দ জীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে কয় যে আমাৰ ঋষি-মুনিসকলে আমাৰ চিন্তা বহল হোৱা মাত্ৰেকে আমি কেতিয়াও নিজৰ প্ৰচেষ্টাত অকলশৰীয়া নোহোৱাৰ দৰ্শন আমাক দেখুৱাই থৈ গৈছে! শূন্য সম্পদেৰে সন্মিলনৰ দৰে সংকল্প পূৰণ কৰা ভাৰত ভূমিত এনে বহু সন্ত বিদ্যমান। শ্ৰী মোদীয়ে আত্মস্থানন্দ জীৰ জীৱনত একে বিশ্বাস আৰু সমৰ্পণ দেখিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ এজন ব্যক্তি, এগৰাকী ঋষিয়ে ইমানখিনি কৰিব পৰা মাত্ৰেকে ১৩০ কোটি দেশবাসীৰ সামূহিক সংকল্পেৰে সম্পন্ন কৰিব নোৱাৰা কোনো লক্ষ্য নাই।
ডিজিটেল ইণ্ডিয়াৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে উল্লেখ কৰে যে ডিজিটেল পেমেন্টৰ ক্ষেত্ৰত ভাৰতে বিশ্ব নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰতৰ জনসাধাৰণক ২০০ কোটি ভেকচিনৰ পালি প্ৰদানৰ সাফল্য সন্দৰ্ভতো প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। চিন্তাধাৰা সঠিক হ’লে প্ৰচেষ্টাৰাজি পূৰ্ণ হ’বলৈ বেছি সময় নালাগে আৰু বাধাই আমাক পথ দেখুৱাই দিয়ে, তাৰেই প্ৰতীক এই উদাহৰণসমূহ।
শ্ৰদ্ধেয় সন্তসকলৰ সমাৱেশ সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে প্ৰতিখন জিলাতে ৭৫ টাকৈ অমৃত সৰোবৰ খন্দোৱা হৈছে। শ্ৰী মোদীয়ে তেওঁলোক সকলোকে জনসাধাৰণক অনুপ্ৰাণিত আৰু লগতে মানৱ সেৱাৰ বলিষ্ঠ কৰ্মত যোগদান কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে শতবাৰ্ষিকী বৰ্ষসমূহ নতুন শক্তি আৰু নতুন প্ৰেৰণাৰ বছৰ হৈ পৰিছে বুলি উল্লেখেৰে দেশখনত কৰ্তব্যবোধ জাগ্ৰতকৰণত আজাদী কা অমৃত মহোৎসৱৰ সফলতাৰ কামনা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ সকলোৰে সামূহিক অৱদানে এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে বুলি কয়।
***
DS/TS/SB
(ৰিলিজ আই ডি : 1841449)
অতিথি কক্ষ : 197
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada